আৱেগ-সদানন্দ ভূঞা
ছোৱালীজনীয়ে বিদ্যালয়ত পঢ়িবলৈ যোৱা দিনৰেপৰাই তাই মাকৰ নামটো উহ্য ৰাখি আহিছে । গাঁওখনৰ বহুতৰে কটুক্তি আৰু উদণ্ড ডেকাচামৰ অশ্লীল ইংগিতত প্ৰায়েই তাই দিশহাৰা হয় ।
দেউতাকৰ ছত্ৰছায়াত ৰশ্মি বৰুৱাই মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে অসমৰ ভিতৰত প্ৰথম হৈ পাছ কৰাৰ পাছত গুৱাহাটীৰ সম্বৰ্দ্ধনা সভালৈ দেউতাককো লগত লৈ যায় ।সম্বৰ্দ্ধনা সভাৰ অসংখ্য জনতাৰ মাজত নাঙলৰ মুঠিত ধৰা দেউতাকৰ শক্তিশালী হাত দুখন কঁপি উঠিছিল আৰু হুকহুকাই কান্দি দিছিল ঠিক সেইদিনটোৰ দৰে,যিদিনাখন তেওঁৰ ৰূপহী পত্নীক গাঁৱৰে চাৰিজন অসৎ চৰিত্ৰৰ লোকে অসহায় অৱস্থাত পথাৰত অকলে পাই হাবিলৈ চোঁচোৰাই নি বলাৎকাৰ কৰি হত্যা কৰিছিল । পাৰ্থক্য মাথো এটাই… সেইদিনাখন কঁপা কঁপা হাতেৰে মৃত পত্নীৰ মূৰটো কোঁচত লৈ হিয়াভঙা দুখৰ আৱেগত কান্দিছিল আৰু আজি জীয়েকৰ সফলতাত সুখৰ আৱেগত জীয়েকে উপহাৰসমূহ দেউতাকৰ হাতত তুলি দিওঁতে কঁপা কঁপা হাতেৰে লৈ হুকহুকাই কান্দিছে।
************
2:42 PM
ভাল লাগিল দাদা