সীতা,শকুন্তলা আৰু মই-কল্যাণী দেৱী গোস্বামী

সীতা হ’বলৈ জনকৰ সীৰলুত উঠি অহা

ভূমিৰ বুকুৰ  নহয় আশ্ৰিতা মই,

পবিত্ৰতাৰ অগ্নি পৰীক্ষাত 

ধৰাৰ বুকু দুফাল কৰি 

নিজক লুকুৱাব নোৱাৰো মই।

নহওঁ মই শকুন্তলা 

শগুণৰ  সুৰক্ষিত আৱেষ্টনীত 

উজ্জীৱিত ,অথচ  মই পৰিত্যক্তা

দুৰ্বাসাৰ অভিশাপত 

পাহৰণিৰ গৰ্ভত লীন যাম 

দুষ্যন্তৰ  হৃদয়স্মৃতিৰ  গভীৰতাত।

গান্ধাৰী হ’ব নোখোজোঁ মই 

ওৰেটো জীৱন ক’লা কাপোৰৰ  

আবেষ্টনীত অন্ধ  হৈ 

শত পুত্ৰৰ অকাল  বিয়োগত 

 চটফটাই জীৱন থেকেচিবলৈ।

দ্ৰৌপদী নহওঁ মই 

ভৰা ৰাজসভাত  কুলাংগাৰ দুৰ্য্যোধনৰ

বস্ত্ৰহৰণৰ দম্ভালি 

আৰু 

অমাত মান্যবৰৰ অধোনত শিৰ 

কাম্য নহয় মোৰ।

ধৰ্ষিতাৰ সন্তান নহওঁ মই 

পিতৃ পৰিচয় হীন হৈ

লজ্জাৰ আভূষণেৰে

নহওঁ আনৰ পুতৌৰ পাত্ৰ

নতুবা ঘৃণাৰ ।

তেজীমলা নহওঁ মই 

মাতৃৰ গৰ্ভজাত হৈও,

মাহী আইৰ চকুৰ কুটা,দাঁতৰ শাল 

দুৰ্ভগীয়া মই  যে মাতৃহীনা।

মাতৃগৰ্ভৰ সোৱাদ অনুভূত হীন 

কৃত্ৰিম গৰ্ভত ধাৰণ মোৰ

আপোন মাতৃৰ গৰ্ভৰ

সোৱাদৰ  বঞ্ছিত 

ঋণ লোৱা গৰ্ভত থিতাপি ,

কৃত্ৰিম মাতৃৰ স্নেহ হীন ,

পিতৃৰ ঔৰসজাত সন্তান ;

মোৰ হৃদয়ত  চিৎকাৰ 

ন মাহ দহ দিনৰ গৰ্ভত স্থিত 

মাতৃৰ 

এধানি চেনেহ, হাবাথুৰি এধানি স্পৰ্শৰ ।

মোৰ মূল্য আকাশলঙ্ঘী 

ডিম্ব,শুক্ৰাণুৰ কৃত্ৰিম সংযোজনত,

পালিত মই বহু পৰীক্ষা-নিৰীক্ষাৰে,

মূৰত ল’লে ওকণিয়ে খায়

মাটিত পৰুৱাই,

‘মাখন কোমল তনু ‘ কৃত্ৰিম মানৱী

ৰাসায়নত ডুবি থকা মই

নমাহ,দহ দিনীয়া  ‘ষ্টেট টিউব ‘বেবী।

*******

One comment

  • Kalyani Goswami

    মোৰ ক্ষুদ্ৰ অনুভৱে আপোনাৰ বহু মূল্যবান সৰ্বাঙ্গ -সুন্দৰ ই-আলোচনী খনত প্ৰকাশ পোৱাত আনন্দিত হ’লো , লগতে সকলো কৰ্মকৰ্তা আৰু সতীৰ্থক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *