বিহুনামত অসমৰ নদ-নদী-ববিতা শৰ্মা
সভ্যতাৰ উত্থান আৰু বিকাশত নদীয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়েহে নদীক সভ্যতাৰ প্ৰাণকেন্দ্ৰ আৰু জীৱনৰেখা বুলি ভবা হয়। জীৱিকাৰ সুবিধা আৰু পৰিবহণৰ সুচলতাৰ বাবে প্ৰাচীন কালৰেপৰা নদীক কেন্দ্ৰ কৰি মানুহে বসতি স্থাপন কৰি আহিছে। কৃষিকৰ্মৰ উৎপত্তি আৰু বিকাশো নদীৰ বাবেই সম্ভৱ হৈছে। পুৰণি কালত পিয়াহৰ পানী টুপিৰ লগতে গা-ধোৱা, কাপোৰ ধোৱা আদি দৈনন্দিন কাম-কাজৰ বাবে মানুহে নদীৰ ওপৰতে নিৰ্ভৰ কৰিছিল। স্বাভাৱিকতে নদীৰ লগত মানুহৰ এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। যাৰ ফলশ্ৰুতিতে মানুহৰ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ লগতো নদী গভীৰভাৱে জড়িত হৈ পৰিছিল। ইতিহাসৰ পৃষ্ঠা লুটিয়ালে দেখা যায় যে সিন্ধু সভ্যতা, নীল নদীৰ সভ্যতা, মেছোপটেমিয়া সভ্যতা, হোৱাংহো সভ্যতাকে আদি কৰি বিশ্বৰ প্ৰাচীন আৰু প্ৰধান সভ্যতাসমূহ একো একোখন নদীক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছিল আৰু এই সভ্যতাসমূহক প্ৰাচীন বিশ্বৰ সংস্কৃতি আৰু নগৰীয়া সভ্যতাৰ ভেটি বুলি গণ্য কৰা হয়।
অসমীয়া জনজীৱনতো নদীয়ে অতীজৰে পৰা বিশেষ গুৰুত্ব লাভ কৰি আহিছে। অসম এখন নদীমাতৃক দেশ। ব্ৰহ্মপুত্ৰ আৰু বৰাক — এই দুই প্ৰধান নদীৰ লগতে বিভিন্ন উপনৈয়ে অসমৰ ভূমি সাৰুৱা কৰাৰ লগতে বসতি সুচল কৰিছে। অসমৰ নদ-নদীসমূহৰ ভিতৰত মহাবাহু ব্ৰহ্মপুত্ৰই অসমীয়া জনমানসত এক বিশেষ স্থান লাভ কৰি আহিছে। অসম আৰু অসমীয়াৰ বাবে ব্ৰহ্মপুত্ৰ কেৱল এখন নদীৰ নাম নহয়, ব্ৰহ্মপুত্ৰ অসমৰ প্ৰাণ, মান, পৰিচয়। বিভিন্ন জাতি-জনগোষ্ঠীক সাৱটি ব্ৰহ্মপুত্ৰ সমন্বয় ক্ষেত্ৰত পৰিণত হৈছে। আমাৰ প্ৰাণৰ শিল্পী ভূপেন দাই তেওঁৰ গীতৰ মাজেৰে এই কথাকে কৈ গৈছে —
“মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ
কত যুগ ধৰি আহিছে প্ৰকাশি সমন্বয়ৰ অৰ্থ…”
এই মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহক কেন্দ্ৰ কৰি যুগ যুগ ধৰি অসমীয়া সংস্কৃতিয়ে স্বকীয় বৈশিষ্ট্যৰে নিজৰ অস্তিত্ব ঘোষণা কৰি আহিছে। অসমৰ গ্ৰাম্য সংস্কৃতি মূলতঃ কৃষিভিত্তিক, প্ৰকৃতি নিৰ্ভৰ সুৰীয়া সংস্কৃতি। অসমৰ জাতীয় উৎসৱ বিহুৰ কৃষি চক্ৰৰ লগত গভীৰ সম্পৰ্ক আছে। অসমৰ বাপতি সাহোন বিহু পালনৰ সময় আৰু ইয়াৰ লগত জড়িত পৰম্পৰাসমূহৰ তাৎপৰ্য মনকৰিবলগীয়া। তিনিটি বিহুৰ ভিতৰত ব’হাগ বিহু খেতিত নমাৰ আগতে, কাতি বিহু খেতি চপোৱাৰ আগে আগে শস্যৰ মংগল কামনাৰে আৰু মাঘ বিহু খেতি চপোৱাৰ পাছত পালন কৰা হয়। অসমৰ জাতীয় উৎসৱ বিহু অসম আৰু অসমীয়াৰ বাবে কেৱল এক উৎসৱ নহয়, বিহু অসমীয়া জাতিৰ জাতীয় চেতনা,পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতীক। বিহু উৎসৱ আনন্দ প্ৰকাশৰ উৎসৱ। গতিকে বিহু উৎসৱৰ পালনৰ লগত গীত-পদ, নৃত্য, বাদ্য আদিবোৰ জড়িত হৈ আছে। বিহু আমাৰ বাবে কেৱল অসমৰ চহকী লোক সংস্কৃতিৰ পৰিচয়েই নহয়, বিহু অসমীয়াৰ কলাসুলভ মনৰো পৰিচয়। এই পৰিচয়ৰে সাৰ্থক প্ৰকাশ হ’ল প্ৰেম, প্ৰকৃতি আৰু জীৱনৰ বিভিন্ন দিশক সাৰ্থক ৰূপত তুলি ধৰা বিহুনামসমূহ।
গণশিল্পী হেমাংগ বিশ্বাসে কৈছিল,”যি নাই বিহুগীতত, সি নাই অসমত । যি নাই অসমত, সি নাই বিহুগীতত। অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু। অসমৰ পাহাৰ-পৰ্বত, চৰাই-চিৰিকতি, নৈ-বিল, পথাৰ-সমাৰ,ফুল-ফল, গোন্ধ -বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে ‘পেনোৰামা’ ভাৰতৰ লোকসংগীতত বিৰল। বিহুৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ সৌধ।” প্ৰাকৃতিক সৌন্দৰ্য্যত অদ্বিতীয় ৰূপহী অসমৰ বুকুৰে প্ৰবাহিত হোৱা নদ-নদী, জান-জুৰি, নিজৰা আদিৰ স্বাভাৱিক ধ্বনিয়ে আই অসমীক সুৰৰ সাতসৰী পিন্ধাইছে আৰু এই সুৰৰ লহৰ প্ৰতিজন অসমীয়াৰ হৃদয়লৈ শিপাই সৃষ্টি হৈছে অসংখ্য সুমধুৰ গীত-মাত। অনাখৰী চহা জীৱনত দৈনন্দিন কাম-কাজ, উৎসৱ-পাৰ্বন, আচাৰ-অনুষ্ঠান সকলোকে গীত-মাতে মুখৰিত কৰি ৰাখিছিল। যাৰ ফলশ্ৰুতি অসমীয়া গীতি-সাহিত্যই মৌখিক ৰূপতে সমৃদ্ধি লাভ কৰিছিল। অসমৰ জাতীয় উৎসৱ বিহুক কেন্দ্ৰ কৰি যুগে যুগে চলি অহা বিহুনামসমূহ অসমীয়া গীতি সাহিত্যৰ অমূল্য সম্পদ। ড° প্ৰফুল্লদত্ত গোস্বামীদেৱৰ মতে “অসমীয়া জনগীত সমূহৰ ভিতৰত বিহুনামেই আটাইতকৈ অন্তৰ-পৰশা।” ( বাৰ মাহৰ তেৰ গীত, পৃষ্ঠা : ১৩৬ )।
বিহুনামৰ মাজেৰে প্ৰতিফলিত হোৱা অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ছবিখনত প্ৰকৃতিৰ আন আন উপাদানসমূহৰ লগতে নদ-নদীয়েও গুৰুত্ব পাই আহিছে। বিহুনামৰ মাজেৰে অসমৰ নদ-নদীৰ ছবিখন দুই ধৰণে প্ৰতিফলিত হৈছে —
ক. নৈ, নদী আদি শব্দৰ সাধাৰণ উল্লেখেৰে —
নৈৰ পাৰে পাৰে নলৰে গজালি
তাতে ক’লা গৰু চৰে,
নাচনীৰ মূৰতে গুটিফুলৰ গামোচা
পখিলা উৰাদি উৰে।
********************************************
নৈৰে শুৱনি গঙাকৈ চিলনী
পৰ্বতৰ শুৱনি মিৰি,
ডেকাৰে শুৱনি ভৰিৰ কলাফুল
গাৱঁৰে শুৱনি তিৰী।
*******************************************
নৈৰে সিপাৰে কোনে জুই দিলে
ওপৰে উৰি গ’ল ছাই,
মোৰনো হিয়াতে কোনে জুই জ্বলালে
বিচনী ধৰোঁতা নাই।
********************************************
ইমান গোৱা ৰোৱা পাচতো লাহৰী
যদি নহয় আমাৰে মিল,
নৈত জাপে মাৰি মৰিম ঐ লাহৰী
ডিঙিত বান্ধি বৰে শিল।
********************************************
নৈ পানী বাঢ়িলে গমত ঐ মইনা
নৈ পানী বাঢ়িলে গমত,
তোমালৈ মনতে পৰে ঘনে ঘনে
আমালৈ নপৰে মনত।
*********************************************
নৈ কাষৰীয়া পকা জলকীয়া
তললৈ মেলিলে শিয়া,
বামুণক চোৱালোঁ গণকক চোৱালোঁ
হ’ব মোৰ ব’হাগত বিয়া।
********************************************
নৈৰ ৰঙাগৰা দলনি দোপনি
হৰিণাই চিঞৰে বনত,
তোমাৰে সন্তাপত থাকিব নোৱাৰোঁ
মৰোঁগৈ শদিয়া ৰণত।
*********************************************
নৈ দেখি লাগিলে পানীৰে পিয়াহ ঐ
তোমাক দেখি লাগিলে মায়া,
হাতৰ কটা তামোল হাততে থাকিলে
নহ’লে মুখলৈ নিয়া।
*********************************************
নৈয়ে গুমগুমায় কোম্পানী জাহাজে
ঢেঁকী গুমগুমায় থোৰা,
বুকু চমেচমায় মন কুৰুলিয়ায়
জীয়ৰী হ’বৰে পৰা।
*********************************************
নৈ খুবুঙীয়া পানী হাবুঙীয়া
গৰা চঙলুৱা ঘাট,
কাষতে কলহ লৈ চেনাই যাই ঘাটলৈ
লগাই থৈ নগ’লে মাত।
*********************************************
শ’লে পানী খালে শালে পানী খালে
ভুমুকা ভুমুকি কৰি,
অচলত চল লগাই ধনে পানী খালে
নৈৰ থিয় গৰাত ধৰি।
*********************************************
নৈয়ে এৰিলে ন-খনি দলনি
বগে এৰি গ’লে ঘাট,
চেনায়ে এৰিলে মৰম কোমলীয়া
দেখিলে নিদিয়ে মাত।
খ. অসমৰ জীৱনৰেখা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ
উপনৈসমূহৰ নামৰ উল্লেখেৰে —
ব্ৰহ্মপুত্ৰ নদী অসম আৰু অসমীয়াৰ পৰিচয়। এই নদীক বাদ দি অসমৰ জাতীয় জীৱনৰ কল্পনাও কৰিব নোৱাৰি। যুগ যুগ ধৰি এই নদী অসমৰ জীৱন, জীৱিকা আৰু সংস্কৃতিৰ মূল আধাৰ ৰূপে চিহ্নিত হৈ আহিছে। এই ব্ৰহ্মপুত্ৰ নদী অসমীয়াৰ মাজত লুইত নামেৰেহে অধিক পৰিচিত। লুইত অবিহনে অসমীয়া মানুহ অসম্পূৰ্ণ। এই লুইতৰে অসমীয়াৰ বাবে কেবাটাও অভিধা –কেতিয়াবা বুঢ়ালুইত, কেতিয়াবা চিৰি লুইত। ব্ৰহ্মপুত্ৰ, লুইত, বুঢ়া লুইত, চিৰি লুইত যি নামেৰেই নামকৰণ নকৰোঁ কিয় ব্ৰহ্মপুত্ৰ অসম আৰু অসমীয়াৰ প্ৰাণদায়িনী শক্তি। অৱশ্যে মাত্ৰ কেইফাঁকিমান বিহুনামতেই এই ব্ৰহ্মপুত্ৰ নামটো সীমাবদ্ধ —
বৰহপুতৰ মাজৰে বৰহমথুৰি আনিবা
গুৱালৰ আনিবা দৈ
নাজিৰা হাটৰে জেতুকা আনিবা
থাকিম পদূলিতে ৰৈ।
*********************************************
ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই,
উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা
তামোল দি মাতোতা নাই।
********************************************
লৰুৱা বিলখন জাপ মাৰি ডেই যাম
ব্ৰহ্মপুত্ৰ কেনেকৈ ডেম,
সিপাৰৰ পৰা বান্ধৈ হাতে মেলিবা
মকৰা জোৰা দি যাম।
********************************************
ব্ৰহ্মপুত্ৰে আহিলে ইংৰাজৰ জাহাজ ঐ
পৃথিৱী তলেবলাই,
চপাই দে চপাই দে ইংৰাজৰ জাহাজ ঐ
বাতৰি আছে নে নাই।
ব্ৰহ্মপুত্ৰ নামতকৈ একেখন নদীৰে লুইত নামটোহে অসমীয়াৰ বুকুৰ আপোন । সেয়েহে বিহুনামতো এই নামৰ ব্যৱহাৰ সততে দেখা যায় —
লুইতখন শুৱনি বগীদৈ চাপৰি
দিখৌখন শুৱনি গৰা,
মনতৰা শুৱনি ৰংদৈ পথাৰত
ৰূপতকৈ জেউতি চৰা।
*********************************************
লুইতৰ শুৱনি উজাই মিৰিয়নি
ডিবৰু শুৱনি জিঞা,
দেহিঐ চেনেহী লহঙী পহঙী
গালতে এচুমা দিয়া।
*********************************************
বৰনৈ শুৱনি চেনীদৈ চাপৰি
লুইতৰ শুৱনি চৰ,
চেনেহী শুৱনি মনৰে জুৰণি
ডিঙিতে সাৱটি ধৰ।
*********************************************
বৰনৈ থিয় ঘাট বাৰিষা পিছল বাট
ভৰা লুইতৰে গৰা,
যোৰফোঁট মাৰি লৈ ধন যাই ঘাটলৈ
সাইলাস তামূলী তৰা।
********************************************
লুইতৰ চাপৰিত নিতৌ পেঁপা বাৱ
কাৰনো বুকুৰে ধন,
ৰাতিৰে ৰাতিটো বিহুৰে তলিতে
বিহু মাৰি থাকিবৰ মন।
*********************************************
লুইতৰে বালি বগী ঢকেঢকি
কাছই কণী পাৰে লেখি,
গাত জুই জ্বলিছে সৰিয়হ ফুটিছে
ধনক পানী ঘাটত দেখি।
*********************************************
চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলোঁ
চিৰি লুইতলৈ চায়,
চিৰি লুইততে কিৰিলি মাৰিয়েই
চেনাই নাৱে মেলি যায়।
********************************************
ৰঙা নৈ শুকালে মাছৰে বেজাৰত
লুইতখন শুকাইছে কিয়,
মই চেনাই শুকাইছোঁ তোমাৰে বেজাৰত
তুমি চেনাই শুকাইছা কিয় ?
*********************************************
দেহা হ’ল অলিয়া দেহা হ’ল বলিয়া
দেহা হ’ল লুইতৰ গৰা,
তোমাৰ লগতে হ’লোঁ মই বলিয়া
চিনাকি হ’বৰে পৰা।
*********************************************
লুইতৰ বালিতে কঁহুৱা ফুলিলে
ফুলিলে শিমলুৰ ফুল,
আই অসমীয়া সবাকো আদৰে
নিবিচাৰি জাতি কুল।
********************************************
লুইত পাৰে হ’লোঁ দিখৌ পাৰে হ’লোঁ
জিৰালোঁ কলিয়াবৰত,
তোমাকে বিচাৰি এৰোঁ ঘৰ-বাৰী
নেথাকো ডিব্ৰুগড়ত।
*********************************************
লুইতৰ বানে নিলে মোৰ পথাৰখন
হাতত খেতি-খোলা নাই,
বাৰী-ঘৰ গোহালি তাকো সামৰিলে
ভেঁটিও উচন যায়।
হিমালয়ৰ মানস সৰোবৰৰ কাষৰ ‘টামচুক খামবাৰ’ হিমবাহৰপৰা উৎপত্তি হৈ অসমৰ মাজেৰে ৭২৫ কিলোমিটাৰ পথ অতিক্ৰম কৰি বাংলাদেশত প্ৰৱেশ কৰি বংগোপসাগৰত পৰা ব্ৰহ্মপুত্ৰৰ সৰু-বৰ প্ৰায় ১০৫খন উপনৈ আছে। এই উপনৈসমূহৰ ভিতৰত দিহিং (বুঢ়ীদিহিং), দিচাং, দিখৌ, জাঁজী, ভোগদৈ, ধনশিৰি আদি প্ৰধান উপনৈ কেইখনৰ নাম বিহুনামত পোৱা যায় —
দিহিং, দিচাং, জাঁজী, ভোগদৈ, ধনশিৰি
বহু নদী লগলাগি
হ’লেনো ব্ৰহ্মপুত্ৰ মহানদী নাচনী…
ব্ৰহ্মপুত্ৰৰ এখন প্ৰধান উপনৈ দিখৌ। দিখৌ শব্দটো বড়ো জনগোষ্ঠীৰ অৱদান। বড়ো ভাষাত ‘দি’ মানে পানী আৰু ‘খৌ’ মানে দ’। ব্ৰহ্মপুত্ৰৰ আন উপনৈসমূহতকৈ দিখৌৰ গভীৰতা বেছি। গৰাও ওখ। দিখৌ নদী নগা পাহাৰৰ ‘খোমি’ নামৰ ঠাইৰপৰা উৎপত্তি হৈ শিৱসাগৰ চহৰৰ মাজেৰে বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছে। দিখৌৰ দৰে ব্ৰহ্মপুত্ৰৰ আন এখন প্ৰধান উপনৈ হ’ল দিচাং। এই নদীখন অৰুণাচল প্ৰদেশৰপৰা আহি অসমৰ শিৱসাগৰ আৰু ডিব্ৰুগড় সীমা ৰূপে কিছুদূৰ বৈ গৈ শিৱসাগৰ জিলাত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰত মিলিছে। আহোম ৰাজত্বকালত বিহুৱে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। সেয়ে হয়তো বিহুনামত শিৱসাগৰ জিলাৰ এই দুখন নদীৰ নামৰ বিশেষ উল্লেখ আছে —
দিখৌ নৈৰ পাৰৰে থোৰালি ঢেকীয়া
নিতৌ চাৰি আঙুল বাঢ়ে,
তোলৈ লাহৰী মনতনো পৰিলে
ৰাতিও টোপনি নাহে।
********************************************
দিখৌ নৈ এৰিব পাৰোঁ মই লাহৰী
জাঁজী নৈ এৰিব পাৰোঁ,
তোমাৰে পীৰিতি এৰিব নোৱাৰোঁ
নেখাই থাকিব পাৰোঁ।
*********************************************
দিখৌ নৈ এৰিব পাৰোঁ মই মইনা
দিহিং নৈ এৰিব পাৰোঁ,
চেনেহৰ বিহুটি এৰিব নোৱাৰোঁ
নেখায়ো থাকিব পাৰোঁ।
*********************************************
সৰুতে পিতাদেউ জকাই সাজি দিয়া
নালতো বিন্ধিলে ঘূণে,
দিখৌ পাৰে কৰি দিয়া বিয়া কৰি
সৰু মাছ মাৰিব কোনে।
*********************************************
দিখৌ নৈ ইপাৰে দিখৌ নৈ সিপাৰে
কোনে দিয়ে যাব সাকোঁ,
কোনে দিয়ে যাব ৰাঁচ, দোৰপতি
কোনে দিয়ে যাব মাকো।
********************************************
দিখৌ এসুঁতি দিচৈৰে এসুঁতি
কেনেকৈ মিহলি হ’ল,
তুমি পুলিবৰ মই বিহুবৰ
কেনেকৈ চিনাকি হ’ল।
********************************************
দিখৌ মুখত দেখিলোঁ কোম্পানীৰ জাহাজ ঐ
লুইতে ভটিয়াই গ’ল,
চেনাইৰে লগতে পীৰিতি কৰোতে
খুঁটিৰ ম’হ বিকৰে গ’ল।
********************************************
দিখৌ গুমেগুমাই কোম্পানীৰ জাহাজ ঐ
ঢেঁকী গুমগুমাই থোৰা,
বুকু চমেচমাই মন কুৰুলিয়াই
গাভৰু হ’বৰে পৰা।
*********************************************
দিচাঙৰ এবুকু পানী ঐ চেনাইটি
দিচাঙৰ এবুকু পানী,
সূতা পকোৱাদি পকাই পকাই সুধিলোঁ
মনৰ কথা নক’লা ভাঙি।
*********************************************
দৰিকা, দিচাঙে পানী বাঢ়ি গ’লে
দিখৌ এৰাসুঁতি হ’ল,
তোমাৰে তামোলখন মুখলৈ নিওঁতে
বুকু চমেচমাই গ’ল।
বিহুনামত বিশেষ স্থান পোৱা ব্ৰহ্মপুত্ৰৰ আন এখন উপনৈ হ’ল জাঁজী। নগা পাহাৰত উৎপত্তি হৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ সীমাৰে বৈ গৈ ব্ৰহ্মপুত্ৰত মিলা জাঁজী নৈৰো অসমীয়াৰ হৃদয়ত এক বিশেষ স্থান আছে —
জাঁজী নৈ শুকালে মাছৰে বেজাৰত
লুইতখন শুকালে কিয়,
মই চেনাই শুকাইছোঁ তোমাৰে বেজাৰত
তুমি চেনাই শুকাইছা কিয়।
********************************************
হাতত ধৰি ধৰি কলং পাৰ হ’লোঁ
জাঁজী পাৰ হ’লোঁ ডেই,
পথাৰে পথাৰে বিচাৰি ফুৰিলোঁ
কওতা নহ’লে কেও।
ধনশিৰি অসমৰ গোলাঘাট জিলাৰ প্ৰধান নদী । নগা পাহাৰৰ ‘লাইছাং’ শৃংগৰ পৰা উৎপত্তি হৈ ব্ৰহ্মপুত্ৰত মিলা এই নদীখনৰ নামো বিহুনামত পোৱা যায় —
ধনশিৰি দলংখন ভেটিলে ঐ চেনাইকণ
লোহাৰ ঐ শলখা মাৰি,
তোমাকে ঐ আমাকে ভেটিলে ঐ সমাজে
দুটি দেহা দুফালে কৰি।
*******************************************
ধনশিৰি ভেটিলে জেঙে ঐ জাবৰে
লুইতখন ভেটিলে কিহে,
ভঙা খোলাকটি কুমাৰে গঢ়িলে
যৌৱন গঢ়ি দিলে যিহে।
********************************************
ধনশিৰি পাৰে হৈ ঢপলিয়াই আহিলোঁ
জিৰালোঁ কলিয়াবৰত,
তোমাক বিচাৰি ঘৰ-বাৰী এৰিলোঁ
তোমাক নেপালোহি ঘৰত।
ভোগদৈ নদী ব্ৰহ্মপুত্ৰৰ এখন দক্ষিণ বাহিনী উপনদী। নগা পাহাৰৰ পৰা উৎপত্তি হৈ যোৰহাট চহৰৰ মাজেদি প্ৰবাহিত হোৱা ভোগদৈ নদী আন এখন নদীৰ সৈতে মিলিত হৈ গেলাবিল নাম লৈ ব্ৰহ্মপুত্ৰৰ লগ লাগে। পূৰ্বতে ভোগদৈ নদী দিচৈ নামেৰে পৰিচিত আছিল । বিহুনামত ভোগদৈ নদীৰ নামৰো উল্লেখ পোৱা যায় —
নৈৰে লেতেৰা খুলীয়া খুলীয়া
ভোগদৈৰ লেতেৰা পানী,
ছোৱালী লেতেৰা বিজুলী চকুৱা
মুখত মিচিকিয়া হাঁহি।
*********************************************
ভোগদৈ নৈতে পল বাইছিলোঁ
চাবত পাই গ’লোঁ কাছ,
একেজন ঈশ্বৰে তোমাক মোক স্ৰজিলে
কিনো ভাল বেয়া বাছ।
ব্ৰহ্মপুত্ৰৰ আন এখন উপনৈ হ’ল ডিব্ৰু নদী। নদীখন অসমৰ বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ খেৰেম নামৰ ঠাইৰপৰা উৎপত্তি হৈছে। এই নদীখন ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰৰ লগ লাগিছে। ডিব্ৰু নদী জনসমাজত ‘ডিবুৰু’ নামেৰেহে জনপ্ৰিয় । বিহুনামত এই ডিব্ৰু নদীৰ উল্লেখো পোৱা যায় —
ডিবুৰুৰ আগালি নৈ ভেঙুৰীয়া
উটাই পঠিয়াও ভুৰ,
লেফাফাৰ ভিতৰত ছবি পঠিয়াও
আঙুলিত চিন দি মোৰ।
*********************************************
ডিবুৰু শুৱনি লুইতৰ চাপৰি
দিহিঙৰ শুৱনি ঘাট,
চেনাইটি শুৱনি লঙে দালচেনী
বহি বৈ আছিলি তাঁত।
*********************************************
ডিবুৰু শুৱনি মটীয়া চিলনী
কোবাই ভাঙি গ’লে শেনে,
গা জিনজিননি গামখাৰু বাজনি
তোকে চাই থাকিব কোনে।
*********************************************
নৈৰে চন্দোৱা বালি অ’ পৰুৱা
ডিবুৰুৰ মটীয়া জিঞা,
অকলে লগ দি পগলা কৰিলি
পাতিব নোৱাৰোঁ বিয়া।
*********************************************
ডিবুৰু ভেটিব নলে ঐ নাচনী
ডিবুৰু ভেটিব নলে,
এতিয়া নাচনী মাহিলা মাৰিছ
ছোৱালী আনিব মনে।
*********************************************
উজাই ডিবুৰুলৈ ধুবুনী নামিলে
ভটিয়াই নামিলে গাই,
কিনো দাই লাগিলে কোনেও নক’লে
চেনাই নাও মেলি যাই।
সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ অন্যতম বৃহত্তম উপনৈ। তিব্বতৰ পৰা উৎপত্তি হোৱা এই নৈখন অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজেৰে প্ৰবাহিত হৈছে। অসমত লখিমপুৰ আৰু ধেমাজি জিলাৰ মাজেৰে বৈ আহি সোৱণশিৰি ব্ৰহ্মপুত্ৰত পৰিছে।
বিহুনামত সোৱণশিৰিৰ উল্লেখ এনেদৰে পোৱা যায় —
কঢ়া সোৱণশিৰি হ’ল একে সুঁতি
মাৰোঁ চুলি মেলি বুৰ,
ৰাতিয়ে ৰাতিটো ভাবিলোঁ চিনতিলোঁ
কথাৰো নেপালোঁ ওৰ।
*********************************************
সোৱণশিৰি নৈখন ইমানে সিমানে
চুলি মেলি মাৰিলোঁ বুৰ,
ৰাতিয়ে ৰাতিটো ভাঙিলোঁ পাতিলোঁ
কথাৰে নপৰিল ওৰ।
সোৱণশিৰিৰ দুখন প্ৰধান উপনৈ মৰিধল নদী বা মৰিধল জান আৰু জীয়াধল নদী । দিখৌৰ উপনৈ নামদাং নদী তথা কাৰ্বি আংলং পাহাৰৰ পৰা উৎপত্তি হোৱা সৰু নদী ডিফলুৰ নামো বিহুনামত পোৱা যায় —
ইফালে মৰিধল সিফালে জীয়াধল
মাজত বালিচৰি সুঁতি,
পথাৰে পথাৰে বিচাৰি ফুৰা নাই
দলনিত দাইছিলোঁ মুঠি।
*********************************************
জীয়াধল বাঢ়িলে মৰিধল শুকালে
দুলুং এৰাসুঁতি হ’ল,
যোৰ ফোঁট মাৰোতে দাপোণখন চাওঁতে
যৌৱনকাল ভটিয়াই গ’ল।
*********************************************
মাছৰে বেজাৰত মৰিধল শুকালে
জীয়াধল শুকালে শালি,
চেনাইৰে বেজাৰত দেহাটি শুকালে
যেন বগীনদীৰ বালি।
********************************************
নামদাং সাকোঁখন কোনে বনাইছিলে
ঘনশ্যাম খনিকৰ নাই,
চেনাই যৌৱনযোৰি কোনে বনাইছিলে
আমনি নেলাগে চাই।
********************************************
হাফলু পাৰ হৈ ডিফলু দেখিলোঁ
কলঙত দেখিলোঁ গাই,
জালীকটা বেৰেদি ধনক দেখা পালোঁ
গা কৰে ৰাইজাই।
বিহুনামৰ দৰে দুই -এফাঁকি হুঁচৰিঘোষাতো নদী নামৰ উল্লেখ পোৱা যায় —
ধনশিৰি বগৰী সোৱণশিৰি নৈ।
আহ যাওঁ লগৰী ওমলোঁ গৈ ।।
*********************************************
ধনশিৰি বগৰী সোৱণশিৰি নৈ।
কোবাই দে বগৰী জাত জাত কৈ।।
অসমৰ এই নদ-নদীসমূহৰ উপৰিও নদীৰ বুকুৰ চৰ-চাপৰিৰ পলসুৱা মাটি, তাত বাস কৰা মানুহৰ জীৱন সংগ্ৰাম, সংস্কৃতি আদিও বিহুনামৰ মাজত প্ৰতিফলিত হৈছে। চৰ-চাপৰিবাসীৰ কৃষিভিত্তিক জীৱন আৰু বাৰিষাৰ দুখ-কষ্টেৰে ভৰা দিন বোৰৰ ছবিখন বিহুগীতৰ মাজত নিখুঁত ৰূপত ফুটি উঠিছে —
চৰৰে বালিচৰ মৰমৰ বালিচৰ
নৈৰে খহনীয়া পানী,
বাৰিষাৰ কালত চৰাঞ্চলত
বিহুৰে ঐ নাম শুনি।
*********************************************
চৰৰে চাপৰিত কৰোঁ আমি খেতি
ঢোলৰে মাতত মন,
হেঁপাহৰ ব’হাগে চুই গ’লহি
চৰৰে বালিচৰ খন।
********************************************
আৰে ব্ৰহ্মপুত্ৰৰ কাষে কাষে চৰ-চাপৰিত
পাকে পকোৱা ল’ৰা অ’
বিহু চাবলৈ অহা দেখি
ৰঙালীৰ বতৰ অ’।
********************************************
চৰৰ চপৰা মাটিত
সৰিয়হ ফুল ফুলিছে
ঐ গগননাথে দিছে দেও
ব’হাগৰ বতৰা ঐ।
*******************************************
খহনীয়াই খানিলে
আমাৰ চৰৰ মাটি
ঐ বিহুৰ নাচনী
চৰৰে ছোৱালী অ’।
অসম আৰু অসমীয়াৰ জীৱন তথা সংস্কৃতিৰ লগত নদ-নদীৰ অতি ঘনিষ্ঠ সম্পৰ্ক। সেই সম্পৰ্কৰ সাৰ্থক প্ৰতিফলন বিহুনামৰ মাজত লক্ষ্য কৰা যায়। বিহু অসমৰ জাতীয় উৎসৱ আৰু বিহুনাম ইয়াৰ প্ৰাণস্পন্দন। অসমৰ চহা জীৱন, অসমীয়াৰ আবেগ-অনুভূতিৰ লগতে অসমৰ বিনন্দীয়া প্ৰকৃতিয়েও বিহুগীতত গুৰুত্ব পাই আহিছে। অসমৰ নদ-নদীও ইয়াৰ ব্যতিক্ৰম নহয়। বিহুনামত নদীৰ পাৰ মিলনৰ ভূমি, অপেক্ষাৰ স্থান অথবা প্ৰেমৰ প্ৰতীক ৰূপে চিহ্নিত হৈ আহিছে। বিহুগীত মূলতঃ প্ৰেমধৰ্মী। সেয়েহে বিহুনামত নদীৰ সোঁত, ঢৌ আৰু স্বচ্ছতাক প্ৰেমৰ অনুভূতি হিচাপে গ্ৰহণ কৰা হৈছে। সামগ্ৰিকভাৱে ক’বলৈ গ’লে বিহুনামত নদ-নদী ভৌগোলিক উপাদান নহয়, ই অসমীয়াৰ আত্মা, প্ৰেমৰ ভাষা, কৃষি-সংস্কৃতিৰ আধাৰ। লুইত আৰু ইয়াৰ উপনৈসমূহে অসমীয়া লোকসংগীতক গভীৰতা আৰু ব্যাপকতা প্ৰদান কৰিছে। বিহুনামত নদ-নদীৰ উপস্থিতি প্ৰকৃতি আৰু মানুহৰ ঘনিষ্ঠ সম্পৰ্কৰ এক জীৱন্ত দলিল। কিন্তু অতি পৰিতাপৰ বিষয় যে আমাৰ অতিকৈ আপোন এই নদ-নদীসমূহৰ অস্তিত্ব বিভিন্ন কাৰণবশতঃ আজি বিপদাপন্ন হৈ পৰিছে। সময় থাকোতেই যথোচিত ব্যৱস্থা গ্ৰহণ কৰি প্ৰাণৰ আপোন নদ-নদীসমূহৰ অস্তিত্ব ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে এই নদ-নদীসমূহ আমাৰ বাবে কেৱল স্মৃতিহে হৈ ৰ’ব।
সহায় :
১) বাৰ মাহৰ তেৰ গীত : ড° প্ৰফুল্লদত্ত গোস্বামী
২) অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা : ড° লীলা গগৈ
৩) বিহুগীতত নদ-নদীৰ উল্লেখ আৰু ‘ব্ৰহ্মপুত্ৰ’ নামৰ ঐতিহ্য বিচাৰ : ড° সুনীল চন্দ্ৰ শৰ্মা , সাহিত্য ডট অৰ্গ (পঞ্চদশ বৰ্ষ, একাদশ সংখ্যা )
৪) বিহু আৰু বিহুগীতত দিচাং আৰু দিখৌ নদী : সবিতা বৰুৱা ফুকন ( সমলয় , মাহেকীয়া আলোচনী )
৫) বিহুগীত ( ইণ্টাৰনেট পি ডি এফ ) শ্ৰী বুলন চিৰিং
*******
