লটকন-ইলি তালুকদাৰ
(ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা বুঢ়ী আইৰ সাধুৰ একে নামৰ সাধুকথাৰ পদ্য ৰূপ)
লটকন নামেৰে অতি এলেহুৱা
বামুণ আছিল এজন ,
ঘৈণীৰ দপালনি খাই খাই বাপে
এদিন এৰিলে ঘৰখন ।
বেলি দূপৰত মিঠাইৰ দোকান
দেখিলে থাকোঁতে গই,
পুত্ৰক ৰখীয়া কৰি দোকানী
ভিতৰত আছিলে শুই।
ল’ৰাই সুধিলে কি বিচাৰিছে
কিনো নাম তেওঁৰ,
বামুণৰ উত্তৰ, ‘ মিঠাই লাগে
মাখি নাম মোৰ ।’
এইবুলি বামুণে মিঠৈ টপাটপে
লাগি গ’ল খাবলৈ,
‘মাখিয়ে মিঠৈ খালেঐ বোপাই’
ল’ৰাই ধৰে চিঞৰিবলৈ।
বাপেকক মাতিবলৈ ৰখীয়া পুতেক
ভিতৰলৈ সোমাই গ’ল,
হাতনি-পেৰাৰপৰা লই ৰূপ দুকুৰি
বামুণ পলাই গ’ল ।
ভাগৰত বামুণে গছৰ তলত
জিৰণি ল’বলৈ বহিল,
হাবিৰপৰা ওলোৱা বনগাহৰি দেখি
বামুণৰ টোপনি হৰিল।
বামুণে ভয়তে ঘূৰিবলৈ ধৰিলে
গছৰ চাৰিওফালে,
গাহৰিয়েও তেতিয়া বামুণৰ পিচত
সমানে ঘূৰিবলৈ ল’লে ।
এপাকত বামুণে গাহৰিৰ নেজত
ধৰিলে মাৰি থাপ,
খোচোনাৰ ৰূপবোৰ ওলাই বামুণৰ
মাটিত পৰিল ধুপধাপ ।
এনেতে দোকানী ঘোঁৰাত উঠি
সেইডোখৰ ঠাই পালে,
‘ গাহৰিয়ে লাডিছে ৰূপৰ মোহৰ’
বামুণে দোকানীক ক’লে ।
বামুণৰ কথাত দোকানীয়ে লোভত
গাহৰিৰ নেজত ধৰিলে,
বুধিৰে বামুণে দোকানীক এইদৰে
গাহৰিক ধৰাই দিলে।
ৰূপবোৰ গোটাই দোকানীৰ ঘোঁৰা লৈ
পলালে বামুণ চলাহি,
ভালেমান বাট গৈ গধূলি বেলিকা
এঘৰৰ হ’লগৈ আলহী ।
ৰাতি সিঘৰত মহা আৰামেৰে শুলে
বামুণে খাই বৈ,
শেষ ৰাতিত গৈ ঘোঁৰাৰ ঘাঁহত
আহিল দহটকা থৈ।
ৰাতি পুৱালত বাপু মনে মনে গৈ
ঘোঁৰাটোৰ কাষ পালে,
গৃহস্থক দেখুৱাই ঘাঁহবোৰ জোকাৰি
ৰূপ দহটকা উলিয়ালে ।
বিচূৰ্তি খাই লুভীয়া গৃহস্থই
ধন দি কিনিলে ঘোঁৰা৷
আকৌ এবাৰ ঠগি ৰূপগাল লৈ
বামুণে আওজালে পীৰা৷
বাটত দেখিলে দোকানী লেবেজান
গাহৰিৰ পিচত ঘূৰি,
দোকানীয়ে বুলিলে ‘ভালকৈ ঠগিলা
নাপালোঁ ৰূপ একড়ি।’
বামুণে দেখিলে পৰিছে ভাগৰি
গাহৰি ঘূৰি ঘূৰি,
এশপাক ঘূৰালে ভাগৰত গাহৰি
পাবগৈ নিচয় সিপুৰী।
দোকানীক বুধি দিলে ঘূৰাবলৈ গাহৰিক
লেখি লেখি এশবাৰ,
এশপাক ঘূৰিলে গাহৰিৰ পৰা
এশ টকা হ’ব উদ্ধাৰ ।
বামুণৰ কথাত দোকানীয়ে পুনৰাই
গাহৰি ঘূৰোৱাত লাগিল,
দুৰ্বল গাহৰি অলপ ঘূৰিয়েই
হামখুৰি খাই মৰিল৷
এনেদৰে দোকানী পৰিল ৰক্ষা
ঘৰলৈ উভতি গ’ল,
ইফালে বামুণীৰো ৰূপগাল পাই
মনত আনন্দ হ’ল।
*******
