ধ্ৰুৱক-অনসূয়া বৰঠাকুৰ

বিদ্যালয়ৰ হীৰক-জয়ন্তী উপলক্ষে হোৱা প্ৰাক্তন ছাত্ৰ সন্মিলনখনলৈ আমি প্ৰায় সকলোবোৰ আহিছোঁ, এৰি অহা দিনৰ সোণসেৰীয়া স্মৃতিবোৰেৰেই আজি আমাৰ প্ৰথম দিনাৰ আড্ডা …আঃ কি আনন্দৰ দিন!

হঠাৎ দেখিলোঁ শুভ্ৰ ধূতি পৰিহিত এজন ক্ষীণকায় মানুহ আমাৰফালে আহি আছে!

“অহ্  বৰুৱা ছাৰ দেখোন”!! 

জীৱনৰ জটিল সমীকৰণবোৰ সমাধান কৰাৰ মূলতেইতো হৈছে বৰুৱা ছাৰে বাস্তৱৰ উদাহৰণ দি বুজোৱা গণিত শিক্ষা!!

    সেৱা এটা জনাই কিবা সোধাৰ আগতেই স্বভাৱসুলভ ধেমালিৰে ছাৰে কৈ গ’ল……

“একে দুয়ে তিনি হোৱা খবৰটো বাপেৰে দিলে, হওক দে, সকলোৰে যোগ, পূৰণ হোৱাটোৱেই লাগে, মানস বেচেৰাৰ হে বিয়োগ হ’ল!!” 

…আমাক আচৰিত কৰি খাৰাংখাচ, অভং, সীমান্তটোৱে ছাৰক সুধি দিলে কোনেও কোনোদিনে নোসোধা প্ৰশ্নটো…

 “ছাৰ, আপুনি আপোনাৰ নিজৰ গাণিতিক বাখ্যা দিবলগীয়া হ’লে কি বুলি দিব?” 

ছাৰেও হাঁহি হাঁহি কৈ গ’ল 

“ধৰি ল, তহঁতবোৰক ‘ধ্ৰুৱক’ৰ উদাহৰণ দিবলৈকে মই চিৰকুমাৰ হৈ ৰ’লোঁ।” 

ছাৰৰ হাঁহিৰ আঁৰৰ মুখখন অনুমান কৰিব পাৰি বুকুখন কোনোবাখিনিতে মোচৰ খাই উঠিল।

       

************

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *