‎চি চি টিভি,‎মূলঃ অমিতাভ প্ৰামাণিক,‎অনুবাদ-মামণি কলিতা

‎আমাৰ প্ৰিয় বলাই দা সকলোৰে মাজত বুলা দা নামেৰে পৰিচিত।কাৰো হাতে-পাঁচে একোতে তেওঁ নাথাকে। যিটো ফ্লেটত তেওঁ থাকে তাৰ তলতে তেওঁৰ এখন সৰু দোকান আছে।তেওঁ সদায় সোনকালে দোকানখন খোলে।সেই ফ্লেটৰে এদল উদণ্ড ল’ৰাই সদায় ৰাতিপুৱা দোকানৰ সন্মুখৰ ৰাস্তাত ক্ৰিকেট খেলা আৰম্ভ কৰে। প্ৰায়েই বল বুলা দাৰ দোকানৰ ভিতৰত সোমায়। স্বাভাৱিকতেই এই ঘটনাত তেওঁৰ বৰ খং উঠে আৰু তেওঁ ল’ৰাবোৰক তাত খেলিবলৈ মানা কৰে। কিন্তু ক’ত আৰু তেওঁৰ কথা শুনিব ল’ৰাহঁতে, সিহঁতে তাতেই খেলি থাকে। এইবোৰ দেখি কাকো একো ক’ব নোৱাৰি বুলা দাই নিজৰ মনতে গুজৰি-গুমৰি থাকে। এয়া তেওঁলোকৰ নিত্যনৈমিত্তিক ঘটনা। এদিন ৰাতিপুৱা বুলা দাই মনতে ভাবিলে যে আজি দোকান খোলাৰ আগতেই ইয়াৰ কিবা এটা ব্যৱস্থা কৰা যাওক। যেনেদৰে ভাবিলে তেনেদৰেই কৰিবলৈ তেওঁ সিদ্ধান্ত ল’লে। ৰাতিপুৱা ফ্লেটৰ মূল গেটৰ ওচৰত এডাল লাঠি হাতত লৈ থিয় হৈ ৰ’ল। প্ৰতিদিনৰ দৰেই ল’ৰাবোৰে হাতত বেট-বল লৈ ফ্লেটৰ পৰা নামি আহোঁতেই বুলাদাই লাঠিৰে কোবাবলৈ আৰম্ভ কৰিলে। “বাবা-গো” “মা-গো” বুলি চিঞৰি ল’ৰাবোৰ মাটিত লুটি খাই পৰিল। ইফালে ফ্লেটৰ মূল গেটত চি চি কেমেৰা লগোৱা আছিল বোলা কথাটো বুলা দাই একেবাৰে পাহৰি গ’ল। গোটেই ঘটনাটো চি চি টিভিৰ কেমেৰাত বন্দী হৈ ৰ’ল। ল’ৰাবোৰৰ অভিভাৱকসকলে চি চি কেমেৰাৰ ফুটেজ দেখুৱাই পুলিচক অভিযোগ দিলে যে বিনা কাৰণত বুলা দাই ল’ৰাবোৰক পিটিছে। চি চি কেমেৰাৰ ফুটেজ চাই দেখে যে সঁচাই বুলা দাই ল’ৰাবোৰক পিটিছে। এই তথ্যৰ ওপৰত নিৰ্ভৰ কৰি বুলা দাক শাস্তি প্ৰদান কৰা হয়। চি চি টিভিৰ কেমেৰাত ঘটনাৰ ফুটেজহে ৰৈ যায়, তাৰ অন্তৰ্নিহিত কাৰণ দেখা নাযায়। থকা হ’লে আজি বুলা দাই শাস্তি নাপালেহেঁতেন।

*******

3 Comments

  • r777game? Yeah, I’ve played there a few times. The interface is clean and the games run smoothly. Give it a shot, you might get lucky. Find it here r777game

    Reply
  • Yo, Bet27’s been alright to me. Solid selection of games and the payouts are pretty quick. Definitely worth checking out if you’re looking for something new. Remember to gamble responsibly, eh? Give bet27 a shot!

    Reply
  • Getenvied in GGGBplataforma other day and found some decent deals. Website’s layout could be better but the signup bonuses are nice. Got couple of friends playing now, they say same thing. You should ggbbplataforma give it a try yourself!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *