গ্ৰন্থৰ নাম:মোৰো এটা সপোন আছে-কুঞ্জ খাউণ্ড

 

মই পঢ়ি ভালপোৱা গ্ৰন্থবোৰৰ ভিতৰত ডঃ ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে” নামৰ এই সংবেদনশীল গ্ৰন্থখনে  হৃদয়ত এক আলোড়নৰ সৃষ্টি কৰিছিল।সেয়ে গ্ৰন্থ খনৰ এটি থুলমূল আভাষ দিবলৈ চেষ্টা কৰিছোঁ।

প্ৰথমে লেখকৰ পৰিচয়টো দিছোঁ–বৰ্তমান ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ মেডিচিন’ত গবেষণাৰত গৱেষক বিজ্ঞানী তথা ইন’ভেশ‍্যন ফেল’ ডঃ ৰুবুল মাউতে শৈশৱ, যৌৱনত দৰিদ্ৰতা আৰু নানা ঘাত-প্ৰতিঘাতৰ বিৰুদ্ধে অশেষ সংগ্ৰাম কৰি এদিন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাচাছ‍্যূচেটচ বিশ্ববিদ্যালয়ৰপৰা আধুনিক জীৱবিজ্ঞানৰ এক যুগান্তকাৰী আৱিষ্কাৰ  ‘জিন এডিটিং’ৰ বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। মানৱ কোষৰ ত্ৰুটিপূৰ্ণ জিন সম্পাদনাৰ যোগেদি মানৱ জাতিৰ বাবে সহস্ৰাধিক জেনেটিক ৰোগ নিৰ্মূল কৰাৰ সংকল্পৰে গৱেষণাত ব‍্যস্ত হৈ থাকোঁতেই দেউতাকে মৃত্যুক আকোঁৱালি লয় এক দুৰাৰোগ্য জেনেটিক ৰোগত।আমেৰিকাত কৰা বৈজ্ঞানিক উদ্ভাৱন আৰু শয‍্যাগত পিতৃৰ সৈতে সম্পৰ্কিত এক সংবেদনশীল কাহিনী।

এইজন ৰূপকথাৰ নায়ক অসমৰ সকলোৰে বাবে এক চিনাকি নাম।এখন জকাইচুকীয়া গাঁৱৰপৰাই দৰিদ্ৰতাক ভৰিৰে ঠেলা মাৰি নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিলে তাৰে অনুপম বৰ্ণনা কিতাপখনৰ মূল আধাৰ। শৈশৱত পঢ়া টেবুলখনৰ বৰ্ণনাৰে আৰম্ভ কৰিছে এইদৰে, 

“চাৰিটা খুঁটা পুতি বাঁহেৰে সজা টেবুলখন আচলতে আছিল এখন চাং,যিখন আছিল শুবলৈ পাতি লোৱা আন এখন বহল চাঙৰ কাষতেই। জন্মৰ ঠাইখন আছিল অসম অৰুণাচল সীমান্তৰ টঙনা ন-গাঁও নামৰ গাঁওখন।”

লেখকৰ সংগ্ৰাম আৰম্ভ হয় হায়াৰ চেকেণ্ডেৰী পঢ়িবলৈ তিনিচুকীয়ালৈ যোৱাৰ পৰা আৰু শেষ হয় TIRF ত বিজ্ঞানী হিচাপে যোগদান কৰালৈকে। তাতেই কৰ্মৰত অৱস্থাত থাকোঁতেই প্ৰশিক্ষণৰ বাবে আমেৰিকালৈ যোৱাৰ সুযোগ পায় আৰু পাচলৈ পি এইচ ডি ৰ বাবেও সুযোগ পায়। কিতাপখন যদিও স্মৃতি কথা তথাপি পঢ়িলে  এখন মনোৰম উপন্যাস যেনহে লাগে। ইয়াত আছে দৰিদ্ৰতাৰ বিৰুদ্ধে জীৱন সংগ্ৰামৰ বিৱৰণ লগতে জয়ী হোৱাৰ অমোঘ কৌশল। এই কৌশল কেতিয়াও হাৰ নমনা, মনোযোগ আৰু আশাশুধীয়া নিৰলস  প্ৰচেষ্টা।  লেখকে প্ৰতিটো কথাই বৰ প্ৰাঞ্জল আৰু স্পষ্ট ভাষাত কৈ গৈছে।বহুত আত্মজীৱনী পঢ়িছোঁ যদিও এইখন যেন কিছু ব‍্যতিক্ৰম। যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী দৰিদ্ৰতাৰ বাবে পঢ়াৰ সুযোগ ল’ব নোৱাৰি হতাশাত ভোগে সেইসকলৰ বাবে যেন কিতাপখন সঞ্জীৱনী।কিতাপখনে নৱ প্ৰজন্মক  মনোবল দিয়াৰ লগতে প্ৰেৰণা আৰু অনুপ্ৰেৰণা যোগাব পাৰিব বুলি মোৰ দৃঢ়বিশ্বাস । তেখেতে এঠাইত লিখিছে—

”মানুহে জীৱনত অৰ্জন কৰা কীৰ্তি,খ‍্যাতি মাথো জীৱনৰ কেইটিমান বিশেষ মুহূৰ্তৰ সমাহাৰ।এনে কেইটিমান মুহূৰ্তৰ বাবেই চাগৈ ময়ো আজি এই ঠাইত উপস্থিত হৈছোঁহি। মই উভতি চালে দেখিবলৈ পাওঁ যে টি আই এফ আৰত চাকৰি পোৱাৰ মুহূৰ্তটো আছিল এনে এক মুহূৰ্ত, যিয়ে জীৱনটো সলনি কৰি থৈ গৈছিল।কৃচ্ছ্ৰ সাধনা আৰু ভাগ‍্যই মানুহক বহু ওপৰলৈ লৈ যাব পাৰে। কষ্টেৰে ভাগ‍্য নিৰ্মাণ কৰিব পাৰি।”

মেট্ৰিক পৰীক্ষা দিয়াৰ সময়ত তেখেতৰ ভাৱ আছিল ঘৰৰ কণ্টকময় পৰিবেশৰ পৰা পৰিত্ৰাণ বিচাৰি কৰা এটা পথৰ সন্ধান।পৰীক্ষাত কৃতকাৰ্য্য নহ’লে আজীৱন দেউতাকৰ দৰে খেতিৰ মাটি কেইডৰাৰ মোহতে বন্দী হৈ সীমাহীন যন্ত্ৰণাত কটাব লাগিব। সেই কণ্টকময় বাটৰপৰা পৰিত্ৰাণ বিচাৰি কৰা যাত্ৰাই আজি  সহস্ৰজনৰ বাবে যন্ত্ৰণাৰপৰা হোৱা কষ্টৰ পৰিত্ৰাণ দিবলৈ সক্ষম হৈছে।জীৱনটোক ‘ট্ৰেজাৰ হাণ্ট’ খেলবিধৰ লগত তুলনা কৰিছে লেখকে।বিচাৰি উলিয়াব পাৰিব লাগিব নিজৰ ভিতৰত থকা মূল্যবান সম্পদক। এটা সময়ত পথাৰৰ বন্দী পানীক পাৰ ভাঙি নদীলৈ বোৱাঁই নিয়াৰ সপোন দেখা  ডঃ ৰুবুল মাউতে এতিয়া নদীখনকে সাগৰলৈ বোৱাঁই নিলে।পঢ়াৰ খৰচৰ বাবদ ঘৰৰ গৰু-ছাগলী বিক্ৰী কৰিও পইচাৰ জোৰা নমৰাত ককায়েকৰ লগত নকৰিবলগীয়া কামো কৰিছিল। ঘৰখনত মাক দেউতাক, ককায়েক, বায়েক আৰু দুজন ভায়েক আছিল। দৰিদ্ৰ পৰিয়াল হ’লেও  মিলা প্ৰীতিৰে বৰ সুখেৰে আছিল। কিতাপখনৰ প্ৰতিটো পৃষ্ঠাই সপোন দেখিবলৈ শিকায়,কিন্তু টোপনিত নহয় দিঠকত।১৫৭ পৃষ্ঠাৰ কিতাপখন পঢ়িলে শেষ নোহোৱাকৈ এৰিবলৈ মন নাযায়।নপঢ়া সকলে এবাৰ পঢ়িব বুলি আশা ৰাখিলোঁ।

 

**********

2 Comments

  • ভাল লাগিল।পঢ়িব লাগিব কিতাপ খন।

    Reply
  • Upasha Bhagawati

    সৰল ভাষাৰে কিতাপখনৰ সুন্দৰ বিশ্লেষণ আগবঢ়ালে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *