উত্থান-অৰবিন্দ গোস্বামী
আজি গৰম বন্ধ শেষ।সেয়ে মুনুৰ মনটো একেবাৰে বেয়া।ৰাতি মাকে বাঢ়ি দিয়া ভাতকেইটা খাবলৈ সি বৰ মন নকৰিলে।কিন্তু মাক আৰু দেউতাকে বৰ জোৰ দি ধৰাত সি উপায়বিহীন হৈ কেইটামান খালে যদিও শেষৰফালে কাঁহীত কেইটামান থাকি গ’ল।মাকে তাক ক’লে……
: মুনু,তুমি কাইলৈ স্কুল যাব লাগিব নহয়।দেউতাৰাই তোমাক গৃহকৰ্মখিনি যে কৰাই দিছে,সেইখিনি বাসন্তী বাইদেউক দেখুৱাবা।আৰু পুৱা সোনকালে উঠিব লাগিব কিন্তু।মই কাপোৰ-কানি ধুই শুকুৱাই থৈছো।বহী,কলম,কিতাপ সকলো যোগাৰ কৰি থৈছো।
মাকৰ কথাখিনি শুনি মুনুৰ দুখটো আৰু অলপ বেছিকৈ উজাই আহিল।এই গৰম বন্ধত যে সি কত স্ফূৰ্ত্তি কৰিলে।দেউতাক অফিচলৈ ওলাই নোযোৱালৈকে মুনু ঘৰতে থাকে।পুৱাৰ সময়খিনি সি দেউতাকৰ তাগিদাতে পঢ়ে।কেতিয়াবা দেউতাকে কিবা মুখস্থ কৰিবলৈ দি থৈ যায় বা অংক কৰিবলৈ দি যায়।দেউতাক ওলাই যোৱাৰ পাছতে সি সেইখিনি ততাতৈয়াকৈ কৰি খেলিবলৈ ওলাই যায়।দুপৰীয়া ভাত খাবলৈ মাকে মুনুক আকৌ খেলপথাৰৰ পৰা বিচাৰি আনিব লাগে।ভাত খাই তাক মাকে শুবলৈ কয় যদিও সি কোন তলকতনো পলাই ফাট মাৰে,মাকে গমেই নাপায়।দিনৰ দিনটো লগ-সমনীয়াৰ লগত খেলি খেলি তাৰ সন্ধিয়া ভাগৰ লাগে।সিহঁতে সদায় যে খেলে তেনে নহয়।কেতিয়াবা সি লগ-সমনীয়াৰ সৈতে বৰশী বায় আৰু কোনোবাদিনা বৰশীৰ টোপ হিচাপে ব্যৱহাৰ কৰিবলৈ বোন্দা কেচু খান্দিবলৈ যায়।কোনোবাদিনা আকৌ গছৰ তলসৰা ফল-মূল বিচাৰি থাকোতেই বহুখিনি সময় পাৰ হৈ যায়।এনেদৰে কত ব্যস্ততাৰ মাজেৰে যে বন্ধটো পাৰ হৈ গ’ল,সি একো উৱাদিহেই নাপালে।মাকে তাক বৰ শাসন নকৰে।দেউতাকে কিন্তু তাক শাসনো কৰে আৰু পঢ়া-শুনা কৰাতো সহায় কৰে।
ভাত খাই মুনুৱে বিছনাত বাগৰ দিয়াৰ লগে লগে টোপনীত ঢলি পৰিল।মাকে কাম-বন কৰি অঁতাই আঁঠুৱাখন তৰি দি তাৰ কাষতে শুই পৰিল।মাকে মুনুক অলপ বুকুৰ ওচৰলৈ টানি আনিলে।অকণমানি ল’ৰাটোৰ মূৰত হাতটো ফুৰাই দি তেওঁ গভীৰ প্ৰশান্তি অনুভৱ কৰিলে।কিছু সময়ৰ পিছত মুনুৰ মাকো মুনুক বুকুৰ মাজত লৈ টোপনী গ’ল।দেউতাকে গেটত আৰু ঘৰৰ মূল দুৱাৰত তলা মাৰি মুনুৰ কাষতে শুই পৰিলহি।লাইট বন্ধ কৰাৰ আগতে তেওঁ মুনুৰ মাকৰ আৰু মুনুৰ মুখ দুখনলৈ চালে।দুয়ো নিদ্ৰাদেৱীৰ কোলাত।লাইটটো বন্ধ কৰি মুনুৰ আনটো কাষে দেউতাকো শুই পৰিল।
পিছদিনা পুৱা মুনুৱে চাৰি মান বজাতেই সাৰ পালে।চকুহাল মেলিয়েই তাৰ মনটো দুখ লাগি গ’ল।আজিৰপৰা আৰু সি দুপৰীয়া আবেলি টলৌ টলৌকৈ ঘূৰি ফুৰিব নোৱাৰিব।বিদ্যালয়ৰপৰা আহি খেলিবলৈ অকণমান সময় পাব।সেইকন সময় খেলিনো কি হ’ব!
এনেবোৰ কথাই তাৰ মনত আমনি দিবলৈ ধৰিলে।
আজিৰপৰা আকৌ গণিতৰ বিষয় শিক্ষক বীৰেণ চাৰৰ এচাৰিডালে কথা ক’ব।ইউনিফৰ্মযোৰ পিন্ধিলে তাৰ কিবা উশাহ নোপোৱাৰ নিচিনা লাগে।বাসন্তী বাইদেৱে অসমৰ উত্তৰ বাহিনী আৰু দক্ষিণ বাহিনী নৈ কেইখনৰ নাম মুখস্থ কৰিবলৈ দিছিল।সেইখিনি বাৰু সি পাৰিব।
কিন্তু বীৰেণ চাৰে যে বন্ধৰ শেষত ভগ্নাংশৰ অংক ব’ৰ্ডত
কৰিবলৈ দিম বুলি কৈছিল….।কথাটো ভাবি তাৰ ভয় লাগি গ’ল।ইচ্ছা কৰাহ’লে সি দেউতাকক ভগ্নাংশৰ অংক
খিনি বন্ধৰ শেষত যে চাৰে ব’ৰ্ডত কৰিবলৈ দিব….ক’ব পাৰিলেহেঁতেন।কিন্তু নক’লে। নহ’লে আকৌ বেছি সময় পঢ়ি থাকিব লাগিব।দুদিনমানৰ পিছত ক’ম বুলি ভাবি থাকোঁতে কোৱাই নহ’ল।
এতিয়া সি ভগ্নাংশৰ বিষয়ে এটা কথাই জানে ‘ভগ্ন’ মানে ভগা আৰু ‘অংশ’ মানে ভাগ।তাৰ বাহিৰে সি একোৱেই নাজানে।তাৰ হঠাৎ মনত পৰিল যে ভগ্নাংশত লব,কুশ নে কি বুলি দুটা বস্তু আছে।আকৌ সি ভাবিলে লবটো ঠিকেই আছে।কুশটো অলপ গণ্ডগোল হৈছে চাগৈ।সি শুই উঠি কিতাপখনত বিচাৰি চাব নাইবা দেউতাকক সুধিব।
হঠাৎ তাৰ মনটো আকৌ বাস্তৱলৈ ঘূৰি আহিল।এইবাৰ তাৰ নিজৰ ওপৰতে খং উঠিল।কিবোৰ যে ভাবি আছে সি!হঠাৎ তাৰ কথা এটা মনত পৰিল।সি দেউতাকৰ মুখত যোৱাবছৰ শুনিছিল যে নেপালত ভূমিকম্প হৈ বহুত ঘৰ-দুৱাৰ ভাঙি গৈছে।কিছুমান মানুহো মৰিছে।
দুই-এবাৰ ভূমিকম্প অহা তাৰ মনত আছে।ঘট ঘটকৈ সকলো লৰি যায়।তাৰ মাকে উৰুলি দিয়ে।সিহঁতৰ ঘৰৰ কাষৰ বৰুৱা খুৰী,মাতু বাহঁতেও উৰুলি দিয়ে।পিছে ভূমিকম্পত সি ঘৰ-দুৱাৰ ভগা দেখা নাই।হঠাৎ তাৰ মনলৈ আহিল যে ডাঙৰ ভূমিকম্প এটা আহি স্কুল ঘৰটোকে ভাগি থকাহ’লে! উঃ!মজা লাগিলহেঁতেন।তেতিয়া বীৰেণ চাৰ,বাসন্তী বাইদেউ,ৰেণু বাইদেউহঁতে সিহঁতক পঢ়াবই নোৱাৰিলেহেঁতেন।পিছে স্কুলঘৰটো ভাগিলেই নহ’ব,ব’ৰ্ডকেইখনো ভাগিব লাগিব।কিন্তু কিতাপ-বহীবোৰ! সেইবোৰতো আছে।আকৌ সিহঁতক যদি চাৰ-বাইদেউহঁতে গছৰ তলত পঢ়াবলৈ লৈ যায়!
সি আকৌ ভাবিলে…..মাত্ৰ ভূমিকম্প আহিলেই নহ’ব,তাৰ লগতে খুব বৰষুণো আহিব লাগিব।তেতিয়া ক’ত পঢ়াব!সি কথাবোৰ ভাবি থাকোঁতেই দেখিলে যে সিহঁত শুই থকা কোঠাটোৰ বেৰখনত পুৱাৰ পাতলীয়া ৰ’দ পৰিছেহি।এইবাৰ তাৰ আৰু বেছি দুখ লাগি গ’ল।
এনেতে মুনুৰ মাকে সাৰ পালে।সাৰ পায়েই তেওঁ পলম নকৰি বিছনাৰপৰা উঠি আহিল।বিছনাৰপৰা উঠাৰ আগতে তেওঁ মুনুকো উঠিবলৈ বুলি এজোকৰা দি আহিল।
: মুনু উঠা।আজি স্কুল যাব লাগিব নহয়।
মুনু নুঠিল।চকুকেইটা জপাই সি এনেই পৰি থাকিল।মুনুৰ মাক উঠা গম পাই দেউৰাকো উঠিল।দেউতাকেও মুনুক গাত ধৰি জোকাৰি ক’লে…….
: উঠা সোণ! স্কুল যাব লাগিব নহয়।
এইবাৰ উপাই নাপাই মুনু উঠি বাহিৰলৈ আহি বাহিৰৰ বাৰাণ্ডাত থকা চকীখনতে বহিল।মাকে ততাতৈয়াকৈ ব্ৰাছডালত টুথপেষ্ট লগাই তাৰ হাতত তুলি দিলে।অনিচ্ছা স্বত্বেও সি মুখখন ধুই ল’লে।পুৱাৰ বেলিটোলৈ চাই মুনুৱে ভাবিলে………
আজি বৰষুণো নিদিয়ে ভূমিকম্পও নাহে। মনে মনে তাৰ ভগৱানলৈ খং এটাও উঠিল।আনদিনাৰ দৰেই মুনুৱে দেউতাকৰ সৈতে বাহিৰতে বহি অলপ সময় পঢ়িলে।
দেউতাৰপৰা ভগ্নাংশৰ বিষয়ে অলপ কথা শিকি ল’লে।
দেউতাকৰ শিকনিৰপৰা সি বুজিলে যে লব আৰু কুশ নহয়….লব আৰু হৰহে।দেউতাকে তাক বুজাই দিয়া কথাখিনি সি ভালদৰে বুজি পালে।সি মনতে ভাবিলে যে
এতিয়া হয়তো সি ভগ্নাংশৰ বিষয়ে প্ৰশ্ন সুধিলে উত্তৰ দিব পাৰিব।কিন্তু বীৰেণ চাৰে যদি তাক দেউতাকে শিকাই দিয়া কেইটাকে সোধে তেতিয়াহে সি পাৰিব।নহ’লে হাতখনকে আগবঢ়াই দিব লাগিব এচাৰিৰ কোব খাবলৈ।
কিন্তু হঠাৎ কথা এটা মনত পৰি মুনুৰ মনটো ভাল লাগি গ’ল।তাৰ এনে লাগে যে বীৰেণ চাৰে তাক আজিকালি অলপ মৰম কৰিবলৈ লৈছে।বন্ধৰ আগতে এদিন সি সমদ্বিবাহু ত্ৰিভুজ কাক বোলে বুলি সুধোঁতে সি উত্তৰ দিব নোৱাৰাত তাক গালি পৰা নাছিল বা পিটন দিয়াও নাছিল।বৰঞ্চ তাক সুন্দৰকৈ বুজাই দিছিল যে ‘সম’ মানে ‘সমান’—-সেয়ে ‘সমবাহু ত্ৰিভুজ’ মানে তিনিওডাল বাহু সমান হোৱা ত্ৰিভুজ।একেদৰে ‘সম’ মানে ‘সমান’ আৰু ‘দ্বি’ মানে ‘দুই’—–গতিকে ‘সমদ্বিবাহু ত্ৰিভুজ’ মানে দুটা সমান বাহু থকা ত্ৰিভুজ।তৃতীয় প্ৰকাৰৰ ত্ৰিভুজটোৰ কথা সি অলপ পাহৰিছে।চাৰে তাক আজিকালি আগৰদৰে গালি শপনিও নাপাৰে।সি অৱশ্যে আগতকৈ অংক বিষয়টো অলপ পৰা যেন লাগিছে কাৰণ সি স্কুলত কৰিবলৈ দিয়া অংকবোৰ কৰিলে শুদ্ধ হয়।
যি কি নহওক,গা-পা ধুই,ভাত খাই মুনু স্কুললৈ ওলাল।
আজি ইউনিফৰ্মযোৰ পিন্ধি উশাহ ল’বলৈ কষ্ট হ’লেও সি পিন্ধিছে।মাকে কিতাপ-বহী,কলম,পেঞ্চিল সকলো বেগত ভৰাই দিছে।টিফিনত আজি ৰুটী-ভাজি….সি ভালো পায়।ফ্লাস্কত পানীও ভৰাই দিছে।দেউতাকে তাৰ মূৰত তেল ঘঁহি চুলি ফনিয়াই দিছে।সি দেউতাকৰ চাইকেলখনৰ আগফালৰ চিটটোত বহি ল’লে।দেউতাকে চাইকেলত উঠাৰ আগতে মাকে মৰমতে মুনুৰ কপালত চুমা এটা খালে।ইয়াৰ পিছত দেউতাকে চাইকেল চলাবলৈ ধৰিলে।মুনুৱে মনে মনে ভাবিলে আজি সি ইমানদিনে লগ নোপোৱা বিকাশ,ভৈৰৱ,লক্ষীহঁতক লগ পাব।আৰু পৰাগ! পৰাগৰ নামটো মনলৈ অহাৰ লগে লগে তাৰ মনটো ভাল লাগি গ’ল।মুনু বেছিকৈ পৰাগৰ লগতে থাকে।আজি পৰাগৰ লগত বহুত কথা পাতিব।
এইবোৰ ভাবি গৈ থাকোঁতে সি কেতিয়ানো গৈ স্কুল পালেগৈ গমকে নাপালে।দেউতাকে তাক স্কুলৰ গেটৰ মুখত নমাই থৈ ঘূৰি গ’ল।বহুদিনৰ মূৰত বন্ধুবোৰক লগ পাই সি সিহঁতৰ লগত খুব কথা পাতিলে।ইতিমধ্যে প্ৰাৰ্থনা কৰাৰ সময় হোৱাত সকলো শাৰীবদ্ধভাৱে থিয় হৈ প্ৰাৰ্থনা আৰম্ভ কৰিলে……’তুমি চিত্ত বৃত্তি মোৰ….’
প্ৰাৰ্থনা শেষ হোৱাৰ পাছত সিহঁত শ্ৰেণীকোঠালৈ গৈ নিজৰ আসনত বহিল।প্ৰথম পিৰিয়ডতে বিৰেণ চাৰ আহে।
: আজি চাগৈ ছমহীয়া পৰীক্ষাৰ অংকৰ বহীও দিব।
লক্ষীয়ে কথাষাৰ কওঁতে মুনুৰ ভয় লাগি গ’ল।এইটো কথা দেখোন তাৰ মনতে নাছিল।এনেতে পৰাগে ক’লে..
: নিদিয়ে।বীৰেণ চাৰ দেখোন আজি অহাই নাই।
সিহঁতে কথাখিনি পাতি শেষ নৌহওঁতেই কোঠালৈ ৰেণু বাইদেউ সোমাই আহিল।মুনুৰ মনটো ভাল লাগি গ’ল।মানে আজি বীৰেণ চাৰো অহা নাই,বহীও নিদিয়ে।ৰেণু বাইদেৱে লৈ অহা পৰীক্ষাৰ বহীখিনি নিশ্চয় অসমীয়া বিষয়ৰে হ’ব।
বীৰেণ চাৰ নহা বাবে শ্ৰেণীকোঠাৰ সকলোৱে যেন অলপ সকাহ পালে।ৰোল কল কৰি ৰেণু বাইদেৱে ল’ৰা-ছোৱালীক উদ্দেশ্যি ক’লে……….
: আশা কৰোঁ তোমালোক সকলোৱে গৰমৰ বন্ধত ভালদৰে স্ফূৰ্ত্তি-আনন্দ কৰাৰ লগতে ভালদৰে পঢ়া-শুনা কৰিলা।বীৰেণ চাৰে ইতিমধ্যে আমাৰ বিদ্যালয়ৰপৰা অৱসৰ লৈছে।মানে বয়স হ’লে চৰকাৰে আমাৰ সকলো শিক্ষককে অৱসৰ দিয়ে,অৰ্থাৎ আমি স্কুললৈ আহিব নালাগে।সেয়ে বীৰেণ চাৰ আজিৰপৰা বিদ্যালয়লৈ নাহে।
চাৰে চাই দিয়া অংকৰ বহীখিনি মই তোমালোকক দিম।তোমালোকৰ ৰোল নং ৰ লগতে নামবোৰো মাতি যাম আৰু তোমালোকে উঠি আহি নিজৰ নিজৰ বহীবোৰ লৈ যাবাহি।
ৰেণু বাইদেৱে ৰোল নং আৰু নামবোৰ শেষৰ ফালৰপৰা মাতি গ’ল।মুনুৰ ৰোল নং ৩ ।ৰেণু বাইদেৱে যেতিয়া মনোজ বৰা, ৰোল নং – ৩ বুলি মাতিলে, মুনু উঠি গ’ল বাইদেউৰ ওচৰলৈ।তাক আন ছাত্ৰৰ দৰে লগে লগে বহীখন নিদি তাৰ বহীখনৰ পাতবোৰ লুটিয়াই বাইদেৱে কিবা চালে।এইবাৰ মুনুৰ ভয়েই লাগিল….কি বা চাইছে!!
তাৰ বুকুখন ধপধপাবলৈ ধৰিলে।এটা সময়ত তাৰ বুকুৰ ধপধপনিৰ শব্দ সি নিজে শুনা পালে।তাৰ মুখখন শুকাই গ’ল।হেড চাৰৰ ওচৰলৈ বহীখন দি তাক পঠাই দিব নেকি! সি বহুত বেয়া নম্বৰ পালেনেকি!কথাবোৰ ভাবি ভাবি তাৰ ভয়টো বাঢ়ি গ’ল।তাৰ উশাহটো যেন এতিয়া বন্ধ হৈ যাব।পিছে তাক আচৰিত কৰি ৰেণু বাইদেৱে কৈ উঠিল……..
: বৰ ভাল ল’ৰা।এশৰ ভিতৰত এশই পাইছা।
এইবুলি বহীখন বাইদেৱে মুনুৰ হাতত তুলি দিলে।তাৰ ওপৰত ভগ্নাংশৰ আকাৰত ৰঙা চিঞাহীৰে লিখা আছিল এশৰ ভিতৰত এশ….অৰ্থাৎ লবও এশ,হৰও এশ।
মুনুৰ বুকুখন পাতল লাগি গ’ল।মনত সি এক বুজাব নোৱাৰা স্ফূৰ্ত্তি অনুভৱ কৰিলে।দেউতাকে শিকোৱামতে এইটো এটা একক ভগ্নাংশ।সি বহীখন লৈ বিজয়ী ৰজাৰদৰে আহি তাৰ নিজৰ আসনত বহোঁতে তাৰ লগৰবোৰে বহীখন বৰ উৎকণ্ঠাৰে চালে।বহীখনৰ শেষৰ পৃষ্ঠাত এখন কাগজ পিন মাৰি লগোৱা আছে,তাত কিবা লিখা আছে।ল’ৰা-ছোৱালীবোৰে সেইখিনি পঢ়ি বৰ ভালদৰে একো বুজি পোৱা নাই।মুনুৱে অলপ বুজিছে যদিও সম্পূৰ্ণকৈ সিও বুজা নাই।
আজি মুনুৰ দেউতাক আৰু মাকৰ মুখখনলৈ মনত পৰি ভাল লাগি গ’ল।
পিছে বীৰেণ চাৰ!!
বীৰেণ চাৰ আৰু কেতিয়াও নাহে। তাৰমানে সিহঁতক এতিয়াৰপৰা বীৰেণ চাৰে অংক নিশিকায়।কথাখিনি ভাবি আনন্দৰ মাজতো তাৰ চকু দুটা সেমেকি উঠিল।
বগা ধূতী আৰু বগা পাঞ্জাৱী পিন্ধি চাইকেল চলাই অহা সেই মানুহজন!আৰু নাহে!আনদিনা বীৰেণ চাৰ নাহিলেচোন সি ভালেই পায়।আজি তেন্তে কিয় তাৰ মনটো দুখেৰে আৱৰি ধৰিছে?সি একো বুজি নাপালে।কোনো বন্ধুৱে নেদেখাকৈ তাৰ চকুৰ একোণত জমা হোৱা পানীখিনি সি মচি পেলালে।
ছুটীৰ সময়ত মুনুৱে বহীখন বেগত নভৰাই হাততে ৰাখিলে আৰু দেউতাকে চাইকেলখন লৈ তাৰ ওচৰ পাওঁতেই সি সেইখন দেউতাকৰ হাতত দি ক’লে……..
: দেউতা! অংকৰ বহী দিছে। মই এশৰ ভিতৰত এশ পাইছো।
দেউতাকে বৰ আগ্ৰহেৰে হাঁহি মাৰি বহীখনৰ পাতবোৰ লুটিয়াই চাই শেষ পৃষ্ঠাত ৰৈ গ’ল।তেওঁ পিন মাৰি লগাই থোৱা কাগজৰ টুকুৰাটো পঢ়িলে।তাত লিখা আছিল….
: শ্ৰদ্ধাৰ মহোদয়,
নমস্কাৰ গ্ৰহণ কৰিব।আপোনাৰ ল’ৰাৰ গণিত বিষয়ৰ প্ৰতি ধাউতি বাঢ়িছে।মই জুন মাহত অৱসৰ ল’লো।ল’ৰাটোৰ যথোপযুক্ত যত্ন ল’ব।তাৰ ভৱিষ্যত সুন্দৰ হওক।
ইতি—-
বীৰেণ শৰ্মা
দেউতাকে বহীখন মুনুক বেগত ভৰাই ল’বলৈ দিলে আৰু
তাক চাইকেলত উঠাই ল’লে।মুনুৱে দেউতাকক ক’লে…
: দেউতা,অহা দেওবাৰে মোক বীৰেণ চাৰৰ ঘৰলৈ লৈ যাবানেকি?
দেউতাকে উত্তৰ দিলে…….
: বীৰেণ চাৰৰ ওচৰলৈ আমি যাবই লাগিব মুনু।আমাৰ লগত তোমাৰ মাকো লৈ যাম।
কথাটো শুনি মুনুৰ মনটো ভাল লাগি গ’ল।ঘৰৰ ওচৰ পাই মুনুৱে দেখিলে মাকে আঁহত গছজোপাৰ তলত ৰৈ সিহঁতলৈ বাট চাই আছে।সি স্কুলৰপৰা ঘূৰি অহাৰ সময়ত মাকে সদায় তেনেদৰেই অপেক্ষা কৰি থাকে।
*******

9:38 PM
বৰ সুন্দৰ গল্প।