অসমীয়া ভাষাৰ প্ৰথম সংবাদপত্ৰ অৰুণোদয়ৰ পাতত অসমীয়া ছাত্ৰ আমেৰিকালৈ যোৱাৰ খবৰ-সুভাষ শৰ্মা
অসমীয়া ভাষাৰ এটি দুৰ্যোগপূৰ্ণ সময়ত আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে ১৮৪৬ চনত অসমীয়া ভাষাত “অৰুনোদই” সংবাদপত্ৰখন প্ৰকাশ কৰি উলিয়ায়। মিছনেৰীসকলে মূলতঃ খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ বাবেই যদিও এই সংবাদপত্ৰখন প্ৰকাশ কৰি উলিয়াইছিল তথাপি ‘অৰুনোদই’য়ে সেই সময়ৰ ৰাজ্যখনৰ লগতে দেশ বিদেশৰ বা-বাতৰি প্ৰকাশ কৰি অসমীয়া পঢ়ুৱৈ সমাজক জ্ঞানৰ পৰিধি প্ৰসাৰিত কৰাত সহায় কৰিছিল।
১৮৪৬ চনৰপৰা ১৮৮০ চনলৈ প্ৰায় ৩৪ বছৰীয়া ‘অৰুনোদই’ৰ জীৱন কালত ধৰ্ম প্ৰচাৰৰ উপৰিও সমসাময়িক ঘটনা প্ৰৱাহৰ বাতৰি, নীতি-কথা, বিজ্ঞান, ইতিহাস, ভূগোল, সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা আদি বিভিন্ন বিষয়ৰ লগত অসমীয়া পাঠকক পৰিচয় কৰি দিবলৈ সংবাদপত্ৰখনে প্ৰয়াস কৰিছিল। এই সংবাদপত্ৰখনত ১৮৪৯ চনতেই অসমৰপৰা আমেৰিকালৈ পঢ়িবলৈ যোৱা এগৰাকী ছাত্ৰই লিখা এখন চিঠি প্ৰকাশ পাইছিল।
‘অৰুনোদই’ত প্ৰকাশিত এক বাতৰিমতে নগাঁও জিলাৰ মিছন স্কুলৰ পৰা ‘ধনিৰাম’ আৰু ‘সিৱৰাম’ নামৰ দুজন ছাত্ৰ পাদুৰী চাহাবৰ লগত আমেৰিকা পাইছিলগৈ। এই দুগৰাকী ছাত্ৰই সম্ভৱতঃ আমেৰিকালৈ যোৱা প্ৰথম অসমীয়া। পিছলৈ এই ধনিৰামেই খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰি লুচি এন হেইদেন নামেৰে পৰিচিত হৈছিল। ধনিৰামে আমেৰিকাৰ অভিজ্ঞতা বৰ্ণনা কৰি ‘অৰুনোদই’ত দুখনমান চিঠি লিখিছিল। আমেৰিকানৰ বষ্টন চহৰৰপৰা ১৮৪৯ চনৰ মে মাহত লিখা তেওঁৰ প্ৰথম চিঠিখন ‘অৰুনোদই’ৰ ৪ৰ্থ বৰ্ষৰ ৮ ম (১৮৪৯,আগষ্ট) সংখ্যাত প্ৰকাশ হৈছিল।
“আমেৰিকালৈ জোআ এজন নগাঁও স্কুলৰ চাতৰৰপৰা আমি এই যাত্ৰাৰ চিঠি পালো।”
এই শিৰোনামেৰে চিঠিখন ছপাইছিল।
আজিৰপৰা এশ তেসত্তৰ বছৰ আগতে লিখা এই চিঠিখনত অসমৰ দৰে অনগ্ৰসৰ অঞ্চল এটাৰপৰা আমেৰিকাৰ দৰে উন্নত দেশ এখনলৈ যোৱাৰ যি ৰোমাঞ্চকৰ অভিজ্ঞতা তাক বৰ্ণনা কৰা হৈছে।
