দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুষমা বিচাৰি-জয়ন্ত গগৈ

ৰাতিপুৱাই বন্ধু প্ৰভাতৰ ফোনটো পালোঁ। সি জানিব বিচাৰিলে মই এইকেইদিন ফ্ৰি আছোঁ নে নাই। বিশেষ ব্যস্ত বা কোনো ফালেই যোৱাৰ প্ৰ’গ্ৰাম নাই বুলি জনোৱাৰ লগে লগেই সি জনালে দূৰ্গাপূজাৰ পিছতে সিহঁতৰ ( প্ৰভাত আৰু একে সহপাঠী এজনৰ) , নাহৰকটীয়া জয়পুৰৰ দিহিং পাটকাই বৰ্ষাৰণ্যলৈ সিহঁতৰ ৰিচাৰ্চৰ কামত তিনিটা দিনৰ বাবে অহাৰ প্লান কৰিছে। গতিকে ৰিচাৰ্চ সহকাৰী হিচাবে স্থানীয় মোকেই সিহঁতে নিৰ্বাচন কৰিছে। উক্ত কেইদিনত সিহঁতৰ পথপ্ৰদৰ্শক তথা সহকাৰী হ’ব লাগে বুলি জনালে। মনটো ভালেই লাগিল। এইখন বিখ্যাত অৰণ্যৰ মাজলৈ পুনৰ যোৱাৰ সুযোগ পালে কোনে নোযোৱাকৈ থাকিব পাৰে। অৰণ্যৰ সুষমা বিলাকে , সৌন্দৰ্যতাই বাৰে বাৰে হাতবাউলি মাতি থাকে। ইতিমধ্যে মই এই বিখ্যাত অৰণ্যৰ অভ্যন্তৰলৈ আগতে তিনিবাৰকৈ যোৱাৰ সুযোগ পাইছোঁ। নেচাৰ্চ বেকনৰ সদস্য হোৱাৰ সুবাদতে সুযোগ লাভ কৰিছিলোঁ। অৰণ্যৰ বহুখিনি ঠাই আৰু জীৱকুলৰ বিষয়ে এই সংগঠনৰ বিশেষ সমল ব্যক্তিসকলৰ দ্বাৰাই সেই সময়ত চিনাকি হৈছিলোঁ। বন্ধু প্ৰভাতে এই কথাখিনি জানি বুজিয়েই সহযোগৰ বাবে নিমন্ত্ৰণ দিছে।

অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহৰ নিদিষ্ট দিনাখন আবেলি সিহঁত দুয়োজন নাহৰকটীয়া পালেহি। ফোনেৰে মোক জনালে। নাহৰকটীয়া নগৰলৈ মোৰ ঘৰৰপৰা গাড়ীৰে মাত্ৰ পাঁচ মিনিটৰ বাট। সিহঁত দুয়োজনকে সেই দিনা ৰাতি মোৰ ঘৰৰ আলহী হ’বলৈ অনুৰোধ জনাইছিলোঁ । কিন্তু প্ৰভাতে জনালে যে সিহঁতৰ ৰিচাৰ্চৰ বহু লাগতিয়াল কাগজ-পত্ৰৰ কাম আছে আৰু বনবিভাগৰপৰা যাবতীয় অনুমতি ল’ব লগা আছে। সেয়ে মোকো তিনিদিনৰ কাপোৰ- কানি লৈ সিহঁতৰ লগ হ’বলৈ জনালে। সেয়ে যথাসময়ত নাহৰকটীয়াত সিহঁত দুয়োজনৰ লগ লাগিলোগৈ। প্ৰভাতৰ লগৰীয়া জনৰ লগত চিনাকি হ’লোঁ। আতিকুৰ ৰহমান, শিলচৰত ঘৰ। জীৱ বিজ্ঞান বিষয়ৰ ৰিচাৰ্চ স্ক’লাৰ আৰু প্ৰভাত উদ্ভিদ বিজ্ঞানৰ ৰিচাৰ্চ স্ক’লাৰ। যাৱতীয় বজাৰ-সমাৰ কৰি নাহৰকটীয়াৰপৰা জয়পুৰলৈ গৈ বনবিভাগৰ কাৰ্যালয়ত যাৱতীয় কাগজ-পত্ৰ প্ৰস্তুত কৰোঁতে প্ৰায় সন্ধিয়া লাগিলেই। বনবিভাগৰ কাৰ্যালয়ৰপৰা বুঢ়ীদিহিং নদীৰ কাষৰীয়া পদ পথেৰে আমি আগবাঢ়িলোঁ জয়পুৰ বনবিভাগৰ পৰিদৰ্শন বঙলালৈ। য’ত আমাৰ থকাৰ ব্যৱস্থা বনবিভাগে কৰি দিছিল। বৃটিছৰ দিনতে সজা বৃহৎ এটি চাংঘৰ। সন্মুখত বিৰাট ডাঙৰ ল’ন এখন । আৰু ল’নৰপৰা অলপ আঁতৰতে বুঢ়ীদিহিং নৈখন পশ্ছিমমুৱাকৈ বৈ গৈছে। যিখন নৈ আৰু ইয়াৰ দাঁতিকাষৰীয়া জয়পুৰৰ ভৌগোলিক অৱস্থিতি দেখিয়েই সেই তাহানিতে ১৮৩৬ চনতে ব্ৰিটিছ বিষয়া ৰবাৰ্ট ব্ৰুচে তেওঁৰ সদৰ কাৰ্যালয় শদিয়াৰ কুণ্ডিলৰপৰা জয়পুৰলৈ স্থানান্তৰিত কৰিছিল। নৈৰপৰা ফিৰফিৰীয়া বতাহ এজাক বলি আছিল। সন্ধিয়া যিমানেই বাঢ়ি গৈছিল পৰিদৰ্শন বঙলাৰ চাৰিওফালে কুঁৱলীৰ আচ্ছাদেনেও আগুৰি ধৰিছিল। বঙলাৰ বহল বাৰাণ্ডাত বহি আমি তিনিওটা আড্ডা মাৰি আছিলোঁ। লাহে লাহে ঠাণ্ডা অনুভৱ কৰি তিনিওটা ভিতৰলৈ সোমাই গ’লো। সামান্য একো একোটা ১০০ ৱাটৰ ফিলামেণ্ট যুক্ত লাইটৰ বাল্বৰ পোহৰে ডাঙৰ ডাঙৰ কোঠালী কেইটাত প্ৰয়োজনীয় পোহৰ বিয়পোৱাত অসুবিধা হৈছে বুলি অনুভৱ কৰিছিলোঁ। বঙলাৰ ৰখীয়া তথা ৰান্ধনী নেপালী সম্প্ৰদায়ৰ ব্যক্তিজনে আমাক ৰূমৰ যাৱতীয় বস্তু বিলাক যোগাৰ কৰি দিলেহি। তেখেতৰ লগত চিনাকি হ’লো। কাঞ্চা বুলিয়েই নামটো জনালে। তেওঁৱে আমাৰ বাবে ৰাতিৰ আহাৰ যোগাৰ কৰিছে। আমিও তেওঁৰ লগত মাজে মাজে দুই এষাৰ কথাৰ আদান-প্ৰদান কৰি থাকিলোঁ। ৰাতিৰ আহাৰ খোৱা টেবুলত যোগান দি তেওঁ আমাক জনালে যে – নিশা যিমানেই গভীৰ হৈ গৈ থাকে এই পৰিদৰ্শন বঙলাৰ পৰিৱেশো সিমানেই গম্ভীৰৰপৰা গম্ভীৰ হৈ গৈ থাকে। দুপৰ নিশা বাহিৰ বা তললৈ যাবলৈ মানা কৰি তেওঁ নিজা ৰূমলৈ যাবলৈ সাজু হ’ল। কিবা অসুবিধা হ’লে তেওঁক চিঞৰি মাতিলেই হ’ল বুলি জনাই তেওঁ নিজৰ ৰূমৰ ফালে গ’লগৈ। তেওঁ পৰিদৰ্শন বঙলাৰ কাষৰ ঘৰটোতেই থাকে। এই পৰিদৰ্শন বঙলাত মই ইয়াৰ আগেয়ে এবাৰ নেচাৰ্চ বেকনৰ এক পৰিৱেশ সম্পৰ্কীয় কেম্প হওঁতে এজাকমান পৰিৱেশ কৰ্মীৰহঁতে আছিলোঁ । সেই তেতিয়াও গভীৰ নিশা বঙলাটোত কিবা খটখটাই থকাৰ শব্দ শুনিছিলো। এজাকমান থকাৰ বাবে তেতিয়া কথাবোৰ সুকীয়া আছিল। আৰু আজি ইমান ডাঙৰ বঙলাটোত মাথোঁ তিনিটা প্ৰাণী । অলপ ভয়ো লাগিছিল যদিও লগৰ দুজনক সেই সম্পৰ্কে একোৱেই নজনালোঁ। সিহঁত দুয়োজন আঁতৰৰ, তাতে পৰিদৰ্শন বঙলাটোৰ ভয়াৱহ অতীতৰ কথা নাজানে ।( অসমৰ আৰ্মি অপাৰেশ্যনৰ সময়ত এই বঙলাটো জয়পুৰ অঞ্চলৰ মূল আৰ্মি কেম্প আছিল আৰু সেই সময়ত বহুজন অসমীয়া পাহুৱাল ডেকা এই কেম্পত আৰ্মিৰ অত্যাচাৰত মৃত্যু হৈছিল, বহুজন চিৰদিনৰ বাবে ঘূণীয়া হৈছিল, কেইবা গৰাকী নিখোঁজ হৈছিল। মুঠতে এক ভয়াৱহ অতীতৰ কথা এই অঞ্চলৰ মানুহে জানিব পাৰিছিল। মানুহৰ আহ-যাহ কমি গৈছিল বাবেই পৰিদৰ্শন বঙলাটো এসময়ত এক জয়াল পৰিৱেশৰ সৃষ্টি হৈছিল। সেয়ে কোনো মানুহেই আৰ্মিয়ে কেম্প এৰি যোৱাৰ পিছত এই পৰিদৰ্শন বঙলালৈ নাহিছিল। বহু দিন ধৰি পৰিত্যক্ত অৱস্থাতে পৰি আছিল। নেচাৰ্চ বেকনে এই আপুৰুগীয়া বৰ্ষাৰণ্যৰ চিনাক্ত কৰি এই পৰিদৰ্শন বঙলা ব্যৱহাৰ কৰিবলৈ ল’লে। তাৰপিছতে এই পৰিদৰ্শন বঙলাটোৱে নতুনকৈ প্ৰাণ পাই উঠিলে)। সিহঁত দুয়োজন ভাগৰি আছিল। গতিকে সিহঁতৰ ভাগৰৰ লগতে ময়ো ধুনীয়াকৈ টোপনি মাৰিলোঁ। ৰাতিপুৱা পাঁচ মান বজাতে কাঞ্চায়ে আমাক টোপনিৰপৰা জগালেহি। মুখ-হাত ধুই ফ্ৰেচ হৈ কাঞ্চাই যোগান ধৰা গৰম গৰম চাহ , ব্ৰেড , বইল কণী আৰু জাহাজী কল ব্ৰেকফাষ্টত খাই আমাৰ লক্ষ্য স্থান দিহিং পাটকাই বৰ্ষাৰণ্যৰ অভ্যন্তৰলৈ পদব্ৰজে যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হ’লো।

ৰাতিপুৱা ৬:০০ বজাৰ লগে লগেই আমি তিনিওটাই প্ৰয়োজনীয় সামগ্ৰীৰে সৈতে পিঠিত ট্ৰেকিং বেগ ওলোমাই বৰ্ষাৰণ্যৰ ফালে ক্ৰমশ আগুৱাই গ’লো। বুঢ়ীদিহিং নদীৰ পাৰতে বনবিভাগৰ কাৰ্যালয়টো। এই অঞ্চল নগাঘাট হিচাপে পৰিচিত। এই ঘাটৰপৰা পূৱ দিশত আগুৱাই গ’লেই এক কিলোমিটাৰ মান পথ অতিক্ৰম কৰাৰ পাছত নামচাং চাহ বাগিচা খন আৰম্ভ হৈছে। অসম অৰুণাচল ঘাইপথৰপৰা বাওঁফালে এটি সৰু পথ বাগিচালৈ সোমাই গৈছে। আৰু সোঁফালে এটা কেঁকুৰী লৈয়ে পাহাৰৰ আৰম্ভণি হৈছে। এই নামচাঙৰ ভৌগোলিক অৱস্থিতি হ’ল  ডিব্ৰুগড় জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল । য’ত ব্ৰিটিছে ১৮৩৩ চনতে স্থাপন কৰিছিল নামচাং চাহ বাগিচা। এই বাগিচাৰ বেছিভাগ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানে চাৰিওদিশে আৱৰি থকা এক দুর্গম স্থানত অৱস্থিত। এই বাগিচাত থকা লোকসকলে এক কথাত ক’বলৈ মৰণত জীও লৈ অহা-যোৱা কৰাৰ দৰে কথা। কাৰণ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি থকা এটা লুংলুঙীয়া পথৰ বাহিৰে আন বিকল্প পথ নাই। জয়পুৰৰ পৰা প্ৰায় ১৬ কিল’মিটাৰ দূৰত্ব এই ঠাইলৈ। যাবলৈ নিজা বাহন নাথাকিলে আন উপায় নাই। এই বাগিচালৈ যোৱা পথৰ এছোৱা বনৰীয়া হাতী অহা-যোৱা কৰা বাট। গতিকে পথত প্ৰায়ে আগভেটি ধৰে বনৰীয়া হাতীয়ে। বনৰীয়া হাতীৰ বাবে পথচাৰীয়ে কেতিয়াবা ঘণ্টাৰ পাছত ঘণ্টা ৰ’ব লগীয়া হয়।

জয়পুৰৰপৰা অৰুণাচললৈ যোৱা পথৰ বাওঁফালে পাহাৰৰ এঢলীয়াত নামচাং বাগিচা আৰু সোঁফালে জয়পুৰ অঞ্চলৰ পাহাৰৰ নামনিত থকা বৃহৎ কৃষিভূমি অঞ্চল। এই দুই প্ৰাকৃতিক মনোৰম দৃশ্যৰ মাজেৰে খোজকাঢ়ি যাওঁতে যাওঁতে কেতিয়ানো আমি বৰ্ষাৰণ্যৰ ভিতৰলৈ সোমাই গ’লো ধৰিবই নোৱাৰিলোঁ। আমি যিটো পকীবাটেৰে আগবাঢ়িছোঁ সেইটোৱে জয়পুৰ দিহিং পাটকাই বনাঞ্চলৰ ঘন বননীৰ মাজেৰে গৈ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেওমালী আৰু খুনচা চহৰখনক সংযোগ কৰিছে। আমি হাবিখন সোমাইছোহিহে , সমুখতে ওখ হোলোং এজোপাৰ আগত বহি কাৰোৱালৈ অপেক্ষা কৰি থকা মইনা চৰাই এটিয়ে আমাক সম্ভাষণ জনালে জয়পুৰ দিহিং পাটকাই বৰ্ষাৰণ্যলৈ । আমিও প্রতিসম্ভাষণ জনাই খোজ দিলোঁ পথৰ দুয়োকাষে আৱৰি ৰখা অৰণ্যৰ মাজৰ মূল পথেৰে । ৰাতিপুৱাৰ সূৰ্য্যৰ পোহৰত হাবিখনৰ এক অপূৰ্বৰূপ প্ৰত্যক্ষ কৰিলো । শীতৰ কুঁৱলী ভেদি সূৰ্যৰ ৰশ্মিৰে পৰিৱেশটো অতি মনোৰম কৰি তুলিছে। অসংখ্য চৰাই-চিৰিকতিৰ মাত। দূৰৈত সুগৰি পহুৰ চিঞৰ, বন কুকুৰাৰ দাক। অভিভূত হ’লোঁ। আতিকুৰ প্ৰথম বাৰৰ বাবে এনেধৰণে অৰণ্যৰ মাজেদি খোজ কাঢ়িছে। প্ৰভাত আৰু মই , আমি দুয়োটাই কলেজৰ ব’টানিকেল এক্সাচনত অৰুণাচলৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত এনেদৰে ফুৰাৰ অভিজ্ঞতা আছিল। বনবিভাগৰ ফালৰ পৰা পথত সন্মুখীন হ’ব পৰা সম্ভাব্য বনৰীয়া হাতীৰ বিচৰণৰ কথাটো সঁকিয়াই দিছিল। মূল পথৰপৰা অৰণ্যৰ বেছি ভিতৰলৈ সোমাই যাবলৈও বাৰণ কৰি পঠিয়াইছিল। অৰণ্যখনেই ইমান সুকীয়া যে যিমানেই আগুৱাই গৈ আছোঁ, ইয়াৰ জৈৱ বৈচিত্ৰ্যতাই সিমানেই আমাক পুলকিত কৰি তুলিব ধৰিছিল। পথৰ দুয়োকাষে উৰি ফুৰা বিবিধ নানাৰঙী পখিলা বিলাকে মনবোৰ বেছিকৈ আপ্লুত কৰিছিল।

আমি মূল পকী বাটটো এৰি টিলা এটালৈ উঠি যোৱা লুংলুঙীয়া বাট এটাৰে অলপ দুৰ খোজ দিলো। খোজত শুকান পাতৰ শব্দ নহ’বলৈ যিমান পাৰি সন্তৰ্পণে আগবাঢ়িলো। ফেঁচা এটাই উৰুলী দি ধপধপাই উৰি গ’ল। লগে লগে কেইটামান চেক্‌চেকী চৰায়ে যেন আমাক গালিহে পাৰিলে। যিমান পাৰি ভৰিৰ খোজৰ শব্দও কমাই সন্তর্পণে আগবাঢ়িলো। এটা জোপোহাৰ মাজত কেইটামান চৰায়ে আপোনমনে কলকলাই আছে। আতিকুৰে চৰাইটো চিনাক্ত কৰিলে এবিধ বিশেষ শ্রেণীৰ দহিকতৰা বুলি। টিলাটোৰ ওপৰ পাই ইফালে সিফালে চাই পঠিয়ালোঁ কিবা দেখাৰ সৌভাগ্য হয় নেকি বুলি। ক’ত দেখিম। বৰ্ষাৰণ্যৰ ভিতৰভাগ চাৰি তৰপীয়া উদ্ভিদৰ আৱৰণেৰে ঢাকি ৰাখে। যাৰ বাবে সূৰ্যৰ পোহৰ পৃষ্ঠভাগত নপৰে । সেয়ে অৰণ্যৰ পৃষ্ঠভাগত পোহৰ যথেষ্ঠ পৰিমাণে কম হয়। প্ৰভাতে বাইন’কুলাৰটোৰে চকু ফুৰালে। কেৱল  গছ আৰু গছ গছনি। মাজে মাজে মকৰা জাল বিলাকত কুৱঁলীৰ আচ্ছাদন এটা পৰি তিৰবিৰাই জিলিকিছে আৰু নানাৰঙী পখিলা বিলাকহে বাইন’কুলাৰৰ ফ্ৰেমত ধৰা পৰিছে। টিলাটোৰ ওপৰত আমাৰ উপস্থিতি গম পাই কেইটামান ফেঁচু (Drongo) চৰায়ে স্বভাৱসিদ্ধ ভাৱে হাই উৰুমী লগাই দিলে। কিন্তু ইমান সুন্দৰ মাত । দূৰৈত এজাক বন কুকুৰাৰ ডাক বৰ সুন্দৰকৈ শুনা গৈছিল। ঘড়ীটোলৈ চালোঁ, আঠ বাজিবৰ হ’ল। এতিয়াও লক্ষ্যস্থান বহু দূৰ। গতিকে তিনিওটা মূলপথৰ ফালে উভতি আহিলোঁ। 

টিলাটোৰপৰা নামি আহি মূল পকী পথেৰে আমি আগুৱাই গৈ আছোঁ। পথৰ দুয়োকাষে সিচঁৰিত হৈ থকা ডাঙৰ ডাঙৰ গছ, জোপোহা গছ, গুল্মজাতীয় গছ, ঢেকীয়া জাতীয় গছ , লতাজাতীয় গছৰ লগতে আন আন সাধাৰণ গছৰ সমাহাৰত সৃষ্টি হোৱা তৰপীয় স্তৰবোৰ চকুত পৰিছিল। যিসমূহ সাধাৰণতে অনান্য অৰণ্যৰ অভ্যন্তৰত দেখিবলৈ পোৱা নাযায়। ঢেকীয়া জাতীয় গছ মানে একোজোপা একোজোপা ঢেকীয়া গছৰ উচ্চতা নাৰিকল গছৰ সমানে দেখিবলৈ পাইছিলোঁ। অৱশ্যে এই জাতীয় ঢেকীয়া গছক সাধাৰণতে Tree Farn হিচাপে জনাজাত। যিমানেই আগুৱাই গৈ আছোঁ সিমানেই অসংখ্য সৰু বৰ চৰাই- চিৰিকতিৰ নানান সুললিত মাতবোৰ কাণত পৰিছেহি। এই ডাঠ চিৰসেউজীয়া কাঠনি অৰণ্যখনত চৰাইৰ বাদে অন্যান্য জীৱ-জন্তু এদিনতে দেখাৰ সৌভাগ্য খুব কমেইহে হয়। মাত কিন্তু সততে শুনা যায়। সেই কথা জানিও কোনো এবিধ ডাঙৰ স্তন্যপায়ী প্রাণী দেখাৰ আশা এটা মনত অনৱৰতে পুহি ৰাখিছিলোঁ। আমি গৈ থকা বাটেৰে কাষৰ সেমেকা মাটিত সুগৰি পহু বা শৰ পহু মাত্র কেইমুহূৰ্তমান আগতে পাৰ হৈ যোৱাৰ চিন বহুবাৰ পাইছো, কিন্তু ভেটা-ভেটি হ’লে হোৱা নাই। অৰণ্যৰ মাজেৰে খোজকাঢ়ি গৈ থাকোতে চৰাই-চিৰিকতি , জীৱ জন্তুৰ মাতে মনটো বৰ ভাল লগায়। এতিয়ালৈকে অতিক্ৰম কৰা অৰণ্যখনৰ বহু ঠাইত কেতবোৰ প্ৰকাণ্ড আকাৰৰ ওখ ওখ গছ মৰি লঠঙা হৈ থিয় হৈ থকা দেখিবলৈ পাইছিলোঁ। দেখাত গছবোৰ কোনোবাই জুই জ্বলাই দি মৰা যেন লাগে। আচলতে এইবোৰ বজ্ৰপাত পৰি জুই লাগি মৰা গছ বুলি নেচাৰ্চ বেকনৰ লগত আগতে আহোঁতে জানিব পাৰিছিলোঁ।

অলপদূৰ আগবাঢ়িয়েই দেখিলো কেইবাটাও হলৌ বান্দৰ। আমি সিহঁতক দেখাৰ আগতেহে সিহঁতে আমাৰ উপস্থিতি জানিব পাৰি গছৰ ওপৰত খপ-জপ লগাইছে। লক্ষ্য কৰিলো, সিহঁতৰ মাজৰ আটাইতকৈ ডাঙৰ ক’লা ৰঙৰ হলৌটোৱে অস্থিৰ ভাৱে ইডাল গছৰপৰা সিডাল গছলৈ জপিয়াই আমাৰ ফালে চাই চাই দাঁত নিকটাই খেক খেক কৈ এক অদ্ভুত শব্দ কৰিছে। অলপ পিছত দেখিলোঁ, তাৰ লগৰ আন সৰু বান্দৰ কেইটাইও তাৰ লগত যোগ দিছে। মানুহক দেখি হলৌ বান্দৰে এনে আচৰণ কৰা মই আগতে নামদফা অৰণ্যৰ ভিতৰত দেখিবলৈ পাইছিলো। নামদফাৰ দেৱান পৰিদৰ্শন বঙলাৰপৰা তেৰ কিলোমিটাৰ দূৰত্বত থকা হালধীবাৰী ফৰেষ্ট কেম্প লৈকে যাওঁতে এনে হলৌ বান্দৰৰ জাক দেখিবলৈ পাইছিলোঁ। সিহঁতে যেন আমাক আক্ৰমণহে কৰিব। অলপ পাছতেই সিহঁতে সমস্বৰে হুক-কু হুক-কু কৈ মাতিব ধৰিলে। অৰণ্যত যে আমাৰ প্ৰৱেশ ঘটিছে আন জীৱ জন্তুকো সিহঁতে জনায় দিলে। আতিকুৰৰ মনত বিৰাট আনন্দ ভাৰতৰ একমাত্ৰ বনমানুহ হলৌ বান্দৰ প্ৰথম এনেদৰে দেখা পায়। কিছুদুৰ যোৱাৰ পিছত কেইজোপামান ওখ হোলোং গছৰ ওপৰত পুনৰ চাৰিটা হলৌ বান্দৰে বহি আপোন মনে এবিধ বিশেষ লতা জাতীয় গছৰ পাত খাই আছে। আমি সিহঁতলৈ বেছি লক্ষ্য নকৰাকৈয়ে আগুৱাই খোজ দিলোঁ। কিছুদুৰ যোৱাৰ পিছত দেওহাঁহৰ মাত শুনিবলৈ পালোঁ। নিশ্চিত হ’লোঁ, নিশ্চয় পথৰ কাষতে জলাশয় জাতীয় ঠাই থাকিব লাগিব। শব্দৰ উৎসৰ দিশে থকা লুংলুঙীয়া পথেৰে সন্তৰ্পণে আগুৱাই গ’লোঁ। অনুমান কৰাৰ দৰেই এক জলাশয় অৰণ্যৰ অভ্যন্তৰত দেখিবলৈ পোৱা হ’ল। কেইবাজনী দেওহাঁহ আপোনমনে জলাশয়ত বিচৰণ কৰি আছে। অটব্য অৰণ্যৰ মাজত থকা জলাশয় বিলাকত অতি সাৱধান হ’ব লগীয়া হয়। কিয়নো মাংসভোজী জন্তুৰ পৰা অনান্য জীৱ -জন্তুও জলাশয়ৰ পানী খাবলৈ প্ৰায়েই আহে। তাৰোপৰি বাঘৰ চিকাৰৰ প্ৰথম পছন্দৰ ঠাই এই জলাশয়েই। কাৰণ এই জলাশয়লৈ পানী খাবলৈ অহা পহু জাতীয় জন্তুবিলাক বাঘে অনায়াসে ধৰিব পাৰে। আমি পলম নকৰি পুনৰ মূল পথলৈ উভতিলোঁ। অলপ দূৰ আগুৱাই যোৱাৰ পিছত পথটো সেইখিনিতে অলপ থিয় আছিল। ভোকে-পিয়াহে ভাগৰি থকাৰ বাবে থিয় পথচোৱা খোজকাঢ়িবলৈ প্ৰভাত , আতিকুৰ দুয়োটা যাওঁ- নাযাওঁ কৈ আগবাঢ়িছে। মই দুয়োটাকে অভয় দিলোঁ যে এই ওখ পথচোৱা পাৰ হৈয়ে আমাৰ আজিৰ গন্তব্যস্থান পামগৈ। সেই বুলি জানিব পাৰি সিহঁত দুয়োটাই উৎসাহেৰে পথচোৱা অতিক্ৰম কৰিলে। ইয়াৰ পৰা দুশমিটাৰ মানৰ আগত অৰুণাচলৰ চেক পোষ্ট অথাৎ গেটৰ সিফালেই অৰুণাচল প্ৰদেশ। চেক পোষ্ট পাৰ হৈ পোনে পোনে গ’লেই দেওমালী চহৰ আৰু সোঁফালে যোৱা পথটোৰে গ’লে খুনচা চহৰ পোৱা যায়। চেক পোষ্ট পোৱাৰ আগতেই এটি যাত্ৰী জিৰণি চ’ৰা আছিল আৰু তাৰ ওচৰতে দিহিং- পাটকাই বনাঞ্চলৰ কঁঠালগুৰি বিট অফিচ এটি আছিল। আমি তিনিওটাই যাত্ৰী জিৰণি চ’ৰাত বহি লৈ বেগত অনা ব্ৰেড, জাহাজী কল আৰু বইল কণী খাই ভোক আঁতৰোৱাৰ চেষ্টা কৰিলোঁ। লঘু আহাৰ খাই বহু দূৰ দূৰলৈ খোজকাঢ়িব পাৰি। হাতত থকা খোৱা পানীৰ পৰিমাণো কমি আহিছিল। অৱশ্যে মনত এটাই আশ্বস্ত অনুভৱ কৰিছিলো , কিয়নো আমাৰ লক্ষ্য স্থান সুগৰি পথাৰ ফৰেষ্ট কেম্পলৈ আৰু মাত্ৰ পাঁচ -ছয়শ মান মিটাৰৰ বাট। জয়পুৰ বনবিভাগৰ পৰিদৰ্শন বঙলাৰ পৰা এই ঠাইলৈ ১৩ কিলোমিটাৰ বাট। খোজকাঢ়ি আহিলে প্ৰায় তিনি ঘণ্টা মান লাগে। ঘড়ীটোলৈ চালোঁ প্ৰায় বাৰ বাজিবলৈ হ’ল। আমাৰ যাত্ৰাপথত কেইবাটাও স্থানত ৰৈ ৰৈ অহাৰ বাবেই আমাক প্ৰায় ছয় ঘণ্টাৰ ওচৰা-ওচৰি লাগিল। পেটত ব্ৰেড, কণী আৰু কলৰ আহাৰ পৰাৰ পিছত শৰীৰত এক শক্তি পোৱা যেন লাগিল। তিনিওটা পুনৰ কঁঠালগুৰি বিট অফিচৰ কাষেদি মূল পথৰপৰা বাওঁফালে পাহাৰৰ তললৈ নামি যোৱা শিল দিয়া পথটোৰে ক্ৰমান্বয়ে তললৈ নামি গৈ থাকিলোঁ। মানে সৰু এটা লুংলুঙীয়া বাটেৰে আগবাঢ়িছোঁ। দুয়োফালে আকাশলঙ্ঘী গছ , লতা অটব্য হাবি। সূৰ্যৰ পোহৰ পথটোত নপৰে বুলি ক’ব পাৰি। বাটৰ কাষৰ সেমেকি থকা মাটিত নানান জীৱ-জন্তুৰ খোজ। দুপৰীয়া যদিও শৰীৰত ফিৰফিৰীয়া বতাহ এচাটিয়ে কোবাই আছিল। পাহাৰীয়া খৰস্ৰোতা নদী এখন যে আগত বৈ গৈছে ইয়াৰ সুৰ সুৰণি শব্দতে বুজিব পাৰি। পাহাৰ শেষ হৈ সমতল অঞ্চলত ভৰি থৈয়ে দেখিবলৈ পালোঁ খৰস্ৰোতা পাহাৰীয়া নদীৰ কাষত এটি বাঁহেৰে সজা ফৰেষ্ট কেম্প। চাৰিওফালে হোলোং, মেকাই, বৰপাত, শিলিখা আদি নানান ওখ ওখ গছ। মুকলি ঠাই এডোখৰত এডাল এডাল গোটা ভলুকা, জাতি বাঁহেৰে আটুম টোকাৰিকৈ নিৰ্মিত চাংঘৰ এটি। বৃহৎ এলেকা জুৰি ওখ ওখ হোলোং, মেকাই, বৰপাত, শিলিখা , চপা , শাল ,চাম, চেগুন আদি ডাঙৰ ডাঙৰ গছৰ তলিত বিভিন্ন গছপুলিৰ এখন ৰ্নাচাৰী । আৰু লগতে নাৰ্জি , গোলাপ , নয়নতৰা, জবা , কুকুৰাজৰা আদি বিভিন্ন ফুলৰ বাগিচাৰে পৰিৱেশটো অতিকৈ মনোৰম হৈ আছিল। ঠাইডোখৰত উপস্থিত হোৱাৰ লগে লগেই দেহৰ সমস্ত দুখ ভাগৰ এই ধুনীয়া পৰিৱেশটোৱে শাম কটালে যেন লাগিল। আমাৰ উপস্থিতিৰ লগে লগেই সুগৰি পথাৰ ফৰেষ্ট কেম্পৰ বনৰক্ষী দুজনে আমাক তেওঁলোকৰ কেম্পলৈ আদৰণি জনালে। পৰিচয় পৰ্ব শেষ হোৱাৰ পিছত আমাক হাত ভৰি ধুই অলপ জিৰণি ল’বলৈ জনালে। আমাৰ ভ্ৰমণৰ কথা ইতিমধ্যে জয়পুৰ বনবিভাগৰ কাৰ্যালয়ৰ তৰফৰ পৰা তেওঁলোকক আগতীয়াকৈ জনাইছিল। তাত তিনিজন বনকৰ্মী থাকে। এজন ছুটিত ঘৰলৈ গৈছে। এজন বনকৰ্মী মোৰ চিনাকিয়ে ওলাল কেশৱ শইকীয়া ককাইদেউ। তেখেতৰ ঘৰ চাচনীতে। আমি দুয়োজন একেটা অঞ্চলৰে আৰু চিনাকি ওলোৱাত আমাৰ আত্মীয়তাও অলপ বেছি হৈছিল। দুপৰীয়াৰ গৰম গৰম ভাতসাঁজ পেটত পৰাৰ পিছতে টোপনিৰ ভাৱ এটাই হেঁচা মাৰি আহিছিল। সুবিধা বুজি চাংঘৰৰ মজিয়াত কাপোৰ এখন পাৰি অলপ জিৰণি ললোঁ। চকু মেলি দেখোঁ প্ৰভাত আৰু আতিকুৰ চাংঘৰত নাই। বাহিৰত দুইজনে গৱেষণাৰ সমল বিচাৰি ৰ্নাচাৰীৰ মাজত সোমাই আছে। 

কেম্পৰ কাষেদি নামচাং নৈখন বৈ গৈছে। নৈ খন বুঢ়ীদিহিং নদীৰ লগত সংযোগ হৈছেগৈ। নদীখনৰ সিটো পাৰে অৰুণাচল আৰু আমি থকা অংশৰ ফালে অসম। নদীখনৰ ইপাৰ-সিপাৰে চকুত পৰাকৈ এটাই পাৰ্থক্য – একেই বৰ্ষাৰণ্য কিন্তু অৰুণাচলৰ ফালে গছ গছনিৰ সলনি মুকলি পথাৰ একোখনৰ ৰূপ লৈছে। পথাৰৰ মাজত য’তে -ত’তেই গছবিলাক কটাৰ পিছত ৰৈ যোৱা গছৰ গুৰি অংশ দেখিবলৈ পোৱা গৈছিল। আৰু অসমৰ ফালে ডাঠ গেজেপনি মৰা গছ লতা হাবিৰে আৱৰি আছিল। টোপনিৰপৰা উঠি নদীৰ কাষলৈ আগবাঢ়িলোঁ। প্ৰভাত আৰু আতিকুৰ দুয়ো মোৰ ওচৰলৈ আহিল। অৰুণাচলৰ সীমাৰ ফালে নদীৰ পাৰত কেইজনমান অৰুণাচলী লোকে তাঁৰৰ ফেঞ্চিং এখন নদীৰ পানীত পেলাই ভেটা দিছে। পাৰত থকা এজনে বিদ্যুত উৎপন্ন কৰা হোণ্ডাৰ জেনেৰেটৰ এটাৰ পৰা কেব’ল লৈ পানীৰ মাজত ভেটা দি ৰখা তাঁৰৰ ফেঞ্চিঙৰ লগত সংযোগ কৰি জেনেৰেটৰ ষ্টাৰ্ট কৰি বিদ্যুৎ প্ৰবাহিত কৰিছে। অলপ সময়ৰ পিছতে পানীত থকা অসংখ্য মাছ ওপঙি ইফালে সিফালে ঘূৰি ফুৰা চকুৰে দেখা পালোঁ। লগে লগেই অৰুণাচলী লোক সকলে ওপঙি থকা মাছ বিলাক ধৰাত লাগিল। চকুৰ আগতে সৰু-ডাঙৰ বহুখিনি মাছ ক্ষন্তেকতে ধৰা দেখিলোঁ। এই পদ্ধতিত মাছ ধৰা প্ৰথম দেখিবলৈ পালোঁ। ডাঙৰ ডাঙৰ শিল থকা নদীৰ মাছ এনেকৈয়ে ধৰে বুলি কেশৱ ককাইদেউৱে ক’লে। আৰু ওপঙি থকা মাছ বিলাক লগে লগেই নধৰিলে পিছত সেই মাছ ধৰাৰ সামৰ্থ্য নাথাকে। মাছৰ দেহত বিদ্যুতৰ শ্ব’ক থকা লৈকে হে অৱশ হৈ পৰে। মাছবোৰ কিছু সময়ৰ পিছত পুনৰ আগৰ অৱস্থালৈ আহি দুৰলৈ আঁতৰি যায় গৈ। মাছ ধৰা চাই থাকোঁতে কেতিয়ানো আন্ধাৰ হ’বৰ হ’ল গমকে নাপালো। কেশৱ ককাইদেউৱে গধূলি জুই সেকিবৰ বাবে অলপ খৰিৰ যোগাৰ কৰাত লাগিল। শীতকালীত আবেলি চাৰিটা বাজিল বুলিলেই আন্ধাৰে আৱৰি ধৰে। কেম্পৰ টিউবেলত হাত-ভৰি ভালকৈ ধুই মেলি তিনিওটাই বেগৰ কাপোৰ উলিয়াই চাংঘৰৰ মজিয়াত নিজৰ নিজৰ বেডিং ঠিক কৰাত লাগিলোঁ। এটা নিশাহে, যেন-তেন কটাব পাৰিলেই হ’ল। বাহিৰত কেশৱ ককাইদেউহঁতে জুই একুৰা ধৰিলে। আমাক অলপ সময় জুই সেকিবলৈ মাতিলে। জুইৰ কাষত অৰণ্যৰ বিভিন্ন কথাৰ আড্ডা চলিল। আমি লগত অনা কণী আৰু তেওঁলোকৰ হাতত মজুত থকা পাহাৰীয়া কলদিল , কচু আৰু দালি দি বনৰীয়া মচলাৰে বইল কৰা শাক এখনেৰে ৰাতিৰ সাজ খোৱা হ’ল। নতুন সোৱাদ। খাই বহুত তৃপ্তি লাগিল। খাই বৈ আটাইকেইজন চাংঘৰত উঠিলোঁগৈ। চাংঘৰৰ মজিয়াত পাৰি লোৱা বিচনাত বাগৰি কথাৰ মহলা মাৰি থাকোঁতেই বাহিৰৰ পৰা ভিতৰলৈ সোমাই অহা কেশৱ ককাইদেউৱে জনালে যে ভেল’গছ থকা দিশত হাতীৰ জাক এটাই গছৰ ডাল-পাত আজুৰি আছেহি। ক’ব নোৱাৰি কেনেবাকৈ কেম্পৰ ফালে অহাৰ সম্ভাৱনা নথকা নহয়। আগতে কেইবাবাৰো আহিছে নিমখৰ গোন্ধ পাই। সেয়ে ভিতৰত থকা নিমখৰ পেকেট দুটা চাংঘৰৰ বাহিৰৰ বাৰাণ্ডাত ৰাখি থৈ ভিতৰৰ লেম্পৰ শিখা নুমোৱাই দিলে ককাইদেউৱে। আৰু আমাক অভয় দি ক’লে একো ভয় নকৰিবা , হাতী অহাৰ উমান পালে নিশ্চুপ থাকিবলৈ সোঁৱৰাই দিলে। হাতীয়ে নিমখৰ গোন্ধতহে আহিব আৰু আহিলেও নিমখৰ পেকেট কেইটা পালেই সিহঁত আঁতৰি যাবগৈ। ককাইদেউৱে কোৱাৰ দৰেই দুটামান হাতী চাংঘৰটিৰ চাৰিওফালে ঘুৰি শুঁৰেৰে ফ্চ ফ্চকৈ খেপিয়াই ফুৰিছিল। কিমান ৰাতি ধৰিব নোৱাৰিলোঁ। কেৱল নিশ্চুপ হৈ ৰৈছিলো। ধিকমিক জোনাক নিশাৰ পোহৰত বেঁৰৰ খোটাবোৰৰ ফাঁকেৰে হাতী কেইটাক ধুনীয়াকৈ ধৰিব পাৰিছিলোঁ। ভয়ত আমাৰ তিনিওটাৰে বুকুত ধান বনাদি ধপধপাবলৈ লৈছিল। জীৱনত প্ৰথমবাৰৰ বাবে এনে অভিজ্ঞতাৰ সম্মুখীন হৈছিলো। ভাগ্যে এসময়ত হাতী কেইটা লগৰীয়া জাকটোৰ ফালে আঁতৰি গৈছিলগৈ। হয়তো বিচৰা নিমখ সিহঁতে পাই সন্তোষিত হৈছিল। ৰাতি বাহিৰলৈ ওলোৱাৰ সাহসেই ন’হল। ভয় আৰু ভাগৰুৱা শৰীৰে কেতিয়ানো পুনৰ ঘোৰ নিদ্ৰাৰ কোলাত পৰিলো জনাই ন’হল।

ৰাতিপুৱা চাহ-বিস্কুট খাই আমি দুই বনৰক্ষী ককাইদেউৰ লগত সেই বিখ্যাত ভেল’গছ , চাহনি হাবি চাবলৈ প্ৰস্তুত হৈছোঁ। কেশৱ ককাইদেউৱে চাংঘৰৰ দাঁতিত ৰখা বটল এটা আনি আমাক ভৰিৰ পৰা ককাঁলৰ অংশ লৈকে কাপোৰৰ ওপৰতে তেল অলপ হানি ল’বলৈ জনালে। বৰ্ষাৰণ্যৰ সেমেকা মাটিত আৰু অৰণ্যৰ ঘাঁহনি হাবিত অসংখ্য জোকৰ প্ৰাদুৰ্ভাৱ। এই তেলৰ গোন্ধত সাধাৰণতে জোকবোৰে সিমান আক্ৰমণ কৰিব নোৱাৰে। এই অভিজ্ঞতা প্ৰভাত আৰু মই ইতিমধ্যেই নামদফা অৰণ্যৰ মাজত পাই থৈছোঁ। নামদফা অৰণ্যৰ মাজততো গছৰ পাতত ওলমি থকা অসংখ্য চেপেটা জোকও পাইছিলোঁ। জীৱ-জন্তুৰ তেজৰ গোন্ধ পালেই সিহঁতি আক্ৰমণত লাগি যায়। অৱশ্যে এই জয়পুৰৰ অৰণ্যাঞ্চলত বৰ্তমানলৈকে তেনে জোকৰ উপস্থিতি জনা হোৱা নাই। কেম্পৰপৰা পশ্চিম দিশত আগে আগে বনৰক্ষী ককাইদেউহঁত আৰু পিছে পিছে আমি তিনিওটা । বাটত হাতীৰ খোজ সেঁমেকা মাটি , ঘাঁহনিত ৰৈ যোৱা চাপবোৰ দেখিবলৈ পাইছিলোঁ। দ খাৱৈ এটা পাৰ হৈ সৰু এটা লুংলুঙীয়া বাটেৰে আগবাঢ়িছোঁ। বাট মানে জীৱ-জন্তু অহা যোৱা কৰা এটা দণ্ডি। দুয়োফালে আকাশ লঙ্ঘী গছ -গছনি , লতাজাতীয় গছেৰে অটব্য হাবি। সূৰ্য্যৰ পোহৰ নপৰাৰ বাবে অনবৰতে সেমেকি থকা মাটিত অসংখ্য জীৱ-জন্তুৰ খোজ। বিভিন্ন মেকুৰী জাতীয় জন্তুৰ খোজৰ ওপৰিও সুগৰি পহু, শৰ পহু, আৰু বন গৰুৰ কেইটামান নতুন খোজ লক্ষ্য কৰিলো। কেশৱ ককাইদেউহঁতে ক’লে, বনগৰুৱে কেতিয়াবা মানুহ দেখিলে আক্রমণ কৰে। গতিকে সাৱধানে আগবাঢ়িলোঁ। বাট-ভেটি পাতি থোৱা কেতবোৰ প্ৰকাণ্ড বিচিত্র ৰঙৰ মকৰাৰ জাল ভাঙি আগে আগে বনৰক্ষী ককাইদেউহঁত , পাছে পাছে আমি তিনিওটা। বৰ্ষাৰণ্যৰ চাৰি তৰপীয় উদ্ভিদৰ আৱৰণ এনেদৰে অৰণ্যৰ অভ্যন্তৰত প্ৰৱেশ কৰিলেহে ভালকৈ বুজিব পাৰি। এই চাৰিটা তৰপৰ সকলোতকৈ ওপৰৰ স্তৰটোত কিছুমান ওখ ওখ গছ দেখিবলৈ পোৱা যায়। ইয়াক কোৱা হয় Emergent Layer বা শীৰ্ষ স্তৰ। শীর্ষস্তৰৰ ঠিক তলতে সেউজীয়া দলিচাৰ দৰে আন এটা স্তৰ দেখিবলৈ পোৱা যায়। এই স্তৰৰ মূৰবোৰ চেপেটা আৰু প্ৰায় একে উচ্চতাৰ। এই স্তৰক কোৱা হয় Canopy Layer বা মধ্যস্তৰ। ইয়াৰ ঠিক তলতে মধ্যস্তৰৰ কিছু সংখ্যক অপৈণত গছ আৰু কিছুমান জোপোহা গছৰ স্তৰ দেখিবলৈ পোৱা যায়। এইটোৱেই হৈছে Understory Layer বা নিম্নস্তৰ। বৰ্ষাৰণ্যৰ ভূমিভাগ সাধাৰণতে বিভিন্ন উদ্ভিদেৰে পৰিপূৰ্ণ। এই ভূমিভাগৰ অৰণ্যত সাধাৰণতে বিভিন্ন প্ৰজাতিৰ ঢেকীয়াজাতীয় উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ, বিভিন্ন প্ৰজাতিৰ কচু, বেত, বনৰীয়া কলগছ আদি দেখিবলৈ পোৱা যায়। অৰণ্যৰ এই স্তৰক প্ৰকৃতিবিদৰ ভাষাত কোৱা হয় Herb Layer বা ভূমিসংলগ্ন স্তৰ। বহুতৰে ধাৰণা যে ৰেইন ফ’ৰেষ্ট বা বৰ্ষাৰণ্যৰ গছৰ পাতৰপৰা সকলো সময়ত টোপটোপকৈ বৰষুণৰ দৰে পানী পৰি থাকে, এই ধাৰণাটো কিন্তু সম্পূর্ণ সঠিক নহয়। বৰ্ষাৰণ্যৰ ভূমিভাগ সকলো সময়তে সেমেকা হৈ থাকে। এই অৰণ্যৰ গছৰ পাত, জলীয় বাষ্প আৰু শীতলতাৰ দৈনিক জলচক্ৰৰ প্ৰভাৱত বৃষ্টিপাতৰ পৰিমাণ হয় বছৰি ৮০ ইঞ্চি বা তাতোধিক হয়। সাধাৰণতে বৰ্ষাৰণ্যৰ ভূমিভাগত শুকান পাত আদি জমা হৈ থকা দেখা নাযায়। ইয়াৰ কাৰণ খুউব বেছি উষ্ণতা আৰু আৰ্দ্ৰতাই মাটিত থকা কোটি কোটি অনুজীৱক গছৰ আৰু মৃতজন্তুৰ অংশ বিশেষক সাৰলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। এই প্ৰক্ৰিয়াই বৰ্ষাৰণ্যৰ ভূমিভাগক অধিক উৰ্বৰ কৰি তোলে।

অলপ দূৰ যোৱাৰ পিছতে কেশৱ ককাইদেউৱে আঙুলিয়াই দেখুওৱালে ব্ৰিটিছৰ দিনৰ এখন পৰিত্যক্ত হুইলযুক্ত ক্ৰেন ট্ৰাক গাড়ীৰ অংশ। গছ-লতিকাৰে আৱৰি আছিল। সেইখন গাড়ী হেনু সেইসময়ত মূল্যবান ভেল’গছ টানিবৰ বাবেই ব্যৱহৃত হোৱাৰ কথা দোহাৰিলে। পৰিত্যক্ত গাড়ীখনৰ পৰাই বনজ চাহনি গছৰ এলেকা এটা দেখিবলৈ পালোঁ। প্ৰতি জোপা চাহগছৰ ওখ ১৫ ৰ পৰা ২০ ফুটমান হব চাগে। এই চাহনি হাবিখন বহু পুৰণি। কেনেকৈ ইমান অটব্য অৰণ্যৰ মাজত হ’ল তাৰ বিষয়ে কোনেও সঠিককৈ ক’ব নোৱাৰে। কিছুলোকে ক’ব বিচাৰে ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাক ৰজা চাও-লুং চ্যু-কা-ফাই চীন আৰু ব্ৰহ্মদেশৰ সীমামুৰীয়া টাই ৰাজ্য মৌঙ মাওৰ পৰা হংকং উপত্যাকাৰে পাটকাই পৰ্বত পাৰ হৈ আহি সৌমাৰপীঠৰ টি-পাম (টি-ঠাই, পাম-চাপৰি)ত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হয় আৰু ইয়াতেই তেওঁ নতুন এখন স্বাধীন ৰাষ্ট্ৰৰ সোপান ৰচনা কৰি অস্থায়ী ৰাজধানী পাতে। এই টিপাম ঠাইডোখৰ জয়পুৰ এলেকাৰ অন্তৰ্গত আৰু টিপাম পাহাৰৰ টিলাৰ নামনিত বৈ যোৱা বুঢ়ীদিহিং নদীৰ আনটোপাৰেই জয়পুৰৰ সমতল আৰু পাহাৰীয়া জয়পুৰ বনাঞ্চল যিটো অঞ্চল বর্তমানে দিহিং পাটকাই বৰ্ষাৰণ্যৰ অন্তৰ্ভুক্ত । চাও-লুং চ্যু-কা-ফাই এই চাহপুলি, তেখেত সকলে চীনদেশৰ সীমামুৰীয়া মৌঙমাওপৰা আহোঁতে লগত লৈ আহিছিল আৰু পাটকাই পাহাৰেদি আহোঁতে হ’ব পৰা মহামাৰীৰপৰা ৰক্ষা পাবলৈ আৰু পিছলৈও এই অঞ্চলত হ’ব লগা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ এই চাহ পুলি বিলাক জয়পুৰৰ বনাঞ্চলৰ অভ্যন্তৰৰ এক গোপন স্থানত ৰোপণ কৰি লৈছিল বুলি কয়।( অৱশ্যে ইয়াৰ কোনো তথ্যগত প্ৰমাণ নাই কাৰণ সেই সময়ত আহোম সকলে বুৰঞ্জীৰ টোকা লিখা প্ৰথাটো নাছিলেই)। আন কিছুমানে ক’ব খোজে ব্ৰিটিছ বিষয়া ৰবাৰ্ট ব্ৰুচ, নামৰ এজন স্কট অভিযানকাৰীয়ে ১৮২৩ চনত আকস্মিকভাৱে চাহ আৱিষ্কাৰ কৰিছিল বুলি ইতিহাসৰ টোকাত আছে। অসমৰ পূব অঞ্চলৰ হাবি-বননিত ঘূৰি ফুৰোতে তেওঁ এই গছবিধ “বন্য” অৱস্থাত গজি থকা দেখিছিল । আৰু ১৮৩৬ চনত ব্ৰিটিছ বিষয়া ৰবাৰ্ট ব্ৰুচে এই জয়পুৰতে তেওঁলোকৰ সদৰ কাৰ্যালয় স্থাপন কৰিছিলহি। জয়পুৰৰ বনাঞ্চলত তেওঁ পৰ্যৱেক্ষণ কৰি প্ৰাকৃতিক সম্পদৰ ভঁৰালৰ কথা জানিব পাৰি শদিয়াৰপৰা অস্থায়ী সদৰ কাৰ্যালয় উঠাই আনি এই জয়পুৰত স্থায়ীভাৱে সদৰ কাৰ্যালয় স্থাপন কৰিছিল যাতে ভৱিষ্যতে বুঢ়ীদিহিঙেদি চাহৰ বাকচ ইংলণ্ডলৈ পঠাবলৈ সুচল হ’ব যেন দেখি। ব্ৰিটিছ সকলে এই বনজ চাহনি গছৰ পৰাইয়ে চাহবাগান খুলিবলৈ প্ৰচেষ্টা হাতত লৈছিলগৈ বুলি ককাইদেউৱে জনালে। কথাবিলাকৰ যুক্তিযুক্ততা নথকা নহয় । অতি বিচক্ষণ আহোম ৰজা চাও-লুং ছ্যু-কা-ফাই জয়পুৰ অঞ্চলত ৰোপন কৰা বিশেষ বীজৰ কথা চতুৰ ব্ৰিটিছ শাসকে গম পায়েই জয়পুৰত সদৰ পাতিছিলিহি নেকি বাৰু ? বনৰীয়া চাহনি গছৰ ঠাইডোখৰৰ পৰাই মাটিৰ ওপৰত ক্ৰমান্বয়ে আধা ফুট মান ঠিয় শিপা এডাল আৰম্ভ হৈ ক্ৰমান্বয়ে এই উচ্চতা বাঢ়ি গৈ গৈ এখন অতি ওখ বেৰসদৃশ গছৰ চেপেটা শিপাডাল মূল গছৰ গুৰিত সংযুক্ত হৈছেগৈ। মাটিৰ লগত সংযুক্ত ওখ বেৰ সদৃশ শিপাডাল গছৰ গুৰি অংশত প্ৰায় ২০-,২৫ ফুট উচ্চতাৰ আছিল । একেদৰেই মুঠ পাঁচ-ছয়ডাল এনেধৰণৰ বেৰ সদৃশ ওখ গছৰ শিপা গছজোপাৰ লগত সংলগ্ন হৈছিল । এজোপা সুবৃহৎ গছ চকুৰ আগত দেখিবলৈ পালোঁ। দুডাল শিপাবেৰৰ মাজত এটা ৩০° বা ৪০° কোণৰ সৃষ্টি হৈছিল।আমি এই বেৰৰ মাজত সোমাই গছজোপা চাবলৈ চেষ্টা কৰিছিলোঁ । এই ঠাই হেনু বনৰীয়া জন্তুৰ আশ্ৰয়স্থল। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা বাচিবলৈ এই বৃহৎ বেৰ সদৃশ গছৰ শিপা কেইডাল অতিকৈ সুচল বুলি বনৰক্ষী ককাইদেউহঁতে জনালে। বৃহৎ এলেকাজুৰি এই শিপাবেৰ সমূহ সিচঁৰিত হৈ আছিল । যাৰ বাবে গছজোপাৰ চাৰিওফালে এপাক ঘুৰিবলৈ গছৰ গুৰি অংশৰ পৰা পুণৰ আৰম্ভণি হোৱা শিপা আগ অংশলৈকে উভতি যাব লগীয়া হয়। সুবৃহৎ গছজোপা থিয় হৈ ওপৰলৈ চাই পঠিয়ালে গছৰ আগলি অংশ দেখাই পাব নোৱাৰি। বনৰক্ষী ককাইদেউহঁতে কোৱাৰ ধৰণেৰে ওপৰলৈ মুখকৰি শুই চোৱাতহে গছৰ আগলি অংশ ৰিণি ৰিণি কৈ দেখাৰ সৌভাগ্য ঘটিল। ভেল’ গছ জোপাৰ আনুমানিক ওখ প্ৰায় ২৫০ ৰ পৰা ৩০০ ফুট উচ্চতাৰ হ’ব লাগে। এসময়ত এনে বহু গছ এই জয়পুৰৰ অৰণ্যাঞ্চলত আছিল। ব্ৰিটিছ সকলে সৰহ সংখ্যক গছেই কাটি-কুটি ইংলেণ্ডৰ ৰাজপ্ৰসাদ, ৰাজমহলবোৰ শুৱনি কৰিবলৈ লৈ গ’ল বুলি জানিব পাৰিলোঁ। এতিয়া নামমাত্ৰ আঙুলিৰ মুৰত গনিব পৰাকৈ তিনি -চাৰিজোপাহে এনে ভেল’গছ জয়পুৰৰ দিহিং পাটকাই বৰ্ষাৰণ্যত আছেগৈ। সংৰক্ষণ হোৱাটো একান্তই বাঞ্চনীয়। অলপ আগুৱাই গৈ শুকান হৈ হাবিৰ মাজত পৰি থকা মৃত ভেল’ গছ এজোপাৰ ওপৰত উঠিলোঁগৈ। শুকান পৰি থকা বৃহৎ গছজোপাৰ ভিতৰত অংশ প্ৰকাণ্ড ফোঁপোলা গাঁত আৰু দীঘলীয়া যেন দেখা গৈছিল। অন্ধকাৰ বাবে ভালকৈ মনিব নোৱাৰিলোঁ। পঁচি আধা অংশ চিঙি থকা এঠাইত দেখিলোঁ কিবা জন্তুৰ বিষ্ঠা । কেশৱ ককাইদেউৱে এইয়া শিয়ালৰ বিষ্ঠা বুলি আমাক জনালে। এই গছৰ ধোন্দত নানান সৰুসুৰা জীৱ জন্তুৰ প্ৰধান আশ্ৰয় স্থল বুলি জানিব পাৰিলো। কাৰণ ইয়াত বসবাস কৰিলে সিহঁতে বাঘকে ধৰি অন্যান্য মাংসভোজী হিংস্ৰক জন্তুৰ পৰা সহজে হাত সাৰিব পাৰে। 

