ভক্ত,মূল:সত্যজিত ৰায়,অনুবাদ-ৰঞ্জনা দত্ত
অৰূপবাবু-অৰূপ ৰতন সৰকাৰ- এঘাৰ বছৰ পিছত পুৰীলৈ ফুৰিবলৈ আহিছে। এইবাৰ চহৰখনত কিছুমান পৰিৱৰ্তন চকুত পৰিছে।বহুতো নতুন নতুন ঘৰ, নতুনকৈ বনোৱা কেইটামান ৰাস্তা, সৰু-ডাঙৰ কেইখনমান হোটেল; কিন্তু সাগৰৰ পাৰলৈ আহি বুজিব পাৰিলে যে এইটো বস্তু কেতিয়াও সলনি হ’ব নোৱাৰে। তেওঁ য’ত আহি উঠিছেহি, সেই সাগৰিকা হোটেলৰপৰা সাগৰ দেখা নগ’লেও, ৰাতি হোটেলৰ বাসিন্দাসকলৰ কথা-বতৰা বন্ধ হৈ গ’লে স্পষ্টকৈ সাগৰৰ ঢৌৰ শব্দ শুনা যায়। সেই শব্দ শুনিয়েই কালি ৰাতি অৰূপবাবু বাহিৰলৈ ওলাই আহিছিল। তেওঁ পুৰীলৈ কালিয়েই আহিছিল। দুপৰীয়া কেইটামান দৰকাৰী বস্তু কিনিবলগীয়া আছিল বাবে সাগৰৰ পাৰলৈ যোৱা নহ’ল। ৰাতি গৈ দেখিলে, অমাৱস্যাৰ আন্ধাৰতো ঢৌৰ ফেনবোৰ স্পষ্টভাৱে দেখা গৈছে। অৰূপবাবুৰ মনত পৰিল সৰু থাকোতেই ক’ৰবাত পঢ়িছিল যে সাগৰৰ পানীত ফচফৰাছ থাকে আৰু সেই কাৰণেই অন্ধকাৰতো ঢৌবোৰ ধুনীয়াকৈ দেখা যায়। এই পোহৰসনা ৰহস্যময় ঢৌবোৰ দেখি অৰূপবাবুৰ খুব ভাল লাগিল। কলিকতাত তেওঁক দেখিলে কোনেও নাভাৱে যে তেওঁ ভাবুক প্ৰকৃতিৰ। নালাগে ভাবিব, অৰূপবাবুৱে নিজে জানে যে তেওঁৰ মাজত এসময়ত এই স্বভাৱটো সম্পূৰ্ণভাৱে বিদ্যমান আছিল। সেইবোৰ যাতে কামৰ হেঁচাত একেবাৰে ভোটা হৈ নাযায়, তাৰবাবে তেওঁ এতিয়াও মাজে মাজে গঙ্গাৰ পাৰত বা ইডেন গাৰ্ডেনত গৈ বহি থাকে। গছ , ফুল বা পানী চাই চাই আনন্দত বিভোৰ হয়, চৰাইৰ মাত শুনি চিনিবলৈ চেষ্টা কৰে সেইটো কুলি, কেতেকী নে হেটুলুকাৰ মাত। আন্ধাৰত সাগৰৰ ঢৌবোৰৰ ফালে বহুসময় ধৰি একেৰাহে চাই চাই তেওঁৰ ভাব হ’ল যে ষোল্ল বছৰৰ চাকৰি জীৱনৰ ভালেখিনি অৱসাদ যেন দূৰ হৈ গ’ল।
আজি সন্ধিয়াও অৰূপবাবু সাগৰৰ পাৰলৈ আহিছে। অকণমান দূৰ খোজ কাঢ়ি তেওঁৰ আৰু খোজ কাঢ়িবলৈ মন নগ’ল। কোনোবা এজন গেৰুৱা বস্ত্ৰধাৰী পুৰুষে বালিৰ ওপৰেৰে হনহনাই খোজকাঢ়ি গৈছে, তেওঁৰ পিছে পিছে এগালমান মতা-মাইকী ভক্তৰ দল। তেওঁৰ লগত সমান বেগত খোজ কাঢ়িবলৈ গৈ অৱস্থা কাহিল হৈছে।অৰূপ বাবুৱে এই দৃশ্যটো চাই বেছ আমোদ পাইছে। এই সময়তে তেওঁৰ বাওঁফালৰপৰা এটা সৰু ল’ৰাৰ মাত বতাহত ভাহি আহি যেন তেওঁৰ কানত পৰিল…….
” ‘ মইনাৰ সপোন’ কিতাপখন আপোনাৰ লেখা নহয়?”
