বিয়াৰিং চিঠি,লেখক–হুমায়ুন আহমেদ:ভাৱানুবাদ-অঞ্জু মহন্ত

জমীৰ চাহাবে অফিচৰপৰা আহি পোৱাৰ পিছতেই তেওঁৰ ডাঙৰ ছোৱালী মিতুৱে ক’লে,

“বাবা আজি তোমালৈ এখন চিঠি আহিছে।” 

কথাষাৰ কৈ উঠি তাই মুখৰ হাঁহি লুকুৱাবলৈ অন্যফালে চালে।মিতুৰ বয়স একৈশ। এই বয়সৰ ছোৱালীবোৰৰ

মুখত অকাৰণতে হাঁহি থাকে। হাঁহি-তামাচা জমীৰ চাহাবৰ একেবাৰেই পছন্দ নহয়। বিশেষকৈ মাক-দেউতাকক লৈ হাঁহি-তামাচা। আজিকালি বহুতো পৰিয়ালত তেওঁ এই কথাবোৰ দেখা পায়।

মাক-বাপেকৰ লগত বহি আড্ডা দিয়ে,খিলখিলকৈ হাঁহে। এইবোৰ কি?

তেওঁ এবাৰ এজন বন্ধুৰ ঘৰলৈ গৈছিল। সেই বন্ধুজনৰ ছোৱালীজনীয়ে বাপেকৰ  লগত বহুত হাঁহি-তামাচা কৰিবলৈ ধৰিলে। এটা সময়ত কৈয়েই পেলালে,

“বাবা দিনেদিনে তুমি ধুনীয়া হৈ গৈ আছা। ৰাস্তালৈ ওলাই গ’লে কিজানি ছোৱালীবোৰে তোমালৈ চাবই।” 

জমীৰ চাহাব  স্তম্ভিত হৈ গ’ল। তেওঁৰ নিজৰ ছোৱালী হ’লে চৰ মাৰি মজিয়াত পেলাই দিলেহেঁতেন। আনৰ ছোৱালী বাবে একো নক’লে। অৱশ্যে সেই বন্ধুজনৰ

ঘৰলৈ যাবলৈ তেওঁ বাদ দিলে।

     মিতুৱে বাবাকলৈ চিঠিখন আগুৱাই দি ক’লে,

“বিয়াৰিং চিঠি বাবা। দুটকা দি চিঠিখন ৰাখিব লগা হৈছে। কৈয়েই আকৌ ফিক্ কৈ হাঁহি উঠিল।

জমীৰ চাহাবে কঠোৰ কণ্ঠেৰে ক’লে,

“হাঁহিছ কিয়? বিয়াৰিং চিঠি আহিছে, ইয়াত হাঁহিবলগীয়া কি হৈছে? এনেকুৱা ফাজলামি শিকিছ ক’ত?”

মিতুৱে মুখ ক’লা কৰি গুচি গ’ল। বাবাকক সঁচাকৈয়ে তাই অসম্ভৱ ভয় কৰে। জমীৰ চাহাবে লক্ষ্য কৰিলে খামটোৰ মুখখন খোলা। ইহঁতে চিঠিখন পঢ়িছে।  ইমান স্পৰ্ধা সহ্য কৰা টান। এজনৰ চিঠি আনে পঢ়িব কিয়? খামৰ ওপৰত তেওঁৰ নাম দেখাৰ পিছতো ইহঁতে কি সাহসত চিঠি খুলিলে? খঙত জমীৰ চাহাবৰ শৰীৰ কঁপিবলৈ ধৰিলে। এই অৱস্থাত তেওঁ চিঠিখন পঢ়িলে। এবাৰ,

দু’বাৰ, তিনিবাৰ। তেওঁৰ মূৰটো ঘূৰাবলৈ ধৰিলে। সুস্মিতা নামৰ এজনী ছোৱালীৰ চিঠি। তেওঁলৈ লিখিছে। সম্বোধন কৰিছে প্ৰিয়তমেষু। তাৰমানে কি? সুস্মিতা কোন? সুস্মিতা নামৰ কোনোবা ছোৱালীক চিনি পাই বুলি তেওঁ মনত পেলাব নোৱাৰিলে। কলেজত পঢ়া সময়ত কমলা নামৰ এজনী ছোৱালীৰ প্ৰতি বৰ দুৰ্বলতা অনুভৱ কৰিছিল। ছোৱালীজনীৰ বিয়া হৈ যোৱাৰ পাছত সেই দুৰ্বলতা নোহোৱা হৈছিল। তাৰ বাহিৰে আন কোনো ছোৱালীক তেওঁ চিনি নাপায়। জমীৰ চাহাবে কপালৰ ঘাম মচি চতুৰ্থবাৰৰ বাবে চিঠিখন পঢ়িলে।

প্ৰিয়তমেষু,

                   তুমি ভালে আছানে? তোমাৰ কথা বৰ মনত পৰে। তোমাৰ গা ইমান বেয়া হৈছে কিয়? শৰীৰৰ যত্ন ভালকৈ ল’বা। মই দেখিছোঁ তুমি বাছেৰে অহা-যোৱা কৰা। তোমাক অনুৰোধ কৰিছোঁ এক সপ্তাহ মান বাছত নুঠিবা। কালি তোমাক সপোনত দেখিলোঁ। বৰ বেয়া সপোন দেখিলোঁ। বেয়া সপোনটো হৈছে তুমি বাছত উঠিবলৈ যাওঁতে ভৰি পিছলি পৰি ভৰিখন ভাঙি গৈছে।সপোনক গুৰুত্ব দিয়াৰ কিবা মানে আছে বুলি নাভাবো। তথাপিও অনুৰোধ

কৰিছোঁ,এক সপ্তাহ বাছত নুঠিবা।

                                                 বিনীতা

                                                 তোমাৰ

                                                 সুস্মিতা

 জমীৰ চাহাবে  পঞ্চমবাৰৰ বাবে চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলে। মোটা নিবৰ কলমেৰে  গোট গোট আখৰেৰে লিখা চিঠি। তাৰিখ, ঠিকনা একো নাই।

হালধীয়া ৰঙৰ কাগজ। কাগজখনৰপৰা ন্যাপথেলিনৰ পাতল গোন্ধ ওলাইছে।

 “বাবা তোমাৰ চাহ।”

মিতুৱে চাহৰ কাপ আনি বাবাকৰ সন্মুখত থ’লে।তাইৰ মুখখন থমথমীয়া হৈ আছে। বাবাকৰ ধমকিৰ কথা তাই এতিয়াও পাহৰিব পৰা নাই। জমীৰ চাহাবে

ছোৱালী জনীৰ ফালে চাই অস্বস্তিৰে ক’লে,

“কোনে যে লিখিছে একোৱেই বুজিব পৰা নাই। সুস্মিতা নামৰ কাকো চিনি নাপাওঁ।”

মিতুই ক’লে,

“চেণি হৈছে নে চোৱাচোন।”

 জমীৰ চাহাবে চাহৰ চেনিৰ বিষয়ে কোনো আগ্ৰহ নেদেখুৱালে। শুকান কণ্ঠেৰে ক’লে,

“তোৰ মাৰে এই চিঠিখন পঢ়িছে নে?”

 “ও।”

 “কিবা কৈছে?”

 “নাই।”

“বুজিছ মিতু—-সুস্মিতা নামৰ কাকোৱেই চিনি নাপাওঁ। আৰু ধৰ যদি চিনিও পালোঁ হেঁতেন তেনেহ’লেও জানো এনেকুৱা এখন চিঠি কোনোবাই লিখিব পাৰে? ছি:ছি:। লাজত মোৰ মূৰ কটা গৈছে।”

মিতুৱে ইতস্ততঃ কৰি ক’লে,

“মোৰ কি ভাব হয় জানানে বাবা? মোৰ ভাব হয়, এই ঘৰটোত জমীৰ চাহাব নামৰ আগতে কোনোবা আছিল। চিঠিখন

তেওঁলৈ লিখা।”

জমীৰ চাহাবৰ চকু-মুখ উজ্বল হৈ উঠিল। এই সহজ সমাধানটি তেওঁৰ মূৰলৈ কিয় অহা নাছিল বুজিব নোৱাৰিলে। মিতু ছোৱালীজনীৰ মূৰটোতো বেচ ভাল। তাইক চাইন্সত  দিয়া উচিত আছিল।

গাধৰদৰে তেওঁ ছোৱালীজনীক আৰ্টছ পঢ়ালে।

তেওঁ চাহৰ কাপত চুমুক দি ক’লে,

“চাহকাপ বৰ সুন্দৰ হৈছে। বৰ সুন্দৰ। তোৰ মা ক’ত?”

“মামাককাৰ ঘৰলৈ গৈছে।”

“মামাককাৰ ঘৰলৈ গৈছে” এই বাক্যটো জমীৰ চাহাবৰ একেবাৰে অপছন্দৰ বাক্য। চাহানাৰ মাকৰ ঘৰ মীৰপুৰ ছ’ নাম্বাৰ। সেই ঘৰখনকৈ গলেই চাহানাই ৰাতিটো থাকি যায়। আজিও থাকি যাব।

অৱশ্যে আজি জমীৰ চাহাবে অন্যদিনৰ দৰে  সিমান বেয়া নাপালে। চাহানা থকা হ’লে নিশ্চয় চিঠিখনৰ বিষয়ে গম্ভীৰ কণ্ঠেৰে মন্তব্য দিলেহেঁতেন। চাহানাৰ কথা শুনিবলৈ এনেয়েও তেওঁৰ অসহ্য লাগে। খং ভাবেৰে কোৱা কথাতো আৰু অসহ্য লাগিব।

“মিতু।”

“কি বাবা?”

“তোৰ মা  আজি বোধহয় তাতেই থাকিব।”

“ও থাকিব চাগৈ।”

“তোৰ মায়ে চিঠিখন পঢ়ি একো কোৱা নাই?”

 “নাই।”

“তোৰ  মাৰৰ খং উঠা যেন লাগিছে নেকি?

 “নাই।”

ছোৱালীজনীৰ প্ৰতি কৃতজ্ঞতাত জমীৰ চাহাবৰ মন ভৰি গ’ল। ছোৱালীজনীক চাইন্স পঢ়ুওৱা উচিত আছিল। চাইন্স নপঢ়ুৱাই ভুল কৰিছে। আৰ্টছ পঢ়িব গাধা টাইপৰ ছোৱালীবোৰে। তেওঁৰ

ছোৱালীজনী গাধা টাইপৰ নহয়। বুদ্ধি আছে। বাপেকৰ প্ৰতি ফিলিংচ আছে।

পিছদিনা যথাৰীতি  জমীৰ চাহাব অফিচলৈ গ’ল।এবাৰ ভাব হ’ল বাছত নগৈ এখন ৰিক্সা ল’ব নেকি।  পিছ  মুহূৰ্ততে এই চিন্তা মনৰপৰা জোকাৰি পেলালে। ফাল্টু এখন চিঠিৰ বিষয়ে ভবাৰ কোনো

অৰ্থ নাই। এইবোৰক প্ৰশ্ৰয় দিয়াটো  উচিত নহয়।বাছ স্টেণ্ডত আনসকল অফিচ যাত্ৰীৰ দৰে তেওঁও এটা টিফিন বক্স আৰু ছাতি  হাতত লৈ বাছৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে আৰু সদায়েই হোৱাৰ দৰে প্ৰচণ্ড ঠেলাঠেলি কৰি  বাছত উঠিলে। বাছখন চলিবলৈ ধৰিলে। সেই মুহূৰ্ততে কিবা এটা হ’ল তেওঁৰ। ভাব হ’ল ছিটিকি বাছৰপৰা পৰি গৈছে। 

তেওঁ একেলগে বহুত মানুহৰ চিঞৰ শুনিলে,

” ৰোৱা ৰোৱা——এই ৰোৱা—-“

জমীৰ চাহাবে ৰাস্তাত পৰি জ্ঞান হেৰুৱালে। জ্ঞান আহিল হস্পিটেলত। তেওঁৰ বাওঁভৰি আঁঠুৰ তলত ভাঙিছে। এঠাইত নহয়, দুঠাইত। মিতু আৰু চাহানা

মূৰৰ কাষত বহি আছে। দুয়ো কান্দি-কাটি  অস্থিৰ হৈছে। হস্পিটেলৰ  ডাক্তৰ চাহাবে বিৰক্ত কণ্ঠেৰে ক’লে,

“কন্দাকটা কৰিছে কিয়? কৈছোঁ দেখোন সিমান ছিৰিয়াছ নহয়। পোন্ধৰ দিন পিছত সুস্থ হৈ ঘৰলৈ যাব পাৰিব। দুঠাইত  ফ্ৰেকচাৰ হৈছে অৱশ্যে ছিৰিয়াছ নহয়।

ডাক্তৰৰ কথামতেই  পোন্ধৰ দিনৰ পিছত জমীৰ চাহাব ঘৰলৈ উভতি আহিল। অৱশ্যে সম্পূৰ্ণ সুস্থ হৈ নহয়। বাওঁ ভৰিখন অচল হৈ গ’ল। ইয়াত হেনো একো চিকিৎসা সম্ভৱ নহয়। বিদেশত কিবা হ’ব পাৰে। চাকৰি শেষ হোৱাৰ আগতেই জমীৰ চাহাবে অৱসৰ ল’লে। তেওঁ অথবা তেওঁৰ পৰিয়ালৰ কোনোৱেও সেই হালধীয়া চিঠিখনৰ কথা এবাৰো

নুলিয়ালে। যেন সেই চিঠিখন এখন অভিশপ্ত চিঠি।তাৰ কথা উলিওৱা উচিত নহয়। চিঠিখন জমীৰ চাহাবৰ শোৱা কোঠাৰ টেবুলৰ তিনি নম্বৰ ড্ৰয়াৰত

পৰি ৰ’ল। মাজে মাজে জমীৰ চাহাবে চিঠিখন উলিয়াই লৈ পঢ়ে আৰু তেওঁৰ অচল ভৰিখনৰফালে চাই থাকে। সেই ৰাতি তেওঁ উজাগৰে কটাবলগীয়া হয়। কেনেকুৱা ভয় ভয় লাগি থাকে।

নতুন বছৰৰ আৰম্ভণিতেই আগৰ ঘৰটো এৰি উত্তৰ ছাহজাহানৰপুৰৰ এটা সস্তীয়া ফ্লেটলৈ তেওঁলোক গুচি গ’ল। উপাৰ্জন কমিছে এতিয়া। টকা-পইচা সাৱধানে খৰচ কৰিবলগীয়া হৈছে। নতুন ফ্লেটটোত শোৱা কোঠা মাথোন দুটা। এটাত জমীৰ

চাহাবে চাহানাৰ লগত থাকে। আনটোত মিতু আৰু তাইৰ সৰু ভণীয়েক ইৰা থাকে। জমীৰ চাহাবৰ ডাঙৰ ল’ৰা থাকে বহা কোঠাত। বহা কোঠাত এখন বিছনা ৰাখিছে। এই ঘৰখনত তিনিমাহ কটোৱাৰ পিছত আৰু এখন বিয়াৰিং চিঠি আহিল। আগৰদৰেই গোট গোট আখৰেৰে লিখা। মোটা কলমৰ নিবেৰে নাৰীসুলভ  আখৰেৰে সুস্মিতাই লিখিছে

প্ৰিয়তমেষু,

       

           তুমি কেনে আছা? ইমান দুঃশ্চিন্তা কৰিছা কিয়? তোমাক চিন্তাত থকা দেখিলে মোৰ ভাল নালাগে। সংসাৰত দুখ-কষ্ট সমস্যা থাকেই। সেয়া ভাবি বিচলিত হ’লে হ’ব জানো? মনত সাহস ৰাখা।

আচ্ছা এটা কথা—-তোমাৰ ডাঙৰ ল’ৰাজনক কিছুদিন ঢাকা চহৰৰ বাহিৰত ৰাখিব পাৰিবানে? মোৰ কিয় জানো ভাব হৈছে—-সি কিবা বিপদত পৰিব। তোমালোকৰ গাঁৱৰ ঘৰলৈ তাক কিছুদিনৰ‌ বাবে পঠিয়াই দিয়া। সি হয়তো যাবলৈ নিবিচাৰিব। বুজাই -বঢ়াই সন্মত কৰিবা।

                                     বিনীতা

                            তোমাৰ সুস্মিতা 

     এইবাৰ আৰু সুস্মিতাৰ চিঠি লৈ কোনেও নেহাঁহিলে। চিঠি পঢ়াৰ সময়ত চাহানাৰ হাত থৰথৰকৈ কঁপিবলৈ  ধৰিলে। জমীৰ চাহাব অস্বাভাৱিক ধৰণে গম্ভীৰ হৈ গ’ল। ডাঙৰ ল’ৰা সুমনক গাঁৱৰ ঘৰলৈ পঠোৱাৰ প্ৰশ্নই নুঠে। কাৰণ তাৰ বি.এ ফাইনেলৰ পৰীক্ষা আৰম্ভ হৈছে। দুখন পেপাৰ শেষ হৈছে। তথাপিও চাহানাই ক’লে,

“থাকক পৰীক্ষা দিব নালাগে। তাক পঠিয়াই দিয়া।”

জমীৰ চাহাবে ক’লে,

“দৰকাৰ হ’ব পাৰে বুলি ভবা নাই। চিঠি পোৱাৰ পিছতোতো পোন্ধৰ দিন পাৰ হৈ গ’ল।”

“হওক পোন্ধৰ দিন, পঠায়াই দিয়া। মোৰ ভাল লগা নাই।”

“কৈ চোৱাচোন। যদি যাবলৈ সন্মত হয় তেনেহলে যাওঁক।”

সুমনে যাবলৈ সন্মত হ’ল। অকল যে সন্মত হ’ল সেয়াও নহয়, তৎক্ষণাৎ যাবলৈ সন্মত হ’ল। টকা দিলে আজি ৰাতিৰ ট্ৰেইনতেই যাব এনেকুৱা এটা অৱস্থা। ঠিক হ’ল সি সোমবাৰে ৰাতিপুৱাৰ ট্ৰেইনখনতে যাব। জমীৰ চাহাবো লগত যাব। পৈতৃক

ঘৰ-দুৱাৰো ঠিকঠাক কৰিব, মাটি-বাৰীৰ বিচাৰ খোচাৰ কৰিব। সম্ভৱ হ’লে অলপ মাটি বিক্ৰী কৰি আহিব। টকা-পইচাৰ বৰ অসুবিধা হৈছে।

      তেওঁলোক সোমবাৰে যোৱাৰ কথা। তাৰ আগদিনা অৰ্থাৎ, ৰবিবাৰে পুৱতি নিশা পুলিচ আহি জমীৰ চাহাবৰ ঘৰ ঘেৰাও কৰি সুমনক ধৰি লৈ গ’ল। হতভম্ব জমীৰ চাহাবক পুলিচ চাব-ইন্সপেক্টৰে

আঁতৰলৈ মাতি নি ক’লে—

“আপোনাৰ ল’ৰাৰ বিৰুদ্ধে মাৰ্ডাৰ চাৰ্জ আছে। সাতদিন আগতে চাৰিজনে মিলি হত্যাকাণ্ডটো কৰিছে। কোল্ড ব্লাডেড

মাৰ্ডাৰ। আপোনাৰ ল’ৰা এই চাৰিজনৰ এজন। আপুনি বুজাই-বঢ়াই ল’ৰাক ৰাজসাক্ষী হবলৈ সন্মত কৰাওক। ইয়াত আপোনাৰো লাভ। আমাৰো লাভ।

নহ’লে কিন্তু ফাঁচী হ’ব পাৰে। পলিটিকেল প্ৰেচাৰো আছে।

        সুমন ৰাজসাক্ষী হবলৈ সন্মত নহ’ল। দীৰ্ঘদিন কেছ চলিল। ৰায়দান হ’বলৈ দুবছৰ লাগিল। তিনিজনৰ  সাত বছৰকৈ সশ্ৰম কাৰাদণ্ড, এজনৰ ফাঁচী। সেইজন সুমন। আন তিনিজনে ল’ৰাজনক ধৰি আছিল । হত্যা কৰিছে সুমনে। ধাৰাল ক্ষুৰেৰে শিৰ কাটি দিছে।

        পাঁচ বছৰ পাৰ হৈ গ’ল। পৰৱৰ্তী বিয়াৰিং চিঠিখন আহিল পাঁচ বছৰ পিছত। এই পাঁচ বছৰত জমীৰ চাহাবৰ সংসাৰখন বহুতো সলনি হৈ গৈছে।

দুয়োজনী ছোৱালীৰ বিয়া হৈ গৈছে। মিতুৰ বিয়া হৈছে কৃষি বিভাগৰ এজন

মেনেজাৰৰ লগত। তাই গিৰিয়েকৰ লগত গোপালপুৰত থাকে। সৰুজনী ছোৱালী ইৰাৰ বিয়া হৈছে ঔষধ কোম্পানীৰ এজন

কেমিস্টৰ লগত। সিহঁত  ঢাকা চহৰতেই থাকে। প্ৰায়েই মাক-দেউতাকক চাবলৈ আহে। ডাঙৰ জনী ছোৱালীৰ  ল’ৰা-ছোৱালী হোৱা নাই। সৰুজনী ছোৱালীৰ ল’ৰা এটা। তাৰ নাম ফাৰহাদ। এই ল’ৰাটো জমীৰ চাহাবৰ বৰ ভক্ত। তেওঁৰ ওচৰলৈ আহিলেই কোলাত উঠি বহি থাকে। কোলাৰ পৰা ননমা হয়।

         পাঁচ বছৰৰ পিছত এদিন পিয়ন আহি ক’লে,

“চাৰ, আপোনাৰ এখন বিয়াৰিং চিঠি আহিছে, ৰাখিবনে?” 

জমীৰ চাহাবে শূণ্য দৃষ্টিৰে চাই থাকিল।

সেইদিনা ইৰা ফুৰিবলৈ আহিছে। জমীৰ চাহাবৰ কোলাত ফাৰহাদ। তেওঁ ফাৰহাদক কোলাৰপৰা নমাই চিঠিখন হাতত ল’লে। হাতৰ আখৰ চিনিবলৈ

তেওঁৰ অসুবিধা নহ’ল। সেই গোট গোট আখৰেৰে লিখা। সেই ন্যাপথেলিনৰ গোন্ধ।

পিয়নে ক’লে,

“চাৰি টকা লাগিব।”

    জমীৰ চাহাবে এবাৰ ভাবিলে, চিঠিখন নাৰাখে। তেওঁ সেয়া ক’ব নোৱাৰিলে। যন্ত্ৰৰ দৰে জেপত হাত সুমুৱাই টকা উলিয়ালে। চিঠিখন পাঞ্জাবীৰ জেপত থৈ দিলে। কাকো একো নক’লে। তেওঁৰ বমি বমি ভাব হ’ল। মূৰটো ঘূৰাবলৈ ধৰিলে।

       ৰাতি তেওঁ একোৱেই নাখালে। ইৰাহঁত অহা উপলক্ষে  ভালকৈ ৰন্ধাবঢ়া হৈছিল। তেওঁ একোৱেই মুখত নিদিলে।

ইৰাই ক’লে,

“বাবা তোমাৰ কি হৈছে?”

তেওঁ ক্ষীণ কণ্ঠেৰে ক’লে,

“একো হোৱা নাই। গাটো  ভাল লগা নাই।”

“সদায়েই তুমি কোৱা গা ভাল নহয়,অথচ এজন ভাল ডাক্তৰক  নেদেখুওৱা। এজন ভাল ডাক্তৰক দেখুৱাই লোৱাচোন আৰু মাকো এজন ভাল ডাক্তৰক দেখুওৱা।”

 “চাওঁচোন।”

“চাওঁচোন নহয় বাবা। দেখুৱাই লোৱা।”

    জী-জোঁৱাই ৰাতি ন মান বজাত গ’ল। ফাৰহাদ নগ’ল। সি ককাকৰ লগত থাকিব। গোটেই ৰাতি জমীৰ চাহাবৰ টোপনি নাহিল। পিছদিনা তীৰকঁপে 

জ্বৰ উঠি আহিল তেওঁৰ। জ্বৰৰ মূল কাৰণ কাকো ক’ব নোৱাৰিলে। বেলা যিমানেই বাঢ়িবলৈ ধৰিলে জ্বৰ সিমানেই বাঢ়িবলৈ ধৰিলে। দুপৰীয়াৰ পিছত ঘাম ওলাবলৈ  ধৰিলে। ইৰাই হতভম্ব হৈ ক’লে,

“বাবা বলা, তোমাক হস্পিটেলত ভৰ্তি কৰি দিওঁ। মোৰ একেবাৰে ভাল লগা নাই। তুমি এনেকৈ ঘামিছা কিয়? হাৰ্টৰ কিবা সমস্যা হোৱা নাইতো?”

জমীৰ চাহাবে ক্ষীণ কণ্ঠেৰে ক’লে,

“চিঠি পাইছোঁ।”

“চিঠি পাইছা মানে? কাৰ চিঠি?”

“বিয়াৰিং চিঠি।”

     ইৰাই কিছুসময়ৰ মনে মনে থাকি ক’লে,

“কি লিখা আছে এইবাৰৰ চিঠিখনত?”

“চিঠি পঢ়া নাই।”

“পঢ়ি চোৱা। নপঢ়াকৈয়েই এনেকুৱা কৰিছা কিয়? হয়তো এইবাৰ কিবা ভাল খবৰ আছে।”

জমীৰ চাহাবে কম্পিত কণ্ঠেৰে ক’লে,

“ভয় লাগিছে অ’  ইৰা।”

“ভয়  কৰিবলগীয়া একো নাই। দিয়া, মোক দিয়া—মই পঢ়ো।”

ইৰাই চিঠিখন খুলি  অত্যন্ত গম্ভীৰ হৈ গ’ল। আন সকলোকো সেই চিঠিখন দেখুৱালে। যিসকলে দেখিলে প্ৰত্যেকেই গম্ভীৰ হৈ গ’ল। কাৰণ, চিঠিখনত একো লিখা নাই। বগা এখিলা কাগজ। শেষত নাম চহী কৰা—-বিনীতা, তোমাৰ সুস্মিতা।

 এই বগা নিলিখা অংশৰে কি ক’বলৈ বিচাৰিছে সুস্মিতাই? কোন তাই? কিয় তাই চিঠি লিখে, আকৌ আজি কিয় একো নিলিখিলে?

************

Leave a Reply

Your email address will not be published. Required fields are marked *