বিভ্ৰান্তি-কল্যাণী দেৱী গোস্বামী
কেইবাদিনো ধৰি গুণৰামৰ বাওঁপিনৰ তলৰ দাঁত পাৰিৰ গুৰিৰ এটা দাঁতৰ ভীষণ বিষ। যন্ত্ৰণাত বাওঁ গাল খন ফুলি পিছদিনা ৰাতিপুৱালৈ চুৰকৈ নাৰিকলৰ লাড়ু সুমুৱাই থোৱাৰ দৰে ওফন্দি কিম্ভূত-কিমাকাৰ হ’ল। তুৰন্তে ডেন্টিষ্টৰ ওচৰলৈ গৈ দাঁতটো উঠাই, জ্বৰে বিষে তিনিদিনলৈ বিছনাত পৰি থাকিল গুণৰাম । পেইন কিলাৰ খাই বিষ কমাত দুদিন পিছত হে গম পালে যে বিষালি দাঁতটো নিজৰ ঠাইত নিগাজীকৈ বহিয়েই আছে, কাষৰ সুস্থটোৱেহে জেগাকণ খালী কৰিলে।
*******

11:09 AM
বৰ সুন্দৰ অনুভৱ
12:20 PM
বৰ সুন্দৰ অণুগল্প
12:21 PM
বৰ সুন্দৰ অণুগল্প, পঢ়ি আপ্লুত হ’লো