শব্দ-বিজয় ভৰাঁলী

নিৰ্জনতা ভংগ কৰা তোমাৰ জাননী

নিজানত সুৰ এৰে পোহৰৰ বাটৰে, 

উৰি যোৱা ৰিঙা মন ৰৈ যাব খোজে! 

তুমি যে আহিলে মোৰ কাষলে,

মৌনতাত যে তুমি থাকিব নোৱাৰা, 

তোমাৰ জগতত উশৃংখলতা। 

তোমাৰ অবিহনে কোনোবা অপ্ৰিয় প্ৰিয়

সৃষ্টিৰে জগোৱা কোলাহলত।

নিৰৱতাৰ বাবেই যে বিপৰীতত তুমি, 

তোমাক এৰি নিৰৱে থাকিব নোৱাৰি। 

তোমাৰ অবিহনেই যে মৌন জগতত মানৱেই সৃষ্টি কৰিব পৰা শব্দ।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *