অক্সিজেন থেৰাপি-কুমকুম শৰ্মাবৰুৱা

‘জীতেন অ’, কোনফালে যোৱানো?আহাঁচোন এইফালে,’……নুমলি আইতাই আগ্ৰহেৰে মাতিলে।
‘জেঠাই,ইয়ালৈকে আহিছোঁ।আপোনালোকৰ ৰবীন ককাইদেৱে মোক ৰঘূ গছজোপা কাটিবলৈ মাতিছিল,’
জীতেনে সোমাই আহি ক’লে।
‘ অ’ হয়নেকি।সেইজোপা সিনো কেলেই কটাব খুজিছে । ৰ’বা সোধো তাক মই।’
‘ট্ৰেক্টৰখন থ’বলৈ গেৰেজ এটা সাজিব খুজিছোঁ আৰু এনেয়েও ইমান পাতবোৰ সৰি থাকে তলত,’ ৰবীনে ওলাই আহি ক’লে।
‘তাৰ তলতে সাজিলেই হ’ব ট্ৰেক্টৰখন থোৱা ঘৰ।নেকাটিলেও জুৰিব।গছজোপাই ছাঁ পেলাই গোটেই ঘৰটোকে জুৰ পেলাই থয়।অতবোৰ চৰাই -চিৰিকটিয়ে বাঁহ লৈছে।তোৰ বেয়া নালাগিলনে সেইজোপা কটাবলৈ।নেলাগে কাটিব। জীতেন ,তুমি বাৰীখনৰ অপতৃণবোৰকে উঠোৱাগৈ। ৰ’বা ,চাহ অকণ খাই লোৱা।’
নুমলি আইতাই লৰালৰিকৈ চাহ এটোপা বাকি লগত ৰুটী এখনে কল এটাই আনি জীতেনক দিলেহি।জীতেনে খাই লৈ কামত ধৰিলে।
তেনেকুৱাতে ৰিংকু আহিল আইতাৰ ওচৰলৈ।
‘আইতা গৰমৰ বন্ধত কেনিও নোযোৱানেকি,’
আইতাকক গবামাৰি ধৰি সি সুধিলে।
‘মাৰাৰ অফিচ,দেউতাৰাৰ অফিচ,তেওঁলোকে ছুটী পালেহে যাব পাৰিম আমিও। তুমি গাখীৰকণ খালানে বাৰু?
‘খালো আইতা। তুমি জীতেন খুড়াক কিয় গছজোপা কাটিবলৈ মানা কৰিলা আইতা।’
‘সোণ, তুমি মোৰ ওচৰত বহা অলপ সময়।মই ভালকৈ বুজাই দিম তোমাক।
‘গছে আমাক জীৱনদায়িনী অম্লজানৰ (oxygen) যোগান ধৰে।লগতে আমাৰ কাৰণে অপকাৰী এঙাৰ গেছৰ (কাৰ্বন -ডাই-অক্সাইড্) পৰা খাদ্য প্ৰস্তুত কৰে।
ৰুণিয়ে কি কৰিছে।মাতি আনা যোৱাঁ। মই অলপ ভালকৈ বুজাই দিম।’
আইতাৰ নাতি ৰিংকু চতুৰ্থমানত আৰু ৰুণি দশমমানত পঢ়ে।
ৰিংকুৱে ৰুণিক হাতত ধৰি টানি লৈ আনিলেগৈ।আইতাৰ কামো নাই তেনেকৈ।বোৱাৰীয়েক ৰশ্মিয়ে ভাত-পানী ৰান্ধি থৈ গৈছেই।বাঢ়ি লৈ খালেই হয়।সেয়ে নাতি দুটাক পঢ়া-শুনাৰ কথাকে বুজাই থাকে আইতাই। বিদ্যালয়ৰ গৃহকৰ্মখিনিও চাই দিয়ে। তেখেত বিজ্ঞান শাখাত পঢ়া আছিল যদিও সকলো বিষয় পঢ়াব পাৰে সিহঁতক। দুয়োটা নাতি পঢ়াত ভাল।
ৰুণিয়ে ক’লে , ‘আইতা কোৱাঁ এতিয়া।’
‘গছে নিজৰ আহাৰ তৈয়াৰ কৰোঁতে সূৰ্য্যৰ পোহৰৰ সহায়ত অৰ্থাৎ দিনত পাতত থকা হৰিৎকণা (ক্ল’ৰ’ফিল), এঙাৰ গেছ আৰু পানীৰপৰাই শ্বেতসাৰ আৰু অম্লজান তৈয়াৰ কৰে।বায়ুৰপৰা এঙাৰ গেছ খৰচ হৈ অম্লজান তৈয়াৰ হৈ থাকে।এই এঙাৰ গেছ (কাৰ্বন-ডাই- অক্সাইড ) গছে ব্যৱহাৰ নকৰিলে বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বাঢ়ি গৈ থাকিব আৰু লগতে পৃথিৱীৰ তাপমাত্ৰাও বাঢ়ি যাব।’
‘আইতা ,এতিয়াই ইমান গৰম ।মানুহ থাকিব নোৱাৰা হ’ব পৃথিৱীত,’ ৰুণিয়ে মাত লগালে।
‘তাকেইতো।প্ৰাণীয়ে শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াত উশাহ লওঁতে অম্লজান গেছ লয় আৰু নিশাহত এঙাৰ গেছ এৰি দিয়ে। গতিকে বায়ুমণ্ডলত অম্লজান গেছ আৰু এঙাৰ গেছৰ অনুপাতটো মিলি নাথাকে। যদিহে গছবোৰ কাটি পেলোৱা হয় বায়ুমণ্ডলত প্ৰাণীৰ দৰকাৰী অম্লজান গেছৰ নাটনি হৈ পৰিব আৰু এঙাৰ গেছৰ পৰিমাণ বাঢ়ি যাব।’
ৰুণিয়ে মাত লগালে, ‘আইতা,গছেও উশাহত অম্লজান গেছ লয়।’
নুমলি আইতাই ৰুণিক মৰম কৰি কৰি ক’লে, ‘হয় আইজনী, তুমি ঠিকেই কৈছা।গছেও উশাহত অম্লজান গেছ লয় আৰু নিজে তৈয়াৰ কৰা শ্বেতসাৰ ভাঙি পুনৰ এঙাৰ গেছ ,পানী আৰু শক্তিলৈ ৰূপান্তৰ কৰে। এজোপা গছ জীয়াই থাকিবলৈ আৰু বাঢ়ি থাকিবলৈ হ’লে এইখিনি হ’বই লাগিব।কিন্তু গছৰ পাতৰ হৰিৎকণাই খাদ্য প্ৰস্তুত কৰোঁতে যিমান অম্লজান উৎপন্ন কৰে তাৰ তুলনাত খৰছ বৰ সামান্যহে কৰে। গতিকে প্ৰাণী জীয়াই থাকিবলৈ হ’লে গছো থাকিবই লাগিব।’
ৰিংকুৱে মাত লগালে , ‘সেইকাৰণে আইতা প্ৰতিবছৰে ৫ জুনত ‘ বিশ্ব পৰিৱেশ দিৱস’ত বহুত গছপুলি ৰোপন কৰে। আইতা,যাদৱ পায়েং বোলা লোকজনে যে ব্ৰহ্মপুত্ৰৰ চাপৰিত গছপুলি ৰুই ৰুই এখন ডাঙৰ হাবিয়েই বনাই দিলে ন। তাততো বাঘো আছে বোলে।’
‘অ সোণ , হয় কথাটো ।তুমিও আজিকালি বহুত কথাই জানা দেখোন। এতিয়া মানুহৰ অসুখ হ’লে অক্সিজেন দিয়ে যে?মেডিকেলত দেখিছা অক্সিজেনৰ চিলিণ্ডাৰবোৰ ,তাত ভৰাবলৈ ক’ত ইমান অক্সিজেন গেছ পায়।বায়ুমণ্ডলৰ পৰাই এইবোৰ উৎপাদন কৰে। ৰোগীয়ে যেতিয়া ভালদৰে উশাহ-নিশাহ ল’ব নোৱাৰা হয় আৰু শৰীৰত অক্সিজেনৰ মাত্ৰা কমি যায় তেতিয়াই ‘অক্সিজেন থেৰাপি’ ব্যৱহাৰ কৰা হয় ।এটা মাস্ক লগাই পাইপৰ সহায়ত অক্সিজেন গেছ নাকেদি ভৰাই দিয়া হয়।’
‘ আইতা তোমাকো আগৰবাৰ জ্বৰ হওঁতে অক্সিজেন আৰু চেলাইন দুয়োটা দিছিলে ।মই যে ভয় খাই কান্দিছিলো আৰু তুমি যে হাঁহিছিলা অলপকৈ।’
‘ অ মোৰ সোণটো ,মোৰ সেইবাৰ গাটো অলপ বেচি বেয়া হৈছিল । ভাল পায় অ’ ল’ৰাকণে মোক ,’ আইতাই ৰিংকুৰ মূৰতে চুমা এটা খালে।
‘ আইতা, এৰোপ্লেনতো থাকে চিটৰ ওপৰত।’
‘ অ দেখিছোঁ দেখিছোঁ।’
ৰুণিয়ে ক’লে,’ আইতা বায়ুৰপৰা অক্সিজেন কেনেকৈ বনায় মই জানো নহয় ।প্ৰথমতে বায়ুত অত্যন্ত চাপ দি আৰু তাপমাত্ৰা অত্যন্ত কমাই জুলীয়া বা তৰল পদাৰ্থ কৰি লয়। জুলীয়া বায়ু পাতল নীলা ৰঙৰ।ইয়াক বিশেষ ধৰণেৰে তৈয়াৰ কৰা পাত্ৰতহে থ’ব পাৰি।নহ’লে ই আকৌ সহজেই বায়বীয় অৱস্থালৈ গুছি যাব।তাৰ পিছত অলপ অলপকৈ তাপ দি বেলেগ বেলেগ তাপমাত্ৰাত বেলেগ বেলেগ গেছ উলিয়াই থাকে,যেনে -নাইট্ৰ’জেন ,আৰ্গন,অম্লজান ইত্যাদি।নাইট্ৰ’জেন (nitrogen) গেছ ফুড পেকেজিং যেনে আমি খোৱা চিপচ্ ইত্যাদি পেকেটত ভৰায় আৰু আৰ্গন (argon) এই লাইটৰ বাল্ববোৰত ভৰায়।’
আইতাই মাত লগালে , ‘ নাইট্ৰ’জেনে বায়ুমণ্ডলত এটা বৰ ডাঙৰ কাম কৰে জানানে? ই জুই জ্বলাত সহায় নকৰে।তাৰ ফলত জুই এঠাইত জ্বলিলে বতাহত দূৰলৈকে বিয়পি নাযায়।’
‘সেইটো কিন্তু বহুত উপকাৰী কাম। আইতা অ’জন গেছো অম্লজানৰ নিচিনাই, নহয়নে বাৰু, ‘ ৰিংকুৱে মাত লগালে।
‘ঠিকেই কৈছা সোণ , অম্লজানৰ এটা অণুত দুটা একেধৰণৰ পৰমাণু থাকে।O+O=O₂ , কিন্তু অ’জনৰ এটা অণুত অম্লজানৰে তিনিটা পৰমাণু থাকে,
O+O+O=O₃. এই অ’জন গেছ বায়ুমণ্ডলৰ তলত অৰ্থাৎ পৃথিৱী পৃষ্ঠৰ ওচৰত থাকিলে আমাৰ কাৰণে ই এটা বিষাক্ত গেছ। ই প্ৰাণী আৰু উদ্ভিদ উভয়ৰে স্বাস্থ্যৰ অপকাৰ কৰে।কাহ,ডিঙিৰ সুৰসুৰণি, হাপানী আদি ৰোগ ই বেছি কৰি দিব পাৰে। কিন্তু বায়ুমণ্ডলৰ একেবাৰে ওপৰত ই সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিকে ধৰি বহুতো অপকাৰী ৰশ্মি পৃথিৱীলৈ আহিবলৈ নিদিয়াকৈ ধৰি ৰাখে। সেয়ে ওপৰত থকা অ’জনে পৃথিৱীৰ জীৱজগতক বৰ উপকাৰ কৰিছে। তাতে অলপ ফুটা ওলাই বহল হৈ গৈছিল।এতিয়া আকৌ ঠিক অৱস্থালৈ আহিছে অলপ।ওপৰত অ’জন চামনিটো থকাহে ভাল।’
‘হয় আইতা।মানুহৰ কিছুমান কামৰ কাৰণেই পৃথিৱী খনৰ পৰিৱেশ বাস অনুপযোগী হৈ আহিছে। বহুতে কথাবোৰ নুবুজে। এই ৰিফ্ৰিজাৰেটৰ,বাতানুকুল যন্ত্ৰ ইত্যাদিৰ ব্যৱহাৰে বায়ুমণ্ডলত অপকাৰী গেছ ক্লৰ’ফ্লৰ’কাৰ্বন (CFC ) আদি বঢ়াই তুলিছে আৰু তাৰ ফলতেই অ’জনৰ চামণিটোত (layer) ফুটা ওলাইছে , ‘ ৰুণিয়ে ক’লে।
আইতাই মাত লগালে, ‘সেইকাৰণেই মই আজি গছজোপা কাটিবলৈ মানা কৰিলোঁ। বুজি পালা । বায়ুমণ্ডলত অম্লজান প্ৰস্তুত কৰে কেৱল গছৰ পাতে শ্বেতসাৰ তৈয়াৰ কৰোঁতে। থাকক গছজোপা। চৰাই-চিৰিকটিও পৰেহি।আমাৰো ঘৰটোলৈ ছাঁ হৈছে।বতাহো মাৰে পাতবোৰে ।মোৰ কোঠাত এচিটো নচলাৱেঁই। ফুলবোৰো দেখিবলৈ ধুনীয়া।প্ৰায় গোটেই বছৰ ফুলিয়েই থাকে।তাৰ তলতে ট্ৰেক্টৰখন থ’বলৈ ঘৰ সাজিবলৈ জুৰিব।’
‘গছৰ পাতত থকা হৰিৎকণাই যদিও খাদ্য প্ৰস্তুত কৰাত সহায় কৰে আৰু পত্ৰৰন্ধ্ৰই গেছৰ আদান -প্ৰদানত সহায় কৰে, গছৰ উশাহ -নিশাহ কিন্তু গোটেই গছডালৰ ছাল অংশই লয়। গছৰো প্ৰতিটো কোষেই অক্সিজেন পাব লাগে।গছৰ শিপাতো অম্লজানৰ প্ৰয়োজন হয় বাবে সেইয়া মাটিত সোমাই থকা বায়ুৰপৰাই লয়।সেইকাৰণে গছৰ গুৰিতো গেছ সোমাব নোৱাৰাকৈ বন্ধ হৈ যাবলৈ দিব নালাগে ।কিছুমান গছত পূজা কৰিবলৈ তলখন পকা কৰি লোৱাৰ পিছত দেখা যায় গছজোপা মৰি যায়।সেইদৰে গছৰ গুৰিত পানী বন্ধ হৈ থাকিলেও গছৰ শিপাই উশাহ নাপাই গছ মৰি যায়। আমাৰ শ্বাসতন্ত্ৰ,হাওঁফাওঁৰ সহায়ত তেজৰ চলাচলে শৰীৰত অক্সিজেনৰ যোগাযোগ বৰ্তাই ৰাখে।’
‘অ’ আইতা ,আমাৰ এজোপা শেৱালি যে গুৰিত পানী বন্ধ হৈ মৰি গ’ল ,নহয়নে?ইজোপা ফুলিছে আইতা ।মই তোমাক দেখুৱাই দিম।’
‘বাৰু বাৰু সোণ।আৰু কি জানা পানীৰ তলত থকা জীৱ-জন্তু আৰু গছ-গছনিবোৰকো অম্লজান লাগিবই।পানীত দ্ৰৱীভুত হৈ থকা গেছৰ পৰাই এইবোৰ জীৱই অম্লজান গ্ৰহণ কৰে আৰু গছ -গছনিয়েও পানীত পৰা ৰ’দৰ পৰাই সালোক সংশ্লেষণৰ যোগেদি খাদ্য প্ৰস্তুত কৰে।সেয়ে মাছ জীয়াবৰ বাবে খন্দা আমাৰ পুখুৰীটোত মাছ দিয়াৰ আগতেই পুণী জাতীয় গছ দি লৈছিল আৰু দিছিল অলপ গোবৰ।যাতে মাছে পুখুৰীটোত আহাৰ আৰু অম্লজান দুয়োটা সহজেই পায়।’
‘আইতা সাগৰৰ পাৰত থকা ‘ মেনগ্ৰ’ভ গছবোৰৰ শিপাত আকৌ বতাহ সোমাবলৈ ভিতৰৰ শিপাৰপৰা কিছুমান কোমল ৰন্ধ্ৰযুক্ত সৰু সৰু বহিঃশিপা মাটিৰ ওপৰলৈ ওলাই আহে ।এইবোৰেদি বায়ু ভিতৰৰ শিপালৈ সোমাই যায়।’
‘হয়,গছত প্ৰাণীৰ দৰে শ্বাসতন্ত্ৰ নাই যে।তাত নিমখীয়া মাটিত বায়ু ইমান সোমাবও নোৱাৰে। মুঠতে জীৱক অম্লজান লাগিবই। তেনেই নগণ্যসংখ্যক অণুজীৱকহে জীয়াই থাকিবলৈ অম্লজান নালাগে। এইবোৰক অবায়বীয় (anaerobic ) বেক্টেৰিয়া বোলে।’
‘ অঁ ,আমাৰ গোবৰ গেছৰ নাদটোতো আছে তেনেকুৱা বেক্টেৰিয়া,’ ৰুণিয়ে মৰম লগাকৈ ক’লে।
‘ৰুণিবা ,বতাহত তেনে অম্লজান গেছেই সৰহখিনি থাকেনেকি ?, ‘ ৰিংকুৱে সুধিলে।
‘ নহয় অ’ , বতাহত প্ৰায় ২০% অম্লজান, ৭৮% নাইট্ৰ’জেন, এঙাৰ গেছ আৰু অন্যান্য মিলাই ০.০৩%, নিষ্ক্ৰিয় গেছ আৰ্গন ইত্যাদি .৯৭% থাকে। বাকী আৰু ১% মান জলীয় ভাপ থাকে। হাইড্ৰোজেন একেবাৰে সামান্য পৰিমাণে থাকে।এনেদৰেই থাকিলে আচলতে পৃথিৱীখন বাস উপযোগী হৈ থাকিব।’
‘তেনেহ’লে বায়ুত পাঁচভাগৰ এভাগ অম্লজান আৰু বেচিভাগ নাইট্ৰ’জেন গেছ থাকে,নহয়নে বাৰু’, নুমলি আইতাই মাত লগালে।
‘ হয় আইতা,’ ৰুণিয়ে ক’লে।
ৰিংকুৱে মাত লগালে,’ জলীয় ভাপবোৰ আকৌ পাতল কাৰণে ওপৰলৈ গৈ গৈ ডাৱৰ হয়গৈ আৰু গধুৰ হৈ বৰষুণ দি বায়ুমণ্ডল আৰু লগতে জলমণ্ডলো পৰিষ্কাৰ কৰি থাকে। নহয়নে আইতা।’
‘ হয় হয় সোণ, তুমি ঠিক কথাই কৈছা।,’ নুমলি আইতাই ক’লে।
‘নাইট্ৰ’জেন গেছো বায়ুৰ পৰা আহৰণ কৰি বিভিন্ন ৰাসায়নিক বস্তু তৈয়াৰ কৰে। ইয়াক সাৰ কাৰখানাত ব্যৱহাৰ কৰে,নাইট্ৰিক এচিড ,নাইলন ইত্যাদি তৈয়াৰ কৰে।
আৰ্গন আকৌ নিষ্ক্ৰিয় গেছ হিচাবে ব্যৱহাৰ হয় প্ৰয়োজনমতে চাৰিওকাষ নিষ্ক্ৰিয় কৰিবৰ বাবে।আমাৰ লাইটৰ বাল্ববোৰতো ব্যৱহাৰ হয়। আৰ্গন নামটো গ্ৰীক ‘ Argos’ অৰ্থতো idle ৰ পৰা হৈছে।
নাইট্ৰ’জেন নামটো আকৌ গ্ৰীক ‘nitron’ আৰু ‘ genes ‘ ৰ পৰা হৈছে।এইবোৰৰপৰাই বুজিব পাৰি যে পুৰণিকালত গ্ৰীক সভ্যতা জ্ঞান-বিজ্ঞানত অতি আগবঢ়া আছিল।
এতিয়া ভোক পিচে লাগিছেনে নাই।ব’লা মই দাইল ,ভাজি গৰম কৰোঁগৈ।খাবগৈ লাগে আৰু।’
‘আইতা, অমলেট এটা বনাই দিবাচোন।’
‘দিম দিম ,জীতেনকো ভাত কেইটামান দিওঁগৈ। লাগে যদি দুটামান ভাত উঠাই দিম আৰু,’ আইতাই ক’লে।
‘আইতা, জীতেন খুড়াই বাৰীৰপৰা বেঙেনা,জলকীয়া আৰু ৰঙালাওৰ ফুল ছিঙি আনি থৈছেহি ,’ ৰুণিয়ে উৎসাহেৰে ক’লে।
আইতাৰ মুখখন পোহৰ হৈ পৰিল। আইতাই বেঙেনা পুৰি খাই বৰ ভাল পায়। ৰিংকু আৰু ৰুণিয়ে আকৌ ভাল পায় ৰঙালাওৰ ফুল বেচনত লেটিয়াই ভাজি দিলে।
প্ৰখৰ ৰ’দত ইতিমধ্যে শুকাই যোৱা কাপোৰখিনি ৰুণিয়ে সামৰি লৈ আহিল।ৰিংকুৱে আইতাৰ গালতে চুমা এটা খাই হাতখনত ধৰি ধৰি ভিতৰলৈ সাৱটি লৈ আহিল।ঘৰখনৰ সকলোফালে এটা মধুৰ আত্মীয়তাৰ সুবাস বিয়পি পৰিল।
*******
