বিধাতাৰ লিখন-গীতামণি দত্ত
যশোদাৰ আজি ৰতনলৈ বৰ মনত পৰিছে।হাতত তুলি লোৱা কামখিনি যেন কৰিবলৈ তাই অপৰাগ।আজি দিনটোতে তাই ৰতনৰ লগত মুখামুখি হৈছিল আৰু দুয়োৰে মাজত চাৰিচকুৰ মিলন হৈছিল।
যশোদাহঁতৰ গাৱঁখনৰ ভিতৰত ৰতনহঁতেই আটাইতকৈ ধনী।লক্ষী-সৰস্বতী দুয়োজনৰে যেন বসতি স্থান ৰতনহঁতৰ ঘৰখন।ৰতন ঘৰখনৰ ডাঙৰ ল’ৰা। সৰুৰেপৰাই ৰতন খেলা-ধূলা পঢ়াশুনা সকলো পিনে আগৰনুৱা।সৰুৰেপৰাই ৰতনে টাউনৰ স্কুলতে পঢ়া শুনা কৰা।সেইবাবে যশোদাহঁতে ৰতনক চিনি নাপায়,যদিও একেখন গাৱঁৰে আছিল।
ৰতনৰ পৰিয়ালৰ লগত যশোদাহঁতৰ পৰিয়ালটো নিমিলে।একেবাৰে সাধাৰণ পৰিয়ালৰ ছোৱালী যশোদা। যশোদাৰ মাকে ৰতনৰ ঘৰত দিন হাজিৰা কৰিছিল। তাৰে সিহঁতৰ পৰিয়ালটো চলি আছিল।দুখৰ জীৱন। দেউতাক বিছনাত।যক্ষ্মা বেমাৰটো দেউতাকৰ গাত লগাৰপৰা কাম-বনবোৰ কৰিবলৈ মন নকৰা হ’ল। তিনিটা ল’ৰা-ছোৱালীৰ দায়িত্ব সকলো যশোদাৰ মাকৰ ওপৰত।ডাঙৰ হৈ অহাৰ লগে লগে যশোদাই মাকৰ কষ্টবোৰ বুজি পোৱা হ’ল।তাইও মাজে মাজে মাকক সহায় কৰি দিবৰ বাবে ৰতনহঁতৰ ঘৰলৈ যাবলৈ ধৰিলে। আইয়ে দিয়া কাপোৰ কানি পিন্ধিয়েই যশোদাই নিজকে সজাই পৰাই থয়।মাকে তাইক প্ৰথম দিনাই ৰতনৰ মাকক আই বুলি মাতিবলৈ কৈছিল।সেইদিন ধৰি আজিলৈকে তাই তেখেতক আই বুলিয়েই মাতি আহিছে। তাই আইক পিঠা পনা বনোৱা,লাৰু বনোৱা আদি কামত সহায় কৰি দিয়ে।লাৰু বনাই থাকোঁতে আয়ে তাইক কয়:
জান যশোদা, তই বনোৱা লাৰু খাই ৰতনৰ বন্ধুবোৰে বৰ ভাল পায়।তেতিয়া তাই ভাবে ৰতন ককাইদেউৱে বাৰু তাই বনোৱা লাৰু খাই ভাল পাইনে?এই প্ৰশ্ন তাইৰ মনলৈ বাৰে আহি থাকে।কিয় আহে যশোদাইও নাজানে! মাকক তাই এদিন মনৰ কথাটো ক’লে।মাক একেবাৰে জাঙুৰ খাই উঠিল।দেখি যশোদাৰ এনে লাগিল যেন তাই পৃথিৱীত নোহোৱা নোপোজা কথা এটাহে সুধিলে। বিচনাত পৰি থকা বাপেকেও মাত লগালে : যশোদা এইবোৰ কথা মনলৈ নানিবি , সিহঁত বহুত ডাঙৰ মানুহ।
আমাৰ পৰিয়ালটো তেওঁলোকৰ দয়াতেই জীয়াই আছো। নহ’লে ভাত মুঠিৰো মুদা মৰিব!যশোদাই মুখেৰে একো নামাতি আলনাৰপৰা ফ্ৰক এটা আনি পিন্ধি ল’লে। সচাঁকৈ দেউতাকে কোৱা কথাবোৰ মিছা নহয়।তাই পিন্ধি থকা ফ্ৰকটো দেখোন ৰতনৰ ভনীয়েকৰ!ৰতনৰ দুজনী ভনীয়েক।ডাঙৰজনী যশোদাৰ লগৰে।সেয়েহে ভনীয়েকৰ আধা পুৰণি কাপোৰকে আদি কৰি পাউদাৰ হিমানীলৈকে সকলোবোৰ ৰতনৰ মাক অৰ্থাৎ আইয়ে মৰমতে তাইক দিয়ে।ইমান দিনে যশোদাই এইবোৰ কথা ভৱাই নাছিল,নহ’লে তাইৰ কি হ’লহেতেঁন!গা ঢাকিবলৈ ফটাকানি এডোখৰৰ বাহিৰে কিবা দিব পাৰিলেহেতেঁন নে মাকে? ৰতনৰ ভনীয়েকৰ পুৰণি কাপোৰ হ’লেও তাই ধুনীয়াকৈ সাজি কাচি থাকিব পাৰিছে।
আজি আইয়ে অলপ সোনকালে তাইক মাতি পঠাইছে। পুতেক আহিব হোষ্টেলৰপৰা দুদিনমান থকাকৈ।গতিকে আইয়ে ৰন্ধা-বঢ়াত সহায় কৰি দিবলৈ কৈছে কাৰণ ৰতনৰ ডাঙৰ ভনীয়েক যশোদাৰ লগৰজনীয়ে মেট্ৰিক পৰীক্ষা দিব।পৰীক্ষালৈ দুদিনমানহে আছে!স্কুললৈ গৈ থকা হ’লে যশোদাইও এইবাৰ মেট্ৰিক দিলেহেতেঁন কিন্তু কি হ’ব দেউতাকে বিছনা লোৱা বাবে তাই আৰু পঢ়া নহ’ল।মন থাকিলেও অষ্টম শ্ৰেণীতে পঢ়া সামৰিব ল’গা হ’ল।
পুতেক অহাৰ বাবে গোটেইঘৰ খন উদুলি মুদুলি হৈ পৰিছে।আইয়ে বিধে বিধে ব্যঞ্জণ ৰান্ধিছে।সহায় কৰি দিছে যশোদাই।চোৱা কাঁহী-বাতি খিনি সামৰি যশোদাই ধুবলৈ পাচফাল পালেগৈ।পুখুৰীৰ পাৰতে বাচন ধোৱা ঠাই অকণ আছে।বাচনসোপা লৈ আহি থাকোঁতে দেখিলে ৰতন ককাইদেউ পুখুৰীৰ পাৰতে ৰৈ পুখুৰীলৈ চাই আছে।মাছ চাই আছে ছাগে!যশোদাই অনুমানতে ধৰিলে।ৰতনক দেখি তাইৰ অলপ লাজ লাগিল।এতিয়া উপায় নাই ওভতিও যাব নোৱাৰে।যি হয় হ’ব,তাই বাচন ধোৱাত লাগিল।শব্দ শুনি ৰতনে তাইৰ ফালে চাই সুধিলে:
লাৰু বনোৱা ছোৱালীজনী তাইয়ে নেকি?লাজতে যশোদা ৰঙা-চিঙা পৰিল।বাপেকৰ কথা মনত পৰি তাই নিজৰ কামত মন দিলে।
সেইদিন ধৰি ৰতনে সুবিধা পালেই তাইৰ লগত কথা পাতে।কথাবোৰ শুনি তাইৰ ভাল লাগে।বেছিভাগ পঢ়াৰ কথাই পাতে।হোষ্টেলৰ বিভিন্ন কাহিনী তাইৰ আগত কয়, কথাবোৰ সাধুকথা যেন লাগে।বন্ধ পালে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি ৰতন হোষ্টেল লৈ গুছি গ’ল। যাওঁতে তাইক পঢ়িবলৈ কিতাপ দুখনমান দি গ’ল আৰু পঢ়া-শুনাবোৰৰ চৰ্চা কৰি থাকিবলৈ ক’লে।
পিছৰ বাৰ ল’গ পাওঁতে যশোদাৰ অলপ লাজ ভাঙিল।ৰতনৰ লগত কিছুমান কথা মুকলিকৈ পাতিব পৰা হ’ল।ৰতনে তাইৰ হাতত দুখনমান হিন্দী কিতাপ দিলে আৰু হিন্দী পৰীক্ষাবোৰ দিবলৈ ক’লে।এনেকৈ কিতাপৰ আদান-প্ৰদানে দুয়োকে বহু ওচৰ চপাই আনিলে।ৰতনৰ লগত কথা পাতিবলৈ সৰু মোবাইল এটাও তাইক কিনি দিলে।
পঢ়া শেষ কৰি ৰতন কলেজ এখনৰ প্ৰবক্তা হ’ল। যশোদাক নিজৰ কৰি লবলৈ মন কৰিলে।এয়া কেনেকৈ সম্ভৱ!তাইৰ নিচিনা সাধাৰণ চেহেৰাৰ ছোৱালী এজনীক কি দেখি ভাল পালে?হয়টো এয়াই ভালপোৱা।তাইৰ চিন্তাই এইবোৰ ঢুকি নাপায়।ৰতনৰ সাহসতে তাই ইমান দূৰ আগবাঢ়িছে।
ঘৰৰ অমতত বিবাহ হৈ ঘৰতো বাদেই গাওঁখনলৈও যাব নোৱাৰা হ’ল।দুয়োখন ঘৰে দুয়োকে ত্যাগ কৰিলে।সিহঁতৰ সংসাৰ হ’ল।দুটা সন্তানৰ মুখ দেখিলে।প্ৰায় চৈধ্যটা বসন্ত যশোদাই ৰতনৰ লগত বৰ সুন্দৰভাৱে পাৰ কৰিলে।যশোদাৰ কাৰণে এটা কথাই সদায় সাঁথৰ হৈ থাকি গ’ল যে তাইৰ নিচিনা নপঢ়া নুশুনা সাধাৰণ চেহেৰাৰ ছোৱালীজনীক কি দেখি ভাল পালে ৰতনে! ৰতনক তাই এষাৰ কথা সুধিম সুধিম বুলি ভাবি থাকোঁতেই ৰতন হঠাতে তাইক এৰি অজান ঠাইলৈ গুছি গ’ল,য’ৰ পৰা কোনো ওভতি আহিব নোৱাৰে।
এয়াই হৈছে বিধিৰ লিখন?নভবা কথাবোৰ হঠাতে জীৱনত ঘটি যায়।যশোদাৰ জীৱনত আগতেও নভবাকৈ ৰতনক পালে আৰু পিছত নভৱাকৈয়ে ৰতনক হেৰুৱালে।
পুৰণি কথাবোৰ ভাবি থাকোঁতে কিমান সময় পাৰ কৰিলে যশোদাই গমেই নাপালে।দেখিলে ল’ৰা-ছোৱালী হাল টোপনিত লালকাল।নহ’বনো কেলেই, ৰাতিও বহুত পৰ হ’ল।সংগ্ৰামী জীৱন তাইৰ পুনৰ আৰম্ভ হ’ল।ল’ৰা – ছোৱালীহালৰ বাবেই তাই সংগ্ৰাম কৰিব লাগিব।ৰতনৰ দৰে সিহঁতক ডাঙৰ মানুহ কৰিব লাগিব।
আজি যশোদাৰ ছোৱালী অইনীয়ে মেডিকেলত চিট পাইছে।সৰ্বভাৰতীয় “নীট” পৰীক্ষাত তাই বৰ সুক্ষ্যাতিৰে পাছ কৰিছে।
যশোদাই আজি পুৱাই সোনকালে শোৱাপাটী এৰিলে । তামমোল-পানৰ টোপোলা এটা বান্ধি থৈছিল নাম ঘৰলৈ বুলি।অইনীয়ে পৰীক্ষা দিবলৈ যোৱাৰ দিনাই তাই টোপোলাটো বান্ধি শৰাই এখন আগবঢ়াই থৈছিল। আজিৰ তাই প্ৰাৰ্থনা ঈশ্বৰে শুনিলে।সেয়ে মনটো আজি বৰ পবিত্ৰ লাগিছে।আজি যদি ৰতন জীয়াই থাকিল হেতেঁন কিমান যে আনন্দ পালেহেঁতেন!কিন্তু কি হ’ব! সকলো বিধতাৰ লিখন।তাক কোনেও খণ্ডণ কৰিব নোৱাৰে।যশোদাই মনৰ আনন্দখিনি আজি ভাগ-বতৰা কৰিবলৈ কাষত ৰতন নাই।
ঘৰৰ বাহিবনখিনি লৰালৰিকৈ সামৰি গাটো তিয়াই আইনাখনৰ সন্মুখত থিয় হৈ বহু দেৰি নিজকে চাই মনটো দেখুন কেনেবা লাগিল।ইমান দিনে যশোদাই আইনাখনত নিজকে ভালকৈ চোৱাই নাই।আজিহে মন কৰিলে দুই এডাল সোণালী চুলিয়ে মূৰত ভুমুকি মাৰিছেহি।চকুৰ গুৰিতো বয়সৰ চাপ এটা নপৰাকৈ থকা নাই।
বয়সতকৈ তাই অলপ সোনকালে বুঢ়ী হ’ল নেকি? নিজকে নিজে প্ৰশ্ন কৰিলে।আজি ৰতন জীয়াই থকা হেতেঁন হয়তো তাইৰ চেহেৰা ইমান হতি নগ’লহেতেঁন! ৰতনৰ মুখখন তাইৰ চকুৰ আগত ভাঁহি উঠিল।ইমান সুন্দৰ চেহেৰাৰ মুখখন!দেখিলেই মানুহজনৰ বিষয়ে বহু কথাই গ’ম পোৱা যায়।কি হৈ গ’ল!মাক-দেউতাকে বাৰু তেওঁক অভিশাপ দিলে নেকি!তেওঁ এজন ভাল স্বামী আছিল কিন্তু ভাল পুত্ৰ হ’ব নোৱাৰিলে।ইমানেই মনত দুখ পাইছিল যে মৃত্যুৰ পাছতো আনকি নাতিহঁতৰ খবৰ এটাও লোৱা নাছিল।কালি খবৰ কাগজত অইনীৰ ফটোখন পাই শাহুৱেকে, মানে যশোদাই,যাক এটা সময়ত আই বুলি মাতিছিল তেওঁ।মোবাইলত অচিনাকি নম্বৰটো দেখি ধৰো নধৰোকৈ ফোনটো হাতত লৈ হেল’ বুলি কৈ মাততো শুনি যশোদা কঁপি উঠিল।ইমান বছৰৰ পাছতো তাই মাতটো পাহৰা নাই।মুখৰপৰা তাই আই শব্দটো উলিয়াবলৈ বহুখিনি কষ্ট কৰিবলগীয়া হৈছিল। খবৰটোৱে ৰতনৰ মাকক বহুখিনি আনন্দ দিছে।অইনীৰ সকলো দায়িত্ব ল’বলৈ তেওঁলোক সাজু হৈ আছে।ৰতনৰ মাক দেউতাক এদিন আহি নিজ মুখেৰে অইনীক আশীৰ্বাদ দি যাবহি।যশোদাই মুখেৰে একো নামাতি ফোনটো বন্ধ কৰি দিলে।তাই এতিয়া কি কৰিব!ইমান বছৰে অভিমানতেই হওক বা খঙতে হওক ৰতনৰ ঘৰৰ কোনো এজন সদস্যই খবৰ এটাও লোৱা নাছিল।আজি হঠাতে এটা খবৰে কিমান ওচৰ চপাই আনিলে।অইনীক তাই নিজৰ বংশ পৰিয়ালৰ পৰা আতঁৰাব নোখোজে। কিন্তু তেওঁলোকে আগবঢ়াব খোজা সহায়খিনি ল’বলৈ তাই অপৰাগ।ইমান বছৰে তাই বহু সংগ্ৰাম কৰি ল’ৰা- ছোৱালী হালক মানুহ কৰিলে।ঈশ্বৰে সহায় কৰিলে কাৰো সহায় প্ৰয়োজন নাই।
: মা…তোমাৰ হ’লনে?মোৰ কিন্তু কলপাত কটা হৈ গ’ল।
অইনীৰ মাতত যশোদাৰ সম্বিত ঘূৰি আহিল।লৰালৰিকৈ চুলিকোছাৰে খোপা এটা বান্ধি কাপোৰযোৰ সলাই নাম ঘৰলৈ বুলি ওলাই আহিল।আগে আগে অইনী আৰু অয়ন।সিহঁত দুয়োটালৈ চাই যশোদাৰ কিয় জানো মুখৰ পৰা হুমুনিয়াহ এটা ওলাই আহিল।ঈশ্বৰৰ ওপৰতে সকলো ভৰষা কৰি নামঘৰৰ পিনে আগবাঢ়িল।বিধিৰ লিখন কোনেও খণ্ডাব নোৱাৰে।সকলো ভয়-শংকা মনৰ পৰা আঁতৰাই যশোদাই কেৱল আজিৰপৰা নিজৰ কৰ্মহে কৰি যাব।দেখিলে বেলিটো মূৰৰ ওপৰ পাবলৈ বেছি পৰ নাই।মেখেলাখন অলপ দাঙি খোজৰ গতি বেগ আগতকৈ বঢ়াই দিলে।
*******

7:23 AM
Queen88slot, my go-to for a quick thrill. Easy to navigate and always something new to try. Check it out! queen88slot
7:24 AM
Alright guys, 522betapp is on my radar now. The odds are competitive and I like the user interface. Depositing and withdrawing was a breeze too. Give it a shot! 522betapp
7:24 AM
Hey everyone, bj326onlinegame isn’t bad actually! Solid game selection and the site is easy to navigate. Could use some more bonuses but overall it’s legit. Check it out for yourself: bj326onlinegame
4:43 AM
F178vip has been treating me well lately. Good bonuses and a wide selection. What more could you ask for? Join in on the fun here: f178vip
4:43 AM
Yo, pg789login! Just signed up and the process was smooth. Hoping for some big wins. Check it out for yourselves pg789login
4:43 AM
Alright, gotta say, lucky88best’s interface is clean. Depositing was easy, and the game variety is pretty decent. Let’s see if luck is on my side. Give it a shot lucky88best
7:25 AM
Playing here feels incredibly convenient since they support all the local payment methods we use daily. The customer support team speaks our language and resolves queries without making us jump through hoops. Games load fast and the fair play certification gives real confidence. I have been playing for three months now and the consistency is remarkable. Highly recommend it to anyone looking for a hassle free setup. Find it right here bdrichbd
7:25 AM
The free play options here are a fantastic way to get comfortable before risking real cash. Once you are ready to play for keeps the experience gets even better with great odds and fast transactions. I genuinely enjoy every session I have on this platform. Visit today arcasinogratisjoker
7:26 AM
Playing here feels like hanging out with friends who really know how to keep things fun. Quick deposits, easy withdrawals, and a community chat that never gets boring. Highly recommend it. phclub777ph