অসমত নাৰী মুক্তি আন্দোলনৰ বাটকটীয়া…..হেমচন্দ্ৰ বৰুৱা-ববিতা শৰ্মা

নাৰী আৰু পুৰুষ সমাজৰ দুই প্ৰধান চালিকা শক্তি। দুই স্তম্ভ।উভয়ে উভয়ৰ পৰিপূৰক হৈ নাৰী আৰু পুৰুষ মিলি সমাজ এখন আগবঢ়াই নিয়ে।পুৰুষৰ অবিহনে নাৰী, নাৰীৰ অবিহনে পুৰুষ অসম্পূৰ্ণ।বিশ্ব ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে সভ্যতাৰ বিকাশত নাৰীসকলে পুৰুষৰ সমানেই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।এই ক্ষেত্ৰত ভাৰতীয় নাৰীসকলো পিছ পৰি থকা নাই।বৈদিক যুগৰেপৰা ভাৰতীয় নাৰীয়ে সভ্যতাৰ বিকাশত আগবঢ়াই অহা অৱদানৰ সাক্ষী ভাৰতীয় ইতিহাস।

বৈদিক যুগৰেপৰা যুগে যুগে ভাৰতীয় নাৰী  ৰাজনীতিৰ পৰা শিক্ষা-সংস্কৃতি, সামৰিক, প্ৰশাসনিক, অৰ্থনীতি তথা সামাজিক ক্ষেত্ৰত স্ব মহিমাৰে জিলিকি আছে।প্ৰাচীন কালত ভাৰতীয় সমাজত নাৰীৰ স্থান যে উচ্চ আছিল তাৰ প্ৰমাণ ধৰ্মীয় কাহিনীত পোৱা যায়।শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ জন্ম কাহিনী ইয়াৰ এক উদাহৰণ।প্ৰবাদমতে অসুৰসকলৰ অত্যাচাৰৰ পৰা পৃথিৱীক ৰক্ষা কৰাৰ উপায় চিন্তি যেতিয়া হিন্দু ধৰ্মৰ মূল তিনি শক্তি, ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ মিলিত হৈছিল তেতিয়া তেওঁলোকৰ নিশ্বাসৰপৰা শক্তিৰ আধাৰ দেৱী দুৰ্গাৰ জন্ম হৈছিল আৰু দেৱী দুৰ্গাই নিজস্ব শক্তি আৰু মহিমাৰে, অদমনীয় হৈ পৰা মহিষাসুৰক দমন কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল।সেইদৰে সমাজ জীৱনৰ দুটা প্ৰধান দিশ জ্ঞান আৰু ঐশ্বৰ্যৰ গৰাকী ৰূপে হিন্দু ধৰ্মত নাৰীকেই পূজা কৰি অহা হৈছে। জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ৰূপে মা সৰস্বতী আৰু ধন-ঐশ্বৰ্যৰ গৰাকী ৰূপে মা লক্ষ্মী ভাৰতীয় সমাজত পূজিত হৈ আহিছে।পৌৰাণিক আখ্যান, মহাকাব্য, বুৰঞ্জী আদিৰ পাততো ভালেমান নাৰীৰ কথা উল্লেখ আছে আৰু নাৰীৰ শক্তি-সামৰ্থ্য, প্ৰতিভা, জ্ঞানক স্বীকাৰ কৰি তেওঁলোকক বন্দনা কৰি অহা হৈছে। অনুসূয়া, শকুন্তলা, সাৱিত্ৰী, শব্যা,  বেউলা, সীতা, গান্ধাৰী, কুন্তী, দ্ৰৌপদী, আপালা, ঘোষা, বিশ্ববৰা, সুলভা মৈত্ৰেয়ী, গাৰ্গী, ধাত্ৰী পান্না, ৰাণী পদ্মাৱতী, ঝান্সী ৰাণী লক্ষ্মীবাঈ আদি নাৰীসকল নিজ সাধনা, জ্ঞান, কৰ্ম, ত্যাগ আৰু স্ব-মহিমাৰে  জিলিকি আছে। সময়ৰ দলিলত সোণালী আখৰেৰে নিজৰ নাম খোদিত কৰি এই সকল নাৰীয়ে সমগ্ৰ নাৰী জাতিকে গৌৰৱান্বিত কৰিছে। 

ভাৰতীয় ইতিহাসৰ তুলনাত বৈদিক যুগৰ সমসাময়িক অসমত নাৰীৰ স্থান সম্পৰ্কে বিশদ তথ্যৰ অভাৱ।মহাকাব্য ‘মহাভাৰত’ত প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ বিষয়ে পোৱা বৰ্ণনাৰ পৰা সমসাময়িক সময়ৰ অসমীয়া নাৰীৰ বিষয়ে এক থুলমূল ধাৰণাহে পাব পাৰি।ৰুক্মিণী, ঊষা, চিত্ৰলেখা, চিত্ৰাংগদা, হিড়িম্বা আদি চৰিত্ৰবোৰলৈ চালে অনুমান কৰিব পাৰি যে অসমীয়া নাৰী ভাৰতবৰ্ষৰ আন আন ঠাইৰ নাৰীতকৈ বহু ক্ষেত্ৰত স্বাধীন আছিল।অৱশ্যে অসমীয়া সমাজতো নাৰীৰ স্থান পুৰুষৰ তলত আছিল।কিছুসংখ্যক নাৰীয়ে ৰাজনীতি, সমাজনীতি, শিক্ষা, সংস্কৃতি আদি দিশত পৰোক্ষ বা প্ৰত্যক্ষ অংশ গ্ৰহণেৰে নিজ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল।  অসমৰ ভৌগোলিক পৰিধি ভাঙি নিজ প্ৰতিভাৰে ভাৰতীয় ইতিহাসত নাম লিপিবদ্ধ কৰোৱা এগৰাকী নাৰী হ’ল অসম জীয়াৰী অমৃতপ্ৰভা।নিজ কৰ্মপটুতা, বুদ্ধিমত্তা, সাহস আৰু পাণ্ডিত্যৰ বলত কাশ্মীৰৰ ৰাজপটেশ্বৰী হোৱা অমৃতপ্ৰভাৰ নাম কলহনৰ ‘ৰাজতৰংগিনী’ আৰু চীনা পৰিব্ৰাজক ঔ-কং ৰচিত কাশ্মীৰৰ বিৱৰণত পোৱা যায়।পৰৱৰ্তী সময়তো চুতীয়াৰাণী সাধনী, মূলা গাভৰু, জয়মতী,ফুলেশ্বৰী কুঁৱৰী, বৰৰজা অম্বিকা, নাংব্লক গাভৰু আদি নাৰীয়ে প্ৰত্যক্ষ ৰাজনীতিত জড়িত হৈ অসমীয়া নাৰীৰ সাহস, বীৰত্ব আৰু বুদ্ধিমত্তাৰ পৰিচয় দাঙি ধৰিছিল।কিন্তু লাহে লাহে দৃশ্যপট সলনি হৈ আহিছিল।অসমত নাৰীৰ স্বাধীনতা ভূলুণ্ঠিত হৈ পৰিছিল।পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত লাহে লাহে নাৰীৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাৰ মানসিকতা এটা গঢ় লৈ উঠিছিল।এই মানসিকতাৰ চিকাৰ হৈ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই ধৰ্ম আৰু সামাজিক নীতি-নিয়মৰ দোহাই দি নাৰী দমন কৰি ৰখাৰ কূট-কৌশল ৰচনা কৰি যায়।

প্ৰাচীন অসমীয়া সমাজত নাৰী শিক্ষাৰ আনুষ্ঠানিক ব্যৱস্থা নাছিল।নাৰীয়ে ঘৰুৱা কাম-কাজ, তাঁত বোৱা আদি কাম শিকি ঘৰ গৃহস্থালি চম্ভালি লোৱাৰ ওপৰতহে সমাজে গুৰুত্ব দিছিল।আহোম ৰাজত্বৰ শেষৰফালে দেশৰ অস্থিৰ ৰাজনীতিৰ সুবাদত মান সৈন্য অসমলৈ আহে। ১৮১৭ৰ পৰা ১৮২৬ চনলৈ মানে উপৰ্যুপৰি তিনিবাৰকৈ কৰা আক্ৰমণত অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ভেটি দুৰ্বল হৈ পৰে।অসমক মানৰ হাতৰপৰা ৰক্ষা কৰিবলৈ আহে ইংৰাজসকল।কিন্তু সময়ত গোঁজেই গজালি হৈ পৰা ইংৰাজসকল অসমৰ ভাগ্য বিধাতা হয়।এহাতে মানৰ আক্ৰমণত ত্ৰস্তমান মন, আনহাতে ভাষা-সংস্কৃতিৰ আওভাও নুবু্জা ফিৰংগী ইংৰাজ।যুগসন্ধিক্ষণৰ এনে সময়ে অসমীয়া সমাজলৈ অৱক্ষয় আনে।কুসংস্কাৰ-অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামি, জাতিবাদ, বৰ্ণবাদ আদিয়ে অসমৰ আকাশ তিমিৰাছন্ন কৰি ৰখাৰ সময়তে ১৮৩৫ চনৰ ১০ ডিচেম্বৰত ঐতিহাসিক দেৰগাঁৱৰ ৰজা-বাহৰ গাঁৱত এটি ব্ৰাহ্মণ পৰিয়ালত এটি শিশুৰ জন্ম হয়।এই শিশুটিয়েই হ’ল অসমত নাৰী মুক্তি আন্দোলনৰ বাটকটীয়া হেমচন্দ্ৰ বৰুৱা।হয়, মই মুক্তাৰাম বৰুৱা আৰু ৰূপহী দেৱীৰ জ্যেষ্ঠপুত্ৰ ভাষাবিদ, ‘হেমকোষ’ প্ৰণেতা, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ কথাই কৈছোঁ। মানৰ আক্ৰমণ আৰু ইংৰাজৰ অসম দখলৰ ফলত নিশকতীয়া হৈ পৰা অসমীয়া জাতিটোক কলমেৰে নেতৃত্ব দিবলৈ ওলাই অহা বীৰপুৰুষ হেমচন্দ্ৰ বৰুৱা।  কলমক অস্ত্ৰ কৰি সামাজিক কেৰোণবোৰ আঁতৰাই এখন সুস্থ-সবল, উন্নত সমাজৰ সপোন দেখা হেমচন্দ্ৰ বৰুৱা।মুখৰ ভাষাই নাথাকিলে জাতিৰ অস্তিত্ব থাকিব ক’ত– এই কথা হৃদয়েৰে অনুভৱ কৰি মুমূৰ্ষু অসমীয়া ভাষাৰ মুখত সঞ্জীৱনী সুধা ঢালি মাতৃভাষাক কাললৈ যুগমীয়া কৰি ৰখাৰ বাবে অহোপুৰুষাৰ্থ কৰা হেমচন্দ্ৰ বৰুৱা।হেমচন্দ্ৰ বৰুৱাৰ লগতে আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আদি অসমীয়া ভাষাৰ একনিষ্ঠ সেৱকৰ প্ৰচেষ্টাত ভাষাটোৱে অসমৰ পঢ়াশালি, আদালত আৰু  চৰকাৰী কাৰ্যালয়ত হেৰুৱা মৰ্যদা ঘূৰাই পালে।মাতৃভাষা নিজৰ স্থানত প্ৰতিষ্ঠিত হ’ল।