ভেল’গছৰ চাৰিওফালে এপাক মাৰিবলৈ কিছুদুৰ আগবাঢ়োতেই ৰাতি থিতাপি লোৱা বন্য হাতীৰ জাকটো কাষৰে বাঁহনি এডোখৰত কুমলীয়া বাঁহপাত মুচৰি খাই থকাৰ শব্দ শুনিলোঁ। অতি সন্তপৰ্ণে, বনৰক্ষী ককাইদেউহঁতে শিকোৱাৰ দৰে গৈ একেবাৰে ওচৰৰপৰা বন্য হাতীজাকটো দেখাৰ সৌভাগ্য হ’ল। জাকটোত প্ৰায় ৩০-৪০ টা মান হাতী হ’ব বুলি অনুমান কৰিছিলোঁ। এক পাহৰিব নোৱাৰা ৰোমাঞ্চকৰ অভিজ্ঞতা। একেবাৰে ওচৰৰপৰা প্ৰত্যক্ষ কৰিলোঁ, তাকো বনৰীয়া হাতী। হঠাৎ বনৰক্ষী ককাইদেউ দুজন থৰ হৈ ৰৈ গ’ল। আগলৈ আঙুলিয়াই দেখুৱালে। ডাঠ সেউজীয়া বননিৰ মাজত এহাল শুদ্ধ বগা, অস্বাভাৱিকভাৱে দীঘলনেজীয়া চৰাই উৰি গৈ এজোপা গছত পৰিছে। ডিঙিত ওলমি থকা বাইন’কুলাৰটো লৈ কেশৱ ককাইদেউৱে বহু সময় পৰ্য্যবেক্ষণ কৰি ক’লে চৰাই কেইজনী Paradise Flycatcher। আমিও বাইন’কুলাৰত চালোঁ, সঁচাকৈয়ে সৃষ্টিকৰ্ত্তাৰ কি অপূৰ্ব সৃষ্টি। নেদেখা জনৰ খনিকৰ হাতৰ অপূৰ্ব কলাকুশলতাৰে প্ৰতিটো প্ৰাণী বিচিত্রভাৱে সৃষ্টি কৰিছে। আটাইতকৈ বেছি এই চৰাই চিৰিকতিবোৰৰ গাতে ব্ৰহ্মাণ্ডৰ সকলো ৰং আনি সানি দিছে যেন লাগে। ইটোতকৈ সিটো ইমান বিচিত্র। ইমান মুক্ত ! যলৈকে মন যায় ত’লৈকে উৰি যাব পাৰে, স্বাধীন। ঈর্ষা হয় সিহঁতলৈ। এই অৰণ্যখনত সকলো সময়তে আৰু সকলো ঋতুতে কুকুহা (Crow Pheasant ) ৰ মাত শুনা যায় বুলি বনৰক্ষী ককাইদেউহঁতে জনালে । আৰু আমিও এই অৰণ্যৰ অভ্যন্তৰত প্ৰৱেশ কৰি এটা কথা লক্ষ্য কৰিলোঁ, প্ৰায় সকলোবোৰ ঠাইতে কেইটামান জীৱ-জন্তুৰ বিশেষ শব্দই সমগ্র বৰ্ষাৰণ্যখনত এক জয়াল পৰিবেশৰ সৃষ্টি কৰি ৰাখে।

বনৰক্ষী ককাইদেউহঁতে কৈ যোৱা, দেখুওৱা দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুষমা বিলাক শুনিয়েই থাকিম , চাবলৈ অৰণ্যৰ প্ৰতিটো লুংলুঙীয়া পথেৰে ইফালে- সিফালে গৈয়ে থাকিম যেন লাগিছিল। কি এক অপূৰ্ব সমাহাৰ। শৰীৰত হিমচেঁচা এক ঠাণ্ডা পৰিৱেশ অনবৰতে লাগি থাকে। প্ৰদূষণৰ এটি কণিকাও যেন এই অৰণ্যত বিয়পিবলৈ দিয়া নাই অৰণ্যৰ চাৰিখন তৰপীয় উদ্ভিদৰ সমাহাৰত। যেনেকৈ প্ৰখৰ সূৰ্যৰ ৰশ্মিকো অৰণ্যখনে বাধা দি ৰাখিছে। এনেকুৱা সুষমা বিচাৰিয়েই এই দিহিং পাটকাই বৰ্ষাৰণ্যৰ অভ্যন্তৰত প্ৰৱেশ কৰিছিলোঁহি আৰু ভবাতকৈও বেছি পালোঁ। তথাপিও মন অপুৰণ । বনৰক্ষী ককাইদেউহঁতক কৃতজ্ঞতা জ্ঞাপন কৰি আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে আমি সুগৰি পথাৰ ফৰেষ্ট কেম্পৰ পৰা সেইদিনা আবেলি জয়পুৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। 

                                    

*******

One comment

  • Mridusmita Phukan

    সুন্দৰ বৰ্ণনা। চকুৰ আগত ভাঁহি উঠিছে। এই অঞ্চলটোৰ প্ৰতি যথেষ্ট আকৰ্ষণ আছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *