কৰম পৰৱ -ড° মৃদুস্মিতা ফুকন
কৰম পৰৱ হৈছে চাহ-শ্ৰমিকসকলৰ অন্যতম কৃষিভিত্তিক উৎসৱ। এই উৎসৱৰ অন্তৰ্নিহিত উদ্দেশ্য নি:সন্দেহে বৃক্ষপূজা। ভাদ মাহৰ শুক্লা একাদশীত আয়োজন কৰা এই কৰম পূজাৰ অন্যতম আকৰ্ষণ হৈছে এই উপলক্ষে পৰিবেশন কৰা ঝুমুৰ নৃত্য-গীত। সেয়ে ভাদ মাহ সোমোৱাৰ লগে লগে চাহ-শ্ৰমিকসকলৰ ‘ উড়ল মন থিৰ নাহি।’ গতিকে সকলোৱে এই নৃত্য-গীতত ভাগ লয়।
পূজাৰ তিনি, পাঁচ বা সাত দিনৰ আগতে উপবাসে থকা গাভৰুসকলে গা-পা ধুই নদীৰ ঘাটত ঢোল,তাল,বাঁহী আদি বজাই ধূপ-ধুনা জ্বলাই আৰতি কৰি নতুন কুলা বা পাচিত এটাত সকলোৱে একো আঁজলিকৈ বালি ভৰায় আৰু তেওঁলোকে তাত ধান, বজ্ৰা, বুট, মগু, মাটিমাহ, সৰিয়হ, ঘেঁহু, গোমধান আদি সিঁচি দিয়ে। নিৰ্দিষ্ট পূজাৰ দিনলৈ এই শস্যখিনিয়ে গঁজালি (ঝাঁৱা) মেলা অৱস্থাটোক ‘ঝাঁৱা জগোৱা’ বোলা হয়। এই অনুষ্ঠানটোৱেই কৰম পূজাৰ আটাইতকৈ আৱশ্যকীয় আৰু শ্ৰেষ্ঠ অনুষ্ঠান বুলি গণ্য কৰা হয়। এই গাভৰুকেইগৰাকীক ‘ঝাঁৱা ধৰা’ কৰমতী বোলা হয়। ঝাঁৱা ধৰা দিন ধৰি কৰমতীসকলে সাত্বিক জীৱন যাপন কৰে।ঝাঁৱা আনি যাৰ ঘৰত ৰখা হয়, সেইঘৰত সদায় সন্ধিয়া বন্তি আৰু ধূপ-ধুনা জ্বলাই ঝাঁৱা জাগৰণ কৰে আৰু আংশিকভাৱে নৃত্য-গীত কৰি সেইদিনৰ কাৰ্যসূচীৰ সামৰণি মাৰে। এইদৰে তিনি, পাঁচ বা সাত দিনৰ ঝাঁৱা জাগৰণ কৰা হয়।
পূজাৰ দিনা কদম গছ, বৰ গছ আৰু কৰম বা চিকামৰলীয়া (বোৱাল) গছৰ ডাল লৈ শোভাযাত্ৰা কৰি আনি সমজুৱাকৈ পতা পূজাৰ বেদীত স্থাপন কৰা হয়। তাৰ পাছতে ঝাঁৱা অৰ্পণ কৰি যথাবিহিত নীতি-নিয়মেৰে কৰমতীসকলে বেদীত ফল-ফুল, পিঠা-পনা, গাখীৰ-পানী আদি অৰ্পণ কৰি কৰম ডালৰ তলতে বৃত্তাকাৰে সকলো বহে।লগে লগে কহনী বুঢ়াই (পুৰোহিত) কৰম পূজাৰ উৎপত্তি সম্পৰ্কে কাহিনী শুনায়।
ওৰে ৰাতি ঢোল, মান্দৈৰ, বাঁহী আৰু কৰতাল বজাই ঝুমুৰ নাচি সকলোৱে আনন্দ কৰে।
পুৱা সূৰ্যোদয়ৰ লগে লগে কৰমৰ ডালটো বিসৰ্জন দিবলৈ ওলাই কৰমতীসকলে সেই ডালটোতে ধৰি কৰম দেৱতাৰ পৰা মনোবাঞ্চা পূৰ্ণ হোৱাৰ আশীষ বিচাৰি প্ৰাৰ্থনা জনায় আৰু নাচি নাচি নদীৰ ঘাটলৈ নি ডালটো পানীত উটুৱাই দিয়ে। তেতিয়াহে পূজাৰ অন্ত পৰে।
অৱশ্যে কৰম পৰৱ বছৰত তিনিবাৰ পতাৰ নিয়ম আছে।ভাদ মাহৰ শুক্লা একাদশীত ‘জিতিয়া কৰম’, আহিন মাহৰ বিজয়া দশমীত ‘ বুঢ়ী কৰম’ আৰু আঘোণ মাহৰ পূৰ্ণিমাত ‘ৰাস কৰম’। ইয়াৰ ভিতৰত জিতিয়া কৰমেই অধিক উল্লেখযোগ্য।
পৰম্পৰাগত বিশ্বাসৰ ভিত্তিতে চাহ-শ্ৰমিকসকলে আজিও শস্য তথা পাৰ্থিৱ সা-সম্পত্তিৰ বৃদ্ধি কামনা কৰি কৰম পূজা পাতে।
*******
