নদীয়াল-কুশল মহন্ত
অৰণ্যৰ সিপাৰে
আন্ধাৰ নামিলে।
উৰুখা পঁজাত ,
ভাগৰুৱা পথিক এতিয়া,
শেতেলিত টোপনিত লালকাল।
সপোনত বন কুকুৰাই খোঁচৰে ইতিহাস।
বুকুৰ শুকাবলৈ ধৰা ঘাঁ ডোখৰত
সময়ৰ আঁচোৰ….
সজীৱ যাতনাত ছটফটাই কেঁচা কলিজাই ,
নৈৰ যুঁৱলিত হেৰুৱাই ,
এৰি অহা ঘৰৰ ভেটিত,
এতিয়া, নৈখনৰ বালিৰ পলস !
শিপাৰ সন্ধানত,
মন-পখিলা উৰি যায় ,
জোনাকী বাট বিচাৰি..
কি জানিবা ?
পলসত এটি অংকুৰিত বীজে
থিতাপি লৈ গঢ়ে এডৰা সেউজীয়া…
*******
