অন্য এক উৰ্মিলাৰ কথকতা-চিত্ৰলেখা দেৱী

                                (মহাভাৰতৰ কাহিনীৰ আধাৰত)

(১) 

শুভ্ৰ শৱাচ্ছাদন কিঞ্চিত আঁতৰাই মুখ দৰ্শন কৰোৱাৰ তৎমূহুৰ্ততেই মাতৃ সুভদ্ৰা মূৰ্চ্ছিত হৈ পৰিল।বিশেষ দ্ৰব্যৰে সংৰক্ষণ কৰি ৰখা অভিমন্যুৰ শৱদেহৰ দাহ কাৰ্য্যৰ বাবে ইতিমধ্যে চিতা প্ৰস্তুত কৰা হৈ গৈছে।মাত্ৰ মাতৃ সুভদ্ৰা আৰু পত্নী উত্তৰাৰ বাবে অপেক্ষাৰত হৈ আছিল পাণ্ডৱকূল।যুদ্ধ ভূমিৰ বিৰতিৰ সন্ধ্যাৰ শোকাকুল পৰিবেশ।কেওফালে হাঁহাকাৰ ধ্বনি।অদূৰৰ জংঘলত মাংসাহাৰী শিয়াল-কুকুৰৰ আৰাও।নিয়তি পক্ষীৰো কুৰুলি….যেন অট্টহাস্য দৈনিক ৰণত পৰা শত-সহস্ৰ দুৰ্ভগীয়াৰ;ৰণত পৰা সৈন্যসকলৰ মৃতদেহৰ কাষত আত্মীয়ৰ কান্দোনৰ ৰোল।এক বিভীষিকাময় পৰিৱেশত মৃত সৈন্যসকলৰ আত্মীয়ৰ অভিসম্পাত-এই যুদ্ধৰ উদ্যোক্তাৰ প্ৰতি…..কুৰুক্ষেত্ৰৰ পথাৰত।

ইতিমধ্যে উত্তৰাক কোনোবাই  মৃত স্বামীৰ চৰণ স্পৰ্শ কৰোৱাই আঁতৰাই লৈ গৈছে।দাও দাওকৈ জ্বলিব লাগিছে অভিমন্যুৰ চিতা জুই।ন মাহ,দহদিন  নিজৰ শৰীৰৰ ভিতৰত তিল্ তিলকৈ সৃষ্টি কৰা বাচা অভিমন্যুৰ শৰীৰ কালে এফালৰ পৰা সংহাৰ কৰি গৈছে।চকুৰ আগতে ভস্ম হৈ যাবলৈকে  সুভদ্ৰাই জন্ম যন্ত্ৰণা সহ্য কৰিছিল নেকি এই প্ৰাণৰ পুতলিৰ?সুভদ্ৰাৰ শৰীৰ যেন জঠৰ হৈ পৰিছে।এটোপালো চকুলো বোৱাব পৰা নাই তেওঁ।গভীৰতম শোকত কান্দিব পৰা নাযায়।কান্দিবলৈ এটা আশ্ৰয়ৰ প্ৰয়োজন ।কাক লৈ কান্দিব সুভদ্ৰাই?স্বামী মধ্যম পাণ্ডৱ অৰ্জুন নে সেই ব্যক্তি?নে জগতৰ পতি ভ্ৰাতা কৃষ্ণ??জানি শুনিও এই দুয়ো ব্যক্তিয়েই অভিমন্যুক সপ্তৰথীৰে আবৃত্ত চক্ৰবেহুৰ মধ্যলৈ প্ৰেৰন কৰিছিল। সুভদ্ৰাৰ নিজৰ দোষৰ বাবেই পুত্ৰ অভিমন্যুৰ চক্ৰবেহুৰপৰা মুক্ত হোৱাৰ শিক্ষা নাছিল।নিজেই নিজকে আজি  অভিসম্পাত দিছে  সুভদ্ৰাই।গৰ্ভ ধাৰণৰ কালৰ কিঞ্চিত নিদ্ৰাৰ সুযোগ লৈয়ে কালে আজি হৰি নিলে তেওঁৰ হিয়াৰ আমঠু, কলিজাৰ এফাল একমাত্ৰ সন্তানক।অৰ্জুন আৰু শ্ৰীকৃষ্ণ…..উভয়ৰেই জ্ঞাত আছিল অভিমন্যুৰ চক্ৰবেহু ভেদৰ অজ্ঞানতাৰ কথা।তেন্তে কিয়? কিয় এই ছলনা সুভদ্ৰাৰ বাবে?ভ্ৰাতা  কৃষ্ণ ত্ৰিকালজ্ঞ হৈও তেওঁৰ ভগ্নী পুত্ৰ অভিমন্যুক কিয় এই মৃত্যু যজ্ঞৰ এক হোতা হিচাবে আগবঢ়াই দিলে?তেওঁৰ সখা অৰ্জুনক ৰক্ষা কৰিবৰ বাবে?অৰ্জুনৰ কি এনে  বিশেষত্ব আছে যি তেওঁৰ  পুত্ৰ অভিমন্যুৰ নাই?সুভদ্ৰাই কোৱা শুনিছে…… মহাৰথী কৰ্ণ বধৰ বাবেই শ্ৰীকৃষ্ণৰ এয়া এক  বিশাল কূটনীতি।এই মহাযুদ্ধত কৰ্ণ বধৰনো ইমান প্ৰয়োজন  নে?কোনে উত্তৰ দিব?এই যুদ্ধৰ ৰাজনীতি,কূটনীতি— এইবোৰ সুভদ্ৰাই একো নুবুজে।তেওঁ এক সাধাৰণ নাৰী।

(২)

এৰা,নিজৰ দৃষ্টিতেই সুভদ্ৰা এগৰাকী  সাধাৰণ নাৰী।বৈষয়িক কামনা-বাসনা, মাতৃস্নেহেৰে অন্তৰ পৰিপূৰ্ণ  সুভদ্ৰা এক নিচেই সাধাৰণ নাৰী।নিজে কোনো খ্যাতিৰ শিখৰ নিবিচৰাকৈয়ে মাথো নিজৰ প্ৰেমাস্পদৰ প্ৰেমিকা তথা পত্নী হব বিচৰা…নিজ সন্তানক সুশিক্ষাৰে খ্যাতিৰ শিখৰলৈ নিব বিচৰা  তেওঁ এগৰাকী সাধাৰণ নাৰী;যদিও আছিল তেওঁ ৰাজপৰিয়ালৰ কন্যা  তথা ৰাজপৰিয়ালৰ বধু।যদিও ভ্ৰাতা তেওঁৰ কৃষ্ণ,তেওঁ কিন্তু   “কৃষ্ণা” হব নোৱাৰিলে;যদিও ভাৰত বিখ্যাত কুৰুবংশৰ বধু  তেওঁ কিন্তু “ৰাজমহিষী” নহয়।এইবাবে  সুভদ্ৰাৰ কোনো আক্ষেপ-কোনো অভিযোগ নাই।সতিনী পাঞ্চালীকহে তেওঁৰ ভ্ৰাতা  শ্ৰীকৃষ্ণই “কৃষ্ণা দ্ৰৌপদী ” বোলে।শ্ৰীকৃষ্ণৰ ওচৰত সুভদ্ৰাৰ কোনো  বিশেষত্বই  নাই। অথচ এইজন ভাতৃয়েই এসময়ত মধ্যম পাণ্ডৱ অৰ্জুনৰ লগত  সংসাৰ তৰিবলৈ আগবঢ়াই দিছিল।প্ৰথম দৰ্শনতে তেওঁৰ অৰ্জুনৰ সৈতে হোৱা প্ৰেমত কৃষ্ণই ইন্ধন যোগাইছিল বৈবাহিক বন্ধনেৰে বান্ধ খাবলৈ।জ্যেষ্ঠ ভাতৃ বলোভদ্ৰৰ এই সম্পৰ্কত মত নথকাত কৃষ্ণই তেওঁক অৰ্জুনৰ সৈতে পলুৱাই পঠিয়াইছিল।কিয়?কিজানি  “নৰ-নাৰায়ণ” ৰ সম্পৰ্ক গাঢ় হবৰ বাবে।তাতোকৈ….এই ধ্বংস যজ্ঞত  আহুতি দিবৰ বাবে এটি ‘ অভিমন্যু’ জন্ম পাবৰ বাবে!হব পাৰে।সুভদ্ৰাই ইমান জটিল কথা বুজি নাপায়।

হয়তো পাঞ্চালীয়ে সকলো জানে।তেওঁ সুভদ্ৰাৰ দৰে তেজ-মঙহৰ পিতৃ-মাতৃৰদ্বাৰা সৃষ্ট মানৱী নহয়। পাঞ্চালী “যজ্ঞসম্ভূতা”।কাৰোবাৰ ধ্বংসৰ বাবেই তেওঁৰ সৃষ্টি।এই মহাভাৰতত এক  বিশেষ উদ্দেশ্যৰ বাবে তেওঁৰ সৃষ্টি।ইতিহাস গঢ়া এই পাঞ্চালী তেওঁৰেই ‘সতিনী’….এক চমৎকৃত সম্পৰ্ক।অৰ্জুনৰ সৈতে ইন্দ্ৰপ্ৰস্থলৈ আহোঁতেই সুভদ্ৰাই শুনিছিল পাঞ্চালীৰ কাহিনী।একেলগে পাঁচজন পতিৰ এগৰাকী পত্নী!ইতিহাসত নোহোৱা-নোপজা কথা। 

(৩)

দ্ৰুপদ ৰজাৰ জীয়ৰী-দ্ৰৌপদী;তথা পাঞ্চাল ৰাজ্যৰ ৰাজকন্যা-পাঞ্চালী তেওঁ আৰু তাতোকৈ..শ্ৰীকৃষ্ণৰ পাতি লোৱা ভগ্নী কৃষ্ণা।যদিও অৰ্জুনে অস্ত্ৰ বিদ্যাৰ পাৰ্গতালিৰে তেওঁক আৰ্জিছিল,তেওঁ পত্নী আছিল পাঁচো ভাইৰ।তেওঁ কেৱল অৰ্জুনৰ পত্নী কেতিয়াও হ’ব পৰা নাছিল।ভাতৃসকলৰ মাজৰ চুক্তি মতে এজনে পুনৰ পাঁচ বছৰৰ পাছত হে  পাঞ্চালীক নিভৃতে লগ পাব পাৰিছিল। অৰ্জুনৰতো সেই সৌভাগ্যও হোৱা নাছিল।চুক্তি ভঙ্গ (?)ৰ  অপৰাধৰ বাবে সুদীৰ্ঘ ১২ বছৰ তেওঁ ৰাজ্য তথা পাঞ্চালীৰপৰা আঁতৰি থাকিব লগা হৈছিল।সুভদ্ৰাৰ ভাব হয় এতিয়া………এয়াও কিজানি  ভৱিষ্যতৰ এই যুদ্ধ প্ৰস্তুতিৰ এক  আঁচনিহে আছিল।সুভদ্ৰাই পাঞ্চালীক দেখা পোৱাৰ আগতে কল্পনা কৰিছিল ……..পাঞ্চালীৰ দৃষ্টিত তথা ব্যৱহাৰত দেখা পোৱা যাব এক ঈৰ্ষাৰ  স্ফুলিংগ;যি ঈৰ্ষা থাকিব  সুভদ্ৰা  কেৱল  তেওঁৰ  প্ৰেমাস্পদৰ প্ৰেমিকা আৰু পত্নী হোৱাৰ বাবে যিজন  তেওঁৰ পতি যদিও তেওঁৰ সাহচৰ্য  পাঞ্চালীৰ বাবে দুৰ্লভ। ইন্দ্ৰপ্ৰস্থৰ ৰাজকাৰেঙৰ তোৰণৰ তলত “আহাঁ ভগিনী ” বুলি যেতিয়া পাঞ্চালীয়ে তেওঁক  আঁকোৱালি ধৰি  আদৰি নিছিল,সুভদ্ৰাই পাঞ্চালীৰ দৃষ্টিত সেই ঈৰ্ষাৰ চিহ্ন  বিচাৰি নাপাই হতাশ হৈছিল।সুভদ্ৰা নিজৰ দৃষ্টিতেই যেন তললৈ খহি পৰিছিল।আচলতে পাঞ্চালী-পাঞ্চালীয়েই। তেওঁ কোনো সামান্য নাৰী নহয়….তুলনাবিহীন।ইতিহাস গঢ়িবলৈ তেওঁৰ সৃষ্টি।পঞ্চপতি বৰণ,হস্তিনাপুৰৰ ৰাজসভাত লভা লাঞ্ছনা, পঞ্চপতিৰ সৈতে বনগমন……. এয়া সকলো আজিৰ এই মহাযুদ্ধৰেই মহা আয়োজন নহয় জানো?নাই নাই….সতিনী পাঞ্চালীৰ প্ৰতি সুভদ্ৰাৰ কোনো অভিযোগ,কোনো ঈৰ্ষা ভাব নাই।

অভিযোগ নাই স্বামী মধ্যম পাণ্ডৱ অৰ্জুনৰ প্ৰতিও। পাঞ্চালীৰ দৰে তেওঁক স্বয়ম্বৰত জয়লাভ কৰা নাছিল অৰ্জুনে।দুয়োৰে মাজত থকা প্ৰেমৰ পৰিণতিতেই অৰ্জুনে তেওঁক হৰণ কৰি আনিছিল ভ্ৰাতা শ্ৰীকৃষ্ণৰ সহায়ত। সঁচাকৈয়ে অৰ্জুনৰ দুনয়ন তেওঁৰ প্ৰতি প্ৰেমেৰে সিক্ত আছিল নে?এই বিষয়ে এতিয়া সুভদ্ৰাৰ  মন সন্দেহ শূণ্য  নহয়।কাৰণ কেৱল সুভদ্ৰাইতো অৰ্জুনৰ পত্নী নহয়। দ্ৰৌপদীৰ পৰা আৰম্ভ কৰি  উলুপী , চিত্ৰাঙ্গদা আদি  একাধিক পত্নীৰ পতি তেওঁ।কাৰ প্ৰতি প্ৰেম তেওঁৰ?তেওঁ যেনেকৈ যৌৱনৰ প্ৰথম প্ৰেম পাঞ্চালীৰ একমাত্ৰ স্বামী হব নোৱাৰিলে,তেনেকৈ হয়তো পাঞ্চালীকো তেওঁৰ একক পত্নী হবলৈ নিদি একাধিক পত্নীৰ এগৰাকী কৰি দেখুৱালে।পাঞ্চালীক এককভাৱে নোপোৱাৰ ক্ষোভ হয়তো অৰ্জুনে তেনেকৈয়ে  উজাৰিলে।

                                             

(৪)

অৰ্জুন তেওঁ….মহাবীৰ,গাণ্ডীৱধাৰী,কৃষ্ণসখা।যি বিচাৰে তেওঁ…আহৰণ নকৰালৈকে ক্ষান্ত নহয়।তথাপি- তথাপি তেওঁৰদ্বাৰা আহৰিত অনুপমা-মনোৰমা  ভাৰতখ্যাত দ্ৰৌপদী অথবা পাঞ্চালী তেওঁৰেই কেৱল নহয়।ই কি ছলনা তেওঁৰ প্ৰতি ভাগ্যৰ!হয়তো অৰ্জুনে পাঞ্চালীৰ দৃষ্টিত খেপিয়াই ফুৰিছিল তেওঁৰ প্ৰতি  অভিযোগ-অভিমান।সুভদ্ৰাই নাজানে পাঞ্চালীৰ দৃষ্টিত কি আছিল।তেওঁৰ বাবে পাঞ্চালী এক অভেদ্য দূৰ্গ…..তেতিয়াও-এতিয়াও।পাঞ্চালী মান,অভিমান, অভিযোগ…..এই সকলোবোৰৰেপৰা উৰ্ধত এনে এক নাৰী যাক কোনো সাধাৰণ আবেগ-অনুভূতিয়ে স্পৰ্শ কৰিব নোৱাৰে।

আচলতে কেৱল এই পাঞ্চালীৰ প্ৰতিয়েই  প্ৰেম  অৰ্জুনৰ।নহ’লেনো সুভদ্ৰা-অৰ্জুনৰ প্ৰেমৰ মিলনৰ বিশেষ মুহূৰ্তবোৰতো অৰ্জুন হঠাৎ আনমনা হৈ পৰেনে?সুভদ্ৰাই নো অৰ্জুনক একান্ত ভাৱে পালে কেইক্ষণ?সামাজিকভাৱে স্বামী-স্ত্ৰীৰ স্বীকৃতি পোৱাৰ পাছতো গোটেই জীৱন সুভদ্ৰাই অৰ্জুনবিহীন ভাবেই কটাই দিলে। পুত্ৰ অভিমন্যুৰ অবিহনে তেওঁৰ জীৱন ধাৰণেই সম্ভৱ নহ’লহেঁতেন।বাৰ বছৰ বনবাস আৰু এবছৰ অজ্ঞাত বাসৰ অন্তত তেওঁ স্বামীক দেখা পাইছিল।এই তেৰটা  বছৰতো পাঞ্চালীয়ে সৰহ সময় তেওঁৰ কাষত অৰ্জুনৰ অস্তিত্ব অনুভব কৰি আছিল!আৰু সুভদ্ৰাই?তেওঁ যেন ইতিহাসত এক অন্য  উৰ্মিলাহে।সুভদ্ৰাই শুনিছিল

‘ৰামায়ণ’ৰ ‘উৰ্মিলা’ ৰ কৰুণ কাহিনী।

ইতিহাস উপেক্ষিতা উৰ্মিলা।ৰামায়ণ ৰচয়িতা মহাকবি বাল্মীকিয়েও পাহৰি গৈছিল উৰ্মিলাক।ভগৱান ৰামৰ ভ্ৰাতা লক্ষ্মণৰ সৈতে  বিবাহ জৰী বান্ধি দিয়াতেই ক্ষান্ত থাকিছিল মহাকবি।স্বামী লক্ষণ ভাতৃ আৰু ভাতৃবধুৰ সৈতে গুছি গৈছিল বনবাসলৈ।সুদীৰ্ঘ চৈধ্য বছৰৰ বাবে।বনত ভাতৃবধু সীতাক সৰ্বতোপ্ৰকাৰে ৰক্ষণাবেক্ষণ দি থাকিল চৈধ্য বছৰ।তাতোকৈ….লঙ্কা জয় কৰি সীতাক উদ্ধাৰি আনিলে।লক্ষণ এক  বিৰল ভাতৃ প্ৰেমৰ উদাহৰণ।কিন্তু উৰ্মিলা?উৰ্মিলাৰ চৈধ্য বছৰৰ গোপন চকুপানীবোৰ??একে ঠাইতে বোৱাব পৰা হ’লে কিজানি এখন  নৈ হ’লহেঁতেন।উৰ্মিলাৰ এই ত্যাগৰ কোনো স্বীকৃতি,কোনো প্ৰশংসা নাই।আৰু সুভদ্ৰা…….. তেওঁৰ এই তেৰটা বছৰৰ চকুলোৰো কোনো  স্বীকৃতি নাই।অৰ্জুন গুছি গৈছিল চাৰি ভাতৃ আৰু পাঞ্চালী সহিতে

……সুভদ্ৰাক কোনো প্ৰতিশ্ৰুতি প্ৰদান নকৰাকৈয়ে। সুভদ্ৰাই অনুভব কৰিছে….তায়ো এজনী ‘উৰ্মিলা’….’মহাভাৰতৰ উৰ্মিলা’।

(৫)

বনবাস তথা অজ্ঞাতবাসত থকা কালত সুভদ্ৰাৰ বাতৰি পাইছিল নে অৰ্জুনে?অৱশ্যে ভাতৃসকলৰ আশ্ৰয়ত কায়িকভাৱে কুশলেই আছিল সুভদ্ৰা।এতিয়া বুজিছে……আচলতে এই অভিমন্যুৰ মাতৃ হ’বলৈকে সুভদ্ৰাৰ মহাভাৰতলৈ আগমন।তাৰ বাহিৰে সুভদ্ৰাৰ নিজস্ব কোনো অৱস্থিতিয়ে নাই দেখোন।

কেৱল অভিমন্যু কিয়?এই যজ্ঞাহুতিৰ বাবে পাঞ্চালীৰোতো পাঁচ পুত্ৰ আছিল।এতিয়াও পঞ্চ পতিৰে সৈতে পঞ্চ পুত্ৰৰ শ্ৰীমুখ দৰ্শন কৰি পাঞ্চালী  যুদ্ধৰ বিভীষিকাৰ মাজত যুদ্ধ শিবিৰত বিৰাজমান;যি কাৰ্য্য অন্য কোনো নাৰীৰ বাবে নিষিদ্ধ।অৱশ্যে সুভদ্ৰাই নিজৰ পুত্ৰৰ জীৱনৰ বিনিময়ত এই পাঞ্চালীৰ পুত্ৰসকলৰ মৃত্যু কামনা কৰা নাই।সিহঁত কুশলে থাকক।সুভদ্ৰাই কাৰো মৃত্যু কামনা নকৰে…কাৰো ধ্বংসৰ কাৰক হ’ব নিবিচাৰে।তেওঁৰ দৰে এগৰাকী সাধাৰণ নাৰীৰ আহ্বান কোনে শুনে? প্ৰাণৰ পুতলি বাচাক মৃত্যুৰ আগমুহূৰ্ততো দেখা নাপালে।মৃত্যু আসন্ন জানি কিজানি বাচাই তেওঁক স্মৰণ কৰিছিল…সদ্য বিবাহিতা পত্নী উত্তৰাৰ এবাৰ দৰ্শন কামনা কৰিছিল!জ্যেষ্ঠ ভাতৃ বলোভদ্ৰ দ্বাৰকাত থকাহ’লে নিশ্চয় এই  দুগ্ধ পোষ্য বাচাক যুদ্ধৰ বিভীষিকাৰ মাজলৈ অহাত বাৰণ কৰিলেহেঁতেন।হয়তো এই  যুদ্ধও হ’বলৈ নিদিলেহেঁতেন।সেইবাবেই হয়তো কনিষ্ঠ ভ্ৰাতা শ্ৰীকৃষ্ণই তেওঁক বুদ্ধি কৰি তীৰ্থ ভ্ৰমণলৈ পঠিয়ালে।এই ধ্বংস যজ্ঞৰোতো প্ৰয়োজন আছিল ইতিহাস গঢ়িবৰ বাবে।

“বাচা অভিমন্যু,বীৰৰ তালিকাত  তোমাৰ নাম প্ৰথমেই থাকিব”…..

সুভদ্ৰাই নিজৰ ভাগ্যক ধিয়াই প্ৰয়াত পুত্ৰক উদ্দেশ্যি আশীৰ্বাদৰ হাত আগবঢ়াই দিলে।ভবিষ্যতে অৰ্জুনপত্নী বুলি কোনেও তেওঁক নিবিচাৰিলেও যেন বীৰ পুত্ৰ প্ৰসবিনী বুলিয়েই ভৱিষ্যত পুৰুষে  স্মৰণ কৰে।

“ভগিনী……”

কাৰোবাৰ স্নেহ সনা মাতত সুভদ্ৰা বাস্তবলৈ  উভটি আহে।পাঞ্চালী…..এয়া সুভদ্ৰাৰ কান্ধত হাত থৈ পাঞ্চালী …..সুভদ্ৰাৰ সতিনী।

“ভগিনী,  দুখ নকৰিবা।চোৱা,তোমাৰ পুত্ৰ এই ভাৰত ভূমিত এটি নক্ষত্ৰ ৰূপে সকলোৰে আগত উজ্জ্বলি উঠিছে আৰু…..আৰু তুমিও বীৰ জননী হৈ চিৰকাল জগতত জিলিকি থাকিব।”

এইবাৰ সুভদ্ৰাই পাঞ্চালীৰ কান্ধত আশ্ৰয় লৈ হুক্ হুক্ কৈ ক্ৰন্দন কৰি উঠিল।দুই নয়নেৰে লোতক বৈ থাকিল…..বৈয়েই থাকিল….তটিনীৰ দৰে;বিষাদত নে আহ্লাদত নে গৌৰৱত সুভদ্ৰাই নিজেই ধৰিব নোৱাৰিলে।

*******

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *