চিঠিখন-বৰষা ডেকা
আহিন মাহৰ শেষ। আকাশত ডাৱৰৰ লুকাভাকু। ৰাতি বাৰ বাজিবলৈ তেতিয়াও পাঁচ মিনিট বাকী। বাহিৰত ধাৰাসাৰ বৰষুণে চোতালখন ধুই আছে, লগতে বিজুলীৰ চমকনি! মাজে মাজে দুই এটা ঢেৰেকণিয়ে পুৰণি ঘৰটোৰ বেৰত কঁপনি তুলিছে। কাৰেণ্ট গ’ল দুঘণ্টামান আগতেই। মই কেৰাচিনৰ লেম্প এটা জ্বলাই পুৰণি কাঠৰ চকীখনত বহি দেউতাৰ ডায়েৰীখন লুটিয়াই আছিলোঁ।
দেউতা ঢুকোৱা দহ বছৰ হ’ল। তেওঁ আছিল এই গাঁৱৰ একমাত্ৰ স্কুলখনৰ হেড মাষ্টৰ। তেওঁৰ মৃত্যুৰ লগে লগে এই ঘৰলৈ চিঠি-পত্ৰ অহাও বন্ধ হ’ল। মানুহে কয়, মৰা মানুহৰ ঘৰলৈ ভাল খবৰ নাহে। ডায়েৰীৰ পাতবোৰ হালধীয়া হৈ গৈছে। প্ৰতিটো পাতত দেউতাৰ সুন্দৰ হাতৰ আখৰ — ছাত্ৰৰ নাম, পৰীক্ষাৰ নম্বৰ, বৰষুণৰ দিনত স্কুল বন্ধ দিয়াৰ টোকা। শেষৰ পাতটোত এটা বাক্য —
“দুলালক চিঠিখন দিবলৈ পাহৰিলোঁ।”
দুলাল ককাই। তেওঁ পোষ্টমেন। ককাইদেউৰ লগৰীয়া। সদায় চাইকেলৰ ঘণ্টি বজাই আহি হাঁহিমুখেৰে ঘৰে ঘৰে গৈ চিঠি বিলাই ফুৰে। কিন্তু দুলাল ককাই দেখোন দহ বছৰ আগতে পুহ মাহৰ কুঁৱলীৰ মাজত হেৰাই গৈছিল। পোষ্ট অফিচৰপৰা ঘৰলৈ আহোঁতে নৈৰ দলঙৰপৰা পিছলি পৰিছিল বুলি সকলোৱে কৈছিল।পানীৰ সোঁতে তেওঁক উটুৱাই নিলে। মৃতদেহটোও পোৱা নগ’ল। পোষ্ট অফিচৰ বিষয়া, কৰ্মচাৰীসকলে তেওঁৰ নামত শোকসভা পাতিছিল, ময়ো গৈছিলোঁ।
হঠাৎ খিৰিকীত টোকৰ — টক টক টক!
তিনিটা শব্দ, জুখি-মাখি দিয়াৰ দৰে। বুকুখন চিৰিং কৰি উঠিল। এই বৰষুণত কোন আহিব পাৰে ? চোৰ-ডকাইত নেকি বাৰু? লেম্পটো লৈ খিৰিকীৰ ওচৰলৈ গ’লোঁ।
খিৰিকীখন মেলি চালোঁ। বাহিৰত পোষ্টমেন এজন থিয় হৈ আছে। খাকী পোছাকযোৰ বৰষুণত তিতি গাত লিপিট খাই আছে। টুপীৰপৰা পানী বৈ চকুৰ আগত পৰ্দা এখনৰ সৃষ্টি কৰিছে। পোষ্ট বেগটো কান্ধত,পানীৰে জুৰুলি-জুপুৰি। কিন্তু তেওঁৰ মুখখন দেখি মোৰ তেজ চেঁচা পৰি গ’ল।
এয়া চোন দুলাল ককাই! চকুযুৰি ক’লা, চকুৰ মণি দুটা নাই, ওঁঠ দুটা নীলা! কি বীভৎস!
“তোমাৰ চিঠি”, সি ফুচফুচাই ক’লে। মাতটো যেন পানীৰ তলৰপৰা আহিছে, বুদবুদৰ শব্দ মিহলি হৈ।
কঁপা কঁপা হাতেৰে সি এটা হালধীয়া খাম আগবঢ়াই দিলে। আচৰিত কথা, ইমান বৰষুণতো খামটো সম্পূৰ্ণ শুকান। এটোপাল পানীও লগা নাই। খামৰ ওপৰত মোৰ নাম, মোৰ সম্পূৰ্ণ ঠিকনা, দেউতাৰ হাতৰ আখৰেৰে লিখা।
মই হাত আগবঢ়ালোঁ, কিন্তু আঙুলিয়ে তাক চুব নোৱাৰিলে। তাৰ হাতখন যেন কুঁৱলীৰে গঢ়া। সি খামটো খিৰিকীৰ কাষত থৈ নিমিষতে আন্ধাৰত মিলি গ’ল। চোতালখন বোকাময়, কিন্তু ভৰিৰ চাপ এটাও নাই। কেৱল বৰষুণৰ টোপালৰ শব্দ।
খামটো লৈ কঁপা হাতেৰে খামটো মেলিলোঁ। ভিতৰত এডোখৰ কাগজ, ৰুল টনা নাই। তাত মোৰ নিজৰ হাতৰ আখৰ। মই শপত খাই ক’ব পাৰোঁ, এয়া মোৰ আখৰ। মই নিজেই লিখাৰ দৰে লিখা আছে —
“আজি ৰাতি সাৱধানে থাকিবা। দুৱাৰ নুখুলিবা। যি আহে, আহি থাকক । ঘূৰি যাব।”
তলত তাৰিখ। মোৰ গাৰ নোম ডাল ডাল হ’ল। হাতৰ পৰা লেম্পটো পৰি যাব ধৰিছিল। তাৰিখটো আজিৰ পৰা ঠিক তিনিদিন পিছৰ। ২৯ আহিন। মই নিজে ভৱিষ্যতৰ পৰা নিজলৈ চিঠি লিখিম কেনেকৈ? মইতো জ্যোতিষী নহয়, সময় যন্ত্ৰও নাই।
সেই নিশা চকুৰ পতা নালাগিল। প্ৰতি মুহূৰ্ততে খিৰিকীত টোকৰ পৰিব যেন লাগিছে। ঘড়ীৰ কাঁটাই যেন খোজ কাঢ়িবলৈ পাহৰি গৈছে। বাৰ বাজি এক, দুই , তিনিকৈ ঘণ্টাবোৰ আগবাঢ়িছে, মই গণি আছোঁ । বাহিৰত শিয়ালৰ হোৱা, ভেকুলীৰ টোৰটোৰণি, আৰু দূৰৈত মেঘৰ গাজনি।
দুদিন পাৰ হ’ল। মই ঘৰৰ পৰা ওলোৱা নাই। খিৰিকী-দুৱাৰ বন্ধ। চুবুৰীয়া ৰতনকাই আহি মাত দিলে,
“কি হ’ল অ’, জ্বৰ নেকি?”
মই মিছা মাতিলোঁ,
“হয়, অলপ।”
তিনিদিনৰ দিনা আকাশ ফৰকাল। কিন্তু মোৰ মনত ডাৱৰ। সন্ধিয়াৰপৰাই বুকুখন ধপধপাই আছে। ৰাতি বাৰ বাজিবলৈ দহ মিনিট থাকোঁতে মই সকলো দুৱাৰ-খিৰিকীত খিলি মাৰিলোঁ। ডাঙৰ মেজখন আনি মূল দুৱাৰত হেঁচা দি থ’লোঁ।
বাৰ বাজিল।
লগে লগে দুৱাৰত টোকৰ — টক টক টক। একে তিনিটা শব্দ। একে ছন্দ।
“কোন?” বুলি সুধিলোঁ, মাত ওলাব নোখোজে। ডিঙিটো শুকাই গ’ল।
সিপাৰৰ পৰা উত্তৰ নাহিল। কেৱল এটা দীঘল উশাহৰ শব্দ। যেন কোনোবাই পানীৰপৰা মূৰ দাঙি উশাহ লৈছে। তাৰ পিছত নীৰৱতা।
মই উশাহ বন্ধ কৰি ৰ’লোঁ। দুৱাৰৰ ফাঁকেৰে চেঁচা বতাহ এজাক সোমাই আহিল। লগত ভাহি আহিল পানীৰ গোন্ধ, পুখুৰীৰ বোকাৰ গোন্ধ, পচি যোৱা কাপোৰৰ গোন্ধ।
একমিনিট, দুইমিনিট,…… পাঁচ মিনিট। উশাহটো লাহে লাহে আঁতৰি গ’ল। যেন কোনোবা আহি ঘূৰি গ’ল। মই দুৱাৰ নুখুলিলোঁ। চিঠিখনৰ কথা মনত পৰি গ’ল —
“দুৱাৰ নুখুলিবা।”
ৰাতিপুৱা কাগজৱালাজনে হুলস্থূল কৰি মাতিলে,
“অ’ দাদা, সৰ্বনাশ হ’ল। পুৰণি পোষ্ট অফিচৰ কাষৰ এৰাবাৰীৰ পুখুৰীটোত এটা মৃতদেহ ওপঙি উঠিছে।”
মই দৌৰি গ’লোঁ। গোটেই গাঁও ভাঙি পৰিছে তাত। পুখুৰীটো দহ বছৰে শুকান হৈ আছিল। কালিৰ বৰষুণত হঠাতে পুখুৰীটো পানীৰে ভৰি পৰিছে। পানীত ওপঙি আছে এটা শৰীৰ। ফুলি উঠিছে যদিও খাকী পোছাকযোৰ চিনি পোৱা যায়। টুপীটো এতিয়াও মূৰত। দুলাল ককাই!
কান্ধত এতিয়াও পোষ্ট বেগটো। বেগটো পুলিচে টানি আনি খুলিলে। ভিতৰত পানী সোমোৱা নাই। শ শ চিঠি পচি গৈছে, কিন্তু ওপৰত এটা মাত্ৰ হালধীয়া খাম। তিতি যোৱা নাই। ঠিকনাত মোৰ নাম, মোৰ হাতৰ আখৰ।
পোষ্টমাষ্টৰ খগেন দাইটিয়ে কঁপা মাতেৰে ক’লে,
“দহ বছৰ আগতে দুলাল নোহোৱা হোৱাৰ দিনাখন সি শেষবাৰলৈ অফিচলৈ আহিছিল। কৈছিল—‘এখন জৰুৰী চিঠি আছে, হেড মাষ্টৰৰ ঘৰত দিব লাগে। বৰষুণ আহিব, মই যাওঁ।” তাৰপিছত সি আৰু ঘূৰি নাহিল। আমি ভাবিছিলোঁ চিঠিখন পানীত উটি গ’ল।”
“কিন্তু পুখুৰীটো দেখোন শুকান আছিল”, মই সুধিলোঁ।
“আছিল। দহ বছৰে একেবাৰে শুকান। কালি ৰাতিৰ বৰষুণত হঠাতে পুখুৰীটো পানীৰে ভৰি গ’ল , লগে লগে মৃতদেহটো ওপঙি উঠিল যেন মাটিয়ে তাক ইমান দিনে সাবটি ধৰি আছিল, আজি পানী পাই এৰি দিলে।”
মই চিঠিখন হাতত ল’লোঁ। এইবাৰ তাৰিখটো আজিৰ। ২৯ আহিন। ভিতৰত দুটা শাৰী —
“সাৱধানে থাকিবা। মই ৰৈ আছোঁ।”
পুলিচে মৃতদেহটো লৈ গ’ল। পোষ্টমৰ্টেমত ওলাল — মানুহজন দহ বছৰ আগতেই মৰিছিল, পানীত ডুবি। কিন্তু শৰীৰটো পচিবলৈ ধৰিছে মাথোঁ তিনিদিন আগৰ পৰাহে। যেন মৃত্যুৱে তাক তিনিদিন আগতহে চুলেহি।
সেইদিনাৰ পৰা প্ৰতি অমাৱস্যাৰ নিশা বাৰ বাজিলে মোৰ খিৰিকীত পানীৰ টোপাল পৰে। বৰষুণ নহ’লেও পৰে। কাৰো ছায়া নেদেখোঁ, মাথোঁ শুনো — খিৰিকীৰ সিপাৰে কোনোবাই ভিজা হাতেৰে কাচত লিখে।কেৰ্কেৰণি শব্দ হয়।
লিখে, “চিঠি পালা নে?”
এবাৰ সাহ কৰি সুধিছিলোঁ, “কি চিঠি? কিয়?”
সিপাৰৰ পৰা উত্তৰ আহিছিল, পানীৰ তলৰ পৰা যেন —
“তোমাৰ দেউতাৰাই মোক চিঠিখন তোমাক দিবলৈ কৈছিল। সময় হ’ল।”
“কি আছিল চিঠিত?” মই চিঞৰিলোঁ।
“তোমাৰ মৃত্যুৰ তাৰিখ।”
তেতিয়াৰেপৰা মই উত্তৰ নিদিওঁ। খিৰিকীৰ পৰ্দা টানি থওঁ, কাণত কপাহ গুজি শুই থাকোঁ। কাৰণ মই জানো, দেউতাৰ ডায়েৰীৰ শেষৰ বাক্যটোৰ অৰ্থ এতিয়া বুজিছোঁ
— “দুলালক চিঠিখন দিবলৈ পাহৰিলোঁ।”
সেই চিঠিখন মোৰ আয়ুসৰ হিচাপ আছিল। দেউতাই জ্যোতিষ বিদ্যা জানিছিল। তেওঁ নিজৰ পুতেকৰ মৃত্যুৰ দিন গণনা কৰি থৈ গৈছিল, দুলাল ককাইৰ হাতত।
যিদিনা মই উত্তৰ দিম, “পালোঁ”, সেইদিনা পোষ্টমেনজনে আৰু খাম লৈ নাহে। সেইদিনা সি তাৰ কাম শেষ কৰিব। সি মোকেই লৈ যাবগৈ — তাৰ পোষ্ট বেগত ভৰাই, পুখুৰীৰ পচা পানীৰ তললৈ। তাত দেউতা আৰু দুলাল ককাই দুয়ো ৰৈ আছে, হাতত হালধীয়া খাম লৈ।
*******

3:20 PM
গা শিয়ঁৰি উঠিল বৰষা। বৰ ভাল পালোঁ পঢ়ি