মাৰচুপিয়েল_প্ৰজাতি(Marsupial variety)-কুমকুম দেৱী শৰ্মাবৰুৱা

কিছুমান জন্তুৰ কিছুমান বিশেষ বৈশিষ্ট্য থাকে যিবোৰ আন জন্তুৰ নাথাকে। মাৰচুপিয়েল প্ৰজাতিৰ জন্তুবোৰে পেটৰ জোলোঙাত পোৱালি ভৰাই লৈ ফুৰে। সিহঁত বেলেগ বেলেগ পৰিৱেশত থাকিবৰ বাবে অভিযোজন হয়। সাধাৰণতে স্তন্যপায়ী জন্তুৰ ঠেংকেইখন দীঘল দীঘল থাকে দৌৰিবলৈ সুবিধা হ’বৰ বাবে। কিছুমানৰ পিছ ঠেং কেইখন দীঘল থাকে জঁপিয়াই জঁপিয়াই সোনকালে গৈ খোৱাবস্তু বিচাৰি পাবলৈ বা শত্ৰুৰ পৰা হাত সাৰিবলৈ। ইহঁতৰে কিছুমানৰ আকৌ মজবুত চুটি ঠেং থাকে খান্দিবলৈ, হাঁহৰ দৰে ঠেং থাকে সাঁতুৰিবৰ বাবে অথবা হাতৰ দৰে ঠেং থাকে গছত উঠিবৰ সুবিধাৰ বাবে। এই ধৰণে অভিযোজন হয় সাধাৰণতে নতুন পৰিৱেশ বা নতুন ঠাইত যাতে আন জন্তুৰ লগত খাদ্যৰ কাৰণে প্ৰতিযোগিতা কৰিব নালাগে।
অষ্ট্ৰেলিয়া মহাদেশত এই মাৰচুপিয়েল প্ৰজাতিৰ বহুতো জন্তু দেখিবলৈ পোৱা যায়। অন্য জন্তুৰ লগত প্ৰতিযোগিতাত নামিব নলগাকৈ অষ্ট্ৰেলিয়াত ইহঁতৰ প্ৰজাতিয়েই বেছি আছে। অষ্ট্ৰেলিয়াৰ কিছুমান মাৰচুপিয়েল প্ৰজাতিৰ পৃথিৱীৰ বাকী অংশত থকা অন্য জন্তুৰ লগত বহুতো সাদৃশ্য দেখিবলৈ পোৱা যায়। ইয়াকে সমান্তৰাল ক্ৰমবিকাশ ( parallel evolution)বোলে। অষ্ট্ৰেলিয়া মহাদেশ কেঙ্গেৰুৰ বাবে বিখ্যাত। তাৰ লগতে Wallabies বুলিও এটা প্ৰজাতি বেছিকৈ দেখিবলৈ পোৱা যায়। ইহঁত বেলেগ ঠাইৰ হৰিণ আৰু পৰুৱাখাদক (antelopes)ৰ দৰে ৰোমন্থন (ruminating )প্ৰক্ৰিয়াৰে খোৱা জন্তুৰ লগত মিলে। কেঙ্গেৰুৰ পেটটোত কেইবাটাও ভাগ আছে য’ত থকা বেক্টেৰিয়াই খাদ্যবস্তুৰ চেলুলোজ অংশ হজম কৰাত সহায় কৰে। দীঘল ঠেংবোৰৰ সহায়ত ইহঁতে জঁপিয়াই জঁপিয়াই খৰকৈ যাব পাৰে।
কেঙ্গেৰুৰ ৫০ টা মান প্ৰজাতি আছে। যিবোৰ ০.৫ কিলোগ্ৰামৰ পৰা (এন্দুৰৰ দৰে) ৯০ কিলো ওজনৰ ৰঙা কেঙ্গেৰুলৈকে আছে।
উত্তৰ অষ্ট্ৰেলিয়া আৰু নিউগিনিৰ ক্ৰান্তীয় অঞ্চলৰ কেঙ্গেৰুবিলাকে গছত সাৱটি থাকিব নোৱাৰে। তাৰ পৰিৱৰ্তে হাত আৰু ভৰিৰ সহায়ত গছৰ ডালত বগাই যায়। সাধাৰণ এন্দুৰৰ লগত মাৰচুপিয়েল এন্দুৰৰ বৈসাদৃশ্য প্ৰায় নাই বুলিয়েই ক’ব পাৰি। তেনেদৰে সাধাৰণ কুকুৰনেচীয়াৰ দৰে মাৰচুপিয়েল থায়লেচিন ( Thylacine) দেখাত প্ৰায় একেই। অষ্ট্ৰেলিয়ান মাৰচুপিয়েলচত উৰিব পৰা প্ৰজাতি বা সাঁতুৰিব পৰা প্ৰজাতি নাই। এই দুবিধৰ দৰে তাত বাদুলি আৰু প্লেটিপাছ আছে। প্লেটিপাছে আকৌ কণীহে পাৰে।
দক্ষিণ আমেৰিকাত অলপ বেলেগ ধৰণৰ মাৰচুপিয়েল অভিযোজন হৈছে। সকলো ধৰণৰ জন্তু তাত পোৱা নাযায়। সাধাৰণতে অন্য ঠাইত থকা আৰু দক্ষিণ আমেৰিকাত নথকা জন্তুবোৰৰ দৰে মাৰচুপিয়েল প্ৰজাতি তাত আছে।
দক্ষিণ আমেৰিকাৰ মাৰচুপিয়েলবোৰ সাধাৰণতে আফ্ৰিকাৰ লৰিচেচ (lorises) আৰু পেঙ্গোলিনচ (Pangolins) ৰ দৰেই। তাত এবিধ জলচৰ মাৰচুপিয়েলচো আছে য়াপোক (Yapok) বা (Water opossum), যিবোৰৰ পানীত পোৱালি থকা মোনাটোৰ মুখখন নিজে নিজে বন্ধ হৈ যায় যাতে পোৱালিবোৰ পানীত ডুবি নাযায়।
এই সকলোবোৰৰ ভিতৰত কেঙ্গেৰু দেখিবলৈ একেবাৰে বেলেগ। ইহঁতৰ আগঠেং চুটি চুটি আৰু জঁপিয়াই যাবলৈহে ইহঁতৰ সুবিধা হয়।
Flying phalangers উৰিব পৰা এটা বৰ ডাঙৰ উৰণীয়া মাৰচুপিয়েল। ইয়াৰ আগঠেং আৰু পিছঠেঙৰ মাজতে বৰ ডাঙৰ গ্লাইডাৰ আছে যাৰ সহায়ত ইহঁতে বহুত দূৰলৈ উৰি যাব পাৰে। দীঘল আৰু বহল নেজডালে উৰোতে ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।
গছত থকা কেঙ্গেৰু অষ্ট্ৰেলিয়াৰ উত্তৰ ভাগত আৰু নিউগিনিত আছে। ইহঁতৰ আগঠেং আৰু পিছঠেং গছৰ ডালত বগাবলৈ অভিযোজন হৈছে। কিন্তু দীঘল নেজডালে কেৱল ভাৰসাম্যতাহে ৰক্ষা কৰে।
Rat opossum হৈছে আটাইতকৈ সৰু প্ৰজাতিৰ মাৰচুপিয়েল। ইহঁতক দক্ষিণ আমেৰিকাত পোৱা যায়।Numbat বা মাৰচুপিয়েল পৰুৱাখাদক প্ৰজাতিটোৱে তাৰ দীঘল জিভাৰে পৰুৱা আৰু উঁই পৰুৱা ধৰি খায়। ইহঁতৰ প্ৰায় ৫০ টা মান সৰু সৰু দাঁত আছে খাদ্য চোবাই খাবলৈ।
*******

7:36 PM
খুব সুন্দৰ তথ্য সমৃদ্ধ লেখা। পঢ়ি আপ্লুত হ’লো