হেলেন কেলাৰ (প্ৰেৰণাদায়ক কাহিনী)-কুমকুম দেৱী শৰ্মাবৰুৱা

হেলেন কেলাৰক (Helen Adams Keller) কুৰি শতিকাৰ এগৰাকী মহান মহিলা আখ্যা দিয়া হয়। তেওঁৰ জন্ম হৈছিল আমেৰিকাৰ টাচকুম্বিয়াত ১৮৮০ চনৰ ২৭ জুনত। তেওঁৰ মাকৰ নাম আছিল কেথেৰিন(Catherine Everett Adams ) আৰু দেউতাকৰ নাম আছিল হেনলি কেলাৰ(Arthur Henley Keller)।  মাত্ৰ ১৯ মাহ বয়সতে তেখেতে অসুখত ভুগি দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দুয়োটা হেৰুৱাইছিল।তেওঁ তেতিয়াৰে পৰা সাতবছৰ বয়সলৈকে বিভিন্ন অঙ্গি-ভঙ্গীৰে মনৰ ভাব প্ৰকাশ কৰিছিল।

সাতবছৰ বয়সত তেওঁ এনি ছালিভান(Anne Sullivan ) নামৰ এগৰাকী মৰমীয়াল লোকক ঘৰুৱা শিক্ষয়িত্ৰী হিচাপে পায়। তেতিয়াৰেপৰা গোটেই জীৱন এনিয়ে হেলেনক এৰি নিদিলে। তেওঁ হেলেনক প্ৰথমেই শিকোৱা শব্দটো আছিল ‘doll’ । হাতত লিখি, মুখত উচ্চাৰণ কৰাই, কোলাত পুতলা দি ‘doll ‘ শব্দটোৰেই তেওঁৰ শিক্ষা আৰম্ভ হৈছিল। জীৱ-জন্তুবোৰ স্পৰ্শ কৰি তেওঁ বিমল আনন্দ উপভোগ কৰিছিল।সেই সময়তেই আকৌ  মানসিকভাৱে হতাশ হৈ হেলেন বৰ খঙাল হৈ পৰিছিল। তেতিয়া এটা বেলেগ কুটীৰত এনিৰ লগত তেওঁ বেলেগে  থাকিবলৈ ল’লে পৰিয়ালৰপৰা আঁতৰি। তাৰপাছত মাক-দেউতাকে তেওঁক বিজ্ঞানী গ্ৰাহাম বেলৰ ওচৰলৈ লৈ যায়। তেখেতৰ পৰামৰ্শমতেই হেলেনক প্ৰথমে ১৮৮৮ খৃষ্টাব্দৰ মে’ মাহত ‘Perkins institute for the Blind’ ত ভৰ্তি কৰোৱা হৈছিল।তাৰপাছত ঢাপে ঢাপে আগুৱাই তেওঁ কেইবাখনো Deaf ৰ স্কুল অতিক্ৰম কৰিছিল। শেষত তেওঁ হাভাৰ্ড ইউনিভাৰ্চিটিৰ ৰেডক্লিফ (Radcliffe) কলেজত ভৰ্তি হৈ প্ৰথম deafblind হৈ বি এ পাচ কৰিছিল ।গোটেই জীৱন তেওঁ অন্ধ আৰু কলা-বোবা লোকৰ হৈ কাম কৰি গ’ল। পৃথিৱীৰ ৩৯খন দেশ ভ্ৰমণ কৰি তেওঁ অন্ধলোকসকলৰ বাবে বক্তৃতা দি ফুৰিছিল।

হেলেন কেলাৰ এগৰাকী বিখ্যাত লেখিকা আছিল। তেওঁৰ ১৪খন কিতাপৰ ভিতৰত My religion, Light of my darkness, The frost kind (১১ বছৰ বয়সত লিখা) The story of my life (1903),The world I live in (1908),Out of the Dark (1913) ইত্যাদি বিখ্যাত কিতাপ।

তেওঁৰ বন্ধুবৰ্গৰ ভিতৰত আছিল বিজ্ঞানী গ্ৰাহাম বেল,চাৰ্লি চেপলিন,মাৰ্ক টোৱেইন ইত্যাদি।ৰাজনৈতিক ভাৱে তেওঁ ‘সমাজবাদী’পাৰ্টীৰ সক্ৰিয় সদস্য আছিল। তেওঁ কেইবাখনো ইউনিভাৰ্চিটিৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰীও পাইছিল।তাৰ ভিতৰত Temple University আৰু Harvard University অন্যতম। তেওঁ একাধাৰে এগৰাকী লেখক,উকীল, সমাজকৰ্মী আৰু সুবক্তা আছিল। তেওঁ জন্ম হোৱা ঘৰটো এটা মিউজিয়ামলৈ ৰূপান্তৰ কৰি তাত তেওঁৰ জন্মদিনতো ‘হেলেন কেলাৰচ ডে’ হিচাপে পালন কৰা হয়।হেলেন কেলাৰ তেওঁৰ মৰমৰ শিক্ষয়িত্ৰী এনিৰ লগত প্ৰায় ৪৯ বছৰ একেলগে থাকিছিল এনিৰ মৃত্যুৰ সময়লৈকে। মৃত্যুৰ চাৰিবছৰ আগৰেপৰা এনিও অসুখত ভুগি অন্ধ হৈ গৈছিল। তাৰপাছত কেলাৰৰ সঙ্গী আৰু চেক্ৰেটাৰী হিচাবে আছিল পলী থমচন নামৰ এগৰাকী মহিলা। ১৯৬৮ চনৰ ১জুনত তেওঁ ৮৮ বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে।

*******

One comment

  • গীতা মণি দত্ত।

    বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *