কাজলী-ড. মৃদুস্মিতা ফুকন

হাতী, মাউত-ফান্দী আৰু হাতী চিকাৰৰ এক বিচিত্ৰ ৰোমাঞ্চকৰ পটভূমিত, এক অভিনৱ বিষয়বস্তুৰে ৰচিত এখন অগতানুগতিক উপন্যাস অমৰ বৰা ৰচিত ‘কাজলী’। উপন্যাসখনৰ নাম ভূমিকাত থকা এই কাজলী হৈছে এজনী হাতী। বন্যপ্ৰাণীৰ জীয়া জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা এই উপন্যাসখনৰ কাহিনীৰ গতিশীলতাই ‘কাজলী’ক নিশ্চয়কৈ এক অনন্য মাত্ৰা প্ৰদান কৰিছে।উপন্যাসখনৰ পাতে পাতে আছে কাজলী, নয়নমণি, পদ্মা, গদাধৰ, জয়মতী, বাহাদুৰ, কাৰ্তিক, চেনেহী আদি অনেক চতুষ্পদীৰ জীৱনৰ লগতে অধুনালুপ্ত হাতী চিকাৰ, হাতী পিলখানা আৰু তাত সংযুক্ত বটু, পেটুকণ আদি মাউত-ফান্দী-ঘাঁহীৰ হাঁহি-কান্দোনেৰে বিঢৌত জীৱনযাত্ৰা। সৰ্ব সাধাৰণ মানুহে ঢুকি নোপোৱা এনে জীৱনবোৰে পাঠকক এক বিস্ময়ভৰা জগতলৈ লৈ গৈছে। তদুপৰি লেখকে কাজলীক কেন্দ্ৰ কৰি হাতীৰ বিভিন্ন দিশ সামৰি ৰচনা কৰা এই উপন্যাসখনত বুঢ়া বাঘ, ফেউৰা, ঢেঁকীয়াপতীয়া, বনমেকুৰী, ফুটুকী হৰিণা, ছাগলী পহু, গোনা ম’হ, গাহৰি আদি অনেক বন্যপ্ৰাণীৰ লগতে মানুহ আৰু প্ৰকৃতিৰ মাজৰ এক সম্পৰ্ক অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছে।
সহজ-সৰল ভাষা আৰু অনন্য প্ৰকাশভংগীয়ে উপন্যাসখন সুখপাঠ্য কৰি তুলিছে। বিশেষকৈ হাতী-বিষয়ক বিভিন্ন শব্দ- যেনে কুনকী, চানা, কিৰিঙা, মখনা, ফান্দী, বৰফান্দী, চাহান, ডেগী, নাকদেওনা, দোহৰা, পিলখানা, হাওদা, ভাগী, ধুৰী, ফান্দজৰী, বহুনা, মেলা চিকাৰ, বইচ মনোৱা আদি শব্দই নিশ্চয়কৈ আগ্ৰহীজনক এক সুকীয়া জ্ঞান প্ৰদান কৰিব। সেইদৰে মাউত শব্দৰ আঁতি-গুৰি, চটুৱা মন্ত্ৰ, হাতী ধৰা কৌশল, হাতীক বইঠ, আগেত, ধাত, বিৰি, ছেই আদি শব্দ শিকোৱাৰ দিহা, হাতীক নিমখ খুওৱা প্ৰক্ৰিয়া আদিয়ে পাঠকক এখন অনন্য জগতলৈ লৈ যাব।সেইদৰে উপন্যাসখনত বৰ্ণিত হৈ আছে অসমত হাতী-দাঁতৰ ব্যৱহাৰ আৰু ইয়াৰ আদৰৰ বিভিন্ন কাৰণ।
গঁড়ৰ পেটত নিমখ সুমুৱাই গঁড় পোতা, হাতী ধৰা জৰী বটা, দুলচী বটা, কুঁজি থেকেৰা খচি নিমখ দিয়া পানী খোৱা,বাঘে চোং পতা আদি কাৰ্যবোৰ পাঠকৰ বাবে নিশ্চয়কৈ উৎসুকতাৰ কাৰণ হ’ব।
টিনপাতৰ ঘৰত নিয়ৰ পৰি হোৱা শব্দ, তলসৰা বকুলৰ গোন্ধ, দাৱনীৰ লাৱনী হাত আদিয়ে ঔপন্যাসিকৰ সূক্ষ্ম দৃষ্টিভংগীৰ উমান দিয়ে। উপন্যাসখনত থকা অপইতা ধান, অবুজনক বুজোৱা ঢেৰুৱা ঠাৰি সিজোৱা, সাত সাগৰ তেৰ নদী পাৰ হোৱা, হাতী টেঙেচি, সিৰামুৰিয়ে ধৰা, বাটে পোৱালি মেলা, নিৰলা পঁজা, মদালস খোজ, চম্পাফুলীয়া হাঁহি, গাদী-গেদেলা, চেৰাগুলি, গজমূৰা, কণগেলা তামোল, পিৰীতিৰ পাক, অজান্তিমুলুক আদি থলুৱা শব্দৰ ব্যৱহাৰে উপন্যাসখন সুখপাঠ্য কৰি তুলিছে।
লেখকৰ কল্পনা, বাস্তৱ আৰু অনুভূতি – এই ত্ৰিধাৰাৰ মিলনেৰে ৰচনা কৰা ‘কাজলী’ নিঃসন্দেহে অসমীয়া সাহিত্যৰ জগতলৈ এই অনন্য সংযোজন।
কৰ’নাৰ ইতিবাচক ফচল হিচাপে আমাৰ হাতত পৰিছেহি ‘কাজলী’। অমৰ বৰাৰ প্ৰথম সৃষ্টি হ’লেও উপন্যাসখন এনে এখন পৈণত উপন্যাস যে, ই লেখকৰ প্ৰথম সৃষ্টি বুলি কোনো পধ্যেই বিশ্বাস কৰিব নোৱাৰি। ২০২০ চনৰ লকডাউনৰ সময়ছোৱাতে অমৰ বৰাই প্ৰথম ফেচবুকৰ পাততে, তেওঁৰ হাতীৰ প্ৰতি থকা অহৈতুক প্ৰীতিৰ আধাৰত এই উপন্যাসখন ৰচনা কৰিছিল। তেতিয়াই পাঠকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল ‘কাজলী’য়ে। কিন্তু দুৰ্ভাগ্যবশত: অকস্মাতে ২০২১ চনৰ ১৪ ছেপ্টেম্বৰত এই কাল কৰ’নাই আমাৰ মাজৰপৰা কাঢ়ি লৈ গ’ল এই প্ৰতিভাবান লেখকগৰাকীক।বৰাৰ জীৱিত কালত সম্ভৱ নহ’লেও এই উপন্যাসখনে অসমৰ উল্লেখযোগ্য প্ৰকাশন ‘সঞ্জীৱন প্ৰকাশন’ৰ প্ৰচেষ্টাত ২০২১ চনৰ ডিচেম্বৰ মাহত ছপা ৰূপ ল’লে। আমাৰ বিশ্বাস সুন্দৰ বেটুপাত আৰু আটকধুনীয়া ছপাৰে বৰ্তমান বজাৰত উপলব্ধ ‘কাজলী’য়ে ছপা ৰূপতো নিশ্চয়কৈ পাঠকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হ’ব।
*******
