পশু-পখীক লৈ চলি অহা কিছুমান লোকবিশ্বাস এতিয়া বিলুপ্তিৰ পথত -গীতামণী দত্ত
এই সুন্দৰ পৃথিৱীখনত জীৱকুলৰ ভিতৰত মানুহেই সকলোতকৈ শ্ৰেষ্ঠ কাৰণ মানুহে আন প্ৰাণীতকৈ সকলো কথা বুজি পায় আৰু ভাল বেয়া বিবেচনা কৰিব পৰা ক্ষমতাও আছে।
কেতিয়াবা আকৌ এই অজান বুলি ভবা পশু – পখীবোৰে আমাক কিছুমান আগতীয়াকৈ মঙ্গল বা বিপদৰ আগজাননী দিয়ে আৰু সেই ইংগিতবোৰ সঁচা বুলি প্ৰমাণিত হোৱাও দেখা যায়।
আমি সৰু হৈ থাকোতে কেতিয়াবা কাউৰীয়ে ঘৰৰ চালত পৰি বা বাৰীৰ গছৰ ডালত পৰি কলকলাই থাকিলে আমি কওঁ……
“আজি আমাৰ ঘৰলৈ আলহী আহিব!”
সঁচাই দূৰৰে হওক বা ওচৰ চুবৰীয়াই হওক আলহী আহি হাজিৰ।তেতিয়া মায়ে আলহীক কোৱা শুনো……
“আজি যিহে কাউৰীজনীয়ে ৰাতিপুৱাই আহি কলকলাই আছিল, মনতে ভাবিয়েই আছিলোঁ, আলহী আহিব বুলি।!
এয়াই হৈছে আমাৰ লোকবিশ্বাস।এসময়ত মানুহৰ মুখে মুখে লোকবিশ্বাসবোৰ চলি আহিছিল।আজি কালি অৱশ্যে মানুহৰ মুখত তেনে লোকবিশ্বাস শুনিবলৈ কাউৰী দেখোন দেখা পাবলৈকে নাই।কাউৰীৰ ঠাই এতিয়া ম’বাইলে দখল কৰিলে।বিশেষকৈ চৰাইৰ ভিতৰত কাউৰী আৰু ফেঁচাৰ মাতক লৈ বহুত লোকবিশ্বাস চলি আহিছিল।
লক্ষ্মীৰ বাহন ফেঁচাই যাৰ ঘৰৰ চালত পৰি উৰুলি দিয়ে তেওঁলোকৰ ঘৰত কিবা মাংগলিক কাৰ্য হ’বই।এয়া কেৱল মনৰ বিশ্বাস নহয়,কিছু কিছু ক্ষেত্ৰত ফলিওৱাও দেখিছোঁ।
আমি সৰু হৈ থাকোতে মানে এল ,পি স্কুলত পঢ়ি থকা সময়ত মাৰ মুখত ফেচাঁৰ মাতত ঘটা এঘৰ মানুহৰ কাহিনী শুনিছিলোঁ।ফেঁচাই হেনো নিউ নিউ কৰি মাতি কিবা অমংগলৰ ইংগিত দিয়ে।এবাৰ আমাৰ সমন্ধীয় মামা এজনৰ ঘৰত ঘটনা এটা ঘটিছিল।মামাৰ দুজন ল’ৰা।ডাঙৰ ল’ৰা কৰ্মসূত্ৰে পৰিয়ালসহ শ্বিলঙত থাকে। গাৱঁত ল’ৰাজন থকা কোঠাটোৰ চালত পৰি সন্ধিয়া সময়ত হেনো এটা ফেঁচাই নিউ নিউ কৰি মাতি থকা মামীয়ে শুনিছিল।মামীয়ে কিবা বিপদৰ আগজাননী দিছে বুলি মনতে ভাবি লৈ ল’ৰাটোৰ হৈ নাম এষাৰ আগবঢ়ালে।তেতিয়া টেলিফোনৰ ব্যৱস্থা নাছিল। টেলিগ্ৰাম যোগে পুতেকক নামলৈ মাতি পঠিয়ালে।তেওঁ ঘৰৰপৰা অহা টেলিগ্ৰামখন পাই ঘৰলৈ আহিবলৈ ছুটী ল’বৰ বাবে অফিচলৈ গ’ল আৰু পৰিবাৰক ওলাই থাকিবলৈ ক’লে।কাৰণ সেইদিনাই ঘৰলৈ যাব লাগিব, যিহেতু পাছদিনা সকাম আছে।জীপখন লৈ ছুটী ল’বৰ বাবে ওলাই যোৱা ল’ৰাজন ঘৰলৈ সোঁ শৰীৰে উভতি আহিব নোৱাৰিলে বাটতে দুৰ্ঘটনা হৈ মৃত্যুক সাৱটি ল’ব ল’গা হ’ল।সঁচাই পশু-পখীবোৰে কিবা আগতীয়াকৈ গম পাই মানুহক সৰ্তক কৰি দিয়ে নেকি, যাতে সাৱধান হ’ব পাৰে।
আমাৰ হেনো ককা ঢুকাওতে মায়ে তাঁত বৈ থাকোতে কাউৰী এজনী আহি বাৰেপ্ৰতি মাক দিগদাৰ দি আছিল। অৱশেষত মায়ে তাঁতখন সামৰি থ’ব লগা হৈছিল।অলপ পাছতে দেউতাই অফিচৰ পৰা আহি মাক জনালে যে অতি সোনকালে ঘৰলৈ যাব লাগিব,টেলিগ্ৰাম আহিছে পিতাই ঢুকালে।এই যে সাধু সাধু লগা চৰাইক লৈ চলি অহা এই লোকবিশ্বাসবোৰ আজিকালি লুপ্তপ্ৰায় অৱস্থাত।লক্ষীনাথ বেজবৰুৱাদেৱে এনেই চিলনী জীয়েকৰ সাধুটো লিখা নাছিল….।
পঞ্চাছ চনৰ ভূমিকম্পৰ সময়ত,কেইবাদিনৰ আগৰ পৰাই পশু-পখীবোৰে কিবা অদ্ভুত আচৰণ কৰিছিল। গোহালিৰ গৰুবোৰে হেনো গোহালিৰ ভিতৰত থাকিব খোজা নাছিল,কাউৰীবোৰে কা কা কৰি মানুহৰ আশে পাশে বৰ চিঞৰ-বাখৰ কৰি আছিল।হাবিৰ শিয়ালবোৰে হেনো দিনতেই হোৱা দিছিল।এই আচৰণবোৰ দেখি মানুহে কিবা বিপদ হ’ব পাৰে বুলি খুব ভয় খাইছিল। সঁচাই তাৰ অলপ দিনৰ পাছতেই আমাৰ অসমত বৰ ভূমিকম্প হৈছিল।এইবোৰ কথা সাধু কথাৰ দৰে মাৰ মুখৰ পৰা শুনিছিলোঁ।মাৰ তেতিয়া বিয়া হোৱা নাছিল। ল’ৰা-ছোৱালীবোৰক ঘৰৰ ভিতৰলৈ আহিবলৈ দিয়া নাছিল কাৰণ প্ৰতি মিনিটৰ অন্তৰে ভূমিকম্প আহিয়েই আছিল।
জীৱ-জন্তু আৰু চৰাইৰ শব্দ আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতৰ বিষয়ে ইয়াৰদ্বাৰা ভৱিষ্যতবাণী কৰা যাব পাৰে বুলি ধাৰণা কৰিব পাৰি।এতিয়াও অৱশ্যে যাত্ৰাৰ সময়ত যুৰীয়া শালিকা দেখিলে দিনটোলৈ শুভ বুলি বিশ্বাস কৰা হয়।কথা কওঁতে যদি বেৰৰ জেঠী টোৱে টিক্ টিক্ কৰে , তেতিয়া কথাষাৰ যে সত্য কৈছে , সেইটো বিশ্বাস কৰি লৈছিল।এই বিশ্বাসৰ জৰিয়তে মানুহে ভৱিষ্যতৰ বিষয়ে কিছু ধাৰণা কৰিব পাৰে আৰু নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ আছিল।
এই লোকবিশ্বাসসমূহ লোকসমাজৰ সামাজিক জীৱনৰ এটা সময়ত এক অবিচ্ছেদ্য অংশ আছিল।এই লোকবিশ্বাসসমূহ প্ৰজন্মৰপৰা প্ৰজন্মলৈ বৈ আহিছিল যদিও আজি এই লোকবিশ্বাসসমূহ লুপ্ত প্ৰায় অৱস্থাত। এটা সময়ত এই লোক বিশ্বাসসমূহক লৈয়ে আমাৰ অসমীয়া সমাজত এক সুকীয়া সাংস্কৃতিক পৰম্পৰা গঢ় লৈ উঠিছিল।সময়ৰ সোঁতত সকলো সলনি হ’ল।মানুহৰ মুখে মুখে চলি অহা এই কাহিনীবোৰ আজিৰ দিনত সাধুকথা সদৃশ হ’ল।
প্ৰকৃতি বিনষ্ট হোৱাৰ পাছৰ পৰাই বহু চৰাই – চিৰিকতি দেখি পাবলৈও নোহোৱা হ’ল।আজিৰ প্ৰজন্মৰ বহুতে হয়তো কাউৰী,ফেচাঁ দেখিয়েই পোৱা নাই।তেওঁলোক সিহঁতৰ মাতবোৰ নিজ কাণেৰে শুনাৰ পৰা হয়তো সদায় বঞ্চিত হৈয়ে থাকি যাব।
*******

11:09 AM
পঢ়ি বৰ ভাল পালোঁ,হয় কথাটো…জীৱ জন্তু,চৰাই চিৰিকটিয়ে ভাল খবৰ,বেয়া খবৰ দুয়োটাৰে আগ জাননী দিয়ে।ফেচাই উৰুলি দিলে চুবুৰীয়া কাৰোবাৰ ঘৰত শান্তি বিয়াৰ দৰে অনুষ্ঠান ও ওলাই, আৰু ফেঁচাই নিউ নিউ কৰিলে কিবা নহয় কিবা জীৱ এটা যাবয়ে,মানুহেই হক জীৱ জানুৱাৰেই হক।ফেঁচাৰ নিউ নিউ শব্দ মোৰ বৰ ভয় লাগে।
12:41 PM
সঁচাকৈ বৰ কিবা এটা ভয় লাগে ফেঁচাৰ শব্দটো। লেখাটো পঢ়ি ভাল লাগিছে।