জাপানী গ্ৰন্থ ‘ইকিগাই’ আৰু জীৱনৰ অৰ্থ-মৌচুমী হাজৰিকা

জাপানৰ অতি জনপ্ৰিয় গ্ৰন্থ ‘ইকিগাই’য়ে সমগ্ৰ বিশ্বৰ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে। “ইকিগাই” শব্দটো জাপানী ভাষাৰপৰা আহিছে, যাৰ অৰ্থ হৈছে “জীয়াই থকাৰ কাৰণ” বা “জীৱনৰ উদ্দেশ্য”। এই গ্ৰন্থত জীৱনক সুখী, সুস্থ আৰু অৰ্থপূৰ্ণ কৰি তোলাৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হৈছে।
গ্ৰন্থখনৰ মূল ধাৰণা হ’ল—প্ৰতিজন মানুহৰ জীৱনত এক বিশেষ উদ্দেশ্য থাকে। যেতিয়া মানুহে নিজৰ ভালপোৱা কাম, নিজৰ দক্ষতা, সমাজৰ প্ৰয়োজন আৰু জীৱিকাৰ উৎসৰ মাজত সমন্বয় ঘটাব পাৰে, তেতিয়াই তেওঁ নিজৰ ইকিগাই বিচাৰি পায়। এই ইকিগাইয়ে মানুহক প্ৰতিদিনে নতুন উদ্যমেৰে আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে।
গ্ৰন্থখনত জাপানৰ Okinawa অঞ্চলৰ লোকসকলৰ জীৱনশৈলীৰ কথা উল্লেখ কৰা হৈছে। এই অঞ্চলত বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক দীৰ্ঘায়ু লোক বাস কৰে। তেওঁলোকৰ সুস্বাস্থ্যৰ মূল কাৰণ হৈছে নিয়মীয়া শাৰীৰিক পৰিশ্ৰম, সুষম খাদ্যাভ্যাস, সামাজিক সম্পৰ্ক আৰু ইতিবাচক মানসিকতা।
ইকিগাইয়ে আমাক শিকায় যে সুখ কেৱল ধন-সম্পত্তিত নহয়; বৰঞ্চ নিজৰ কামৰ প্ৰতি ভালপোৱা, পৰিয়াল আৰু সমাজৰ সৈতে সুসম্পৰ্ক, আৰু জীৱনৰ প্ৰতি কৃতজ্ঞতাবোধৰ মাজত নিহিত হৈ থাকে। সৰু সৰু আনন্দবোৰ উপভোগ কৰি জীৱনক সাৰ্থক কৰাৰ কথাও এই গ্ৰন্থত বিশেষভাৱে উল্লেখ কৰা হৈছে।
বৰ্তমান সময়ত বহু যুৱকে কেৱল চাকৰি বা অধিক উপাৰ্জনৰ পিছত দৌৰি নিজৰ আগ্ৰহ আৰু প্ৰতিভাক অৱহেলা কৰে। ফলত তেওঁলোক মানসিক চাপ, অসন্তুষ্টি আৰু লক্ষ্যহীনতাৰ সন্মুখীন হয়। ইকিগাইয়ে শিকায় যে নিজৰ ভালপোৱা কাম, নিজৰ দক্ষতা আৰু সমাজৰ উপকাৰৰ মাজত সমন্বয় ঘটাব পাৰিলেই জীৱন অধিক আনন্দময় আৰু অৰ্থপূৰ্ণ হয়।
আজিৰ যুগ তথ্য-প্ৰযুক্তিৰ যুগ। মোবাইল ফোন আৰু ইণ্টাৰনেটে আমাৰ জীৱনক সহজ কৰি তুলিছে। কিন্তু এই সুবিধাই যেতিয়া নিচালৈ পৰিণত হয়, তেতিয়া ই ব্যক্তিগত আৰু সামাজিক জীৱনৰ বাবে বিপদজনক হৈ উঠে। বৰ্তমান অসমৰ বহু যুৱক-যুৱতী মোবাইল, ছ’চিয়েল মিডিয়া, অনলাইন বিনোদন আৰু বাহিৰৰ জাকজমকীয়া জীৱনশৈলীৰ প্ৰভাৱত নিজৰ লক্ষ্য আৰু আত্মপৰিচয় হেৰুৱাবলৈ ধৰিছে।
এসময়ত অসমৰ গাঁৱে-ভূঞে থকা যুৱকসকলে খেল-ধেমালি, সাহিত্য-সংস্কৃতি, কৃষিকাৰ্য বা সৃজনশীল কামত সময় ব্যয় কৰিছিল। আজিকালি বহুতে ঘণ্টাৰ পিছত ঘণ্টা মোবাইলৰ পৰ্দাত ডুবি থাকে। ছ’চিয়েল মিডিয়াত আনৰ জীৱনৰ সৈতে নিজৰ জীৱন তুলনা কৰি হতাশাত ভোগে। বহুতে ৰাতিপুৱালৈকে মোবাইল ব্যৱহাৰ কৰি স্বাস্থ্য, অধ্যয়ন আৰু মানসিক শান্তি ক্ষতিগ্ৰস্ত কৰিছে।
ইয়াৰ লগতে বাহিৰৰ ঢং, ফেশ্বন আৰু কৃত্ৰিম জীৱনশৈলীৰ অন্ধ অনুকৰণেও সমস্যা বৃদ্ধি কৰিছে। বহু যুৱকে নিজৰ মাটি, ভাষা, সংস্কৃতি আৰু বাস্তৱ পৰিস্থিতিৰ মূল্য বুজাৰ সলনি আনৰ জীৱনক নকল কৰাত ব্যস্ত হৈছে। ফলত তেওঁলোকৰ আত্মবিশ্বাস হ্ৰাস পাইছে আৰু জীৱনৰ প্ৰকৃত লক্ষ্য অস্পষ্ট হৈ পৰিছে।
এই পৰিস্থিতিত ইকিগাইৰ ধাৰণাই এক গুৰুত্বপূৰ্ণ পথ দেখুৱাব পাৰে। ইকিগাই মানে হৈছে জীৱনৰ উদ্দেশ্য বা জীয়াই থকাৰ কাৰণ। ই আমাক শিকায় যে আনৰ দৰে হ’বলৈ চেষ্টা নকৰি নিজৰ শক্তি, আগ্ৰহ আৰু দায়িত্ব চিনাক্ত কৰিব লাগে।
ধৰা হওক, এজন যুৱকে কৃষিকাৰ্য ভাল পায়। সমাজৰ চকুত সেয়া হয়তো আধুনিক পেচা নহ’ব পাৰে, কিন্তু যদি তাতেই তেওঁ আনন্দ লাভ কৰিবলৈ শিকে আৰু দক্ষতাৰ প্ৰয়োগ কৰে, তেন্তে সেয়াই তেওঁৰ ইকিগাই হ’ব পাৰে। আন এজনৰ বাবে সংগীত, খেল, শিক্ষকতা, ব্যৱসায় বা সমাজসেৱা ইকিগাই হ’ব পাৰে। মূল কথা হ’ল নিজৰ জীৱনৰ উদ্দেশ্য নিজে বিচাৰি উলিওৱা।
ইকিগাইয়ে যুৱ সমাজক শিকায় যে সফলতা কেৱল ধন বা খ্যাতিত সীমাবদ্ধ নহয়। সফলতা হ’ল নিজৰ কামত আনন্দ বিচাৰি পোৱা, পৰিয়াল আৰু সমাজৰ বাবে উপকাৰী হোৱা আৰু মানসিকভাৱে সন্তুষ্ট হৈ থকা। যেতিয়া এজন যুৱকৰ জীৱনত স্পষ্ট উদ্দেশ্য থাকে, তেতিয়া তেওঁ মোবাইলৰ অপব্যৱহাৰ বা অন্ধ অনুকৰণৰ ফান্দত সহজে নপৰে।
তথাপিও, ইকিগাইৰ ধাৰণাৰ এক গুৰুত্বপূৰ্ণ দিশ মনত ৰখা উচিত। ব্যক্তিগত লক্ষ্য আৰু কৰ্মজীৱনক গুৰুত্ব দিয়াৰ লগতে সামাজিক সম্পৰ্কৰো সমান প্ৰয়োজন আছে। জাপানত আধুনিক জীৱনশৈলী, কৰ্মচাপ, কম জন্মহাৰ আৰু সৰু পৰিয়াল ব্যৱস্থাৰ ফলত একাকীত্বৰ সমস্যা বৃদ্ধি পাইছে বুলি বহু সমাজবিজ্ঞানীয়ে মত প্ৰকাশ কৰিছে। কিন্তু ইয়াৰ বাবে ইকিগাই নিজে দায়ী নহয়। বৰঞ্চ ইকিগাইৰ প্ৰকৃত শিক্ষা হ’ল ব্যক্তিগত সফলতাৰ লগতে পৰিয়াল, বন্ধু-বান্ধৱ আৰু সমাজৰ সৈতে সুস্থ সম্পৰ্ক বজাই ৰখা।
সামৰণিত, ক’ব পাৰি যে অসমৰ যুৱ সমাজৰ সন্মুখত আজিৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে নিজৰ পৰিচয়, মূল্যবোধ আৰু লক্ষ্য অটুট ৰখা। মোবাইল, ইণ্টাৰনেট আৰু আধুনিকতা বেয়া নহয়, কিন্তু সেইবোৰে যেন জীৱনক নিয়ন্ত্ৰণ নকৰে। ইকিগাইৰ শিক্ষা গ্ৰহণ কৰি যদি যুৱকসকলে নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি পায়, তেন্তে তেওঁলোকে কেৱল নিজৰ জীৱনেই নহয়, অসমৰ সমাজ আৰু ভৱিষ্যতো অধিক উজ্জ্বল, সৃজনশীল আৰু সমৃদ্ধ কৰি তুলিব পাৰিব।
“নিজৰ উদ্দেশ্য বিচাৰি পোৱা মানুহে কেৱল জীয়াই নাথাকে, তেওঁ জীৱনক অৰ্থপূৰ্ণ কৰি তোলে।”
*******

12:54 PM
Hey there I just jumped into mxlotto and I have to say it is such a breath of fresh air. The interface runs smooth and the payouts hit my account right on schedule. It is always a huge relief to find a platform that actually keeps its word. Keep up the fantastic work team! mxlotto