অৰূপ বাবুৱে মূৰটো ঘূৰাই দেখিলে এটা সাত- আঠ বছৰৰ ল’ৰা, পিন্ধনত বগা চাৰ্ট আৰু নীলা পেন্ট।হাতৰ কিলাকুটি পৰ্যন্ত বালি। সি ডিঙিটো ওপৰলৈ কৰি অবাক বিস্ময়েৰে তেওঁৰ ফালে চাই আছে। অৰূপবাবুৰ উত্তৰৰ বাবে বাট নাচাই ল’ৰাটোৱে আকৌ ক’লে-
” মই ‘ মইনাৰ সপোন’ পঢ়িছো। দেউতাই জন্মদিনত কিনি দিছিল। মোৰ…মোৰ..।”
” কোৱা লাজ কৰিছা কিয় ?” এগৰাকী মহিলাৰ মাত শুনা গ’ল।
” মোৰ খুব ভাল লাগিছে কিতাপখন পঢ়ি।”
অৰূপবাবুৱে এইবাৰ মহিলাগৰাকীৰ ফালে চালে। বয়স প্ৰায় ত্ৰিছ বছৰ। দেখিবলৈ ধুনীয়া। হাঁহো হাঁহো মুখেৰে তেওঁৰ ফালে চাই আছে আৰু এখোজ দুখোজকৈ তেওঁৰ ফালে আগুৱাই আহি আছে।
অৰূপবাবুৱে ল’ৰাটোক উদ্দেশ্য কৰি ক’লে-
” নহয় বাবা, মই কোনো কিতাপ-চিতাপ লিখা নাই। তুমি বোধহয় ভুল কৰিছা।”
মানুহগৰাকী যে ল’ৰাটোৰ মাক তাত কোনো সন্দেহ নাই। দুয়োজনৰ মুখৰ মিল স্পষ্ট। বিশেষকৈ খাঁজকটা থুঁতৰিটোৰ ।
অৰূপবাবুৰ কথাত কিন্তু মহিলা গৰাকীৰ মুখৰ হাঁহি অকণমানো সলনি নহ’ল। তেওঁ আৰু অলপমান আগুৱাই আহি হাঁহিটো আৰু অকণমান বহলাই লৈ ক’লে-
” আমি শুনিছো আপুনি মানুহৰ লগত বৰকৈ মিলামিছা কৰি ভাল নেপায়। মোৰ এজন দেওৰে আপোনাক এটা অনুষ্ঠানত সভাপতি হ’বৰ বাবে অনুৰোধ জনাই চিঠি দিছিল। আপুনি উত্তৰত লিখিছিল যে আপুনি সেইবোৰ একেবাৰেই ভাল নেপায়। এইবাৰ কিন্তু আপোনাক আমি নেৰিছো। আপোনাৰ লেখা আমাৰ খুব ভাল লাগে। যদিও শিশুৰ বাবে লেখে আমিও পঢ়ো।”
‘মইনাৰ সপোন’ কিতাপখনৰ লেখক যিয়েই নহওক লাগে মাক-পুতেক দুয়োজনেই যে তেওঁৰ পৰম ভক্ত সেইটো বুজিবলৈ অৰূপবাবুৰ অকণমানো অসুবিধা নহ’ল। এনেকুৱা এটা অস্বস্তিকৰ পৰিস্থিতিত যে পৰিব লাগিব সেইটো তেওঁ সপোনতো ভবা নাছিল। এওঁলোকৰ ধাৰণাটো যে ভুল সেইটো জনোৱা দৰকাৰ; কিন্তু হঠাতে খাৰাংখাচভাৱে ক’লে এওঁলোকে মনত দুখ পাব । কথাটো ভাবি অৰূপবাবু অকণমান দোমোজাত পৰিল। আচলতে অৰূপবাবুৰ মনটো বৰ কোমল। এবাৰ ধুবী গঙ্গাচৰণে তেওঁৰ এটা নতুন পাটৰ পাঞ্জাবীত ইস্ত্ৰিৰ দাগ লগাই সেইটোৰ বাৰ বজাই দিছিল। অন্য কোনোবা হোৱা হ’লে গঙ্গাচৰণে নিৰ্ঘাত চৰ ঘোঁচা আদি খালেহেঁতেন। অৰূপবাবুৱে কিন্তু ধোবাৰ কৰুণ অসহায় মুখখন দেখি মৰম সনা মাতেৰে -‘ ইস্ত্ৰি কৰোতে অকণমান সাৱধানে কৰিবা’ বুলি কৈয়েই এৰি দিলে।
তেওঁৰ এই দৰদী মনটোৰ বাবেই একো এটা ক’ব নোৱাৰি মাত্ৰ ক’লে-
” হেৰি- মানে, ময়েই যে ‘মইনাৰ সপোন’ৰ লিখক সেই বিষয়ে আপুনি ইমান নিশ্চিত হৈছে কেনেকৈ?”
মানুহগৰাকীয়ে চকু দুটা ডাঙৰ কৰি ক’লে-
“বাঃ! সিদিনাইতো যুগান্তৰত আপোনাৰ ফটো ওলাইছিলে! বাংলা ভাষাত বছৰৰ শ্ৰেষ্ঠ শিশু সাহিত্যিক হিচাবে আপুনি সাহিত্য অঁকাডেমিৰ পুৰস্কাৰ পাইছে। ৰেডিঅ’ত প্ৰচাৰ হ’ল আৰু তাৰ পিছদিনাইতো খবৰ কাগজত আপোনাৰ ফটো ওলালে। এতিয়া কেৱল ময়েই নহয় সকলোৱেই অমলেশ মৌলিকৰ মুখখন চিনি পায়।”
অমলেশ মৌলিক! নামটো বেছ শুনা শুনা লাগিছে কিন্তু ফটোখন অৰূপবাবুৱে দেখা নাই। মুখৰ ইমান মিল নে? অৱশ্যে আজিকালিৰ খবৰ কাগজৰ ছপাত মানুহৰ মুখ ইমান স্পষ্টকৈ ধৰিব নোৱাৰে।
-” আপুনি পুৰীলৈ অহাৰ খবৰটো চাৰিওফালে প্ৰচাৰ হৈ গৈছে”____ মানুহ গৰাকীয়ে কৈ গ’ল।
– ” আমি সিদিনা চি ভিউ হোটেললৈ গৈছিলোঁ। মোৰ স্বামীৰ বন্ধু এজন কালিলৈকে তাতে আছিল। তেওঁক হোটেলৰ মেনেজাৰে নিজে কৈছে যে আপুনি বৃহস্পতিবাৰে আহিব। আজিয়েইতো বৃহস্পতিবাৰ। আপুনি চি ভিউতে উঠিছেতো?”
” এহ…? নহয়। মই মানে শুনিছিলো যে তাৰ খোৱাটো বৰ সুবিধাৰ নহয়।”
” ঠিকেই শুনিছে। আমিও তাকেই ভাৱিছিলোঁ, ইমানবোৰ হোটেল থাকোতে আপোনাৰ দৰে এজন মানুহ তাত উঠিছে কিয় ! শেষত গৈ ক’ত উঠিলেগৈ ?”
” মই আছো সাগৰিকাত।”
” অহ, সেইখনটো নতুন হোটেল। কেনেকুৱা ?”
” চলি যায় আৰু। মাত্ৰ কেইদিনমানৰহে কথা।”
” কেইদিন থাকিব?”
” এই পাঁচদিনমান।”
” তেনেহ’লে এদিন আমাৰফালে এবাৰ আহক। আমি পুৰী হোটেলত আছো। কিমান মানুহে যে আপোনাক চাবৰ বাবে ৰৈ আছে! সৰু ল’ৰা ছোৱালীবোৰৰতো কথাই নাই। ইচ ৰাম ! আপোনাৰ ভৰিখন যে একেবাৰে তিতি গ’ল!”
ঢৌ যে আগুৱাই আহিছে সেইফালে অৰূপবাবুৰ চকুৱেই নাই। অকল ভৰি দুখন তিতিছে বুলি ক’লে ভুল হ’ব। এই বতাহৰ মাজতো অৰূপবাবুৱে গম পাইছে যে তেওঁৰ সৰ্বশৰীৰ ঘামত তিতি গৈছে। প্ৰতিবাদ কৰাৰ সুযোগটো যে কেতিয়া কেনেকৈ ওলাই গ’ল তেওঁ ধৰিবই নোৱাৰিলে। এইমাত্ৰ যিটো আটাইতকৈ দৰকাৰ সেইটো হৈছে ইয়াৰপৰা সোনকালে আঁতৰি যাব পৰা। কেলেংকাৰীটো কিমান দূৰ বাঢ়িছে সেইটো নিৰিবিলিত বহি নাভাবিলে ধৰিব পৰা নেযাব।
” মই আহোঁ তেনেহ’লে…”
” নতুন কিবা লিখি আছে নিশ্চয়।”
” নাই..নাই। মানে…এতিয়া বিশ্ৰাম..।”
” আকৌ লগ পাম। মোৰ স্বামীক আপোনাৰ কথা ক’ম। কালি সন্ধিয়া এইফালে আহিবতো?”
চি ভিউ হোটেলৰ মেনেজাৰ বিবেক ৰায়ে মুখত এখন জৰ্দাপান ভৰাইছিলেহে মাত্ৰ….সেই সময়তে অৰূপবাবু গৈ তেওঁৰ ওচৰত উপস্থিত হ’লগৈ।
” অমলেশ মৌলিক মহোদয় ইয়ালৈ অহাৰ কথা আছে নেকি?”
“অঁ…”
” এতিয়াও অহা নাই?”
” ওহো..”
” কেতিয়া.আহিব সেইটো?”
” মোঙ্গোবা। টেৰিগগাঁ এয়েহে। কিউ?”
মঙ্গলবাৰে আহিব। আজি হ’ল বৃহস্পতিবাৰ। অৰূপবাবুও থাকিব সেই মঙ্গলবাৰলৈকে। টেলিগ্ৰাম আহিছে মানে মৌলিক মহোদয়ে বোধহয় শেষ মুহূৰ্তত কিবা কাৰণে অহাৰ তাৰিখটো পিছুৱাই দিলে।
মেনেজাৰক সুধি অৰূপ বাবুৱে গম পালে যে তেওঁৰ অনুমান ঠিকেই। আজি ৰাতিপুৱাই মৌলিক মহোদয়ৰ অহাৰ কথা আছিল।
বিবেক বাবুৰ কিউৰ- উত্তৰত অৰূপ বাবুৱে জনালে যে তেওঁৰ অমলেশ বাবুৰ লগত এটা দৰকাৰী কাম আছিল।
চি ভিউ হোটেলৰপৰা অৰূপবাবু চিধাই বজাৰলৈ গ’ল। এখন কিতাপৰ দোকান বিচাৰি উলিয়াই অমলেশ মৌলিকৰ চাৰিখন কিতিপ কিনি পেলালে। ‘মইনাৰ সপোন ‘খন নেপালে যদিও তেওঁ মূৰ নঘমালে। এই চাৰিখনেই যথেষ্ট। দুখন উপন্যাস আৰু দুখন চুটি গল্পৰ সংকলন।
নিজৰ হোটেলখন আহি পায় মানে প্ৰায় চাৰে ছয় বাজিবৰ হ’ল। সমুখৰ দৰজাখন খুলিয়েই এটা কোঠা। তাৰ বাওঁফালে মেনেজাৰ বহা ঠাইৰ সোঁহাতে দহ ফুট বাই আঠ ফুটৰ ঠাই এটুকুৰাত এখন বেঞ্চ আৰু দুখন চকী পৰা আছে। চকী দুখনত দুজন মানুহ বহি আছে আৰু বেঞ্চখনত দুটা সৰু ল’ৰা আৰু এজনী সৰু ছোৱালী, সিঁহত এটাৰো বয়স দহৰ বেছি নহয় । মানুহ দুজনে অৰূপবাবুক দেখাৰ লগে লগেই হাতজোৰ কৰি থিয় হৈ ল’ৰা-ছোৱালীকেইটাৰ ফালে চাওঁতেই সিহঁতি লাজ লাজকৈ অৰূপবাবুৰ ওচৰলৈ এখোজ-দুখোজকৈ আহি ভৰি চুই সেৱা কৰিলে। অৰূপবাবুৱে সিহঁতক বাধা দিবলৈ লৈও নোৱাৰিলে।
ইফালে মানুহ দুজনো আগুৱাই আহিছে। তাৰ মাজৰে এজনে ক’লে-
” আমি পুৰী হোটেলৰপৰা আহিছো। মোৰ নাম সুহৃদ সেন আৰু এখেত মিষ্টাৰ গাঙ্গুলি। মিচেচ ঘোষে আজি আপোনাৰ স’তে দেখা হোৱাৰ কথা ক’লে। ইয়াত থকা বুলি কোৱাত ভাবিলো…”
ভাগ্যে কিতাপবোৰ ব্ৰাউন পেপাৰেৰে বান্ধি দিছিলে নহ’লে নিজৰ কিতাপ দোকানৰপৰা কিনি আনিছো বুলি গম পালে এওঁলোকে নাজানো কি বা ভাবিলেহেঁতেন!
অৰূপবাবুৱে তেওঁলোকৰ প্ৰতিটো কথাতে মূৰ দুপিয়ালে। প্ৰতিবাদ যে এতিয়াও কৰিব পৰা নাযায় তেনে নহয়। এতিয়া আৰু কি? ক’লেই হ’ল-
” চাওক মহাশয়, এটা সাংঘাতিক ভুল বুজাবুজি হৈছে। মই নিজে অমলেশ মৌলিকৰ ফটো দেখা নাই, তথাপিও ধৰি লৈছো তেওঁৰ লগত মোৰ মুখৰ কিবা মিল আছে। হয়তো তেওঁৰো সৰু গোঁফ আছে, তেওঁৰো কেঁকোৰা চুলি আৰু চকুত মোৰ দৰে চশমা। এইটো কথাও ঠিক যে তেওঁৰো পুৰীলৈ অহা কথা আছে। কিন্তু আপোনালোকক কৈছো মই সেইজন মানুহ নহয়। মই শিশু সাহিত্যিক নহয়। মই কোনো ধৰণৰ সাহিত্যিকেই নহয়। মই একোৱেই নিলিখো। মই ইঞ্চিওৰেঞ্চ অফিচত চাকৰি কৰোঁ। অকলশৰে নিৰিবিলিকৈ ছুটী উপভোগ কৰিবলৈ আহিছোঁ।আপোনালোকে দয়া কৰি মোক ৰেহাই দিয়ক। আচল অমলেশ মৌলিক মঙ্গলবাৰে চি ভিউলৈ আহিব আপোনালোক তালৈ গৈ খবৰ লৈ চাব পাৰে।”
কিন্তু সঁচাকৈ কি এইখিনি ক’লেই লেঠা শেষ হৈ যাব? যেতিয়া এবাৰ এওঁলোকৰ মগজুত সোমাইছে যে তেওঁৱেই অমলেশ মৌলিক আৰু যেতিয়া প্ৰথমবাৰৰ প্ৰতিবাদত কোনো কাম নহ’ল , চি ভিউৰ মেনেজাৰৰ টেলিগ্ৰামখন দেখুৱালেই তেওঁলোকে মানি ল’বনে? তেওঁলোকেতো ধৰিয়েই ল’ব যে এইটো মৌলিক মহোদয়ৰ এটা বুদ্ধি। আচলতে তেঁৱেই ছদ্মনামত আহি সাগৰিকাত উঠিছেহি আৰু মানুহৰ উৎপাতৰপৰা ৰক্ষা পৰিবৰ বাবে অহাৰ আগে আগে চি-ভিউলৈ নিজৰ নামত এখন ভুৱা টেলিগ্ৰাম পঠাই দিছে।
প্ৰতিবাদ কৰিবলৈ সকলোতকৈ ডাঙৰ বাধা আছিল সেই ল’ৰাছোৱালী তিনিটা। সিহঁত তিনিওটাই হাঁ কৈ মুখ মেলি পৰম ভক্তিভাৱেৰে অপলক দৃষ্টিৰে অৰূপবাবুৰ ফালে চাই আছে। প্ৰতিবাদৰ কিবা গোন্ধ পালেই এই তিনিটাকৈ ল’ৰাছোৱালীৰ আশা আনন্দ মুহূৰ্ততে উৰি যাব।
” বাবুন, তোমালোকৰ কি কি সুধিবলগীয়া আছে অমলেশবাবুক সুধি লোৱা!”
ল’ৰাদুটাৰ মাজত যিটো অকণমান ডাঙৰ তাক উদ্দেশ্য কৰি সুহৃদ সেনে ক’লে।
অৰূপবাবুৱে প্ৰমাদ গণিলে। এতিয়া আৰু পলোৱাৰ ৰাস্তা নাই। বাবুন নামৰ ল’ৰাটোৱে ডিঙিটো বেঁকা কৰি দুয়োহাতৰ আঙুলিবোৰ পৰস্পৰে খাঁজ খুৱাই প্ৰশ্ন সুধিবৰ বাবে প্ৰস্তুত।
” আচ্ছা, মইনাক যে বুঢ়াজনে টোপনি আনি দিলে তেওঁ কি মেজিক জানে?”
ভীষণ সংকটৰ মাজত অৰূপবাবুৱে হঠাৎ আৱিস্কাৰ কৰিলে যে তেওঁৰ মূৰত এটা আচৰিত বুদ্ধি খেলাইছে। তেওঁ সমুখলৈ হাউলি বাবুনৰ কানৰ কাষলৈ মুখখন আনি ফুচফুচাই ক’লে-
” তোমাৰ কি ভাব হয়?”
” মোৰ ভাব হয় তেওঁ মেজিক জানে।
বাকী দুটা ল’ৰা-ছোৱালীয়েও সমস্বৰে চিঞৰি উঠিল-
” অঁ জানে, মেজিক জানে।”
” ঠিক কথা! ” অৰূপবাবু এতিয়া একেবাৰে পোন হৈ পৰিল।
-” তোমালোকে যেনেদৰে বুজিবা সেইটোৱেই সঁচা। মোৰ যি ক’বলগীয়া মইতো লিখিয়েই দিছো। বুজাৰ কামটো তোমালোকৰ। যেনেদৰে বুজিলে গল্পটো পঢ়ি তোমালোকৰ ভাল লাগে সেইটোৱেই ঠিক। বাকী সব ভুল।”
তিনিওটা ল’ৰাছোৱালীয়ে অৰূপবাবুৰ কথা শুনি খুব ভাল পালে। যোৱাৰ সময়ত সুহৃদ সেনে অৰূপবাবুক নিমন্ত্ৰন কৰি গ’ল পুৰী হোটেলত ৰাতিৰ সাজ খোৱাৰ বাবে। তাত আঠটা বঙালী পৰিয়াল আহি আছেহি, তেওঁলোকৰ স’তে কেইবাটাও সৰু সৰু ল’ৰা-ছোৱালী আছে আৰু এই আটাইকেইটা অমলেশ মৌলিকৰ ভক্ত। অৰূপবাবুৱে আপত্তি নকৰিলে। কাৰণ তেওঁ ইতিমধ্যেই বুজি উঠিছে যে অন্ততঃ সাময়িকভাৱে হ’লেও তেওঁ অমলেশ মৌলিকৰ ভূমিকাত অভিনয় কৰিবই লাগিব। তাৰ পৰিণাম কি হ’ব সেইটো ভাবিবৰ বাবে এতিয়া আৰু সময় নাই। মাত্ৰ এটা কথা তেওঁ সুহৃদ বাবুক বাৰে বাৰে কৈছে-
” চাওক মহাশয়, মই সঁচাকৈ বেচি হুলস্থূল ভাল নাপাওঁ। মানুহৰ লগত বেছি মিলামিছা কৰাৰ মোৰ একেবাৰেই অভ্যাস নাই। সেইবাবেই মই কৈছোঁ, মই যে ইয়াত আছোঁ সেই কথাটো দয়া কৰি আপোনালোকে আৰু কাকো নক’ব।”
সুহৃদবাবুৱে তেওঁক কথা দি গ’ল যে কাইলৈৰ নিমন্ত্ৰণটোৰ পিছত তেওঁলোকে অৰূপবাবুক আৰু একো দিগদাৰ নিদিয়ে আৰু বেলেগেও যাতে একো দিগদাৰ নিদিয়ে, তাৰ বাবে যিমান পাৰে চেষ্টা কৰিব।
ৰাতি কিছু সোনকালে খোৱাবোৱা কৰি অৰূপবাবুৱে বিছনাত পৰি অমলেশ মৌলিকৰ ‘ হাবুৰ কেৰামতি ‘ কিতাপখন উলিয়াই পঢ়িবলৈ লাগিল। এইখন বাদ দি বাকী কেইখন কিতাপ হ’ল ‘ টুটুলৰ এডভেঞ্চাৰ ‘, ‘ বিজয় প্ৰাপ্তি আৰু ফুলজাৰি ‘। শেষৰ দুখন চুটিগল্পৰ সংকলন।
অৰূপবাবু সাহিত্যিক নহ’লেও চাকৰি জীৱনৰ আগেয়ে, বিশেষকৈ স্কুলৰ শেষৰ তিনিটা বছৰত দেশী-বিদেশী বহুত শিশুগল্পৰ কিতাপ পঢ়িছে। ইমানদিন পিছত এই ঊনচল্লিছ বছৰ বয়সত নতুনকৈ শিশুৰ বাবে লিখা কিতাপ পঢ়ি তেওঁৰ আচৰিত লাগিল যে সৰুকালত পঢ়া বহুত গল্প তেওঁৰ এতিয়াও মনত আছে আৰু সেই গল্পৰবোৰৰ সৈতে অমলেশ মৌলিকৰ গল্পৰ ইটো-সিটো বহুতো মিল দেখা গৈছে।
ডাঙৰ ডাঙৰ আখৰেৰে লিখা এশ ডেৰশ পৃষ্ঠাৰ চাৰিখন কিতাপ শেষ কৰি অৰূপবাবুৱে যেতিয়া কোঠাৰ লাইটতো নুমুৱাই শুবলৈ ললে সাগৰিকা হোটেলত তেতিয়া নিস্তব্ধতাই বিৰাজ কৰিছে। সাগৰৰ শব্দ স্পষ্টকৈ শুনা গৈছে। ৰাতি কিমান হ’ল? গাৰুৰ কাষৰপৰা হাত ঘড়ীটো তুলি ল’লে। তেওঁৰ দেউতাকৰ ঘড়ী। সেই পুৰণি কালৰ ৰেডিয়াম ডায়েল। সাগৰৰ ফেনৰ দৰেই আন্ধাৰত জিলিকি আছে।এক বাজিবলৈ আৰু পোন্ধৰ মিনিট আছে।
সাহিত্য অঁকাডেমিৰ পুৰস্কাৰ পোৱা শিশু সাহিত্যিক অমলেশ মৌলিক। ভাষা সাৱলীল ,গল্প লিখাৰ কিটিপ জানে, এবাৰ গল্পবোৰ পঢ়িবলৈ আৰম্ভ কৰিলে শেষ নকৰাকৈ নোৱাৰি। কিন্তু তথাপিও ক’ব লাগিব যে মৌলিক মহোদয়ৰ মৌলিকত্বৰ অভাৱ আছে। কিমান ধৰণৰ মানুহ, কত ৰকমৰ ঘটনা, কিমান নতুন নতুন অদ্ভুত অভিজ্ঞতাৰ কথা আমিতো প্ৰায়েই শুনিয়েই থাকো; আমাৰ নিজৰ জীৱনতো কিমানবোৰ ঘটনা ঘটে, সেইবোৰৰ সতে অকণমান কল্পনা মিহলি কৰি দিলেইতো গল্প হৈ যায়। তেন্তে অন্যৰ গল্পৰপৰা ইটো-সিটো বুটলি অনাৰ দৰকাৰ হয় কিয়?
অৰূপবাবুৰ মনত অমলেশ মৌলিকৰ প্ৰতি যিটো শ্ৰদ্ধাৰ ভাব গোট খাইছিল তাৰ অকণমান যেন কমি গ’ল। লগে লগে তেওঁৰ মনটোও পাতল হৈ পৰিল। কাইলৈৰপৰা তেওঁ আৰু অলপ সহজভাৱে মৌলিকৰ অভিনয় কৰিব পাৰিব।
পুৰী হোটেলৰ পাৰ্টিত অমলেশ মৌলিকৰ ভক্তবোৰৰ ভক্তি দুগুণে বাঢ়ি গ’ল। অৰূপবাবুৱে ইতিমধ্যে বেলেগ এখন দোকানৰপৰা ‘ মইনাৰ সপোন’ কিতাপগন গোটাই আনি পঢ়ি পেলাইছিল। সেইবাবে তেৰজন শিশু ভক্তৰ তিনিশ তেত্ৰিশ ধৰণৰ প্ৰশ্নৰ মনৰ মতে সাজি উত্তৰ দিবলৈ তেওঁৰ কোনো অসুবিধা নহ’ল। পাৰ্টি শেষ হোৱাৰ আগতেই ল’ৰাছোৱালীবোৰে তেওঁক ‘ মধু চেলেকা’ বাবু বুলি মাতিবলৈ আৰম্ভ কৰিলৈ। কাৰণ অৰূপবাবুৱে সিহঁতক শিকালে যে ‘মৌ’ মানে মধু আৰু ‘লিক’ হৈছে ইংৰাজী শব্দ যাৰ মানে হয় চেলেকা। এইটো শুনি ডক্টৰ দাসগুপ্তই মন্তব্য কৰিলে-
” মৌ টো আপুনি সৃষ্টি কৰি কৰিছে আৰু সেইবোৰ চেলেকি সোৱাদ লৈছে এই ল’ৰা ছোৱালীবোৰে।”
তেওঁৰ পত্নী সুৰঙ্গমা দেৱীয়ে লগে লগে মাত লগালে-
” অকল সিঁহতেই নহয়, লগতে আমিও।”
খোৱাবোৱাৰ পিছত দুটা কাম হ’ল। প্ৰথমটো – ল’ৰা-ছোৱালীৰ দলটোৱে অৰূপবাবুক ঘেৰি ধৰিলে যে তেওঁ এটা গল্প শুনাবই লাগিব। অৰূপবাবুৱে সিহঁতক ক’লে যে মুখে মুখে সাজি গল্প কোৱাৰ অভ্যাস তেওঁৰ নাই, তথাপিও তেওঁ নিজৰ সৰুকালৰ এটা মজাৰ ঘটনা ক’ব। সৰুকালত অৰূপবাবু আছিল বাঞ্চাৰাম অক্ৰুৰ দত্ত লেনত। যেতিয়া তেওঁৰ পাঁচ বছৰ বয়স।তেওঁলোকৰ ঘৰৰপৰা এটা দামী পকেট ঘড়ী নাইকিয়া হ’ল।চোৰ ধৰিৰ বাবে দেউতাকে ঘৰলৈ এজন জৰাফুকা কৰা বেজ মাতি আনিলে।বেজজনে এখন কাচি চেপেনাৰ দৰে ব্যৱহাৰ কৰি সেইখনেৰে এডাল বাঁহৰ জেং ওপৰলৈ উঠাই তাৰ ওপৰত মুঠা মুঠাকৈ চাউল দলিয়াই মন্ত্ৰ পঢ়ি ঘৰৰ নতুন কাম কৰা ল’ৰা নটৱৰক চোৰ বুলি চিনাক্ত কৰিলে। অৰূপবাবুৰ মাজু খুৰাকে নটৱৰৰ চুলিত ধৰি তাৰ পিঠিত ঔকিল বহাব লওঁতেই পকেট ঘড়ীটো এখন বিছনাৰ চাদৰৰ তলৰপৰা ওলাই পৰিল।
হাত চাপৰিৰ শব্দৰ মাজতেই অৰূপবাবু ঘৰলৈ যাবলৈ বুলি চকী খনৰপৰা উঠিবলৈ লওঁতেই চাৰি পাঁচটামান ল’ৰা-ছোৱালীয়ে একেলগে চিঞৰি উঠিল-
” ৰ’ব ৰ’ব, নেযাব!”
তাৰপিছতে সিঁহত নিজৰ নিজৰ কোঠালৈ দৌৰি গৈ অমলেশ মৌলিকে লেখা সাতখন নতুন কিতাপ আনি তেওঁৰ সমুখত মেলি ধৰিলে-
” আপোনাৰ নামটো লিখি দিয়ক…নামটো লিখি দিয়ক।”
অৰূপবাবুৱে ক’লে-
” মইতো কিতাপত কেতিয়াও নাম চহী নকৰোঁ ! …কেতিয়াও কৰা নাই। মই এইবোৰ লৈ যাওঁ, প্ৰত্যেকখনতে এখনকৈ ছবি আঁকি দিম। তোমালোক পৰহি গধূলি আহি হোটেলৰপৰা কিতাপ কেইখন লৈ যাবাহি।”
যাৰ যাৰ কিতাপ, আটাইকেইটাই হাত চাপৰি বজাই উঠিল -” চহীতকৈ ছবি বহুত ভাল। চহীতকৈ ছবি বহুত বেছি ভাল…।”
অৰূপবাবুৱে স্কুলত থাকোতে দুবাৰমান ড্ৰয়িঙত প্ৰাইজ পাইছিল। তাৰ পিছৰেপৰা যদিও তেওঁ ছবি অঁকা নাই এদিন অলপমান অভ্যাস কৰিলে কিবাএটা সৰু-সুৰাকৈ আঁকি দিব পৰা নেযাবনে?
পিছদিনা, শনিবাৰে ৰাতিপুৱা অৰূপবাবুৱে তেওঁৰ ডটপেন আৰু কিতাপ কেইখন লৈ ওলাই গ’ল। নুলিয়া বস্তিৰ ফালে গৈ দেখিলে সেইফালে আঁকিবৰ বাবে বহুত বস্তু আছে।কেইঘন্টামানৰ মূৰতেই তেওঁৰ কাম শেষ হৈ গ’ল। এখন কিতাপত আঁকিলে এটা কেঁকোৰা, এখনত আঁকিলে তিনিটা শামুক বালিত ওচৰা-ওচৰিকৈ পৰি আছে, এখনত আঁকিলে দুটা কাউৰী, এখনত মাছধৰা নাও, এখনত মাছমৰীয়াৰ ঘৰ, এখনত মাছমৰীয়াৰ সৰু শিশু এটা আৰু শেষৰ খনত আঁকিলে জোঙা টুপী পিন্ধা মাছমৰীয়া এজনে মাছ ধৰা জাল গুঠি আছে।
দেওবাৰে আবেলি ঠিক চাৰে চাৰিমান বজাত তেওঁৰ হোটেললৈ ঝুনি, পিন্টু, চুমকি, শান্তনু, বাবুন, প্ৰসেনজিত আৰু নৱনীতাই নিজৰ নিজৰ কিতাপ ঘূৰাই নিবলৈ আহি ছবি দেখি ফূৰ্তিত জঁপিয়াই জঁপিয়াই ওলাই গ’ল।
সেইদিনা ৰাতি বিছনাত শুই শুই অৰূপবাবুৱে হঠাৎ অনুভৱ কৰিলে যে তেওঁৰ মনৰ ফূৰ্তিৰ ভাবটো নাইকিয়া হৈ তাৰ ঠাইত এটা দুঃশ্চিন্তাৰ ভাব সোমাই পৰিছে। ‘ মই অমলেশ মৌলিক’ এই কথাটো যদিও তেওঁ কাৰো আগতো এবাৰো উচ্চাৰণ কৰা নাই, তথাপিও তেওঁ ধৰিব পাৰিলে যে যিটো কাম তেওঁ যোৱা তিনিদিন ধৰি কৰি আহিছে সেই কামটো এটা বিৰাট ধাপ্পা-বাজিৰ বাহিৰে আন একো নহয়। পৰহি মঙ্গলবাৰ ৰাতিপুৱা আচল অমলেশ মৌলিক আহি পাবহি। অৰূপবাবুৱে এইকেইদিন এই ল’ৰা-ছোৱালী কেইটা আৰু সিহঁতৰ মাক-বাপেকৰপৰা যি আদৰ-যত্ন , মৰম আৰু ভক্তি পাইছে সেই সকলোখিনি আচলতে মঙ্গলবাৰে যিজন আহিব তেওঁৰহে প্ৰাপ্য। মৌলিক মহোদয়ৰ লেখা যেনেকুৱাই নহওক কিয়, এওঁলোকৰ ওচৰত তেওঁ এজন হিৰো। তেওঁ যেতিয়া সশৰীৰে আহি ওলাবহি তেতিয়া যে কি এটা ভীষণ অৱস্থাৰ সৃষ্টি হ’ব সেইটো ভাৱিয়েই অৰূপবাবুৰ আত্মা কঁপি উঠিল।
তেওঁৰ বাবে তাৰমানে কি এদিন আগতেই পলাই যোৱাটো বুদ্ধিমানৰ কাম হ’ব? ন’হলে মঙ্গলবাৰে ৰাতিপুৱাৰপৰা গধূলিলৈকে তেওঁনো কৰিব কি? গা ঢকা দিব কেনেকৈ? আৰু সেইটো নকৰিলে এওঁলোকে তেওঁক এনেই এৰিবনে? ভণ্ড, ধাপ্পা-বাজ বুলি তেওঁৰ পিঠিৰ ছাল বখলিয়াই নেপেলাবনে? গুণ্ডামাৰ্কা সাহিত্যিক কিবা নেথাকেনে? আৰু পুলিছ? পুলিছৰ ভয়ো আছে। এই ধৰণৰ ভণ্ডামিত জেল-টেল হয়নে নাই সেইটো অৰূপবাবুৱে নেজানে, কিন্তু হ’লেও তেওঁ আচৰিত নহয়। বেচ এটা ডাঙৰ অপৰাধ যে তেওঁ কৰি পেলাইছে সেই বিষয়ে কোনো সন্দেহ নাই।দুঃশ্চিন্তাত টোপনি নাহে বুলি অৰূপবাবুৱে টোপনি অহাৰ টেবলেট এটা খাই ল’লে।
কিন্তু শেষত অৰূপবাবুৱে, মঙ্গলবাৰৰ ট্ৰেইনত ঘূৰি যোৱাটোৱেই ঠিক কৰিলে। আচলতে অমলেশ মৌলিকক এবাৰ নিজ চকুৰে চোৱাৰ লোভটো তেওঁ কোনোমতেই সম্বৰণ কৰিব নোৱাৰিলে। সোমবাৰে ৰাতিপুৱা নিজৰ হোটেলতেই খবৰ লৈ তেওঁ যোৱা মাহৰ যুগান্তৰৰ সেই সংখ্যাটো পাই গ’ল, য’ত অমলেশ মৌলিকৰ ফটো এখন আছিল। সৰু গোঁফ, কেকোৰা চুলি, মোটা ফ্ৰেমৰ চশমা এই সকলোবোৰ আছে। কিন্তু মিলৰ মাত্ৰাটো সঠিকভাৱে বুজিবলৈ আচল মানুহজনক চকুৰ আগত দেখিব লাগিব কাৰণ ছপা ইমান স্পষ্ট নহয়। কিন্তু যিমানদূৰ বুজা গৈছে তাৰদ্বাৰা আচল মানুহজনক বিচাৰি উলিয়াবলৈ অকণো অসুবিধা নহ’ব, অৰূপবাবু ষ্টেচনলৈ যাব। অকল চকুৰে দেখাই নহয়, সম্ভৱ হ’লে মানুহজনৰ সতে দুটমান কথাও পাতি ল’ব পাৰিব। এই এনেদৰে-
“আপুনি মিষ্টাৰ মৌলিক নহয়? সিদিনা কাগজত আপোনাৰ ফটো দেখিলো। আপোনাৰ লেখা পঢ়িছো। বেচ ভাল লাগে…” ইত্যাদি। তাৰপিছত তেওঁৰ বস্তু-বাহনি ষ্টেচনত থৈ অৰূপবাবু চহৰখন এৰি গুছি যাব। কোনাৰ্কখন চোৱা হোৱা নাই। মন্দিৰ চাই চিধা ষ্টেচনলৈ আহি ট্ৰেইনত উঠিব। গা ঢকা দিবলৈ ইয়াতকৈ ভাল উপায় আৰু নাই।
মঙলবাৰে পুৰী এক্সপ্ৰেছখন প্ৰায় বিছ মিনিট পলমকৈ আহি ষ্টেচন সোমালেহি।যাত্ৰীসকল নামিবলৈ আৰম্ভ কৰাৰ সময়তে অৰূপবাবুৱে খুঁটা এটাৰ আঁৰত ৰৈ প্ৰথম শ্ৰেণীৰ ডবা দুটালৈ লক্ষ্য ৰাখিলে। এখন দুৱাৰেদি হাফ পেন্ট পিন্ধা দুজন বিদেশী মানুহ নামিল, তাৰপিছত নামিল এজন স্থূলকায় মাৰোৱাৰী। আন এখন দুৱাৰেদি নামিল এগৰাকী বয়সীয়া মহিলা, বগা পেন্ট পিন্ধা ডেকা ল’ৰা এজনে তেওঁক হাতত ধৰি নমালে। ল’ৰাজনৰ পিছফালে এজন বয়সস্থ লোক, তাৰ পিছফালে- অ’, কোনো ভুল নাই, এঁৱেই অমলেশ মৌলিক।
অৰূপবাবুৰ স’তে মুখৰ মিল আছে। ঠিকেই ওচৰত থিয় হ’লে যঁজা বুলি ভুল কৰাৰ তিলমানো সম্ভাৱনা নাই। মৌলিক মহোদয়ৰ হাইট অৰূপবাবুতকৈ অন্ততঃ দুই ইঞ্চি কম, গাৰ বৰণ বহুতখিনি কম। বয়সো হয়তো সামান্য বেচি, কাৰণ তেওঁৰ কাণৰ তলৰ চুলিত পক ধৰিছে যিটো অৰূপবাবুৰ এতিয়াও হোৱা নাই।
মানুহজনে নিজৰ চুটকেছটো নিজেই হাতত লৈ নামি এটা কুলীক চিঞৰি মাতিলে। কুলীৰ লগে লগে অৰূপবাবুও আগুৱাই গ’ল।
” আপুনি মিষ্টাৰ মৌলিক নহয় জানো?”
মানুহজনে কিছু অবাক হৈ অৰূপবাবুৰ ফালে চাই মূৰ দুপিয়াই ক’লে – ” হয়।”
কুলীয়ে চুটকেছটো মূৰৰ ওপৰত উঠাই লৈছে।ইয়াৰ উপৰি বস্তু বুলিবলৈ আছে অৰূপবাবুৰ কান্ধত এটা বেগ আৰু এটা ফ্লাস্ক। তিনিওজনে গেটৰ ফালে আগুৱাই গ’ল। অৰূপবাবুৱে ক’লে-
” মই আপোনাৰ কিতাপ পঢ়িছো। কাকতত আপোনাৰ কথা পঢ়িলো আৰু ফটোখনো দেখিলো।”
” অহ !”
” আপুনি চি-ভিউ হোটেলত উঠিব ?”
অমলেশ মৌলিকে এইবাৰ যেন আৰু কিছু সন্দিগ্ধভাৱেৰে অৰূপবাবুৰ ফালে চালে। অৰূপবাবুৱে মানুহজনৰ মনৰ ভাবটো আন্দাজ কৰি ক’লে-
“চি-ভিউৰ মেনেজাৰ আপোনাৰ এজন ভক্ত। তেঁৱেই খবৰটো সকলোকে দিছে।”
” অ’…”
আপুনি আহিছে বুলি শুনি ইয়াৰ বহুত সৰু সৰু ল’ৰা ছোৱালী আপোনাক লগ পাবলৈ উদগ্ৰীৱ হৈ আছে।”
” অহ !”
মানুহজনে ইমান কম কথা কয় কিয়? তেওঁৰ খোজৰ গতিও যেন লাহে লাহে কমি আহিছে! কি ভাবিছে তেওঁ ?”
অমলেশ মৌলিক এইবাৰ একেবাৰে ৰৈ গ’ল। অৰূপবাবুৰ ফালে ঘূৰি চাই ক’লে-
” বহুতেই গ’ম পাইছে ?”
” তেনেকুৱাইতো দেখিলো। কিয় আপোনাৰ কিবা অসুবিধা হ’ব নেকি ?”
” নাই, মানে মই কিছু অকলে থকটো পপ্- পপ্- পপ্-“
” পছন্দ কৰে?”
” অঁ।”
খোনা। অৰূপবাবুৰ মনত পৰিল অষ্টম এডৱাৰ্ডে হঠাৎ সিংহাসন ত্যাগ কৰাত তেওঁৰ ভায়েক জৰ্জ চিন্তিত হৈ পৰিছিল। কাৰণ তেওঁ আছিল খোনা, অথচ তেঁৱেই ৰজা হ’ব লাগিব আৰু বক্তৃতা দিব লাগিব !
কুলীজনে মাল-পত্ৰ লৈ গেটৰ বাহিৰত থিয় হৈ থকা দেখি দুয়ো আকৌ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে।
” ইয়াকে কয় খ্যাখ্- খ্যাখ্- খ্যাতিৰ বিড়ম্বনা।”
অৰূপবাবুৱে কল্পনা কৰিবলৈ চেষ্টা কৰিলে।এই খোনা সাহিত্যিকজনৰ সৈতে কথা পাতি ঝুনি, পিন্টু, চুমকি, বাবুন, শান্তনু, প্ৰসেনজিত আৰূ নৱনীতাৰ মুখৰ অৱস্থা কেনেকুৱা হ’ব। কল্পনাত যিটো দেখিলে সেইটো তেওঁৰ মুঠেই ভাল নালাগিল।
” এটা কাম কৰিব?”
গেটৰ মুখলৈ আহি অৰূপবাবুৱে সুধিলে।
” কি?”
” আপোনাৰ ছুটীটো ভক্তবোৰৰ উৎপাতত নষ্ট হ’ব সেইটো ভাবি মোৰ বেয়া লাগিছে।”
” মোৰো ভাল লগা নাই।”
” মই কওঁ যে আপুনি চি-ভিউলৈ যাব নেলাগে।”
” তে- তে- তেনেহ’লে ?”
” চি-ভিউৰ খোৱাবোৰো ভাল নহয়। মই আছিলো সাগৰিকাত। এতিয়া মোৰ কোঠাতো খালী। আপুনি তালৈকে গুছি যাওক।”
” অহ্।”
” আৰু আপুনি নিজৰ নামটো ব্যৱহাৰ নকৰিব।আপুনি যদি নিজৰ গোঁফখিনি খুৰাই পেলাব পাৰে সেইটো সকলোতকৈ ভাল হয়।”
” গোঁ- গোঁ-?”
” এতিয়াই কৰি পেলাওক। ওৱেইটিং ৰূমলৈ যাওক, মাত্ৰ দহ মিনিটৰ কথা। তাৰপিছত আপুনি নিৰাপদে ছুটীৰ উপভোগ কৰিব পাৰিব।সেইটো কোনেও ৰখাব নোৱাৰে। ময়ো কলিকতালৈ গৈ আপোনাৰ নামত চি-ভিউলৈ এখন টেলিগ্ৰাম কৰি জনাই দিম যে আপুনি নাহে।”
অমলেশ মৌলিকৰ কপালৰ দুঃশ্চিন্তাৰ ৰেখাবোৰ লাহে লাহে নাইকিয়া হ’বলৈ প্ৰায় বিছ ছেকেণ্ড সময় লাগিল। তাৰপিছত তেওঁৰ ওঁঠ আৰু চকুৰ দুকাষত নতুন ৰেখাই দেখা দিলে। মৌলিকে হাঁহিছে।
” আপোনাক যে কিক্- কি বুলি ধ্ ধ্ -“
” একো ক’ব নেলাগে। তাতকৈ আপুনি এই কিতাপকেইখনত এটা এটা চহী কৰি দিয়ক। আহক এই নিম গছজোপাৰ আঁৰলৈ – কোনেও নেদেখে।”
গছৰ আঁৰলৈ গৈ ভক্তৰ ফালে চাই এটা মোলায়েম হাঁহি মাৰি অমলেশ মৌলিকে পকেটৰ পৰা ৰঙা পাৰ্কাৰ পেনটো উলিয়াই আনিলে। প্ৰাইজ পোৱাৰ দিনটোৰপৰা আৰম্ভ কৰি বহুত কাগজ আৰু চিয়াঁহী খৰছ কৰি তেওঁ এটা সুন্দৰ চহী তৈয়াৰ কৰিছে। পাঁচখন কিতাপত পাঁচটা চহী। তেওঁ জানে যে তেওঁৰ জিভাই বিশ্বাসঘাটকতা কৰিলেও তেওঁৰ কলমে নকৰে।
*******

10:19 PM
ভাল লাগিল পঢ়ি।বৰ সুন্দৰ অনুবাদ।