২০২৫ বৰ্ষৰ পাখিলগা সময়ৰ অভিজ্ঞতা-বৰষা ডেকা

সময় কাৰোৰে বাবে কেতিয়াওঁ ৰৈ নাথাকে। সময় পৰিৱৰ্তনশীল। আজিৰ কৰিবলগীয়াখিনি আমি কাইলৈ কৰিম বুলি ভাবিলেও যেন সময় গৈয়ে থাকে। নদীৰ পানী যেনেকৈ অহৰহ বৈ থাকে ঠিক তেনেকৈ সময় কেতিয়াওঁ স্তব্ধ নহয়। মানুহৰ জীৱনটো দুদিনীয়া সেয়ে আমি প্ৰতিদিনে সৎ কৰ্ম,সৎ চিন্তাৰে আগুৱাই গৈ বাস্তৱৰ পৃথিৱীখনৰ লগত চিনাকি হ’ব লাগে। মানুহৰ জীৱনত কেতিয়াও কাৰোৰে লগত হিচাপ- নিকাচৰ পিছত দৌৰি নাথাকি নিত্য বৰ্তমান কৰ্মৰ যোগেদি জীৱন জীয়াব লাগে। প্ৰত্যেকদিনাই আমি নতুন নতুন কাম,নতুন চিন্তা, নতুন নতুন উদ্ভাৱনৰ দিশে ধাৱমান হ’ব লাগে। 

মানৱ জীৱন আজি আছোঁ কাইলৈই নাথাকিবও পাৰোঁ। কাৰ কেতিয়া কি হৈ যায় কোনে জানে! সেয়ে আমি জীয়াই থকা কেইদিন সকলোৱেই মিলাপ্ৰীতিৰে চলি যাব লাগে। কেতিয়াও আমি ফলৰ আশা কৰিব নালাগে বৰঞ্চ কৰ্ম কৰিবই লাগিবই, ফল কি পাম তাৰ হিচাপ সময়ে দি যাব বুলি ভাবি মনত উৎসাহ লৈ আগলৈ খোজ দিব লাগে। 

প্ৰত্যেকটো দিনেই আমাক সময়ে কিবা নহয় কিবা দি যায়। সেয়া লাগিলে হৰ্ষ বা বিষাদেই হওক। প্ৰতিটো ক্ষণতেই আমি নজনাবোৰ শিকি যাব পাৰোঁ।প্ৰতিটো মাহ হওক বছৰেই হওক সুন্দৰ স্মৃতি, অভিজ্ঞতাৰে আমাৰ জীৱন ভৰপূৰ হৈ পৰে। 

ক’বলৈ গ’লে ২০২৫ বৰ্ষটোৱে বহুতো শুভ সময় তথা বিষাদ দি গ’ল। ভাল লগা , ধুনীয়া সময়ৰ কথা মই যদি কওঁ তেন্তে মোৰ অধ্যায়ত তেনে উদাহৰণ বহুত আছে। যিহেতুকে মই পূব কামৰূপ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অংশকালীন প্ৰবক্তাৰ পেছাত আছোঁ। এই বৰ্ষটোৱে মোক মহাবিদ্যালয়ৰ চুক-কোণবোৰৰ প্ৰতিটো দিশেই স্পৰ্শ কৰি গ’ল। বিভাগটোত শ্ৰদ্ধাৰ মুৰব্বী অধ্যাপক  ড° ইমদাদ আলী আহমেদ আৰু সহকাৰী অধ্যাপক নৃপেন্দ্ৰ ডেকা ছাৰৰ নতুন নতুন কথাই মনটোত বাৰুকৈয়ে সৃষ্টিৰাজিৰ উদ্ভৱ জন্মাই গ’ল। তেওঁলোকৰ ওচৰত মই সদায়েই চিৰকৃতজ্জ হৈ থাকিম। প্ৰত্যেকদিনাই মই দুয়োজন মহোদয়ৰ পৰা জীয়াই থকাৰ প্ৰেৰণা পাওঁ।লগতে প্ৰতিটো কৰ্মৰ শক্তি পাওঁ।নজনা কথাবোৰ তেওঁলোকে শিকাই গৈ থাকে।মোৰ মৰমৰ সহকৰ্মী ও সহপাঠী মিছ হাচিনা বেগম মোৰ জীৱনৰ বাবে প্ৰেৰণাদায়ক বুলি ক’লেও ভুল কোৱা নহ’ব।জীৱনৰ আদিপাঠৰ কথা লৈ তাই আৰু মই  আলোচনাত বহিলে যেন কথাৰ ওৰকেই নপৰে।সেই সময়খিনিও বৰ ধুনীয়াকৈ পাৰ হৈ যায়। তাইৰ জীৱনৰ শুভ সময় এই বৰ্ষটোৱে দি গ’ল। সেইটোও মোৰ বাবে বৰ ভাল লগা। আমাৰ মহাবিদ্যালয়ত ICSSR Sponsored National Seminar দুদিনীয়াকৈ  অনুষ্ঠিত কৰা হৈছিল তাত ময়ো অংশগ্ৰহণ কৰিবলৈ সুযোগ পালোঁ। সেই দিনটোও চিৰস্মৰণীয় হৈ থাকিল।লগতে “ভট্টদেৱ বিশ্ববিদ্যালয়ৰ” অসমীয়া বিভাগে অনুষ্ঠিত কৰা National Seminar ত অংশগ্ৰহণ কৰিবলৈয়ো সুযোগ এটি পাই বৰ ভাল লাগিছিল। 

আমাৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰী তথা মোৰ সহপাঠী আৰু বৰ্তমান এই বিভাগৰে এজনী আদৰ্শ সহায়কাৰী অধ্যাপিকা। তাইৰ জীৱনৰ প্ৰথমখন গ্ৰন্থ “ভাৱনাৰ দিকচৌ বনত”।এই গ্ৰন্থখন আমাৰ মহাবিদ্যালয়তে উন্মোচন কৰা হয়। তাইৰ এই কষ্ট,ত্যাগৰ সমখিনিয়েই যেন মোক আহ্লাদিত কৰিছিল। ভাললগা সময়খিনিৰ বাবে জীৱনক ধন্যবাদ দিলোঁ। ২০২৫ বৰ্ষটোৱে এই সুখখিনি ল’বৰ বাবে সময়কণ দি গ’ল। 

মই কোনো লেখক নহয়।কেতিয়াওঁ নিজক লেখক বুলি স্বীকৃত দিবলৈ মোৰ ধৃষ্টতা নাই।মাত্ৰ  শিকি গৈ আছোঁ, লিখি গৈ আছোঁ।শিকিবলৈ,বুজিবলৈ এতিয়াও বহুত বাকী। ভাল লগা কথাটো হ’ল সামাজিক মাধ্যমৰ সাহিত্য-চৰ্চা কিছুমান গোটত আয়োজিত কৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হ’বলৈ নিৰ্বাচিত হৈছোঁ।এইখিনি মোৰ বাবে সুখৰ সময়।নিজৰ অনুভৱখিনিয়ে যেতিয়া মান্যতা লাভ কৰে বহুত বেছি যেন উৎফুল্লিত হোৱা যায় তেনে লাগে। আৰু নিজৰ সৃষ্টিৰাজি যেতিয়া আলোচনী হওক বা বাতৰি-কাকততেই হওক প্ৰকাশ পায়, সেইটোও কিন্তু সুখ মানিবলগীয়া। 

মানুহৰ বহুতো সপোন থাকে।সপোন হৃদয়ত উৎপন্ন হয়। এটা দুটা শব্দ লগ লাগি যেতিয়া হৃদয়ত সপোনৰ পোখা মেলে তাক বাস্তৱলৈ পৰিৱৰ্তিত কৰিবলৈ বৰ কঠিন আৰু বহুত সময় লাগে। ঠিক তেনেকৈ আমাৰ সপোন এটি আগবাঢ়ি গৈ আছে লাহে লাহে। আমাৰ সপোনৰ এখন সৰুকৈ ঘৰ সজাৰ খুব ইচ্ছা আছিল। মা-দেউতাৰ বহু কষ্ট,ত্যাগ আৰু মোৰ ভাইটি আৰু মোৰ অহৰহ চেষ্টাত আমাৰ এই সৰু সপোনটি বাস্তৱ হ’বলৈ ২০২৫ বৰ্ষটোৰ সময়ে দি গ’ল। 

এই বছৰটোৰ আটাইতকৈ দুখদায়ক কষ্টকৰ দিনটো হ’ল ১৯ ছেপ্টেম্বৰ। অসমৰ হাৰ্টথ্ৰ’ব প্ৰাণৰ শিল্পী শ্ৰদ্ধাৰ ‘জুবিন গাৰ্গ’ ৰ কায়িক মৃত্যুৰ খবৰটোৱে অসম তথা ভাৰতবৰ্ষক কন্দুৱাই গ’ল। আমি অসমীয়াই এতিয়াও শোকবিহ্বল হৈ আছোঁ।তেখেতৰ ৰহস্যজনক মৃত্যুয়ে বাৰুকৈয়ে আমাৰ সংস্কৃতিক ম্লান কৰি গ’ল। এই দিনটোৰ কথা আমি কেতিয়াও কোনোকালেই পাহৰিব নোৱাৰো। 

দাদা নোহোৱা হোৱাৰ পৰাই আমি যেন শোকৰ ছাঁ তল পেলাব পৰা নাই। ইমানেই বেদনাদায়ক সময় সেই দিনটো হৃদয়ৰ পৰা আমি মচি পেলাব নোৱাৰিম। 

সময়ে তিতা,মিঠা ,কেঁহাৰ সকলো স্বাদ দি য়ায়। আমি কেৱল মাত্ৰ সেই স্বাদখিনি যেন গ্ৰহণে কৰিব লাগে তেনে লাগে। 

                     

*******

Leave a Reply

Your email address will not be published. Required fields are marked *