নদী দ্বীপ মাজুলীৰ কথাৰে-কল্যাণী দেৱী গোস্বামী

​সূৰ্য্য অস্তমিত লুইতৰ বুকুত তেতিয়া হেজাৰ তৰঙ্গৰ খলকনি। শুকান বাঁহেৰে সজোৱা পার্কুপাইনবোৰে সগৌৰৱে নদীখনৰ বুকুত আশে-পাশে থিয় হৈ যেন ক’ব বিচাৰিছে – এয়া চোৱা বুঢ়া লুইতক ভেটিবলৈ আমাৰ নেৰানেপেৰা প্ৰয়াস। ভৰা নৈৰ প্ৰকাণ্ড প্ৰকাণ্ড ঢৌৱে  আমাৰ বুকুত খুন্দা মাৰি পাৰ পায়গৈ মানে শক্তি কমি যোৱাত গৰাখহনীয়াৰ প্ৰকোপ কিছু হলেও কমে।

​এতিয়া এই মুহূর্তত লুইতৰ জলধাৰা শান্ত, সমাহিত। ভাবিব পৰা নায়ায় এই গভীৰ পানীৰ বক্ষত জাহ গৈছিল কতজনৰ আশা-আকাঙ্ক্ষা, কাৰোবাৰ আশাৰ চাকি সমৰ্পিত হৈছিল এই লুইতৰ বুকুত। ডুবন্ত জাহাজখনত কতজনে কঢ়িয়াই অনা সপোনবোৰ থানবান হৈছিল। মাজুলীক ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ৰ স্বীকৃতিৰ দাবী উত্থাপিত কৰা স্বেচ্ছাসেৱী সংগঠন এভার্ড এন ইৰ মুৰব্বী সঞ্জয় ঘোষৰ কেঁচা তেজৰ চেকুৰা ধুই নিছে লুইতৰ বুকুৰ জলধাৰাই। চিনমোকাম পাবলৈ নাই এতিয়া। সেই সময়ত মনলৈ অহা অনেক ভাবৰ বুৰবুৰণিত যতি পৰিছিল  পার্কুপাইনৰ ওপৰত শাৰী পাতি সদম্ভে বহি থকা এজাক পানী কাউৰীয়ে ধপ্ ধপাই ডেউকা কোবাই দূৰণিৰ আকাশৰ দিশে উৰি যোৱাৰ শব্দত। আমাৰ সম্বিত ঘূৰি আহিছিল। বেলি লহিওৱাৰ আগতেই আমি ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ নিমাতী-কমলাবাৰী ঘাট দৰ্শন কৰি। এয়া দুবছৰ আগেয়ে এপ্রিল মাহৰ প্ৰথম সপ্তাহত মাজুলীলৈ যোৱা আমাৰ অভিজ্ঞতাৰ বৰ্ণনা।

​বানপানী-গৰাখহনীয়াত বিধস্ত আপোন জুপুৰীৰ অস্তিত্ব বিচাৰি হাবাথুৰি খোৱা এজন মানুহৰ বুকৰ ধপধপনি 

ক্ৰমান্বয়ে বাঢ়ি থকা পৰতেই শুনিছিলোঁ হৃদয়ভঙা  অন্য এক দুঃসংবাদ। এসোপা বেজাৰ চকুৱে মুখে সানি  আমাক কৈছিল সত্ৰ নগৰী মাজুলীৰ এক বৃহৎ এলেকা জুৰি বসতি কৰা মিচিং সম্প্ৰদায়ৰ গাঁওখনত লগ পোৱা দুজনমানে। জনজাতীয় লোকসকলৰ চাংঘৰ আৰু তাঁতশালবোৰ চাই আমি অভিভূত হৈ হাতেবোৱা কাপোৰ

‘গেৰো’ (জনজাতিৰ  ছোৱালীয়ে পিন্ধা এবিধ পোছাক) এখনৰ দৰদাম কৰোঁতে তেওঁলোকে কৈছিল……..

“আমাকহে মৰম কৰক আপোনালোকে।ঘৰ মাটি বানপানী, গৰাখহনীয়াই উটুৱাই নিয়াৰ পিছত বৰ কষ্টেৰে এইখন ঠাইত থিতাপি লৈছোঁ,কিন্তু এতিয়া শুনিছো এইফালে হেনো চাৰিলেনযুক্ত ৰাস্তা হ’ব, আপোনালোকে কওকচোন আমি ক’ত যাম এতিয়া? আমাৰ জীয়াই থকাৰ অধিকাৰো নাথাকিব নেকি বাৰু?”

আহত মনেৰে নিৰ্বাক হৈ তেওঁলোকৰ প্ৰাপ্যখিনি আগবঢ়াই উভতি অহাৰ বাদে আন একো উপায় নাছিল আমাৰ। চৰকাৰৰ পৃষ্ঠপোষকতাত মাজুলীৰ আন্তঃগাঁথনিৰ উন্নয়নমূলক কামবোৰৰ বাবে কিছু পৰিৱর্তন আহিবই বুলি ডাঠি ক’বলৈ আমি অপাৰগ। এয়া সত্ৰ নগৰী ‘মাজুলী’ৰ একাংশ দৃশ্যপট সেই সময়ৰ। মাজুলীৰ ঐতিহ্য, পৰম্পৰা, ধৰ্মীয় বিষয়সমূহ, নদীদ্বীপটোৰ জীৱনচর্য্যা বা সংস্কৃতিৰ বিশ্বজোৰা প্ৰমূল্যৰ উত্তৰণ সুসংহতভাৱে  ৰক্ষা কৰাটো অতি প্রয়োজন। মাজুলীৰ ঢেলেক, ৰতনপুৰ, মালাপিন্ধা, বৰগংগা আদি বৃহৎ অঞ্চল সামৰি মিচিং জনগোষ্ঠীৰ বসবাসৰ স্থল। ব্রহ্মপুত্ৰৰ বুকুত মূৰ গুজি জাহ যাব খোজা ৰাঙলী বেলিটোৱে নতুন আশাৰে চিকুণ ৰাতিপুৱাৰ অপেক্ষাত থকাৰ দৰেই মানুহবোৰেও এক আশা লৈ জীয়াই আছে এটা হেঁপাহ বুকুত বান্ধি।

​ডিব্ৰুগড়ৰ পৰা আমি বগীবিল দলং পাৰ হৈ ধেমাজীৰ পৰা ঢকুৱাখানাৰ মাজেৰে আহি সত্ৰ নগৰী বৃহৎ নদীদ্বীপ মাজুলীত উপস্থিত হৈছিলোঁ।

​যদিও জনবিশ্বাস মতে ত্ৰয়োদশ শতিকাৰ আগতে ‘মাজুলী’ সৃষ্টি হৈছিল কিন্তু প্ৰবাদ অনুসৰি ১৫৭৬ শকতে মাজুলী প্রতিষ্ঠা কৰা হৈছিল আৰু খ্ৰীষ্টাব্দ ১৭৯৫-১৮১০লৈকে আহোম ৰজা কমলেশ্বৰ সিংহৰ শাসন কাললৈ মাজুলীৰ গঠন প্ৰক্ৰিয়া চলিছিল। সঘন ভূমিকম্পৰ কবলত পৰা ৰাজধানীখন গৌৰীনাথ সিংহই ১৭৯৯ খ্ৰীষ্টাব্দত ৰংপুৰৰ পৰা যোৰহাট চহৰলৈ তুলি আনিছিল আৰু প্রায় বত্রিশ বছৰ কাল ভিন ভিন আহোম ৰজাই ৰাজত্ব কৰিছিল তাত। কমলেশ্বৰ সিংহৰ দিনত ভোগদৈৰ পানী জলসিঞ্চন পদ্ধতিৰে ৰাজধানীলৈ বোৱাই আনিছিল। দিখৌ নৈত আহি পৰা ভোগদৈ নৈ, মাজুলীৰ টুনি নৈৰ এৰা সূঁতি দিখৌ নৈৰ পুৰণি গতিপথৰ একাংশ অৱশেষ। ডাঙৰ ভূমিকম্পৰ ফলত ভোগদৈ নৈ চাৰিগাঁৱৰ মাজেদি বৈ গৈ দিখৌ নৈত পৰা বুলি অনুমান কৰা হয়। কোনো কোনোৰ মতে সমগ্ৰ মাজুলীখন কিছুমান সৰু সৰু দ্বীপৰ (চাপৰি) সমষ্টি। লোহিত আৰু দিহিঙৰ পৰা ওলোৱা সুঁতিবিলাকে মাজুলীক সৰু সৰু দ্বীপত পৰিণত কৰিছে।

​যোৰহাট জিলাৰ উত্তৰে মাজুলীৰ অৱস্থিতি।যোৰহাট জিলাৰ দ্বিতীয়টো মহকুমা মাজুলী পৃথিৱীৰ বৃহত্তম জনবসতিপূর্ণ নদীদ্বীপ হিচাপে পৰিচিত।

​অসমৰ বৃহত্তম চহৰ গুৱাহাটীৰ পূৱ দিশে প্ৰায় ৩৫০ কিলোমিটাৰ আঁতৰত সৰ্ববৃহৎ নদীদ্বীপ ‘মাজুলী’ অৱস্থিত।​মাজুলীৰ সমতল ভূমিৰ অঞ্চলসমূহ চাৰিভাগত বিভক্ত। যেনেঃ (ক) উজনি মাজুলী (খ) মধ্য মাজুলী (গ) নিম্ন মাজুলী আৰু (ঘ)চৰভূমি অৰ্থাৎ চাপৰি অঞ্চলক উচ্চ-মধ্য-নিম্ন অঞ্চল বুলি জনা যায়। মাজুলী অঞ্চল চুতীয়া, কছাৰী, কোচ, দেউৰী, মিচিং, আহোম, ব্ৰাহ্মণ, কলিতা, কৈৱৰ্ত্ত, কায়স্থ, নাথ আদি বিভিন্ন গোষ্ঠী, বৰ্ণৰ লোকৰ নিবাসস্থল। সেয়ে ঋতুকালীন উৎসৱবোৰত  বিভিন্ন জনগোষ্ঠীৰ বিহুনাচ, বিহুগীতৰ উপৰিও নিজস্ব নৃত্য -গীত, উৎসৱ -পাৰ্বন, বস্ত্ৰ শিল্প, খাদ্য সম্ভাৰৰ পয়োভৰ ঘটে।লগতে আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত প্রখ্যাত হৈ পৰা ভালেকেইখন সত্ৰানুষ্ঠান আছে,যিসমূহ প্ৰত্নতাত্ত্বিক কলা -সম্পদেৰে চহকী। শ্ৰী শ্ৰী আউনীআটী সত্ৰ, শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ, শ্ৰী শ্ৰী গড়মূৰ সত্ৰ, শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰ, শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ, শ্ৰী শ্ৰী চামগুৰি সত্ৰ প্ৰমুখ্যে কেইবাখনো সত্রই মাজুলীৰ ঐতিহ্য চেতনাৰ স্বাক্ষৰ বহন কৰি আছে।

​২০১৬ চনত এই নদী দ্বীপটোক ‘মাজুলী জিলা’ৰূপে গঠন কৰা হৈছিল। ২০০০ শতিকাত ইয়াৰ মাটিকালি আছিল ৭৮০ বর্গ কিলোমিটাৰ (৩৪০ বৰ্গ মাইল)। কিন্তু গৰাখহনীয়াৰ কবলত পৰি ২০১৪ চনত ইয়াৰ মাটিকালি হয়গৈ ৫৫৩ বৰ্গ কিলোমিটাৰ (২১৪ বৰ্গ মাইল)।

​মাজুলীৰ দক্ষিণে ব্ৰহ্মপুত্ৰ নদী, উত্তৰে ব্ৰহ্মপুত্ৰৰ এটা সুঁতি, খেৰকটীয়া সুঁতি আহি সোৱণশিৰি নদীত লগ লাগিছে। 

​কেইবাখনো সত্ৰই আগুৰি থকা মাজুলীত প্ৰতিবছৰে বানৰ তাণ্ডৱৰ অন্তত শৰৎ কালৰ আৰম্ভনিৰ পৰা ৰাস, ভাওনা, পালনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে মাজুলীৰ চৌদিশ। আনহাতে মিচিংসকলৰ ঐনিতমৰ ৰাগ আৰু ঢোলৰ গুমগুমনি, বিহু, সংক্রান্তিত মাজুলীৰ আকাশ বতাহত আনন্দদায়ক পৰিবেশৰ সৃষ্টি কৰে।

​আহোম ৰজা পুৰন্দৰ সিংহৰ দিনত দক্ষিণপাট সত্ৰৰ দশমজনা ধৰ্মাধীশ স্বৰ্গীয় বাসুদেৱ গোস্বামী ধৰ্ম আসনত বহে। বাধাচাপৰি অঞ্চলত দক্ষিণপাট সত্ৰ স্থাপন কৰা হয়। পাছলৈ বানৰ তাণ্ডৱত তিষ্ঠিব নোৱাৰি এই সত্ৰ স্থানান্তৰ কৰা হয়। সেইদৰে ক্ৰমে ক্ৰমে শ্ৰী শ্ৰী গড়মুৰ সত্ৰ, শ্ৰী শ্ৰী আউনীআটী সত্ৰ, শ্ৰীশ্ৰী বেঙেনাআটী সত্ৰ, শ্ৰীশ্ৰী ভোগপুৰ সত্ৰ, শ্ৰী শ্ৰী চামগুৰি সত্ৰ, শ্ৰী শ্ৰী বিহিমপুৰ সত্ৰ আদি স্থাপন কৰা হয়। এই সত্ৰবোৰত ভিন ভিন আহোম স্বৰ্গদেউসকলৰ অনেক অৱদান থকা দেখা যায়।

​আমি সত্ৰসমূহত উপস্থিত হোৱাৰ সময়ত দুপৰীয়াৰ আহাৰৰ সময় হোৱাৰ হেতুকে সত্ৰসমূহৰ সংৰক্ষিত সংগ্ৰহালয়সমূহ বন্ধ হৈ আছিল।চামগুৰি সত্ৰৰ সংগ্ৰহালয়ত উপস্থিত হৈ আমি অভিভূত হৈছিলোঁ সেই সত্ৰৰ বিখ্যাত মুখা শিল্প দেখি। সেইসময়ত কিশোৰ কেইজনমানে বাঁহৰ অৱয়বৰ ওপৰত গোবৰ মাটিৰ প্ৰলেপ লেপি মুখা বনোৱা কামত ব্যস্ত আছিল। সেইসময়ত সত্ৰাধিকাৰে আছুতীয়া কোঠাত তেখেতৰ শিষ্যসকলক মুখা শিল্প তৈয়াৰ কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰি আছিল। তেখেতসকলে মুখা শিল্পৰ বাবে বিখ্যাত এই চামগুৰি সত্ৰৰ মুখ্য সত্ৰাধিকাৰ প্ৰয়াত কোষকান্ত দেৱ গোস্বামীদেৱে ভাৰত চৰকাৰৰ পৰা লাভ কৰা “পদ্মশ্ৰী” বঁটা সংৰক্ষণ কৰি সন্মানেৰে ৰাখিছে।

​প্ৰায়বোৰ সত্ৰত থকা সংগ্ৰহালয়ত আহোম ৰজাই দান কৰি যোৱা অনেক কাঁহ,পিতলৰ সৰু-বৰ শৰাই,কাঁহী-বাটি ,বান-বাটি, বান শৰাই,ভোগজৰা, পালনামত ব্যৱহৃত পিতলৰ নাও,তামৰ ফলি আদি অনেক সম্ভাৰ সংৰক্ষণ কৰি ৰাখিছে।

​গুৰু দুজনৰ মণিকাঞ্চন সংযোগস্থলী মাজুলীৰ আধ্যাত্মিক পৰিবেশ পৰ্যটকৰ আকৰ্ষণস্থলী হিচাবে পৰিগণিত হৈ আহিছে। বৰ্তমান সময়ত মাজুলী সাংস্কৃতিক পৰ্যটনৰ বাবে বিশ্ববাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’বলৈ সক্ষম হৈছে। শেষত পৰ্যটকৰ বাবে গুৰুত্বপূৰ্ণ আকৰ্ষণৰ কেন্দ্ৰ হিচাবে পৰিগণিত হোৱা পৃথিৱীৰ সৰ্ব বৃহৎ নদীদ্বীপ মাজুলীৰ সৰ্বাংঙ্গীন উন্নতি কামনা কৰিলোঁ।

*******

2 Comments

  • Kalyani Goswami

    আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ ক্ষুদ্ৰ লেখাটিয়ে আলোচনীৰ পাতত ঠাই পোৱাত আনন্দিত হ’লো।

    Reply
    • Anonymous

      এজন মানুহৰ বুকুৰ ধপধপনি —হব লাগিছিল এজাক মানুহৰ বুকুৰ ধপধপনি।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *