বিদ্যালয় শিক্ষাত নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা-হৰগোবিন্দ দাস 

সনাতনী সভ্যতাৰে সু-প্রসিদ্ধ, সংস্কাৰ আৰু চিৰ সুন্দৰৰ সাধনাৰ সার্বিকতাৰে পৰিপূৰ্ণ বাৰেৰহণীয়া দেশ ভাৰতবৰ্ষ।অতীজৰে পৰাই পুণ্যভূমি ভাৰতবৰ্ষত মহান ঋষি-মুনি সকলৰদ্বাৰা সৃষ্টি হৈছিল- বৈদিক সাহিত্য, উপনিষদ, বেদান্ত, সাংখ্য, যোগ, আয়ুর্বেদ, নীতি-শাস্ত্র, কাব্য, মহাকাব্য, পুৰাণ আদি বিভিন্ন প্ৰকাৰৰ গ্রন্থ।য’ত ধর্ম, নীতি-জ্ঞান, মানৱৰ জীৱন দৰ্শন আৰু আত্মা-পৰমাত্মাৰ ৰহস্যৰে পৰিপূৰ্ণ আধ্যাত্মিকতাৰ মহা বীজ আৰু বিশ্বব্রহ্মাণ্ডৰ অলেখ ৰহস্যৰ সুগভীৰ শিক্ষা তত্ত্ব সংপৃক্ত হৈ আছে।

এই মহা তীর্থস্থান স্বৰূপ বিশাল ভাৰতবৰ্ষৰে এখনি অঙ্গ-ৰাজ্য আমাৰ অসমভূমি। অলেখ প্রাকৃতিক সম্পদ আৰু সৌন্দৰ্য্যৰ ৰম্যভূমি এই অসমতে জন্মগ্রহণ কৰিছিল- মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱ, শ্ৰীশ্ৰী দামোদৰদেৱ, শ্রীশ্রী হৰিদেৱৰ দৰে সৰ্বশ্রেষ্ঠ অসমীয়া গুৰুসকল। এই মহাত্মাসৱে অসমীয়া জাতীয় জীৱনক নৈতিক আৰু আধ্যাত্মিকভাৱে সু-সমৃদ্ধ কৰিবলৈ অহোপুৰুষাৰ্থ কৰি মানৱৰ মুক্তি মাৰ্গ সুগম কৰাৰ অৰ্থে সততে জনসমাজত বিচৰণ কৰিছিল আৰু মানৱীয় প্রমূল্যবোধৰ অমূল্য শিক্ষাৰ জৰিয়তে সুস্থ-সবল, শৃংখলাবদ্ধ শান্তিময় এখনি সুগুণবিশিষ্ট সমাজ নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছিল।

সেই কালত পূৰ্বৰ গুৰুকুল শিক্ষাৰদ্বাৰা শিশুসকলৰ মানৱীয় গুণৰ সৰ্বোত্তম বিকাশৰ অৰ্থে ঠায়ে-ঠায়ে টোলৰ জৰিয়তে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা উন্মেষিত হৈছিল। সেই সময়ৰ শিক্ষা ব্যৱস্থাত গুৰুত্ব প্রদান কৰা হৈছিল বিশেষকৈ দয়া-মৰম, সত্য-অসত্য, নৈতিক-অনৈতিক, আনন্দ-বেদনা, নীতি-অনীতি, প্রকৃতি প্রেম, জীৱ প্রেম, আধ্যাত্মিকতা তথা মানৱীয় প্ৰমূল্যবোধৰ বিষয়ে জ্ঞান প্ৰদান কৰাত। কাৰণ মানৱতাই মানুহক সহিষ্ণু কৰি তোলে আৰু সত্য-ন্যায়ৰ পথলৈ আগুৱাই নিয়ে। ই ধৰ্মৰ ওপৰত নিৰ্ভৰ নকৰি সকলোৰে মাজত সমান অধিকাৰ প্ৰকাশ কৰে। ধর্ম হৈছে সামাজিক এক আচাৰ-আচৰণ তথা এক বিশেষ মার্গ আৰু মানৱতা হৈছে ইয়াৰ প্ৰধান লক্ষ্য।

সময়ৰ গতি নিৰন্তৰ। সমাজে মোট সলালে। আজিৰ প্ৰজন্ম তথাকথিত আধুনিক সমাজৰ বাসিন্দা হ’ল। একবিংশ শতিকাৰ গোলকীয় ধ্যান-ধাৰণাত প্রাচ্য-পাশ্চাত্য একাকাৰ হৈ পৰিল। চৰকাৰী অথবা ব্যক্তিগত খণ্ডত অলেখ শিক্ষানুষ্ঠান গঢ়ি উঠিল। কিন্তু অতি পৰিতাপৰ কথা যে- আজি সাম্প্রতিক সময়ত শিক্ষানুষ্ঠানৰ সংখ্যাধিক্যই প্রকৃত মানর সম্পদ গঢ়ি তোলাত যেন আশানুৰূপভাৱে সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল। ফল স্বৰূপে ৰাতিপুৱা বাতৰি কাকতখন মেলি ল’লে, দূৰদৰ্শনৰ বাতৰিত চকু দিলে অথবা সামাজিক মাধ্যমৰ (Digital Media) খা-খবৰ প্ৰত্যক্ষ কৰিলে মানুহৰ মন-প্রাণ বিষাদগ্রস্ত হৈ পৰে।

সকলো মাধ্যমতে ইতিবাচক বা-বাতৰিৰ পৰিৱৰ্তে দেখা যায়- হত্যা, ধর্ষণ, লুণ্ঠন, চোৰ-ডকাইত দগাবাজৰ বিভংগ ক্রিয়াকলাপ, মাদক দ্রব্য, ড্রাগছ আদি সেৱনকাৰীয়ে অনাকাংক্ষিত পৰিৱেশ সৃষ্টি কৰাৰ খবৰেৰে ভৰি থকাৰ পৰিপ্ৰেক্ষিতত মানুহৰ মন-মগজু অস্থিৰ হৈ পৰে। তদুপৰি সমাজৰ গৰিষ্ঠ সংখ্যক লোকে ভোগবাদ আৰু বস্তুবাদী চিন্তা-চৰ্চাৰে নিজকে উটুৱাই দিয়াৰ প্ৰৱণতাৰ ফলত সমাজত অন্যায়-অনীতি, দুর্নীতি,ভ্রষ্টাচাৰ, দুষ্কৃতি, প্রয়োজনতকৈ অধিক বিচৰাৰ মানসিকতাৰ ফলত সমাজত মানৱতাৰ চৰম অৱক্ষয় হোৱা বুলি অনেকেই ধাৰণা কৰে। লোভৰ বশৱৰ্তী হৈ মানৱতাক বিসর্জন দিবলৈ কুণ্ঠাবোধ নকৰা লোকৰ সংখ্যা যেন দিনে-দিনে বৃদ্ধি পাবলৈ ধৰিছে।

জাতিৰ তথা সমাজৰ এনে বিপৰ্যয়ৰ পৰত মানুহৰ মনোজগতত নৈতিকতা, আধ্যাত্মিকতা আৰু মহামানৱতাৰ বীজ ৰোপণ কৰিবলৈ হ’লে শিশুসকলক সৰুৰে পৰাই সৎ-অসৎ, নীতি-অনীতি, সুখ-দুখ, সংস্কৃতি-দুষ্কৃতি আদি ভিন্ন বিষয়ৰ চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰি প্ৰকৃত মানৱ হিচাপে গঢ়ি তোলা প্ৰয়োজনীয় বুলি নিশ্চয় সকলোরে স্বীকাৰ কৰিব।

বিদ্যালয়ৰ শিক্ষাৰ সন্দৰ্ভত পূৰ্বৰে পৰা চলি অহা এটা মতবাদ হ’ল- এজন দক্ষতাসম্পন্ন ছাত্র বা ছাত্রী গঢ়ি তুলিবলৈ হ’লে তিনিটা শ্ৰেণী সক্রিয় হৈ থাকিব লাগে। সেইয়া হ’ল- শিক্ষক, ছাত্র-ছাত্রী আৰু পিতৃ মাতৃ বা অভিভাৱক। এই তিনিটা শ্রেণী সক্রিয় হৈ থাকিলে বা নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিলেই শিশুসকল দক্ষতাসম্পন্ন হৈ উঠিব। কিন্তু সম্প্রতি আমি ক’ব বিচৰা কথাটো হ’ল- বিদ্যালয় শিক্ষাত ছাত্র-ছাত্রীসকলে গুণগত মানদণ্ডৰ শিক্ষা পাবলৈ হ’লে পূৰ্বৰ এই ত্রিকোণীয়া চিন্তাৰ সৈতে আৰু এটা কোণ সংলগ্ন কৰি চাৰিকোণীয়া কৰিলেহে শিশুসকলক মানৱ সম্পদ ৰূপে গঢ়ি তোলাত অধিক সহায়ক হ’ব।

উপৰি উক্ত তিনিকোণৰ সৈতে আমি যোগ দিব বিচৰা কোণটো হ’ল- পাঠ্যপুথি। শিশুৰ উপযোগী তথা শিশুৰ মনত সত্য-শুদ্ধ, ৰীতি-নীতিৰ প্রতি দায়বদ্ধতাৰ ক্ষেত্ৰত কৰণীয়, নৈতিক আৰু আধ্যাত্মিক মনোভার গঢ়ি তুলিব পৰা বিষয়সমূহ বিদ্যালয়ৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰি প্ৰকৃতাৰ্থত গুণগত শিক্ষাৰ ব্যৱস্থা গ্রহণ কৰিব পাৰিলে পৰৱৰ্তী সময়ত সেই শিশু সকলেই সমাজত মানৱীয় প্রমূল্যবোধক অগ্রাধিকাৰ দি সমাজখনক স্বচ্ছ-নিকা, সুশৃংখল ৰূপত গঢ়ি তুলিবলৈ সক্ষম হ’ব বুলি আশাবাদী হ’লেও নিশ্চয় দোষে নুচুব। সকলোৱে জনা কথা যে বাঁহৰ লেকেচি এডাল যিমানেই ভাঁজ কৰিব বিচৰা যায়, সেইখিনিয়েই সহজে ভাঁজ কৰিব পাৰি। কিন্তু সেই একেই লেকেচিডাল পূৰঠ হলে নিজে বিচৰাধৰণে ইপিনে-সিপিনে ভাঁজ কৰিব বিচাৰিলে ভাঁজ খোৱাৰ পৰিৱৰ্ত্তে ভাঙিহে যাব। মানুহৰ ক্ষেত্ৰতো সেই একেই কথা প্রযোজ্য হয়। শিশুকালৰে পৰা যদি শিশুক ভাল-বেয়া, সত্য-অসত্য, নীতি-অনীতি, সংস্কৃতি-দুষ্কৃতি, নৈতিক-অনৈতিক, দেশপ্রেম-দেশদ্রোহ আদিৰ লেখীয়া বিষয়সমূহৰ মাজৰ পাৰ্থক্য আৰু মানৱীয় প্রমূল্যবোধৰ শিক্ষা দিয়া নহয়, যদি শিক্ষা দিয়া নহয় এই বিশ্ব-ব্ৰহ্মাণ্ডৰ স্ৰষ্টাৰ প্ৰতি আনুগত্যশীল হোৱাৰ, তেনেহলে সেই শিশু ডাঙৰ হলে সংস্কাৰী হোৱাৰ সম্ভাৱনা অতি ক্ষীণ হৈ পৰে।

এই মুহূৰ্তত ফ্রান্সিস বেকনৰ এটি মন্তব্যলৈ মনত পৰিছে। তেখেতে কৈছিল- 

“সামান্য দর্শন জ্ঞানে মানুহক নাস্তিকতাৰ পিনে আগবঢ়াই নিয়ে আৰু গভীৰ দৰ্শন জ্ঞানে ধর্মক বিশ্বাস কৰিবলৈ বাধ্য কৰায়।” 

সেয়েহে শিক্ষানুষ্ঠানৰ পৰা যদি ছাত্র-ছাত্রীসকলক এই বিষয়ত কিঞ্চিৎ-কিঞ্চিৎকৈ আগবঢ়াই নিব পৰা যায়, তেতিয়া তেওঁলোকে পৈণত বয়সত গভীৰ দৰ্শনৰ প্ৰতি আকর্ষিত হ’ব আৰু সমাজত তাৰ সুপ্রভাৱ নিশ্চিয় পেলাব পাৰিব।

ছাৰ আইজাক নিউটন আছিল এগৰাকী সু-প্রসিদ্ধ গণিতজ্ঞ আৰু দার্শনিক পণ্ডিত। তেখেতে গণিত আৰু দৰ্শন দুয়োটা বিষয়ৰ সংগতি ৰক্ষা কৰিছিল। তেখেত আছিল এগৰাকী পৰম ধৰ্মনিষ্ঠ পুৰুষ। তেখেত ১০০ মিলিয়নৰো অধিক শব্দৰে ধৰ্ম আৰু আধ্যাত্মিকতাৰ বিষয়ে সমাজৰ বাবে লিখনি এৰি থৈ গৈছে। নিউটনে একাষাৰতে ক’ব বিচাৰিছে-

“এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি এক বুদ্ধিমান শক্তিৰ মহা আয়োজন।”

সেই বুদ্ধিমান শক্তিৰ প্ৰতি নিউটন অতিকৈ শ্রদ্ধাশীল আছিল বুলি গণ্য হৈ আহিছে।

নিউটনৰ দৰেই এলবার্ট আইনষ্টাইনে কৈছে- 

“ঈশ্বৰ মানে এক উচ্চস্তৰৰ বুদ্ধিমত্তা যিয়ে এই মহাবিশ্বৰ সৃষ্টি কৰিছে আৰু সুষম নীতি-নিয়ম যুগুত কৰি উলিয়াইছে।”

বিজ্ঞানী-দার্শনিক স্পিনোজা (Spinoza), নিকোলা টেছলা (Nikola Tesla)ৰ দৰে প্ৰতিভাধৰ ব্যক্তিয়েও এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ সম্পৰ্কত একেই ধাৰণা পোষণ কৰি গৈছে। উপৰি উক্ত ব্যক্তিসকলৰ উপৰিও অনেক স্বনামধন্য ব্যক্তিয়ে মহাজাগতিক (Cosmic God) শক্তিৰ বিষয়ত পৰম বিশ্বাসী আছিল বুলি ইতিহাসে সকিয়াই আছে। আমাৰ ভাৰতবৰ্ষৰে বিশ্ববিশ্রুত দার্শনিক পণ্ডিত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণন দেৱেও এই মহাজাগতিক মহাশক্তিৰ সন্দৰ্ভত অলেখ ইতিবাচক কথা উল্লেখ কৰি গৈছে। সাম্প্রতিক সময়তো প্রায় চিকিৎসকৰেই অপাৰেচন থিয়েটাৰত প্ৰৱেশ কৰি অস্ত্রোপচাৰৰ প্ৰাকমুহূৰ্তত ছুৰি পাত হাতত লৈ কোনো বিশেষ শক্তিৰ ওচৰত শিৰনত কৰিলে সেই বিশেষ শক্তিকেই কিছুমানে ভগৱান বা ঈশ্বৰ, আন কিছুরে গড, আন একাংশই আল্লা আদি নামেৰে নামাংকৃত কৰি লৈছে। ইয়াৰ মাজতে সংপৃক্ত হৈ আছে নৈতিকতা, আধ্যাত্মিকতাৰ নজহা-নপমা বীজ। এই অক্ষয় বীজৰ সন্ধানৰ বাট আমাৰ শিশুসকলক অগ্রজসকলেই মোকোলাই দিব লাগিব। পাঠ্যপুথিৰ জৰিয়তে এই পথৰ সন্ধান দিয়াটো হ’ব সবাতোকৈ উত্তম পন্থা।

কিন্তু সাম্প্ৰতিক সময়ৰ সমাজত মানুহে সকলো নীতি-নিয়ম জলাঞ্জলি দি লোভ-মোহৰ গোলাম হৈ যেনেদৰে স্বাৰ্থপৰতাৰে সীমাহীন সা-সম্পদ আহৰণৰ অঘোষিত প্রতিযোগিতাত নামি পৰিছে, সেই প্রতিযোগিতাৰ দৌৰত তিষ্ঠিব নোৱাৰি সমাজৰপৰা মানৱতা হেৰাই যাবলৈ বাধ্য হৈ পৰিছে।

ফলস্বৰূপে কামনা-বাসনা, লোভ-মোহৰ বশৱতী হৈ মানুহ বিপথগামী হৈ পৰিছে। তথাকথিত ব্যস্ততা আৰু সীমাহীন স্বাৰ্থপৰতাৰ বাবে সমাজত মানুহে নানা ধৰণৰ বিলাই-বিপত্তি, আলৈ-আহুকালৰ সন্মুখীন হ’বলগা হৈছে। মানুহৰ জীৱনত একাকীত্ব বৃদ্ধি পাইছে, মানসিক ৰোগী ক্রমাগতভারে বাঢ়ি আহিছে। পিতা-পুত্র, ভাই-ভনী, মাতৃ-সন্তান কোনেও কাকো চিনি নোপোৱা হৈছে। সমাজৰ বান্ধোন, পৰিয়ালৰ চেনেহ-প্রীতিৰ বান্ধোন প্রায় নাশ হৈ যোৱাৰ উপক্রম ঘটিছে।

সমাজৰ এনে এক বিশৃংখল পৰিস্থিতিৰপৰা মানৱক উদ্ধাৰ কৰিব পাৰিব বিশেষ এক শ্ৰেণীৰ লোকে।যিসকল মানুহৰ দেহ-মনত সংপৃক্ত হৈ থকা কু-অভ্যাস, ৰিপুসমূহক, উর্মিসমূহক কঠোৰ অনুশীলনৰ জৰিয়তে বশীভূত কৰি সততাৰে মানৱীয় প্ৰমূল্যবোধক অগ্রাধিকাৰ প্ৰদান কৰি সৃষ্টিকর্তাৰ প্ৰতি কৃতজ্ঞ হৈ সেই মহাশক্তিৰ ওচৰত নিজকে সমর্পণ কৰাৰ সামৰ্থ আহৰণ কৰা মহানুভৱসকলে।

প্রণিধানযোগ্য যে ওপৰত উল্লেখ কৰা সেই মহানুভৱ সকল আকাশৰ পৰা সৰি নপৰে। ভুকুতে কলটোও নপকে। তাৰ বাবে ওপৰত আলোচনা কৰা ধৰণে শিশু সকলৰ সৰ্বাংগীন বিকাশৰ মাধ্যমেৰে দোপত-দোপে গঢ়ি তুলিবলৈ নিখুঁত আঁচনি যুগুত কৰাৰ বাৰুকৈ প্ৰয়োজন আছে। এই প্রয়োজনত বিশেষকৈ হাত উজান দিব লাগিব শিক্ষা বিভাগ আৰু সমাজৰ বুদ্ধিজীৱী তথা শিক্ষাবিদ সকলে।কিয়নো বিদ্যালয় পর্যায়ৰ পাঠ্যপুথিত নৈতিক আৰু আধ্যাত্মিক বিষয়ৰ সু-শৃংখলাবদ্ধ পাঠ সন্নিৱিষ্ট কৰি পাঠ্যক্ৰমৰ সহযোগত শিশুসকলক প্রকৃতার্থত মানৱ সম্পদৰূপে গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱাৰ প্ৰয়োজন নিতান্তই জৰুৰী বুলি ভবাৰ থল আছে।

তেতিয়াহে দেশ তথা জাতিৰ সঁচা অৰ্থত উন্নয়নৰ গতি দ্রুততৰ হ’ব আৰু বর্তমান সমাজত ঘটি থকা অন্যায়-অনীতি, ভণ্ডামি-দুষ্কৃতি আদি নাশ হৈ সমাজৰ মংগল হ’ব। এখন সু-সংহত মনুষ্যত্বৰে ভৰা সুশৃংখলাবন্ধ সমাজ ঠন ধৰি উঠিব। সকলো অপায়-অমংগল নাশ হৈ এখনি সর্বাংগসুন্দৰ সমাজ জগতত উজ্জ্বলি থাকিব।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *