হিন্দু পৌৰাণিক কাহিনীত পঞ্চসতী বা পঞ্চকন্যা হৈছে অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা আৰু মন্দোদৰী-কুঞ্জ খাউণ্ড

যদিও প্ৰচলিত ধাৰণাৰে সতী বুলিব পৰা নাৰী ভাৰতবৰ্ষত অজস্ৰ আছিল, বা ঐতিহাসিক কালতো এনে নাৰীৰ অভাৱ নাই তথাপি এইসকলৰ ভিতৰৰে বিশেষ পাঁচগৰাকী নাৰীক চিহ্নিত কৰি পঞ্চসতী বা পঞ্চকন্যাৰ নামেৰে চিহ্নিত কৰি আহিছে।’ 

-এই পাঁচগৰাকী মহীয়সী নাৰী,যাৰ নাম স্মৰণ কৰিলে মহাপাপ নাশ হয় বুলি বিশ্বাস কৰা হয়।তেওঁলোকৰ কাহিনী ত্যাগ,ধৈৰ্য্য আৰু চৰিত্ৰ দৃঢ়তাৰ প্ৰতীক, যিয়ে ৰামায়ণ আৰু মহাভাৰতৰ গুৰুত্বপূৰ্ণ মোৰসমূহ নিয়ন্ত্ৰণ কৰিছিল।আনকি তেওঁলোকৰ নাম ল’লে মহাপাপো নাশ হয় বুলি বিশ্বাস কৰা হয়।

অহল্যা দ্ৰৌপদী কুন্তী তাৰা মন্দোদৰী তথা।

পঞ্চকন্যা স্মৰে নিত্যং মহাপাতক নাশনম্‌।।

পঞ্চসতীৰ কাহিনীৰ ভিতৰত অহল্যাৰ জীৱনৰ ওপৰত অকণমান আলোকপাত কৰিব বিচাৰিছো।

অহল্যা আছিল ব্ৰহ্মাৰ মানস কন্যা।সত্য যুগত

তেওঁৰ যজ্ঞৰ ছাঁইৰ পৰা অহল্যাৰ জন্ম হৈছিল বুলি কোৱা হয়। অহল্যা অতি সুন্দৰী আৰু সৰ্বগুণী আছিল । ব্ৰহ্মাদেৱে অহল্যাক ঋষি গৌতমৰ লগত বিবাহ কৰাই দিছিল।অহল্যাৰ স্বামী ভক্তিপৰায়ণতা আছিল অতুলনীয়।তেওঁক মহাসতী আখ্যা দিছিল।স্বামীৰ সেৱা শুশ্ৰূষাত অলপো ক্ৰুটি কৰা নাছিল। কিন্তু তেওঁৰ অতুলনীয় ৰূপ গুণ দেখি দেৱৰাজ ইন্দ্ৰৰ চকু পৰিল আৰু  মনত কুঅভিপ্ৰায় খেলালে আৰু  ফলস্বৰূপে অহল্যা প্ৰতাৰণাৰ বলি হ’ল।

এদিন মহৰ্ষি গৌতম আশ্ৰমত নথকাৰ সুযোগ লৈ ইন্দ্ৰই ঋষি গৌতমৰ ছদ্মবেশত অহল্যাৰ লগত বহুত অন্যায় কৰিলে।গৌতমৰ ৰূপত অহল্যাৰ সতীত্ব হৰণ কৰিলে। ঠিক সেই সময়তেই ঋষি গৌতমে আশ্ৰমত প্ৰবেশ কৰি এই ঘৃণনীয় কাৰ্য্যৰ বাবে পত্নী অহল্যাক দোষাৰোপ কৰিলে। অহল্যাই আচল কথা বুজিব পাৰি দুখত ভাগি পৰিল আৰু স্বামীৰ ওচৰত বহুত কাকুতি মিনতি কৰি ক্ষমা বিচাৰিলে।কিন্তু খং আৰু ক্ৰোধৰ বশৱৰ্তী হৈ ঋষিয়ে পত্নীক পাথৰলৈ পৰিবৰ্তন হবলৈ অভিশাপ দিলে।তথাপি অহল্যা শাপমুক্ত হোৱাৰ এটা পথ ৰাখিলে যে ত্ৰেতা যুগত বিষ্ণুৰ ৰাম অৱতাৰত তেওঁৰ পদৰ স্পৰ্শ পালেই অহল্যাই আগৰ ৰূপ ঘুৰাই পাব।এইদৰে শাপগ্ৰস্ত হৈ অহল্যাই প্ৰায়শ্চিত্তৰ বাবে যুগ যুগ ৰামৰ নাম লৈ কঠোৰ তপস্যা কৰি আছিল।

যেতিয়া ঋষি বিশ্বামিত্ৰৰ লগত ৰাম মিথিলালৈ গৈছিল তেতিয়া ঋষি গৌতমৰ আশ্ৰমত প্ৰবেশ কৰোতে সেই শিলামূৰ্তিৰ পৰা ৰাম ৰাম উচ্চাৰণ শুনিবলৈ পায়।ৰামে যেতিয়া ঋষি বিশ্বামিত্ৰক এই বিষয়ে সুধিছিল তেতিয়া ঋষিয়ে সমস্ত কাহিনী বিবৰি কয় আৰু অহল্যাৰ গুণগান গায় তথা তেওঁক উদ্ধাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।আচলতে অহল্যাই ইন্দ্ৰৰ কুচক্ৰৰ  বলি হৈহে পাথৰ হ’ব লগা হ’ল সেই কথা জানিব পাৰি ৰামে সেই শিলাখণ্ডত ভৰিৰে স্পৰ্শ কৰাৰ লগে লগে অহল্যাই পূৰ্বৰ ৰূপ ঘূৰাই পায় আৰু শাপমুক্ত হয়। 

*******

Leave a Reply

Your email address will not be published. Required fields are marked *