পৰিবৰ্তন-মামণি কলিতা

সৰুৰেপৰা গাৰ বৰণটোৰ বাবে পৰিয়ালৰ সকলোৱে অৱজ্ঞা কৰিছিল চুমীক। আইতাকে মাকক সদায় কয়

“এইজনীক এসোপা পাউদাৰ লগালেও কোনেও পছন্দ নকৰে বুজিছ; ক’ৰনো সঁচ আহিল আমাৰ ঘৰলৈ!”

তাইৰ আজলী মাকে একো নকৈ খালী তাইক সাবটি চকুলো টুকিছিল। লাহে লাহে বুজিবপৰা বয়সত চুমীয়ে দেখিছিল যে আইতাকে খুৰাকৰ ল’ৰা-ছোৱালী দুটাক তাইক দেখুৱাই বেছিকৈ মৰম চেনেহ কৰিছিল।খাবৰ সময়ত সিহঁতৰ সকলো আবদাৰ মানিছিল মাক খুৰীয়েকে; কিন্তু সামান্য অজুহাততে চুমীক আইতাকে মাকৰ গোষ্ঠী উদ্ধাৰি গালি পাৰিছিল। মাকে তাইক সদায় সাহস দিছিল আৰু কৈছিল….

“মাজনী তুমি খুব ভালদৰে পঢ়া-শুনা কৰা,যাতে আগলৈ নিজৰ ভৰিত থিয় হ’ব পাৰা। তেতিয়া তোমাক কোনেও একো ক’ব নোৱাৰিব। নিজৰ গুণেৰে নিজৰ ভৱিষ্যত গঢ়িবলৈ চেষ্টা কৰা।”

সেয়ে তাই খুৰাকৰ ল’ৰা-ছোৱালী দুটাৰ নিচিনাকৈ বা চুবুৰীৰ আন কোনো ল’ৰা ছোৱালীৰ দৰে ঘূৰা ফুৰা কৰি অবাবত সময় নষ্ট নকৰি সেই সময়খিনিত বাতৰি কাকত বা আন আলোচনী পঢ়িছিল। মাজে মাজে মাকক ঘৰুৱা কাম-কাজত সহায় কৰি দিছিল। ঘৰৰ কাম কৰা দেখিলে আ‌ইতাকে সুখী হৈ কৈছিল…

“ভালদৰে কাম-কাজবোৰ শিকি ল। আগলৈ এনেকৈয়ে খাব লাগিব।পঢ়াই শুনাই মাৰে তোক ফলাব।মিছাই মোৰ ল’ৰাটোৰ টকা পানীত পেলাইছে।”

 আইতাকৰ কথাবোৰে তাইৰ কুমলীয়া মনটো অত্যন্ত দুখী কৰিছিল যদিও সহনশীলা মাকৰদৰেই তাইৰ স্বভাৱৰ বাবে একো উত্তৰ নিদি মৌন হৈ ৰৈছিল। দেউতাকে ঘৰুৱা এই কথাবোৰত একেবাৰে চকু কাণ দিয়া নাছিল। কেতিয়াও পত্নীৰ মুখত ঘৰুৱা অভাৱ অভিযোগ নুশুনি সকলো ঠিকেই আছে বুলি ভাবিছিল। মাকৰ বৰ্তমানত এইবোৰ কথাত পুৰুষৰ মূৰ ঘূৰোৱাৰ কোনো কাৰণ দেখা নাছিল দুই ভাই-ককায়েকে। ইফালে ঘৰৰ বাহিৰত বাদেই,ঘৰৰ মানুহৰ হাততে নিতৌ কণমানি ছোৱালীজনীৰ মনটো অৱহেলাত মৰিছিল। লাহে লাহে তাই ডাঙৰ হৈ আহিল। পঢ়া-শুনাটো সদায় তাই নিজৰ চেষ্টা আৰু যত্নৰ ফলত শীৰ্ষ স্থান পাইছিল। লাহে লাহে বাঢ়ি অহা বয়স আৰু বৃদ্ধাৱস্থাৰ বাবে আইতাকৰ টান কথাবোৰ কমিছিল। তথাপিও কিছু লোকে তেতিয়াও বিয়া-সবাহত তাইৰ ওপৰতে চৰ্চা কৰি বেছিভাগ সময় পাৰ কৰিছিল। আজি নিজৰ যোগ্যতাৰে স্থানীয় হায়াৰ চেকেণ্ডেৰী স্কুলৰ টেট শিক্ষয়িত্ৰীৰূপে নিযুক্তি লাভ কৰাৰ লগে লগে সকলোৰে চকুত তাই এজনী আদৰ্শ সন্তান হৈ পৰিল।

************

Leave a Reply

Your email address will not be published. Required fields are marked *