জোনাকী গাঁথা-কুশল মহন্ত

টুলুঙা নাৱৰ টিঙত বহি

শুনিবানে 

জোনাকৰ জীৱন গাঁথা? 

পূৰ্ণিমাৰ জোনো যে গলে ,

নিৰৱে,অকলে ..

বিৰহী প্ৰেমৰ কৰুণ স্মৃতিত ,

ঈশ্বৰেও টোকে চকুপানী …

মুৰুলীৰ সপ্ত সুৰত বাজে বিৰহৰ ৰাগিণী।

সকলো আপোন হোৱাৰ ভাৱত ,

ভাৱৰীয়া।

মায়াৰ জালত বন্দী, মানৱতা।

 

সময়ে

সকলো কয় ,

তথাপিও

চেষ্টা,

জোনাকী কাৰেং-ঘৰত,

উষাৰ তিমিৰ ফালি

পোহৰৰ অনিৰুদ্ধ যাত্ৰা 

গোপনে গোপনে,

আজীৱন!

*******

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *