ৰং-বৰষা ডেকা
বহু ৰং দেখিছে সি। সৰুৰেপৰা উমলিছে সেউজীয়াৰ মাজত। পথাৰৰ সোণোৱলী ৰং উপভোগ কৰিছে। নদীৰ নীলা মিহলাই উমলিছে। জনা হ’বৰেপৰা ৰঙেৰে ধেমালী কৰিছে। কেতিয়াবা হয়তো অভিমান কৰিছে – যেতিয়া নীলা আকাশখনি ডাৱৰে বগা কৰি পেলাইছে; যেতিয়া মাটি মিহলি হৈ পানীখিনি মটীয়া হৈ পৰিছে;যেতিয়া বানে পথাৰৰ সেউজীয়া নোহোৱা কৰি পেলাইছে।
ৰঙেৰেই মানুহে সপোন দেখে। সিও দেখিছিল। অলেখ সপোন। ৰঙীণ সপোন। ৰংচঙীয়া পখিলা ঘূৰি ফুৰিছিল সপোনত। সেই সপোন পূৰণ কৰাৰ তাড়নাতেই ভৰি দিছিল সি বাস্তৱৰ পৃথিৱীত। এফালে সপোন পূৰোৱাৰ তাড়না,এফালে পেট পূৰোৱাৰ। হাতত ৰং তুলিকা লৈ ৰাস্তাৰ কাষৰ দেৱালত প্রাণ ঢালি দিছিল।
ৰং হয়তো আছিল তাৰ বাবে জীৱন। ৰঙা চোলাটো পিন্ধি ওলাই গৈছিল। ৰঙেৰে প্রাণ ঢালিছিল আৰু ঢালিছিল। চাওঁতে চাওঁতে ঠাইডোখৰ ৰঙা হৈ পৰিছিল। চৌদিশে মানুহৰ চিঞৰ-বাখৰ,কান্দোন, এম্বুলেন্স আৰু পুলিচৰ গাড়ীৰ শব্দ। সকলো ৰং মিহলি হৈ পৰিছিল। জ্ঞান ঘূৰাই চকু মেলি সি দেখিছিল পৃথিৱী- অন্য এক পৃথিৱী। ক’লা আৰু বগা। য’ত সকলো ৰঙেই তাৰ বাবে এক আছিল। ডাক্তৰে কৈছিল সেয়া হেনো ‘কালাৰ ব্লাইণ্ডনেছ’। তাৰ বাবে ই কোনো দুৰ্ভাগ্য নাছিল। সি মনে প্রাণে ঈশ্বৰক কাকূতি কৰি ধন্যবাদ দিছিল,সকলো ৰং তাৰ বাবে এক কৰি দিয়াৰ বাবে।
তাৰ সন্মুখত আছিল ৰঙীন পৃথিৱী। চৌদিশে ৰং – ক’লা আৰু বগা।
************
9:07 PM
সুন্দৰ।