সাগৰ মন-সমীৰ কাশ্যপ বৰা
পুখুৰীৰো এটি সাগৰ মন থাকে
সাগৰ বিশাল!
শেষ সীমাৰ দূৰত্ব অদূৰ…
অথচ পুখুৰীৰো এটি সাগৰ মন থাকে।
বুকুত পানীৰ ভৰ লৈ
পুখুৰীয়েও ভাবে
মই জানো সাগৰ হ’ব নোৱাৰোঁ!
জন আলাপৰ তীৰ্যক দৃষ্টি দেখি
সামৰি লয় ঔদাস্য হাঁহি…
হুমুনিয়াহৰ আত্ম বুজনিত
বাৰে বাৰে মন ভাঙে,
অথচ আকাশ খন সন্মুখত!
নিঃকিন ভাৱৰ বিশ্বাসৰ উত্তৰ
মই সাগৰ ন’হব পাৰোঁ!
অথচ মোৰো সাগৰ এটি মন।
উত্তাল ঢৌ প্ৰকাণ্ড লহৰৰ
সাগৰৰ ধেমালি দেখি
অলস্য ভাৱে পুখুৰীয়েও কয়
ক্ষুদ্ৰ এটি ভৰুণ গতি
মোৰ বুকুতো সমাৱেশ
গোপন অব্যক্ত অকথ্য সহি সহি
ঘনে ঘনে নৈৰাশ্যই জাল পাতে,
অথচ পুখুৰীৰো থাকে
এটি সাগৰ মন।
*******

8:02 PM
অনুভৱ অনন্য।