ধৰাত সৰগৰ পৰশ -নিবেদিতা শৰ্মা
মুকুতাৰ দৰেই হিমবোৰ পৰি পৰি
যেতিয়া ধৰাত সৰগৰ পৰশ
দিয়ে, সচাঁকৈ লাগে যেন
স্বৰ্গ নামিছে ‛ধৰা’ত..
তুষাৰৰ টোপালবোৰে সেউজীয়া
বোৰ আৱৰি যেতিয়া শুকুলা
আঁচল মেলে, প্ৰকৃতিও
মুগ্ধ হয় ‛সৌন্দৰ্য্য’ত..
বৰফাবৃত জুপুৰীত আশাৰ এগছি
বন্তি জ্বলাই হৃদয় খন উমাল
কৰি ৰখাৰ বৃথা প্ৰয়াস
ইতি পৰে ‛আনন্দ’ত..
তুমি অবিহনে একোৱেই যেন ভাল
নালাগে, হাঁহিবোৰ হতাশাই
গ্ৰাস কৰে, সুখবিলাক
হেৰাই ‛হুমুনিয়াহ’ত..
নিশাবোৰ গভীৰ হয়, চপৰা চপৰে
বৰফবোৰ খহে, তপত অশ্ৰুবোৰে
বুকুখন পাতলাই
বৈ যায় ‛হিমবাহ’ত..
গাড়ীৰ ইঞ্জিনটোৰ দৰে কলিজাৰ
তৰঙ্গবোৰো স্তব্ধ হৈ যোৱাৰ
দৰে হয়, নিশাটি হেৰাই
যায় ‛অনিশ্চয়তা’ত..
জোনবায়ে ধৈৰ্য্য ও বিবেকে সাহস
দিয়ে, জীৱন মূল্যৱান, পুনঃ
আশাবোৰ কেন্দ্ৰিত হয়
এটি নতুন ‛প্ৰভাত’ত..
মুকুতাৰ দৰেই হিমবোৰ পৰি পৰি
যেতিয়া ধৰাত সৰগৰ পৰশ
দিয়ে,সঁচাকৈ লাগে যেন
স্বর্গ নামিছে ‛ধৰা’ত……
*******
