সম্পাদকীয়-নিবেদিতা শৰ্মা

"কিতাপ নথকা জাতিক
গামোচাই বচাব নোৱাৰে "
__জুবিন গাৰ্গ__
জয় জয়তে সম্পাদকীয়ৰ বুলনি চ'ৰাতে অসমবাসীৰ হিয়াৰ আমঠু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত "শব্দ চিত্ৰ জীৱনৰ ক'লাজ" সাহিত্য চৰ্চা গ্ৰুপৰ তৰফৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ।
"শব্দচিত্ৰ জীৱন জিজ্ঞাসা" ই-আলোচনীৰ সম্পাদিকা হিচাপে সম্পাদকীয় কলমৰ প্ৰাৰম্ভতে গোটৰ শ্ৰদ্ধাৰ মুখ্য প্ৰশাসক,প্ৰশাসকবৃন্দৰ লগতে সমূহ সন্মানীয় সদস্য/সদস্যাক শ্ৰদ্ধা নিবেদিছোঁ।
এই সংখ্যাৰ ই-আলোচনীখনৰ বাবে আমাক যোগ্য বিবেচিত কৰি আলোচনীখন সম্পাদনাৰ দায়িত্ব আমাক দিয়া বাবে গোটৰ মুখ্য প্ৰশাসক শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামী ডাঙৰীয়া প্ৰমুখ্যে সন্মানীয় সতীৰ্থবৃন্দক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি অল্প মতিয়ে গাম্ভীৰ্যপূৰ্ণ আলোচনীখনৰ সম্পাদনাৰ গুৰু দায়িত্ব পাই নিজকে ধন্য মানিছোঁ।
"উদিত বেলিৰ হিৰণ কিৰণে উজলাই তোলে দিক্ দিগন্ত,ৰৌদ্ৰোজ্জ্বল মহান কৰ্মই উপহাৰ দিয়ে জীৱনৰ ছন্দ।"
প্ৰজন্মৰপৰা প্ৰজন্মৰ উত্তৰণত আখৰৰ গুৰুত্ব সৰ্বব্যাপ্ত । আখৰৰ মাজতেই থাকে মানুহৰ অভিজ্ঞতালব্ধ সত্য। সেইয়াই হৈছে কিতাপৰ ব্যাপক অৰ্থত ছপা আখৰৰ মহত্ব।সময়তকৈ আগতে চিন্তা কৰা কত মনীষীয়ে কত প্ৰকাশ কৰিব নোৱাৰা চিন্তাৰ সাঁচ ৰাখি থৈ গৈছে আখৰৰ মাজত।যাৰ উদ্ঘাটনে মসৃণ কৰি তুলিছিল পৰৱৰ্তী প্ৰজন্মৰ যাত্ৰা।
আমাৰ জীৱনৰ প্ৰকৃত লগৰী হৈছে কিতাপ।পুথিগত অধ্যয়নে মানুহৰ মনত কল্পনাশক্তি আৰু সৃজনশীলতা বঢ়ায়। এখন কিতাপ আমি আজীৱন সংগী কৰি ৰাখিব পাৰোঁ। কিতাপ পঢ়া অভ্যাসৰ জড়িয়তে বিভিন্ন দেশসমূহৰ উত্তৰণ, শিক্ষা ব্যৱস্থা আদিৰ ওপৰত আলোকপাত কৰি বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰে এষাৰ বৰ সাৰুৱা কথা কৈ গৈছে,
"ছাত্ৰ অৱস্থাতে যদি মানুহৰ কিতাপ পঢ়াৰ আগ্ৰহ সৃষ্টি নহয়,পিছলৈ সেই আগ্ৰহ সৃষ্টি কৰা সম্ভৱ নহয়।"
সাম্প্ৰতিক সময়ত বিজ্ঞান,তথ্য-প্ৰযুক্তিৰ চমকপ্ৰদ ধাতৱীয় পৃথিৱীখনত মোহাচ্ছন্ন হৈ ৰোৱা আমাৰ শিশু সকলৰ মাজত কিতাপ পঢ়াৰ আগ্ৰহ খুব কমেইহে পৰিলক্ষিত হয়।এটা সময়ত ৰং বিৰঙৰ শিশু উপযোগী সাধুকথাৰ কিতাপবোৰ আমাৰ শৈশৱ জীৱনৰ অবিচ্ছেদ্য অংগ আছিল। যিটো বৰ্তমান সময়ত কাচিৎহে একাংশ সচেতন অভিভাৱকৰ সন্তানৰ ক্ষেত্ৰত দেখা পোৱা যায়।এইটো অনস্বীকাৰ্য যে আজিৰ তাৰিখত এচাম যুৱ প্ৰজন্মই নিৰৱচ্চিন্নভাৱে নিজৰ মাতৃভাষাত সাহিত্য চৰ্চা কৰাৰ সমান্তৰালকৈ শিশুসকলৰ মাজত ছপা আখৰৰ প্ৰতি স্পৃহাৰ অভাৱো দেখা যায়।এইয়া নিঃসন্দেহে সমাজ এখনৰ বৌদ্ধিক উত্তৰণৰ বাবে অশনি সংকেত।
অনাগত দিনবোৰত নৱ প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ বাতাৱৰণ সৃষ্টি কৰিবলৈ শিক্ষানুষ্ঠান সমূহৰ লগতে অভিভাৱক সকলৰ যথেষ্ট কৰণীয় আছে।
অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গে নৱ প্ৰজন্মৰ বাবে এটা সুন্দৰ বাৰ্তা দি গৈছে.......
"কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে।"
বৰ্তমান নৱ প্ৰজন্মই জুবিন গাৰ্গৰ বহুখিনি কথাই মানি আহিছে সেয়ে জুবিন গাৰ্গৰ উক্ত বাৰ্তাটোৰ জড়িয়তে আমাৰ নৱপ্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ থল আছে।
কিতাপ মানুহৰ সভ্যতাৰ এক চিৰন্তন সাৰথি।ই কেৱল তথ্যৰ ভঁড়াল নহয়,বৰঞ্চ মানৱ সমাজৰ চিন্তা, জ্ঞান,আৱেগ, অভিজ্ঞতাৰ এক যুগমীয়া দলিল।
জুবিন গাৰ্গে দিয়া বাণীটো হৈছে জ্ঞান আৰু জাতীয় সত্বাৰ প্ৰকৃত সংজ্ঞা।
এয়া তেওঁৰ কেৱল এক আবেগিক মন্তব্য নাছিল, আছিল অসমীয়া জাতিৰ ভৱিষ্যত আৰু বৌদ্ধিক মেৰুদণ্ডৰ প্ৰতি এক গভীৰ উদ্বেগ আৰু সকিয়নি।এটা জাতিক বচাবলৈ আগুৱাই লৈ যাবলৈ জ্ঞানৰ প্ৰয়োজন আৰু সেই জ্ঞান আহৰণ কৰাৰ আটাইতকৈ শ্ৰেষ্ঠ মাধ্যম হৈছে কিতাপ।
বৰ্তমান সময়ত আমাৰ নৱ প্ৰজন্মৰ 'ৰেডিমেড" জ্ঞানৰ প্ৰতি আসক্তি বাঢ়িছে, ইন্টাৰনেটত সকলো তথ্য সহজে উপলব্ধ হোৱাৰ ফলত গুগুল খুচৰি থাউকতে তথ্যবোৰ সংগ্ৰহ কৰে। তেওঁলোকে কিতাপ পঢ়ি সময় অপচয়(?) নকৰে।ইয়াৰ ফলত তেওঁলোকৰ মনত গভীৰ বিশ্লেষণাত্মক ক্ষমতাৰ বিকাশ নহয় আৰু তেওঁলোকে কোনো বিষয়ৰ কেৱল সাৰাংশ হে বুজি পায়, মূল শিপাডালত সোমাব নোৱাৰে। জুবিন গাৰ্গে কোৱাৰ দৰে কিতাপ নপঢ়া জাতিৰ সমস্যাটো সমাধান কৰিবলৈ হ'লে কিতাপ পঢ়াৰ গুৰুত্ব পুনৰ উপলব্ধি কৰিব লাগিব।সেয়ে নিজেও কিতাপ পঢ়ি শিশুসকলকো কিতাপৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিব লাগিব।বৰ্তমান সময়ত সামাজিক মাধ্যমত প্ৰকাশ কৰি অহা ই-আলোচনী সমূহৰ গুৰুত্ব অপৰিসীম।ডিজিটেল মাধ্যমৰ জড়িয়তে ই-আলোচনীয়ে ভৌগোলিক সীমা অতিক্ৰম কৰি বিশ্বৰ সকলো প্ৰান্তৰ পাঠকৰ ওচৰত তথ্য উপলব্ধ কৰে।
অসমীয়া সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত "জোনাকী'"ৰ দৰে আলোচনীয়ে অসমীয়া সাহিত্যত এক নতুন মাত্ৰা আনিছিল আৰু বৰ্তমান আধুনিক ই-আলোচনীসমূহেও সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত বিশেষ অৱদান আগবঢ়াইছে।
ডিজিটেল ক্ষমতাৰ এক নান্দনিক ব্যৱহাৰ ই-আলোচনীৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।
ই-আলোচনীসমূহ ডেস্কটপ, টেবলেট, আৰু ম'বাইল ফোনত পঢ়িবৰ বাবে উপলব্ধ, যাৰ ফলত পঢ়ুৱৈয়ে ইয়াক যিকোনো সময়ত, যিকোনো স্থানত পঢ়িব পাৰে।সেয়ে বৰ্তমান সময়ত ই-আলোচনীসমূহৰ সমাদৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই যুগতো আমি কিতাপক ভাল পাবলৈ শিকিব লাগিব।সেয়ে আমাৰ কামনা যে সকলোৱে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক আৰু মাতৃভাষাৰ চৰ্চা কৰক।অসমীয়া ভাষাটো মৰ্যাদাসহকাৰে পৃথিৱীত জীয়াই থাকিবলৈ হ'লে ইয়াৰ গভীৰ চৰ্চা অনিবাৰ্য।ইয়াৰ বাবেই আমি কিতাপক অন্তঃকৰণেৰে ভাল পাবলৈ শিকিব লাগিব।মাতৃভাষাৰ চৰ্চাৰ লগতে অন্য ভাষাৰ কিতাপৰপৰাও জ্ঞান আহৰণৰ চেষ্টা কৰিব লাগে।অসমীয়া জাতিয়ে গভীৰ অধ্যয়ণেৰে কিতাপৰ জ্ঞান আহৰণ কৰি জাতিটো শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিব লাগিব।
শেষত,সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।ঈশ্বৰে সকলোকে কুশলে ৰাখক।অসমলৈ পুনৰ শান্তি ঘূৰি আহক। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অধ্যয়ণশীল মন আৰু কিতাপ প্ৰীতিৰ বিষয়ে নৱপ্ৰজন্ম অৱগত হওক।তেওঁ অতি সোনকালে ন্যায় পাওক,তাৰ বাবেও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আমাৰ সম্পাদকীয় কলম সামৰিছো।
ধন্যবাদেৰে......

শব্দ চিত্ৰ জীৱন জিজ্ঞাসা
(চতুৰ্থ বৰ্ষ,চতুৰ্থ সংখ্যা)

8:34 PM
উত্তম সম্পাদকীয়
9:36 PM
সময়োপযোগী সম্পাদকীয়।
10:21 PM
বৰ ভাল লাগিল সম্পাদকীয় পঢ়ি । কিতাপ পঢ়াৰ সকলো দিশ সামৰি এক সুন্দৰ লেখা ।
8:01 AM
ভাষা জ্ঞানেৰে সমৃদ্ধ সুন্দৰ সম্পাদকীয় । পঢ়ি ভাল লাগিল ।
11:34 AM
সময়োপযোগী সুন্দৰ সম্পাদকীয়টো পঢ়ি বৰ ভাল লাগিল।
4:04 AM
Sic bo, baby! Classic game, always a thrill. Sicbogames.com seems to have it dialed in. If you are a sic bo enjoyer be sure to visit: sic bo.
4:42 AM
Jilibdapp… Now, this one I actually spent a bit of time on. It’s got some cool stuff going on. Not gonna lie, it kept my attention longer than I expected. Give jilibdapp a shot: jilibdapp
4:42 AM
Check out Betbo7 if you’re looking for a dependable platform. They’ve got a decent variety of games and seem to be on the up and up. Worth a look: betbo7
4:42 AM
Spent some time on 888bellevue and was pleasantly surprised. The site looks great and the gameplay is smooth. Give it a shot! Visit them here: 888bellevue