বৈজ্ঞানিক পদ্ধতিৰে প্ৰথম অসমীয়া অভিধান, ব্যাকৰণ, পঢ়াশালিৰ পাঠ্যপুথি ৰচনা কৰি মৃতপ্ৰায় অসমীয়া ভাষাক পুনৰ্জীৱিত কৰিবলৈ হাতত কলম তুলি লোৱা হেমচন্দ্ৰ বৰুৱা এইবাৰ সৰৱ হ’ল সমাজক ছানি ধৰা অন্ধবিশ্বাস -কুসংস্কাৰৰ বিৰুদ্ধে। বিজ্ঞান মনস্কতা আৰু প্ৰগতিশীল চিন্তাধাৰাৰে তেওঁ সামাজিক কেৰোণবোৰৰ বিৰোধিতা কৰি গ’ল। বিশেষকৈ সমসাময়িক সমাজখনত নাৰীৰ স্থিতি আৰু সমাজে নাৰীৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাবোৰে হেমচন্দ্ৰ বৰুৱাক ভবাই তুলিলে। সামাজিক উন্নতিৰ বাবে নাৰীসকলো পুৰুষৰ সমানেই আগবঢ়া হ’ব লাগিব।নাৰীৰ প্ৰগতিত বাধা হৈ দেখা দিয়া পুৰণিকলীয়া ৰীতি-নীতিৰ সংস্কাৰ নহ’লে নাৰী মুক্তি, নাৰী প্ৰগতিৰ কথাবোৰ অৰ্থহীন।এই কথা অন্তঃকৰণেৰে উপলদ্ধি কৰিব পাৰিছিল বাবেই এটা ৰক্ষণশীল পৰিয়ালৰ সদস্য হৈয়ো হেমচন্দ্ৰ বৰুৱাই ধৰ্মীয় গোড়ামি, জাতিবাদ, বৰ্ণবাদ, বাল্য বিবাহৰ বিৰোধিতা কৰিছিল।আনহাতে স্ত্ৰী শিক্ষা আৰু বিধৱা বিবাহৰ দৃঢ়তাৰে সমৰ্থন কৰিছিল।সমাজৰ তথাকথিত উচ্চবৰ্ণৰ লোকসকলে নীহকুলীয়া বুলি লেই লেই ছেই ছেই কৰা মানুহৰ প্ৰতি, পুৰুষৰ আধিপত্যবাদৰ হেঁচাত পৰি কৰুণ জীৱন যাপনত বাধ্য নাৰীৰ প্ৰতি তেওঁ আছিল সহানুভূতিশীল। সেয়েহে তেওঁ আন্তৰিকতাৰে এওঁলোকে মৰ্যদাসম্পন্ন জীৱন যাপন কৰাটো বিচাৰিছিল।এইজন মহান পুৰুষৰ জীৱনী পঢ়িলে নাৰীৰ প্ৰতি তেওঁ কিমান শ্ৰদ্ধাশীল আছিল তাক সহজে অনুমান কৰিব পাৰি। সাত্ত্বিক বৰুৱা পৰিয়ালৰ সন্তান হেমচন্দ্ৰ বৰুৱাই সামাজিক ভেদভাৱ, কুসংস্কাৰৰ বলি হৈ নাৰীসকলে অতিবাহিত কৰিবলগীয়া হোৱা দুখময় জীৱন ঘৰতে সৰুকালৰে পৰা প্ৰত্যক্ষ কৰি আহিছিল।নাৰীৰ এই দুখময় জীৱনগাঁথাৰ কৰুণ ছবিখনে শিশু হেমচন্দ্ৰৰ অন্তৰ চুই গৈছিল।ঘৰখনত দুটা চৰু।এটা আমিষ, ঘৰৰ বিধৱাসকলৰ বাবে আনটো নিৰামিষ চৰু। দুয়োটা চৰুৰ মাজত সহস্ৰ যোজন দূৰত্ব।নিৰামিষ চৰুত সকলো স্পৰ্শ দোষৰ পৰা নিলগত থাকি ৰন্ধা হয় মগু দাইল, আলু, কচু, পুৰাকল, গৰুঘিউ আদিৰে নিৰামিষ সাত্ত্বিক আহাৰ।ঘৰৰ বিধৱাসকলে নাৰীৰ স্বাভিমানৰ প্ৰতীক দীঘন চুলিটাৰি খুৰাই বগা থান কাপোৰ পৰিধান কৰি সকলো ৰং-ৰহইচৰপৰা দূৰৈত অৱস্থান কৰে।সকলো শুভ কামৰ পৰা নিজকে নিলগত ৰাখে।এইবোৰ দেখি-শুনি শিশুসুলভ কৌতূহলেৰে তেওঁ মাকক এই বিষয়ে প্ৰশ্ন কৰিছিল। পুতেকৰ অজ্ঞতা দেখি মাকে হাঁহি এটা মাৰি উত্তৰ দিছিল,

“তেওঁলোক বিধৱা।এয়া ভগৱানে বান্ধি দিয়া  বিধান।” 

মাকৰ উত্তৰে তেওঁৰ মনত হাজাৰ প্ৰশ্নৰ সৃষ্টি কৰিলে।উত্তৰ বিচাৰি তেওঁ সংস্কৃত শাস্ত্ৰৰ পাত লুটিয়ালে।বুজিলে , শাস্ত্ৰৰ পাতত ভগৱানক বিচাৰি পোৱা নাযায়।শাস্ত্ৰ মানুহে ৰচনা কৰে আৰু ভগৱানৰ বিধান বুলি নানা নিয়ম মানুহেই তৈয়াৰ কৰে।এই ভাবধাৰাই হেমচন্দ্ৰ বৰুৱাৰ মানসিকতাক উদাৰ কৰিলে।সমাজৰ পুৰণিকলীয়া ৰীতি-নীতিক যুক্তিৰে বিশ্লেষণ কৰি চাবলৈ শিকালে।যুক্তিৰ বাহিৰৰ কথাবোৰ প্ৰতিবাদ কৰিবলৈ শিকালে।নাৰীৰ সামাজিক স্থিতিৰ বিষয়ে মাত মাতিবলৈ শিকালে। নাৰীৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ শিকালে।নাৰীৰ প্ৰতি তেওঁ কিমান শ্ৰদ্ধাশীল, সেই কথাৰ প্ৰমাণ মাত্ৰ ত্ৰিশ বছৰ বয়সতে পত্নীক হেৰুৱাৰ পাছত নাৰীৰ সম অধিকাৰ প্ৰশ্নতে আঁকোৰগোজ হৈ থাকি পুনৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰি তেওঁ কোৱা কথাখিনিয়েই বুজাই যায়…… 

“আজিকালি আমাৰ সমাজলৈ চাই ভাৰ্যা মৰা পুৰুষে পুনৰায় বিয়া কৰা গোটেই নিন্দনীয়।মই ভাবিছিলোঁ মোৰ ভাৰ্যাৰ নহৈ মোৰ মৃত্যু হোৱা হ’লে তেওঁৰ কি অৱস্থা হ’লহেঁতেন।তেওঁ মৰিছে, তথাপি মোৰ ইচ্ছা হ’লে মই এটা কিয় তিনিটা বা অধিক বিয়া কৰাব পাৰোঁ, কিন্তু বিধৱা হোৱাৰ পাছত পুনৰ বিয়াৰ নাম লোৱা মাত্ৰেই তেওঁৰ জাতি গ’লহেঁতেন, সমাজে বৰ্জিলেহেঁতেন আৰু তেওঁ জীৱন্তে মৰা হৈ থাকিলহেঁতেন।ই কেনে অসংগত, কেনে অযুগুত, এতেকে পুনৰায় বিয়া কৰা মোৰ উচিত নহয়।”

সমাজৰ সোঁতৰ বিপৰীতে যাবলৈ সাহস কৰা কি এক ব্যতিক্ৰমী মানসিকতা।এনে মানসিকতা হয়তো আধুনিক শিক্ষাৰে শিক্ষিত মানুহৰ মাজতো বিৰল হ’ব।বাল্য বিবাহে আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিছিল নাৰী সমাজৰ।গতিকে তেওঁ বাল্য বিবাহৰ ঘোৰ বিৰোধী আছিল।তেওঁৰ সমসাময়িক গুণাভিৰাম বৰুৱাৰ লগলাগি তেওঁ স্ত্ৰী শিক্ষা প্ৰচলনৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।তেওঁলোকৰ প্ৰচেষ্টাতে ১৮৬১-৬২ চনত শিৱসাগৰত ছোৱালীৰ বাবে প্ৰথমখন প্ৰাইমেৰী স্কুল স্থাপন হৈছিল। ১৮৬১ চনৰ মে’-মাহত ‘অৰুণোদয়’-ত প্ৰকাশিত তেওঁৰ ‘স্ত্ৰী শিক্ষা’ নামৰ চমু প্ৰৱন্ধটিত তেওঁ যুক্তি সহকাৰে স্ত্ৰী শিক্ষাৰ পোষকতা কৰি লিখিছিল যে, যেতিয়ালৈকে বিদ্যা শিক্ষাৰদ্বাৰা তিৰোতাবিলাকে মুক্তাৱস্থা নাপায়, তেতিয়ালৈকে দেশৰ মংগল হ’ব নোৱাৰে।  তিৰোতাসকলক মুক্তাৱস্থা বা সমাধিকাৰ দিয়াৰ গুণ আমাৰ সমাজে বুজি পোৱা নাই বুলি তেওঁ আক্ষেপ কৰিছিল।

সমাজ জীৱনত নাৰীৰ ওপৰত আৰোপিত কিছুমান নীতি-নিয়ম, নিষেধাজ্ঞা তীব্ৰ ভাষাৰে নিন্দা কৰি তেওঁ লিখিছিল…….

“এতিয়া ভাল মানুহৰ তিৰোতা আনৰ আগত ওলোৱা থাকোক, গিৰিয়েক আহিবৰ গম পালে ‘ডাঙ্গৰীয়া আহিছে বুলি’ পাঁচ হাত মান ওৰণি লৈ, বাঘৰ ভয়ত গৰু পলোয়াদি চুকত সোমাইগৈ।ডাঙ্গৰীয়াজনাইও তিৰোতাক মৰম কৰিলে বা ভাল মুখে কথা ক’লে আশই পাব বুলি ঘৈণীয়েকৰ ফাললৈ কপালৰ গাঁঠি থোপা কৰিহে চাই, আৰু অনেকে গালি পাৰিহে ঘৈণীয়েকক মাতে, আন কি অলপ দোষতে ঘৈণীয়েকক (ছিঃ ছিঃ কি ঘিণৰ কথা) পাৰে মানে মাৰে । … এইবোৰ কথা যে অতি গৰহিত, ইয়াক ক’বৰ কাম নাই আৰু যেতিয়ালৈকে দেশাচাৰৰ দাস হৈ মানুহে এই ৰূপে আচৰণ কৰে, তেতিয়ালৈকে দেশৰ মংগল হ’বৰ আগন্তুক নাই।”

এই ৰচনাখনতে হেমচন্দ্ৰ বৰুৱাই শাস্ত্ৰত বৰ মতি দেখুওৱা সকলক উদ্দেশ্য কৰি কৈছে যে সেইবোৰ মানুহে শাস্ত্ৰৰ দোহাই দি অষ্টমীত মাছ নেখায়, সেইসকলেই শাস্ত্ৰ দলিয়াই দি তিৰোতাৰ প্ৰতি অনুচিত ব্যবহাৰ কৰে। সেইকাৰণেই তেওঁৰ আহ্বান আছিল, 

“অতএব হে আমাৰ ‘দেশীসকল’। তোমালোকেও তোমালোকৰ তিৰোতাৰ অহিতে যি কুসংস্কাৰ আছে, তাক এৰি পেলাই, সিহঁতক জ্ঞান বিদ্যা শিকাই উত্তম সংগী জ্ঞান কৰা, কাৰণ সিহঁত তোমালোকৰ শৰীৰৰ এফাল আৰু উত্তম বন্ধু।”

এক ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিও আজিৰ পৰা প্ৰায় ডেৰশ বছৰৰ আগতেই নাৰীৰ সম মৰ্যদা আৰু সম অধিকাৰক লৈ মাত মতা হেমচন্দ্ৰ বৰুৱা অসমত নাৰী মুক্তি আন্দোলনৰ বাটকটীয়া।ধৰ্মীয় ৰীতি-নীতি তথা কুসংস্কাৰৰ বলি হৈ  এক কঠিন জীৱন যাপন কৰিব লগা হোৱা নাৰী সমাজৰ প্ৰতি তেওঁৰ আছিল গভীৰ অনুকম্পা, সহানুভূতি আৰু সন্মান।হেমচন্দ্ৰৰ আদৰ্শৰে সেই সময়ৰ সমাজে বাট বোলা হ’লে হয়তো আজিলৈ আমাৰ সমাজত নাৰীকেন্দ্ৰিক অপৰাধসমূহ নাথাকিলহেঁতেন।হেমচন্দ্ৰ বৰুৱাৰ লেখাসমূহ, তেওঁৰ জীৱন আদৰ্শ আজিও এখন সুন্দৰ সমাজ গঢ়াৰ অমোঘ মন্ত্ৰ হ’ব পাৰে।তাৰ বাবে আজিৰ প্ৰজন্মই তেওঁৰ লেখাসমূহ পঢ়িব লাগিব।তেওঁৰ আদৰ্শসমূহ অনুধাৱন কৰিব পাৰিব লাগিব।

সহায়ক গ্ৰন্থপঞ্জী :

পূৰবী বৰমুদৈ : ৰূপোৱালী নৈৰ সোণোৱালী ঘাট 

                       (পৃষ্ঠা : ৩৪৫/৩৪৬)

ৰণজিৎ ভূঞা : অসমত বিজ্ঞানমনস্কতাৰ অগ্ৰদূত

                       হেমচন্দ্ৰ বৰুৱা (প্ৰৱন্ধ)

                    (ইণ্টাৰনেটৰ ‘মুক্ত চিন্তা’ত উপলব্ধ)

*******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *