প্ৰেমিকাৰ নাম ব’হাগী-ড০ ববিতা বৰ্মন
সোণজনী,
ব’হাগ পালেহি জানিছানে নাই?
তোমাৰ চেনায়ে যে আছে বাট চাই
মুগা সাজ পিন্ধি বিহুতলীলৈ আহিলে,
ৰিহাৰ ভাঁজতেই নাচনীৰ জোখ-মাপ ল’ম
কাজল সনা দুচকুত হৃদয়ৰ খবৰ সুধিম
জেতুকা সনা দুহাতত গামখাৰু পিন্ধাওঁতেই
লাৱনী হাতৰ পৰশত ৰোমাঞ্চিত হ’ম
পাহাৰ বগাই অনা কপৌফুল খোপাত গুজি,
সমস্ত ভালপোৱা গোপনে উজাৰি দিম
পখিলাৰ দৰে কঁকাল ঘূৰাই নাচোঁতে
ঢুলীয়া আৰু পেঁপুৱৈ হৈ তোমাক নচুৱাম
সঁচাকৈ মোৰ অনাবিল প্ৰেমৰ ৰাগীত
চিৰদিন মতলীয়া হ’বানে তুমি ?
মোৰ হিয়াখনো ৰঙালীৰে ৰঙীন হৈ পৰিব জানা॥
*******

9:12 PM
ধুনীয়া