স্বৰ্গৰ হাতী আৰু মৰ্ত্যৰ মানুহ-ড°মৃদুস্মিতা ফুকন
এডোখৰ ধুনীয়া ঠাই। চাৰিওফালে কেৱল সেউজীয়া গছ-গছনি, ফুল-পাত-লতা। যিফালে চোৱা যায় সেইফালেই কেৱল সেউজীয়া পথাৰ।সেই সেউজীয়া পথাৰখনৰ লোভতে স্বৰ্গৰপৰা হাতী এটা দিনৌ তালৈ আহে। পুৱাই আহি সি পচন্দমতে সেউজীয়া ঘাঁহ-বন খায় আৰু সন্ধিয়া আকৌ স্বৰ্গলৈ উৰি যায়গৈ। তাৰ এই অহা-যোৱাৰ কথা কিন্তু কোনেও নাজানে।
ইফালে তাৰে ওচৰৰ গাঁওখনতে এজন বুঢ়া মানুহ আছিল। তেওঁ বেছি কাম-বন কৰিব নোৱাৰে। সংসাৰত টকা-পইচাৰ অভাৱ। সেয়ে বুঢ়ীজনীৰো ঘৰ চলোৱাত অনেক আহুকাল। এদিন বুঢ়ীয়ে বুঢ়াক ক’লে…….
“হাবিলৈ গৈ কাঠ-বাঁহ দুডালমানকে কাটি আনকচোন। তাকে বেচি অন্তত: দুপইচা পাব। ঘৰত বহি থাকিলেনো ক’ৰপৰা খাবলৈ পাব?”
বুঢ়ীৰ কথা শুনি বুঢ়া হাবিলৈ বুলি ওলাল। হাবিত ঘূৰি-পকি ফুৰোতে বুঢ়া আহি সেইডোখৰ ঠাই পালেহি য’লৈ স্বৰ্গৰ হাতীটো সদায় আহে।সেইদিনাও হাতীটো আহিছে। সি আপোনমনে ঘাঁহ খাই আছে। সি কিন্তু বুঢ়াৰ ফালে কেৰাহিকৈও চোৱা নাই। হাতীটো দেখি বুঢ়াৰ মনত কিবা এটা সন্দেহ হ’ল আৰু তেওঁ জোপোহাৰ আঁৰত লুকাই হাতীটোৰ আলেখ-লেখ চাই থাকিল।দিনটো ঘাঁহ-বন খাই হাতীটো সময়ত স্বৰ্গলৈ যাবলৈ সাজু হ’ল। বুঢ়াই যেতিয়া দেখিলে যে, হাতীটো উৰিব খুজিছে, তেতিয়াই তেওঁ আগ-পিছ নুগুনি তাৰ নেজতে ধৰি ওলমি দিলে। প্ৰকাণ্ড হাতীটোৱে একো গমেই নাপালে। বুঢ়াক তেনেকৈয়ে নি হাতী গৈ স্বৰ্গ পালেগৈ।বুঢ়াও গৈ স্বৰ্গ পালেগৈ। তাত অনেক কাম। বয়স্কঃসকলৰ বাবে তাত আয়াসতে কৰিব পৰা কাম আছে। অথচ মজুৰি অধিক। গতিকে তাত বুঢ়াই অলপ কাম কৰিয়েই বহুত ধন পালে।
পাছদিনা হাতীটো মৰ্ত্যলৈ আহিবলৈ ওলাওঁতেই বুঢ়াই গৈ তাৰ নেজতে ধৰিলেগৈ। হাতীটো উৰিবলৈ ধৰিলে আৰু এসময়ত তাৰ সৈতে বুঢ়া আহি আগদিনাৰ সেই নিৰ্দিষ্ট ঠাইতে নামিলহি । বুঢ়াই লৰালৰিকৈ ঘৰলৈ বুলি বাট বুলিলে। ঘৰত আহি দেখে বুঢ়ী কান্দি-কাটি অস্থিৰ। আগদিনাৰে পৰা খুদকণ এটাও মুখত দিয়া নাই। বুঢ়াই তেওঁক সকলো বিৱৰি ক’লে। শুনি বুঢ়ী অবাক। তাৰ পাছত বুঢ়াই স্বৰ্গৰ পৰা অনা সন্দেশ দুয়ো আনন্দেৰে খালে। সন্দেশৰো কি সোৱাদ!যেন অমৃতহে!
বুঢ়ীৰ বৰ আনন্দ। তেওঁ বুঢ়াক নিতৌ সন্ধিয়া এনেকৈ হাতীৰ নেজত ধৰি স্বৰ্গলৈ যাবলৈ অনুৰোধ কৰিলে। কাৰণ তেতিয়া তেওঁলোকৰ সংসাৰত কোনো ধৰণৰ অভাৱ-অভিযোগ নাথাকিব।বুঢ়ায়ো বুঢ়ীৰ কথা মতেই কৰিলে। অলপদিনৰ ভিতৰতে তেওঁলোকৰ সুন্দৰ ঘৰ-বাৰী হ’ল। সা-সম্পত্তি, লগুৱা-লিকচৌৰে ঘৰ ভৰি পৰিল।
এদিন বুঢ়ীয়ে বুঢ়াক ক’লে…….
“বহুতদিন ক’লৈকো ফুৰিবলৈ যোৱা নাই। বৰ আমনি লাগিছে। ব’লক, এদিন স্বৰ্গৰ পৰাই ঘূৰি আহোঁগৈ।”
একো ভাবি-চিন্তি নাচাই বুঢ়াই পাছদিনা বুঢ়ীকো লগতে স্বৰ্গলৈ ওলাবলৈ ক’লে। তেনেকৈ পাছদিনা বুঢ়াৰ লগতে বুঢ়ীও গৈ স্বৰ্গ পালেগৈ। দুয়ো তাতে অলপ ঘূৰা-পকা কৰিলে আৰু অহাৰ সময়ত দুপইচা অৰ্জন কৰি দুয়ো ঘৰলৈ ঘূৰি আহিল।
তেতিয়াৰে পৰা বুঢ়া-বুঢ়ী দুয়ো মাজে মাজে এনেকৈ স্বৰ্গলৈ যায়। ফলত তেওঁলোকৰ উপাৰ্জনো আগতকৈ বাঢ়িল।
বুঢ়াই ভাবিলে কেৱল নিজৰ ধন-সম্পত্তি হ’লেই নহ’ব; আত্মীয়-স্বজনৰো দুপইচা হ’লেহে ভাল লাগিব। এই ভাবি এদিন বুঢ়াই দুজনমান আত্মীয়ক গোটাই ল’লে।
আত্মীয়সকলে বুঢ়াৰ মুখে স্বৰ্গৰ কথা শুনি স্বৰ্গলৈ যাবলৈ ঠেং দাঙিয়ে আছে। আটায়ে বুঢ়াৰ প্ৰশংসাত পঞ্চমুখ। বুঢ়ায়ো তেওঁলোকক স্বৰ্গৰ কথা কৈ তৎ পোৱা নাই। আটায়ে থৰ লাগি বুঢ়াৰ কথাবোৰ শুনি আছে।বুঢ়াই মনে মনে ভাবিলে, এদিন কেনেবাকৈ ইহঁতকো নি স্বৰ্গখন দেখুৱাই আনিব পাৰিলে, সিহঁত ওৰে জীৱন বুঢ়াৰ ওচৰত ধৰুৱা হৈ ৰ’ব।
এনেকৈ অলপ দিন পাৰ হ’ল। এদিন সঁচাকৈয়ে বুঢ়াই আটাইখিনি আত্মীয়-স্বজনক স্বৰ্গখন দেখুৱাই অনাৰ প্ৰস্তাৱ দিলে। আটাইবোৰ সেই নিৰ্দিষ্ট ঠাইলৈ আহিল। আন দিনাৰ দৰেই স্বৰ্গৰ হাতী আকাশত উৰিল। হাতীৰ নেজত বুঢ়া, বুঢ়াৰ কঁকালত ধৰি বুঢ়ী আৰু তাৰ পিছত আন এজন, তাৰ পিছত আৰু এজন। এনেকৈ এটা বিৰাট দল।
উৰি উৰি যাওঁতেও বুঢ়াৰ মুখত স্বৰ্গৰ কথা শেষ হোৱা নাই। মুখখনেৰে তেওঁ আখৈ ফুটাদি কথা কৈয়েই আছে। আত্মীয়সকলেও বুঢ়াক স্বৰ্গৰ বিষয়ে ইটো-সিটো সুধিয়েই আছে- স্বৰ্গৰ বস্তুবোৰ কেনেকুৱা, কিমান ডাঙৰ আদি অনেক কথা।বুঢ়ায়ো তেওঁলোকক কথাবোৰ বুজাই বুজাই তৎ পোৱা নাই। এসময়ত বুঢ়াই উৎফুল্লিত হৈ ক’লে……..
“স্বৰ্গৰ একোটা বগৰী কিমান ডাঙৰ জানা নে?”
আটায়ে সমস্বৰে সুধিলে……..
“কিমান ডাঙৰ?কিমান ডাঙৰ?”
বুঢ়াই তেতিয়া দুহাত মেলি স্বৰ্গৰ বগৰীৰ আকাৰ বুজাবলৈ লওঁতেই আটাইবোৰ কৰ্ফাল খাই মাটিত বাগৰি পৰিল।
অতি লোভৰ ফল এনেকুৱাই হয়।
*******