চিঠিখনত উল্লেখ কৰিছে যে অসমৰ পৰা আমেৰিকা পাবলৈ তিনিখন মহাসাগৰ পাৰ হৈ যাব লাগে আৰু দূৰত্ব ১৫,০০০ মাইল। চিঠিখনত তেওঁ লিখিছে যে পৃথিৱীখন যিহেতু গোলাকাৰ সেয়ে আমাৰ দেশখন এতিয়া তেওঁৰ ভৰিৰ তলত। অৰ্থাৎ আমাৰ দেশ আমেৰিকাৰ বিপৰীতফালে। সাত সাগৰ তেৰ নদী পাৰ হৈ এই অসম মুলুকৰপৰা সুদূৰ আমেৰিকালৈ গৈ তেওঁলোকৰ মনবোৰ নিশ্চয় জন্মভূমিৰ প্ৰতি আৱেগত উথলি উঠিছিল। সেয়ে চিঠিখনত তেওঁ লিখিছেঃ
“জেতিয়া সুৰ্জ পুব ফালে ৰাতি পুআ ওলাই, তেতিয়া আমি তাক সোধোঁ, আমাৰ অসম দেসত থকা ককাই ভাই বিলাকে কি কৰিচে? কেনে আচে? আৰু জেতিআ সি পচিম ফালে মাৰ জাই, তেতিআ আমাৰ পৰা আসিৰ্বাদ তোমালৈ লৈ জাবলৈ তাক কওঁ। কিন্তু সি আমাক একো উতৰ নিদিএ। সেই কাৰনে এতিআ মই তোমালৈ পত্ৰ লিখিচো………… মই জে তোমাক পাহৰা নাই , আৰু জি সিক্ষা তুমি মোক দিলা সেই সকলোতে মই আনন্দিত আচোঁ, ইয়াকে জানিবা।”
চিঠিখনৰ শেষত আমাৰ দেশৰপৰা আমেৰিকালৈ প্ৰতিদিনে জাহাজেৰে ১১২ মাইল বেগেৰে যোৱাৰ পাছত আমেৰিকা পাবলৈ চাৰি মাহ সময় লাগিছিল বুলি উল্লেখ কৰিছে। লগতে ভৱিষ্যতেও এনেদৰে চিঠি লিখি থাকিব বুলি কৈছে আৰু জন্মভূমিৰ খবৰৰ বাবে উদগ্ৰীৱ হৈ থকাৰ কথা উল্লেখ কৰিছে। চিঠিখনৰ শেষৰ অংশ আছিল এনে ধৰণৰঃ
“অদ্যপি মই প্ৰত্যেক দিনত ১১২ মাইল গলো।এইমান বেগাই জাত্ৰা কৰি কৰি থাকি চাৰি মাহৰ মুৰত এই আমেৰিকা দেস পালোঁ। জদি ইস্বৰে মোৰ প্ৰানক কুসলে ৰাখে , মই তোমালৈ এই দেসৰ পৰা লিখিম। অনুগ্ৰহ কৰি মোলৈ লিখিবা, আৰু ওৱৰলান্দ ডাকে দি পথাবা, জেন মই সিঘ্ৰে সিঘ্ৰে মোৰ জনমৰ ঠাইৰ পৰা কথা বাত্ৰা সুনিব পাৰোঁ।
তোমাৰ প্ৰিয় লৰা,
লুচি এন হেইডন।
সঁচাকৈয়ে এইখন এখন ঐতিহাসিক চিঠি। জন্মভূমিৰপৰা আঁতৰত থাকি নিজৰ ওপজা ঠাইখনৰ প্ৰতি মানুহৰ মনত কেনে আৱেগে ক্ৰিয়া কৰি দেশপ্ৰেম জগাই তোলে চিঠিখনত সেয়াও দেখিবলৈ পোৱা যায়।
************
7:32 AM
অৰুণোদয়ৰ পাতত প্ৰকাশিত চিঠিখনৰ মাজেদি বিৰিঙি উঠা স্বদেশ প্ৰেমৰ সোৱাদ আপোনাৰ লেখাৰ যোগেদি পাই বৰ ভাল লাগিল ।