অন্তৰীপ:গ্ৰন্থকাৰ ড° ভবেন্দ্ৰনাথ শইকীয়া-শেৱালি শৰ্মা বৰকটকী 

ড° ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ ৩৩০ পৃষ্ঠা জোৰা ‘অন্তৰীপ’ নামৰ এই  মননশীল উপন্যাসখন ১৯৭৯ চনত সেই সময়ৰ সামাজিক পটভূমিত ৰচনা হৈ “ৰামধেনু” আলোচনীত তিনিটা সংখ্যাত প্ৰকাশ হোৱাৰ পিছত বন্ধ হৈ যায় যদিও প্ৰান্তিক আলোচনীত ১৯৮২ চনৰ ১৬ এপ্ৰিলৰ পৰা  ছপা হৈ  ১৯৮৪ চনৰ ১ জানুৱাৰীৰ সংখ্যাত  শেষৰ খণ্ড প্ৰকাশ হয়।

এই উপন্যাসখনৰ বিষয়বস্তু প্ৰাক্ স্বাধীনতা কালৰ অসমীয়া সমাজৰ পটভূমিৰ এখন সৰু চহৰৰ এটা আঢ্যৱন্ত পৰিয়ালক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। উপন্যাসখনত এহাতেদি আমাৰ সমাজত যুগ যুগ ধৰি চলি থকা পুৰুষৰ একনায়কত্ববাদী শাসনৰ বিৰূদ্ধে নাৰীয়ে গোপনে কৰা বলিষ্ঠ প্ৰতিবাদ আৰু আনহাতেদি পুৰুষপ্ৰধান সমাজত নাৰীৰ পুতৌ লগা অৱস্থা অতি স্পষ্টকৈ প্ৰকাশ পাইছে ৷

অন্তৰীপ উপন্যাসখনৰ কথাবস্তু দুটা ভাগত বিভক্ত ৷ প্ৰথম অংশত ঘাইকৈ উপন্যাসখনৰ নায়ক মহীকান্ত, নায়িকা মেনকা আৰু উপনায়িকা কিৰণৰ কথা বৰ্ণিত আছে ৷ ইয়াত  এটা আঢ্যৱন্ত পৰিয়ালৰ মুৰব্বী ঘনকান্ত আৰু তেওঁৰ পত্নী যোগেশ্বৰী বুঢ়ীৰ তিনিটা ল’ৰা ৰত্নকান্ত , মহীকান্ত আৰু ভদ্ৰকান্ত ৷বৰ পুত্ৰ ৰত্নকান্তই ৰেললাইনৰ সিপাৰলৈ  ঘৰ বাৰী বান্ধি উঠি গ’ল আৰু সৰু পুত্ৰ ভদ্ৰকান্তই একো কামবন নকৰি ঘূৰি ফুৰাৰ  বিপৰীতে মাজু পুত্ৰ তথা নায়ক মহীকান্তই ধানবনা কলটো চম্ভালি ধানৰ ব্যৱসায়ত যথেষ্ট ধন উপাৰ্জন কৰি অহংকাৰী হৈ পৰিছিল ৷

পাঠশালা স্কুললৈকে পঢ়া মেনকা ৰূপে গুণে লখিমী বোৱাৰী হৈ সকলোৰে মন জয় কৰাৰ পিছতো চাৰিটা লৰা-ছোৱালীৰ পিতৃ মহীকান্তই কিৰণ নামৰ ছোৱালী এজনীক বিয়া কৰাই সকলোকে আচৰিত কৰি ঘৰত সোমোৱাত পত্নী মেনকাই প্ৰচণ্ড আঘাত পায় আৰু মহীকান্তৰ ওপৰত পোতক তুলিবৰ বাবে সংকল্পবদ্ধ হৈ মদন নামৰ ডেকা এটাৰ সহবাসত এটা পুত্ৰ সন্তান জন্ম দি মহীকান্তৰ ওপৰত প্ৰতিশোধ লৈ দেখুৱাই দিলে যে পুৰুষে যদি পত্নীৰ বৰ্তমানত পুনৰ বিবাহ কৰিব পাৰে পত্নীয়েও মন কৰিলে অন্য পুৰুষৰ ঔৰসত সন্তান জন্ম দিব পাৰে ৷

অন্তৰীপ যেন মেনকাৰ মন সমুদ্ৰত মদন আৰু পুত্ৰ ধ্ৰুৱই সৃষ্টি কৰা  আচুতীয়া ঠাইকণ,যিকণ ঠাইৰ জ্বালাময়ী স্মৃতিয়ে নায়ক মহীকান্তক শেষলৈকে নিৰ্বাক নিস্পন্দ কৰি ৰাখিলে ৷

সামগ্ৰিকভাৱে উপন্যাসখনত প্ৰাক্ স্বাধীনতা কালৰ মধ্যবিত্ত সমাজৰ পুৰুষ নাৰী সম্পৰ্কীয় ছবি এখন প্ৰকাশ পাইছে।উপন্যাসখনত অভিনৱত্ব প্ৰকাশ কৰিছে অদ্ভুত ব্যক্তিত্ব সম্পন্ন সামন্ত মনোবৃত্তিৰ নায়ক মহীকান্তৰ বিৰূদ্ধে কৰা মেনকাৰ অস্বাভাৱিক আৰু দুঃসাহসী প্ৰতিবাদে।মহীকান্তই নিজৰ দম্ভ অহংকাৰ দেখুৱাই ভালকৈ খুৱাব পিন্ধাব পাৰিম বুলি সহজ সৰল কিৰণক ঢাকঢোল বজাই বিয়া পাতি আনি শাৰীৰিক আৰু মানসিকভাৱে পিষ্ট কৰাত এসময়ত কিৰণে আত্মহত্যা কৰিবলৈও চেষ্টা চলাইছিল ৷ 

উপন্যাসখনৰ দ্বিতীয় অংশত প্ৰথম অংশৰ কথাৰ লগত সংগতি ৰাখি কলিকতাত উচ্চ শিক্ষা ল’বলৈ যোৱা মহীকান্ত আৰু মেনকাৰ বৰ পুত্ৰ ইন্দ্ৰ আৰু তাৰ বান্ধৱী চিত্ৰাৰ কথা বৰ্ণিত হৈছে।ইন্দ্ৰতকৈ বয়সত কিছু ডাঙৰ চিত্ৰাই হৃদয়েৰে গ্ৰহণ নকৰা ডাক্তৰ স্বামীক এৰি লণ্ডনলৈ গুচি যায়৷ইতিমধ্যে ইন্দ্ৰ আৰু চিত্ৰাৰ মাজত এটা আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল।

প্ৰায়ে নানা  ৰোগত ভুগি থকা মাহীমাক কিৰণক ইন্দ্ৰই চিকিৎসাৰ বাবে কলিকতালৈ নি চিকিৎসা কৰাইছিল যদিও অৱশেষত চিকিৎসাধীন অৱস্থাতে কিৰণে আত্মহত্যা কৰিলে।শেষত ইন্দ্ৰই উচ্চ শিক্ষা সাং কৰি সাত সাগৰ তেৰ নদী পাৰ হৈ চিত্ৰাৰ ওচৰলৈ ঢাপলি মেলিলে।

উপন্যাসখনিৰ আটাইতকৈ ভাল লগা চৰিত্ৰ হ’ল মেনকাৰ চৰিত্ৰটো।সহজ-সৰল সকলোৰে মন জয় কৰিব পৰা এজনী লখিমী বোৱাৰী হ’ল মেনকা।শাহু-শহুৰ, দেৱৰ-বৰজনা, জা-জোৱালী আদিক যথোচিত শ্ৰদ্ধা, মৰমেৰে ওপচাই গোটেই ঘৰখন পৰিচালনা কৰাৰ উপৰিও ওচৰৰ মদন ,শৈল্য, বনকৰা ছোৱালী পূৰ্ণিমাৰ জীৱনৰ দিক্ নিৰ্ণায়কৰ ভূমিকা লৈ সংসাৰ পাতি দিয়ে। সতিনী কিৰণকো নিজৰ ভনীয়েকৰ দৰে ব্যৱহাৰ কৰি কিৰণৰ মৃত্যুৰ পিছত তিনিজনী ছোৱালীৰ দায়িত্ব মেনকাই লয়।বৰ পুত্ৰ ইন্দ্ৰই সফলতাৰে মেট্ৰিক পাছ পৰি কলিকতালৈ যোৱাৰ ব্যৱস্থাও মেনকাই কৰে।সকলোৰে ওপৰত থকা সমস্ত দায়িত্ব পালন কৰি মহানুভৱতাৰ পৰিচয় দিয়া মেনকাই কিন্তু স্বামী মহীকান্তৰ বিৰুদ্ধে নীৰৱে প্ৰতিশোধ ল’বলৈকো নাপাহৰিলে ৷ মহীকান্তৰ নিচিনা দম্ভ অহংকাৰী মানুহটোও মেনকাৰ ওচৰত তচনচ হৈ গ’ল।

(ড° ভবেন্দ্ৰনাথ শইকীয়াৰ এই উপন্যাস খনে ১৯৮২ চনৰ পৰা “প্ৰান্তিক”ত ধাৰাবাহিকভাৱে ছপা হয় আৰু ১৯৮৪ চনৰ ২ জানুৱাৰীৰ সংখ্যাত শেষছোৱা প্ৰকাশ হয় ৷অন্তৰীপ উপন্যাসখনে পৰৱৰ্তী সময়ত অসমীয়া কথাছবি “অগ্নিস্নান” ৰূপে দৰ্শকৰ মাজত যথেষ্ট সমাদৃত হৈছিল আৰু এই চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চিত্ৰনাট্য বটা লাভ কৰি অসমীয়া ছবিলৈ গৌৰৱ কঢ়িয়াই আনিছিল)

*******

One comment

  • Seriously loving 365 slots vip for the huge slot variety! You can play for days and still not try all the options. Plus, sometimes they have VIP-exclusive jackpots. Don’t miss the fun at 365 slots vip.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *