কুঁৱলীৰে ঢকা সেউজ ৰানী মুন্নাৰৰপৰা সৰোবৰ আৰু বনাঞ্চলেৰে ভৰা থেক্কাড়ী(পেৰিয়াৰ)লৈ -ৰঞ্জনা দত্ত
(যোৱা সংখ্যাৰ পিছৰপৰা)

(২)
সমুদ্ৰপৃষ্ঠৰ পৰা ১৬০০ মিটাৰ উচ্চতাত অৱস্থিত দক্ষিণৰ কাশ্মীৰ নামেৰে জনপ্ৰিয় মুন্নাৰত আজি আমাৰ প্ৰথম ৰাতিপুৱা। হোটেলৰপৰা বাহিৰলৈ ওলাইয়ে মুন্নাৰৰ বিষয়ে উচ্চাৰিত আন এটা মৰম লগা উপমা আপোনা আপুনি মুখেৰে ওলাই আহিল।
‘ৱাহ! মিষ্টিক মুন্নাৰ’ !
সঁচাই কুঁৱলীময় মুন্নাৰ! চাৰিওফালে ঘন কুঁৱলীৰ মাজে মাজে ভুমুকি মৰা নাতিদূৰৈৰ ওখ চাপৰ চাহ বাগিছাৰ টিলা সদৃশ পাহাৰবোৰে মনটো সজীৱ কৰি তুলিলে। মুন্নাৰৰ অৰ্থ- Moonu( তিনি)+ Aaru(নদী)।মানে তিনিখন নদী । মুধিৰাপুঝা, নাল্লাথান্নী আৰু কুণ্ডালা নদীৰ সংগম স্থলীত অৱস্থিত এই সৰু চহৰখনৰ সৌন্দৰ্য্য ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।
সৰু টিলা এটাৰ ওপৰত থকা মুন্নাৰৰ এই হোটেলখনত কমপ্লিমেন্টেৰী পুৱাৰ আহাৰৰ ব্যৱস্থা নাই বাবে তললৈ নামি গৈ ওচৰৰে অন্নপূৰ্ণা নামৰ ৰেষ্টুৰেন্ট খনত সোমালোগৈ। অতিকৈ ব্যস্ত ৰেষ্টুৰেন্টখন কম দামত সুস্বাদু পুৱাৰ আহাৰ যোগান ধৰাৰ বাবে বেচ জনপ্ৰিয়। আমি দুজনে মিলি মাত্ৰ ৯২ টকাতে পেট ভৰাই সুস্বাদু দোচা, ইডলি, বৰা আৰু কফি খাই ওলাই আহিলো। আজি মেটুপট্টী বান্ধ, ইকো পইন্ট আৰু এৰাভিকুলাম নেচনেল পাৰ্ক চোৱাৰ কথা। আমাৰ গাড়ীচালক জৰ্জে ক’লে………
“সময় হ’লে বাটতে পোৱা কেকটাছৰ উদ্যান খনতো সোমাই আহিব পাৰি।”
প্ৰায় চাৰে ন মান বজাত হোটেলৰ পৰা ওলাই আহিলো। দেখিলো জৰ্জে আজিও ধপধপীয়া বগা চাৰ্ট পিন্ধি আহিছে। কথাটো পিছতহে লক্ষ্য কৰিলোঁ যে ইয়াৰ সকলোবোৰ টুৰিষ্ট টেক্সিৰ চালকে বগা চাৰ্ট পিন্ধে। বোধহয় এইটো নিয়ম। মুন্নাৰৰ পাহাৰীয়া অঁকোৱা-পকোৱা বাটেৰে পাৰ হৈ যাওঁতে বাটত কেইবাখনো চাহ বাগিছা পালোঁ। প্ৰতিখনেই পাহাৰেই এঢলীয়া মাটিত তৰপে তৰপে সেউজীয়া নক্সা কটা দলিছা পাৰি থোৱাৰ দৰে । প্ৰতিখনৰে সুকীয়া সৌন্দৰ্য্য। মাজতে এটুকুৰা অতি ধুনীয়া ঠাইত গাড়ীখন ৰাখিলে। তাত ৰাস্তাটোৰ কাষে কাষে বহু গাড়ী আৰু ফটো তুলি থকা পৰ্যটক। পৰ্যটকক পিঠিত তুলি ফুৰাবলৈ কেইটামান ঘোঁৰাও ৰৈ থকা দেখিলোঁ। পাহাৰীয়া তজবজীয়া ঘোঁৰা। ঠেক কিন্তু মসৃণ ধুনীয়া ৰাস্তাটো ওপৰৰপৰা তললৈ এঢলীয়া চাহ বাগিছাৰে ভৰা পাহাৰ এটাৰ প্ৰায় সোঁমাজেৰে গৈছে। গাড়ীৰপৰা নামি দেখিলোঁ ৰাস্তাটোৰ একাষে বহু তললৈকে ঘন সেউজীয়া জোপোহা চাহগছৰ দলিছা আৰু তাৰ মাজে মাজে অকাই-পকাই যোৱা ৰাস্তাটোৰে গৈ থকা গাড়ীবোৰ। ৰাস্তাটোৰ আনকাষে বিভিন্ন টিলাৰ ওখ চাপৰত বহু ওপৰলৈকে থকা একেই সেউজীয়া দলিছা। কি যে অপূৰ্ব দৃশ্য! তাতে কিছুসময় ৰৈ ফটো কেইখনমান তুলি থকাৰ সময়তেই মোৰ কাষতে ৰৈ ফটো তুলি থকা পৰ্যটক এগৰাকীক ঘোঁৰা এটাই লাঠ মাৰি দিলে। মানুহ গৰাকীয়ে মূৰত দুখ পাই বাগৰি পৰিল। বৰ বেয়া লাগিল, কাষতে ৰৈ থকা মোৰো একেই অৱস্থা হ’লহেঁতেন! ঘোঁৰা চালকটোক গালি শপনি পাৰি পৰিয়ালৰ লোকে মানুহগৰাকীক অন্য এফালে লৈ গ’ল। আমি এইবাৰ ইক’ পইণ্টলৈ বুলি আগবাঢ়িলোঁ। ইক’ পইণ্ট তিনিলানি পাহাৰৰ মিলনস্থল। পাহাৰ কেইখনৰ তলত নীলা পানীৰ এক বিশাল সৰোবৰ। গাইপতি ত্ৰিছ টকাকৈ প্ৰৱেশ মূল্যৰ টিকট লৈ সৰোবৰৰ ওচৰ পালোগৈ। পাৰত শাৰী শাৰীকৈ বহুত ৰং-বিৰঙী নাও বান্ধি থোৱা আছিল। বহু পৰ্যটকে সৰোবৰত প্ৰমোদ ভ্ৰমণ কৰি আছিল। ওখ ওখ গছবোৰৰে সৈতে সিপাৰৰ পাহাৰবোৰৰ ফটফটীয়া নীলা পানীত পৰা প্ৰতিবিম্ববোৰে সৰোবৰৰ নীলা পানীত যেন আন এখন অৰণ্যৰহে সৃষ্টি কৰিছে এনে লাগিছিল। শান্ত বিশাল সৰোবৰটোৰ পাৰত থিয় হৈ অন্য এখন জগতত আছো যেন ভাৱ হৈছিল।ওচৰতে পৰ্যটকৰ দল এটাই ইক’ পইণ্টত নিজৰ মাতটো প্ৰতিধ্বনিত হয় নেকি চাবলৈ ডাঙৰ ডাঙৰকৈ চিঞৰি আছিল। আমি পিছে কোনো প্ৰতিধ্বনি শুনিবলৈ পোৱা নাছিলো। মানুহ এজনে কেমেৰা এটা লৈ পৰ্যটক সকলৰ ফটো তুলি ফুৰিছিল। সুন্দৰ সৰোবৰটোৰ পাৰত আমিও তেওঁৰ কেমেৰাৰে কেইখনমান ফটো ল’লোঁ। আমি বাচনি কৰা ফটোবোৰ লগে লগে ল’ৰাৰ মোবাইললৈ পঠাই দিলে। প্ৰতিখন ফটোৰ বাবদ তেওঁক বিশ টকাকৈ দিব লগা হ’ল। ইক’ পইণ্টৰ বাহিৰৰ গাড়ী আস্থানৰ কাষত বহুত খোৱাৰ দোকান আৰু স্থানীয় হাতে সজা সঁজুলি আৰু স্মৃতিচিহ্ন আদি সজাই থোৱা আৰু থকা বিপনী সমূহৰপৰা কেৰেলাৰ স্মৃতি চিন হিচাবে ফ্ৰীজ মেগনেট, চাবিৰ ৰিং আৰু নাৰিকলৰ বাকলিৰ জাবৰেৰে বনোৱা চৰাইৰ বাহ দুটা কিনিলোঁ। ইক’ পইণ্টলৈ আহোতে মেটুপট্টি বান্ধটোৰ দলঙৰ ওপৰেৰেই পাৰ হৈ আহিছিলোঁ। ঘূৰি যাওঁতে জৰ্জে তাত কিছু সময়ৰ বাবে গাড়ীখন ৰাখিলে। জলবিদ্যুৎ প্ৰকল্পৰ বাদেও পানী সংৰক্ষণৰ বাবে এই বান্ধটো ১৯৫৩ চনতে নিৰ্মাণ কৰি উলিয়াইছিল। বিশাল মেটুপট্টি হ্ৰদৰ চাৰিওফালে ছবিৰ দৰে সুন্দৰ সেউজীয়া পশ্চিমঘাট পৰ্বতমালা, সেউজীয়া চাহ বাগিছা, হ্ৰদৰ পানীত বিচৰণ কৰা ৰং-বিৰঙী প্ৰমোদ ভ্ৰমণৰ নাওবোৰ চাই চাই আত্মবিভোৰ হৈ পৰিছিলোঁ। কিবাকৈ নাৱত উঠি ঘূৰি ফুৰিব পৰা হ’লে! পিছে আমাৰ হাতত ধৰা-বন্ধা সময়। চাবলৈ বহুত আছে যদিও কিনো চাওঁ কিনো এৰো বুলি ভাবোতে আৰামেৰে একো এটা চাব নোৱাৰোগৈ। হ্ৰদৰ পাৰতে কিছু সময় কটোৱাৰ পিছত আমি ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ ওলালোঁ। অসমৰ কাজিৰঙা, মানস, পবিতৰা আদিলৈ বহুবাৰ গৈছো বাবে ৰাষ্ট্ৰীয় উদ্যান বুলিলে আমাৰ তেনে এখন ছবিয়েই মনলৈ আহে। পিছে ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণ সম্পূৰ্ণ বেলেগ আছিল। ইয়ালৈ সোমাবৰ বাবে মূল গেটখনৰ ভিতৰৰপৰা বন বিভাগৰ বাছেৰে পৰ্যটক সকলক একেবাৰে পাহাৰৰ ওপৰলৈকে লৈ যায়। জৰ্জে আমাক ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যানৰ মূল তোৰণখনৰ সন্মুখতে নমাই দিলে। ভিতৰলৈ সোমায়েই বন বিভাগৰ ইউনিফৰ্ম পিন্ধা কৰ্মচাৰীসকলক দেখিবলৈ পালোঁ। বিভিন্ন কাউণ্টৰত টিকেট দিয়াৰ উপৰিও খোৱা বস্তু আৰু আন অৰণ্য উৎপাদিত সামগ্ৰীৰ বিপনী। সকলো বন বিভাগৰ অধীনত। ল’ৰাই শাৰী পাতি জনেপ্ৰতি ২০০ টকা মূল্যৰ প্ৰৱেশ টিকেট সংগ্ৰহ কৰিলে। টিকেট দিয়া ঘৰটোৰপৰা ওলাই গৈয়ে দেখিলোঁ কিছু আঁতৰৰ বাছ এখনত টিকেট লোৱা যাত্ৰীসকল উঠিছে। বনকৰ্মী এগৰাকীক সুধি গম পালোঁ কেইবাখনো বাছ অহা-যোৱা কৰি থাকে বাবে পিছৰ বাছখনো আহি পাবহিয়ে। আমি পাঁচ মিনিটমান অপেক্ষা কৰাৰ পিছতে আন এখন বাছ আহিল। এটা কথা মন কৰিলো যে পৰ্যটকসকলক বাদ দি পুৰুষ-মহিলা সকলো বনকৰ্মীয়ে সেনা বাহিনীৰ লোকৰ দৰে ডাঠ জলফাই সেউজীয়া ৰঙৰ একে পোছাক পিন্ধিছে। ধুনীয়া স্বাস্থ্য পাতিৰ লোকসকলক প্ৰথম দেখোতে সেনা বাহিনীৰ লোক যেনেই লাগে। বাছখনে ধুনীয়া ধুনীয়া পাহাৰীয়া চাহ বাগিছাসমূহৰ মাজে মাজে কিছু দূৰ যোৱাৰ পিছত পাহাৰীয়া ঠেক বাটেৰে ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিলে। ওলোটা দিশৰপৰা পৰ্যটকসকলক লৈ ঘূৰি অহা তিনিখনমান বাছ বাটত লগ পালোঁ। এঠাইত ৰাস্তাটোৰ একেবাৰে কাষতে এটা ডাঙৰ জলপ্ৰপাত দেখি সকলোৱে ফূৰ্তিত চিটৰপৰা উঠি ফটো তোলাত লাগিল। ড্ৰাইভাৰ জনে ক’লে- এইটো লাক্কুম জলপ্ৰপাত।বৰষুণ বেছি হ’লে ইয়াৰ পানী ৰাস্তাৰ ওপৰতে সৰসৰাই পৰেহি। সকলোকে ফটো তোলাৰ সুবিধা দিবৰ বাবে বাছখন এক মিনিটমান ৰখোৱাৰ পিছতেই পুনৰ গতি ল’লে। তাৰপৰা আৰু কিছু ওপৰত থকা বাছ ৰোৱা ঠাইত বাছখন ৰখাই গাড়ীচালকজনে সকলোকে নামিবলৈ ক’লে। এইবাৰ বাছখনে ঘূৰি যোৱা যাত্ৰী সকলক লৈ নামি গৈ বেলেগ এচাম যাত্ৰী আনিবগৈ। বনকৰ্মী এগৰাকীয়ে পৰ্যটকসকলক ক’লে –
“আপোনালোকে এতিয়া নিজৰ ইচ্ছাত ঘূৰিব পাৰিব আৰু ফুৰা শেষ হ’লে যি কোনো এখন বাছত ঘূৰি যাব পাৰিব।”
ঠাণ্ডা বতাহৰ লগতে বতাহত ভাহি অহা চোকা কফিৰ সুঘ্ৰাণে মনটো ভাল লগাই তুলিছিল। কফিৰ গোন্ধে বাউল কৰা আমি তিনিওজনেই কফি একো কাপ খাই লওঁগৈ বুলি ওচৰতে থকা কফি হাউচটোত বহি কফি বিস্কুট আদি খাই ল’লোঁ। তাৰ পিছতেই কাষতেই থকা ‘ষ্টৰি অফ দা পাৰ্ক’ নামৰ ফটো মিউজিয়ামতটোত সোমালো। এৰাভিকুলাম পাৰ্কৰ নানা তথ্যপাতি আৰু বহুমূলীয়া ফটোৰ সংগ্ৰহেৰে কোঠা কেইটা ভৰি আছে। ইয়াত থকা তথ্য আৰু ফটো বিলাক চাই গম পালো – এৰাভিকুলাম ৰাষ্ট্ৰীয় বনাঞ্চলৰ মুঠ মাটিকালি ৯৭ বৰ্গ কিলোমিটাৰ। কেৰেলাৰ পশ্চিমঘাট পৰ্বতমালাৰ দক্ষিণ দিশত অৱস্থিত ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যানখন নীলগিৰি তাহাৰ (Nilgiri Tahr) নামৰ বিলুপ্তপ্ৰায় বনৰীয়া ছাগলীজাতীয় জন্তুবিধৰ প্ৰাকৃতিক বাসস্থান। নীলগিৰি তাহাৰ কেৰেলাৰ ৰাষ্ট্ৰীয় জন্তু। ইয়াৰোপৰি নীলকুৰিঞ্জী নামৰ বেঙুনীয়া- গুলপীয়া ১১ বছৰৰ মূৰে মূৰে ফুলা ফুলবিধৰ বাবেও ই বিখ্যাত। এই ফুলবিধ ২০১৯ চনত শেষ বাৰৰ বাবে দেখা গৈছিল। ২০৩০ চনত ই আকৌ এবাৰ ফুলিব বুলি সকলো আগ্ৰহেৰে ৰৈ আছে। সুন্দৰকৈ বনোৱা পাহাৰীয়া পকী বাটেৰে আমি এঘন্টামান খোজকাঢ়ি পাহাৰলৈ উঠি গ’লো যদিও নীলগিৰি তাহাৰ বা অন্য কোনো জীৱ জন্তু চকুত নপৰিল। কিনকিনাই বৰষুণ দিবলৈ আৰম্ভ কৰাত উভটি অহাৰ সিদ্ধান্ত ল’লোঁ। বাছ এখনত তললৈ উভটি আহি প্ৰৱেশ দ্বাৰৰ লগতে থকা ৰেষ্টুৰেণ্ট এখনত দুপৰীয়াৰ আহাৰ খাই ল’লোঁ। ৰেষ্টুৰেণ্টখনো সেনা বাহিনীৰ লোকৰ দৰে পোছাক পিন্ধা বনকৰ্মীসকলৰ দ্বাৰা পৰিচালিত। জৰ্জ গেটৰ বাহিৰৰ গাড়ী ৰখোৱা ঠাইতে ৰৈ আছিল। তেওঁ ক’লে…….
“এইবাৰ বাটতে পৰা কেকটাছ উদ্যানখন চাই হোটেললৈ উভটিম।”
সৰু কেকটাছ উদ্যানখনত বিভিন্ন ধৰণৰ ফুল ফুলি থকা সৰু ডাঙৰ কেকটাছবোৰ দেখি অভিভূত হ’লো। জৰ্জে আমাক হোটেলৰ সমুখত নমাই দিয়াৰ সময়লৈ সন্ধিয়া হ’বলৈ আৰম্ভ কৰিছিল। কাইলৈ পুৱাই আমি মুন্নাৰৰ পৰা থেক্কাড়ীলৈ যাম।
আজি ১৭ অক্টোবৰ। খিৰিকীৰে বাহিৰৰ উজ্জ্বল ৰ’দজাক দেখি মনটো ভাল লাগি গ’ল। কালি পুৱাৰ আহাৰ কৰা ওচৰৰ অন্নপূৰ্ণা ৰেষ্টুৰেণ্টখনলৈ আমি দুয়ো ওলাই গ’লোঁ। কালিৰ ৯২ টকাতে দুজনে পেট ভৰাই খোৱা সুস্বাদু দক্ষিণ ভাৰতীয় খাদ্য খোৱাৰ সোৱাদ মুখত লাগিয়েই আছিল। জৰ্জ নিৰ্ধাৰিত সময়ৰ আগতেই আহি ৰৈ আছিল। আমিও টালি- টোপোলা বান্ধি হোটেলৰপৰা ওলাই আহিলোঁ। আজি আমি চাহ বাগিছাৰ মাজে মাজে অকাই- পকাই যোৱা বিখ্যাত গেপ ৰোডৰে যাম। চাহ বাগিছাৰে সমৃদ্ধ গেপ ৰোডৰ সৌন্দৰ্য্য দেখিয়েই মই মুন্নাৰৰ প্ৰেমত পৰিছিলোঁ। ভাবিছিলো ইমান ধুনীয়া ঠাইয়ো থাকিব পাৰেনে? জৰ্জে ধুনীয়া শিলৰ পাহাৰ আৰু চাহ গছৰ টিলাৰে আৱৰি থকা ধুনীয়া বাগিছা এখনৰ কাষত গাড়ীখন ৰখাই দিলে। দূৰৰপৰাই ওখ-চাপৰ চাহ বাগিছাৰ টিলাবোৰৰ মাজে মাজে ফটো লৈ ফুৰা পৰ্যটক সকলক দেখি মনটো ভাল লাগি গ’ল। ইয়াত তাৰমানে বাগিছাৰ মাজত সোমাই ফটো ল’ব পাৰিম! অনুপম সৌন্দৰ্য্যৰ মাজত আধাঘণ্টামান কটোৱাৰ পিছত এইবাৰ আমি থেক্কাড়ীলৈ বুলি গাড়ীত বহিলোহি। মুন্নাৰৰপৰা থেক্কাড়ীলৈ দূৰত্ব প্ৰায় ৯৫ কিঃমিঃ। বাটৰ দুই তিনি ঠাইত ৰৈ ৰৈ গ’লে পাওঁতে তিনি ঘণ্টামান লাগিব বুলি জৰ্জে ক’লে। এইটো বাটতো বাটৰ কাষৰ ডাঙৰ জলপ্ৰপাত দুটামান পালো। থেক্কাড়ী সোমাওতে আবেলি তিনি বাজিবৰ হৈছিলেগৈ। বাটত চাহ -ভাত খোৱাৰ একো দোকান পোৱা নাছিলো বাবে পেটে কলমলাবলৈ আৰম্ভ কৰিছিল। ল’ৰা ঋতমে গুগলত থেক্কাড়ী টাউনৰ মাজৰ কেৰেলাৰ স্থানীয় খাদ্য পোৱা ভাল ৰেষ্টুৰেণ্ট বিচাৰি আছিল। টাউনৰ মাজতে থকা বেচ ডাঙৰ ৰেষ্টুৰেণ্ট এখনৰ আগত জৰ্জে গাড়ীখন ৰাখি আমাক ক’লে ইয়াত কেৰেলাৰ খাদ্য খাই খুব ভাল পাব। দুমহলীয়া আহল বহল ৰেষ্টুৰেণ্টখন মানুহেৰে গিজগিজাই আছিল। আৰামদায়ক ঠাই এখনত বহাৰ পিছত আমি খোৱাৰ অৰ্ডাৰ দিলো। কেৰেলাৰ থালি.. সাগৰীয় মাছ, চিকেন , ডাইল, ভাজি আদিৰে প্ৰায় পোন্ধৰ বিধ মান ব্যঞ্জন। ৱেইটাৰ ছোৱালীজনী ডিফুৰ কাৰ্বি ছোৱালী। দুদিন আগতে নতুনকৈ কামত সোমাইছে হেনো। তাইৰ লগত আৰু দুজনী ছোৱালী ডিফুৰপৰা আহিছে। কেৰেলাৰ ইমান ভিতৰত অসমীয়া ল’ৰা ছোৱালী দেখি ভাল লাগিল। আমি ৰেষ্টুৰেণ্টখনৰপৰা ওলাই আহোঁতে হোটেলৰ কৰ্মচাৰী থকা সমুখৰ আধাখোলা ঠাই এটুকুৰাৰ পৰা ভাঁহি অহা জুবিনৰ ‘মায়াবিনী ..’ গানটো শুনি ৰৈ গ’লোঁ। গানৰ উৎসটো বিচাৰি আমি তিনিওজনে ইফালে-সিফালে চালোঁ যদিও ক’ৰপৰা গানটো ভাঁহি আহিছে উলিয়াব নোৱাৰিলোঁ। কোনোবা অসমীয়া টুৰিষ্ট বা হোটেলত কামকৰা অসমীয়া ল’ৰাই ম’বাইলত বজাইছে চাগৈ। প্ৰায় এমাহ আগতে আমাৰ মাজৰপৰা চিৰদিনৰ বাবে গুছি যোৱা জুবিনৰ স্মৃতিয়ে মনটো সেমেকাই তুলিলে। থেক্কাড়ীৰ আগতে বুক কৰি থোৱা হোটেলখন গৈ পাওঁতে চাৰে চাৰি বাজিবৰ হ’ল। আজি গধূলি ছয় বজাৰপৰা হ’ব লগা কথাকলি নৃত্যৰ শ্ব’ এটাৰ বাবে অহাৰ বাটতে টিকেট কাটি থৈছিলো বাবে এঘণ্টামান কোঠাত জিৰণি লৈ ৰঙা চাহ একো কাপকৈ খাই নৃত্য উপভোগ কৰিবলৈ ওলাই গ’লোঁ। প্ৰায় ডেৰশমান মানুহ বহিব পৰা প্ৰেক্ষাগৃহটো মানুহেৰে ভৰি আছিল। কেৰেলাৰ কথাকলি নৃত্য ৫০০ বছৰ পুৰণি এবিধ অনন্য শাস্ত্ৰীয় নৃত্য। ইয়াত ৰামায়ণ আৰু মহাভাৰতৰ বিভিন্ন দৃশ্য নৃত্য নাটিকাৰ সহায়ত উপস্থাপন কৰা হয়। চকু, মুখ আৰু হাতৰ বিভিন্ন ভঙ্গিমাৰ দ্বাৰা তিনিগৰাকী কলা-কুশলীয়ে প্ৰায় ডেৰ ঘণ্টা সময়ৰ ভিতৰত কথাকলি নৃত্যৰ বিভিন্ন মুদ্ৰা আৰু ভঙ্গিমাৰ বিষয়ে দৰ্শকক ভালদৰে বুজাই দিয়াৰ লগতে কেইজনমান দৰ্শকক ষ্টেজলৈ মাতি নি কথাকলিৰ চকু মুখৰ ভঙ্গিমাৰ বিষয়ে সৰুকৈ প্ৰশিক্ষণ এটাও দিলে। শেষত ৰামায়ণৰ সৰু অধ্যায় এটা কথাকলি নৃত্যৰ দ্বাৰা মঞ্চস্থ কৰিলে। দৰ্শক সকলৰ মাজত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট আছিল।
কেৰেলাৰ আয়ুৰ্বেদিক সামগ্ৰীৰে কৰা মালিছ বিশ্বজুৰি প্ৰসিদ্ধ। ঋতমে আগ্ৰহ প্ৰকাশ কৰাত হোটেললৈ ঘূৰি অহাৰ বাটত কেৰেলা আয়ুৰ্বেদিক মালিছ কেন্দ্ৰ এটাত সোমাই তিনিওজনেই মালিছৰ বাবে নাম অন্তৰ্ভুক্তি কৰিলোঁ। দুদিনৰ ব্যস্ত ভ্ৰমণৰ পাছত অলস হৈ পৰা শৰীৰৰ কোষবোৰত কেৰেলাৰ বনৌষধি তেল আৰু গছপাতৰ গৰম টোপোলাৰে কৰা মালিছে এক নতুন শক্তি প্ৰদান কৰিলে।
কাইলৈ পুৱাই পেৰিয়াৰ অভয়াৰণ্যৰ মূল আকৰ্ষণ পেৰিয়াৰ হ্ৰদত প্ৰমোদ ভ্ৰমণ কৰাৰ কথা আছে। দিনটোৰ তিনিটা বেলেগ সময়ত প্ৰমোদ ভ্ৰমণৰ ব্যৱস্থা আছে যদিও ৰাতিপুৱাই গ’লে সকলোতকৈ ভালদৰে জীৱ-জন্তুবোৰ চাব পাৰিম বুলি সকলোৱে কৈছিল। অভয়াৰণ্যৰ ভিতৰলৈ নিজৰ গাড়ী নিব নোৱাৰে।এখন নিৰ্দিষ্ট ঠাইৰপৰা বন বিভাগৰ গাড়ীৰে অভয়াৰণ্যৰ ভিতৰত থকা হ্ৰদৰ পাৰলৈ আমাক লৈ যাব। জৰ্জে আমাক পুৱা সাত বজাতে সাজু হৈ থাকিবলৈ ক’লে। পেৰিয়াৰ হ্ৰদৰ ভ্ৰমণৰ পিছত তাৰপৰাই বাহিৰে বাহিৰে আমি এলেপ্পীলৈ যাম।
(আগলৈ)
*******

9:14 AM
খুব ভাল পালোঁ বাইদেউ পঢ়ি