এদিন ওলাবা সখী-বিনীতা উপাধ্যায়
সকলো মান অভিমান কাতি কৰি থৈ
এদিন ওলাবা সখী
লগ হ’ম
সেই ছোৱালী স্কুলৰ
সন্মুখৰ ঘাঁহনিত।
বহিম সকলোৱে মিলি
কথা পাতিম
মনৰ কথা,সুখ-দুখ
আৰু বেদনাৰ কথা
লিখিম কবিতা
হাঁহিৰ কবিতা
দুখৰ কবিতা
প্ৰেমৰ কবিতা—–।
একেলগে
বজ্ৰকণ্ঠে নিনাদিত হ’ব
আকাশ বতাহ
কঁপাই তুলিব
আমাৰ প্ৰতিবাদী উদাত্ত কণ্ঠ —–
সমাজত চলি থকা অপকৰ্মৰ বিৰুদ্ধে
শোষণৰ বিৰুদ্ধে !
পবিত্ৰ আত্মাৰ শান্তিৰ কামনা কৰিম
ধূপ চাকি জ্বলাই
আৰু কৰিম হাতত অগ্নিশিখা লৈ
শান্তি সমদলেৰে
নীৰৱ প্ৰতিবাদ
সমাজৰ কুৰীতিৰ
বিৰোধিতা কৰি —–।
তুমি জানানে সখী
নাৰীৰ আন এটা নাম ‘শক্তি’
এই শক্তি কিন্তু অপৰাজেয়_______
একত্ৰিত নাৰী শক্তিশালী সদায়
সেয়েহে
এদিন ওলাবা সখী
এই অজেয় শক্তিৰে মুষ্টিবদ্ধ হৈ
আমাৰ উত্তৰ পুৰুষক
দিব লাগিব
এখনি নীলা আকাশ
ফৰকাল আকাশ
এখনি শুভ্ৰ আকাশ —-
আৰু
হৃদয়ৰ এনাজৰীৰে
গঢ়িব লাগিব
পঙ্কিলতাবিহীন
এখনি সুন্দৰ সমাজ
এখন নিষ্কলঙ্ক সমাজ।
*******
