কবিতাৰ সংজ্ঞাৰ আঁত ধৰি-ৰঞ্জিত কুমাৰ শৰ্মা
কবিতাক সংজ্ঞাৰে বান্ধি ৰাখিব পাৰিনে?কবিতা ৰচনাৰ বাবে কোনেও কোনো ধৰাবন্ধা নিয়ম বা শৈলী নিৰ্ধাৰণ কৰি নিদিলেও বিভিন্ন সময়ত কবি- সমালোচক, দাৰ্শনিক পণ্ডিতে কবিতাৰ সংজ্ঞা দি থৈ গৈছে৷কাশ্মীৰী কবি, সাহিত্যিক-সমালোচক আনন্দবর্ধনে এক হাজাৰ বছৰৰ আগতেই ইঙ্গিতেই কবিতা বুলি কৈ গৈছে৷ ইংৰাজ কবি, নাট্যকাৰ, সাহিত্য সমালোচক টি.এছ. এলিয়টে কবিতাই অর্থ বুজি পোৱাৰ আগতেই পাঠকক কিবা এটা দিয়ে বুলি কৈ গৈছে৷প্রায় আঢ়ৈ হাজাৰ বছৰৰ আগতে এৰিষ্টটলে দিয়া কবিতাৰ সংজ্ঞামতে — ‘Poetry is a recreation of reality’. ইংৰাজ কবি, সমালোচক মেথিউ আর্ণল্ডে কৈ গৈছে— ‘Poetry is the criticism of life’৷ভাৰতীয় সংস্কৃত আলংকাৰিক ভামহে কৈছিল ‘শব্দার্থো সহিতৌ কাব্যম্’। অৰ্থাৎ শব্দ আৰু অৰ্থৰ মিলনেই কাব্য৷ মাৰ্কিন কবি ৰবাৰ্ট ফ্ৰষ্টে এই কথাষাৰকে অলপ বেলেগকৈ কৈ গৈছে৷ তেওঁ কবিতাক ‘A performance in word’ বুলি কৈছে৷ ইংলেণ্ডৰ ব্যঙ্গলেখক, কবি-সমালোচক ছেমুৱেল জনচনৰ মতে ছন্দোবদ্ধ ৰচনাই কবিতা৷ ইংৰাজী ৰোমাণ্টিক কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ মতে নিৰৱে সোঁৱৰা হিয়াৰ আৱেগেই কবিতা৷ ইংৰাজ ৰোমাণ্টিক কবি-সমালোচক জেইমছ হেনৰী লি হাণ্টৰৰ মতে সৌন্দৰ্যৰ প্ৰতি অনুৰাগেই কবিতা৷ সংস্কৃত আলংকাৰিক, কবি বিশ্বনাথ কবিৰাজৰ মতে ‘বাক্যম ৰসাত্মকম্ কাব্যম’৷ অৰ্থাৎ ৰসাত্মক বাক্যই কবিতা৷ এনেদৰে বিভিন্ন কবি-সমালোচক, পণ্ডিত-দাৰ্শনিকে সময়ে সময়ে কবিতাৰ বিভিন্ন সজ্ঞা দি গৈছে৷ তদানীন্তন সময়ৰ চিন্তা, অনুভৱ, উপলব্ধি আদিৰে এই সংজ্ঞাবোৰ নিৰূপণ হোৱা যেন লাগে৷ কবিতাৰ সকলো সংজ্ঞা বুজা আৰু সকলো আধুনিক কবিতা বুজাৰ মাজত মই সাদৃশ্য বিচাৰি পাওঁ৷ সংজ্ঞাবোৰ আমি কিদৰে গ্ৰহণ কৰিব পাৰোঁ সেইটোহে মূল কথা৷ কিন্তু আমি কবিতা লিখোঁতে কবিতাৰ সংজ্ঞাবোৰ মনত পেলাই নিৰ্দিষ্ট কিবা নিয়মত জানো কবিতা লিখোঁ? নিলিখোঁ৷ কিয়নো তেনেকৈ কবিতা লিখিব নোৱাৰি৷ আমাৰ মনৰ আৱেগ-অনুভূতি, উপলব্ধি, অনুভৱ আদি যদি গদ্যৰ পৰা ফালৰি কাটি অলপ আওপকীয়াকৈ প্ৰকাশ কৰাৰ চেষ্টা কৰোঁ তেনেদৰেই কবিতাৰ সৃষ্টি হয়৷ বাৰম্বাৰ চেষ্টা, চিন্তা আৰু প্ৰয়াসে কবিতা বুলি লিখা শব্দ, বাক্যবোৰক প্ৰকৃততে কবিতাৰ শাৰীলৈ উত্তৰণ ঘটায়৷ কিন্তু শিল ঘহি-পিহি মসৃণ কৰাৰ দৰে অধ্যয়ন আৰু অনুশীলনেহে কবিতাও মসৃণ কৰে৷ কবিতাই কথা কয়৷ কবিতাই জীৱনৰ কথা কয়, সমাজৰো কথা কয়৷ শব্দই কবিসকলৰ ভাব প্ৰকাশৰ মাধ্যম। গতিকে কবিতা লিখিবলৈ শব্দৰ কচৰৎ লাগিবই৷ কবিতাত উপযুক্ত শব্দ যথাস্থানত অৰ্থৱহভাৱে বহিব লাগিব৷ শব্দ আৰু শাৰীয়ে যদি বৈজ্ঞানিক সত্যতাক অস্বীকাৰ কৰে তেন্তে পাঠকৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে৷
ছন্দ, গীতিময়তা, লয়, ব্যঞ্জনা, প্ৰতীক, ৰূপক, চিত্ৰকল্প, শব্দৰ শৈল্পিক প্ৰয়োগ আদিয়ে কবিতাক মসৃণ কৰে, কবিতা মনোগ্ৰাহী কৰে৷কিন্তু একেটা কবিতাতে এই সকলো অলংকাৰ যে থাকিব তেনেকুৱাও নহয়৷আৰু এটা কথা, হৃদয়ৰ অনুভৱ, মগজুৰ চিন্তা কবিতাৰ আকাৰত লিখি থাকোতেহে কবিতাত অলংকাৰ সোমায়, কবিয়ে লিখাৰ আগতেই সকলো যতনাই নথয়৷সেইকাৰণে মই ভাবো, নিজে লিখা কবিতা এটিৰ প্ৰথম পাঠক যদি নিজেই হওঁ আৰু হাতত সময় ৰাখি নিজৰেই সদ্যসৃষ্ট কবিতা এটা যদি দহবাৰমান পঢ়োঁ আৰু প্ৰয়োজনত শব্দ-বাক্যৰ যোগ-বিয়োগ কৰোঁ, তেন্তে সেই কবিতাৰ মান উন্নত হ’বই৷কবিতাৰ অলংকাৰবোৰৰ বিষয়ে অভিধান এখন মুখস্থ কৰাৰ দৰে জ্ঞান আমাৰ নাথাকিব পাৰে কিন্তু ‘অ-ফলা’ ‘ক-ফলা’ জনাৰ দৰে জ্ঞানখিনিও নাথাকিবনে? কবি হ’বলৈ অন্ততঃ সেইকণ জ্ঞান নিশ্চয় লাগিব৷
সাহিত্যৰ প্ৰাচীন উপাদানেই হ’ল কাব্য৷লোক কবিতাৰ বুকুতে আউজি অসমীয়া কবিতাৰো জন্ম হৈছিল৷ চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, শূন্য পুৰাণৰ আদি যুগৰপৰা মধ্য যুগ অতিক্ৰমি সাম্প্ৰতিক যুগলৈ অসমীয়া কবিতাই প্ৰায় দহটা শতিকাৰ বৰ্ণিল যাত্ৰা কৰিছে৷এই যাত্ৰা আজিও অব্যাহত আছে, আগলৈও থাকিব৷ভক্তিৰসেৰে আৰম্ভ হোৱা কাব্যৰ জগতখনে পৰৱৰ্তীকালত প্ৰকৃতি আৰু প্ৰেমক আঁকোৱালি লৈ সামাজিক চেতনা, বিশ্ব চেতনাকো সামৰি লৈছে৷ আধুনিক সমাজৰ চিন্তা-চৰ্চাই কবিতাকো আধুনিক কৰি তুলিছে৷আধুনিক কবিতাই কেৱল হৃদয়ৰ অনুভৱেই প্ৰকাশ নকৰে, বুদ্ধিৰ প্ৰয়োগেৰে পাঠকৰ চিন্তাৰ উদ্ৰেগ জগায়৷মন-মগজুক জাগ্ৰত কৰে৷ সেয়ে আধুনিক কবিতাক ব্যঞ্জনাময় সৌন্দৰ্যৰ প্ৰতীক বুলি কোৱা হয়৷ আৰু এইখিনিতে বিতৰ্কৰ সৃষ্টি হয়৷ আধুনিক কবিতা দুৰ্বোধ্য, আজিৰ কবিতা পঢ়ি আমেজ পোৱা নাযায়, আজিৰ কবিতাৰ অৰ্থ কবি গৰাকীয়ে নিজেই বুজেনে বুলি আলোচনা হয়, প্ৰশ্নও উঠে৷ কবিতা সঁচাকৈয়ে দুৰ্বোধ্য হয় নে নহয় তাকে লৈ ভিন্ন মত থাকিব পাৰে, থকাটো স্বাভাৱিক৷ কিছুমান কবিতা বুজিবলৈ পাঠকেও পঢ়া-শুনা কৰিব লাগিব, কবিগৰাকীক বুজিব লাগিব বা কবিতাৰ সৃষ্টিৰ সময়ক জানিব লাগিব আদি কথাবোৰো উত্থাপন হয়৷ কিন্তু এয়াওতো সত্য যে কবিতা এটাৰ অৰ্থ সম্পূৰ্ণ নুবুজাকৈ কবিতাটোৰ ৰস পান কৰিব পাৰি, কবিৰ অনুভৱ উপলব্ধি কৰিব পাৰি৷ অৱশ্যে কবিতাত অধিক বুদ্ধিমত্তা খটুৱালে তেনে কবিতা উৎকৃষ্ট হ’লেও পাঠকে গ্ৰহণ নকৰিবও পাৰে৷ অৰ্থাৎ উচ্চমানৰ কবিতা আৰু সাধাৰণ পাঠকে ভালপোৱা কবিতা একে নহ’লে তাত আচৰিত হ’বলগা নাথাকে৷
মই ভাবো, সাম্প্ৰতিক সময়ত যিমান কবিতাৰ সৃষ্টি হৈছে সেই অনুপাতে কবিতাৰ আলোচনা হোৱা নাই৷ আলোচনা নহ’লে আজিৰ কবিতাৰ উচিত মূল্যায়ন নহ’ব৷ নতুন কবিৰ মনতো এই আশংকা থাকি যাব— ‘এহ্ মই লিখা কবিতাবোৰ কবিতা হয়নে? মই লিখা কোনটো কবিতা হয়, কোনটো নহয় সেই উত্তৰ কোনে দিব? নে সদুত্তৰ নোপোৱাকৈ এই প্ৰশ্নবোৰ ৰৈ যাব?’ পিচে আলোচনা হ’লেও নতুন কবিয়ে সেই আলোচনা শুনিব লাগিব বা পঢ়িব লাগিব৷ পাঠকেও কবিতাৰ নামত অখাদ্য খাব জানো?
*******
