অহঙ্কাৰ-হৰিচন্দ্ৰ ডেকা
“বোৱাৰী ! ক’ত আছা ? তৎক্ষণাত এইফালে আহা।”
“কওকচোন মা।”
শাহুৱেকৰ কৰ্কশ মাতত পাকঘৰৰ পৰা উধাতু খাই লৱৰি আহিল বিস্মিতা ৷
“এই ফুলৰ টাবকেইটা কোনে ইয়াত থ’লে?”
“মই সজাই থ’লোঁ মা; এতিয়া চাওকচোন কিমান ধুনীয়া লাগিছে৷”
“তোমাৰ ধুনীয়া লাগিলে নহ’ব নহয়, ময়ো ভাল পাব লাগিব৷ এইখন কাৰ ঘৰ জানানে?”
“আমাৰ ঘৰ মা।”
সাধাৰণতে অতি অমায়িক বুলি সকলোৱে প্ৰশংসা কৰা বিস্মিতাই চকু দুটা ডাঙৰকৈ মেলি শাহুৱেকৰ ফালে চাই ক’লে ৷
“নহয়, এইখন মোৰ ঘৰ; গতিকে ইয়াত সকলো কাম মোৰ মতে হ’ব লাগিব ৷ এতিয়াই টাবকেইটা আগৰ ঠাইত থৈ আহা৷”
এটা মুহূৰ্ত বিস্মিত নয়নে তাই শাহুৱেকৰ ফালে চাই থাকিল ৷
“মোৰ মুখৰ ফালে কি চাই আছা ? যি কৰিবলৈ কৈছোঁ তাকেই কৰা।”
“হ’ব মা, মই আপোনাৰ মতেই কৰিছোঁ।”
বিস্মিতাই আৰু কোনো বাক্য ব্যয় নকৰি ফুলৰ টাবকেইটা আগৰ ধৰণেৰে আকৌ সজাই থ’লে।
“এই ন বোৱাৰীবোৰক আৰম্ভণিতে চিধা কৰি ল’ব নোৱাৰিলে পিছত মূৰত উঠিব।”
বাৰাণ্ডাত নিমাতে বহি থকা শহুৰেকৰ কাষৰ চকীখনত বহি লৈ মুখেৰে ভোৰভোৰাবলৈ ধৰিলে শাহুৱেকে।
পিচদিনা পুৱাৰ দৃশ্য ৷ মাক-দেউতাকৰ সৈতে বিস্মিতাৰ স্বামী সৌৰভ পুৱাৰ আহাৰৰ অপেক্ষাত ডাইনিং হলত বহি আছে ; কিন্তু আনদিনাৰ দৰে বহাৰ লগে লগে ব্ৰেকফাষ্ট ডাইনিং টেবুলত হাজিৰ নহ’ল ৷ কিছু সময় অপেক্ষাৰ অন্তত শাহুৱেকৰ হুটা মাত শুনা গ’ল।
: “বোৱাৰী ! পাকঘৰত কি কৰি আছা ? ব্ৰেকফাষ্ট লৈ নাহা কেলৈ?”
নাই, কোনো সঁহাৰি নাহিল পাকঘৰৰপৰা ৷ সৌৰভ নিজে গ’ল উঠি ৷
“পাকঘৰত বিস্মিতা নাই দেখোন ৷”
ততাতৈয়াকৈ গৈ বাথৰুম, বেলকনি সকলোতে চালে সৌৰভে, ক’তো দেখা নাপালে তেওঁক।
“গা-চা বেয়াই কিজানি । শোৱনি কোঠাত চা গৈ চোন ৷” উদ্বিগ্ন দেউতাকে ক’লে ৷ হেন সময়তে দীঘল এটা এঙামুৰিৰে চকু মোহাৰি মোহাৰি বিস্মিতা ডাইনিং হল পালেহি ৷ বোৱাৰীয়েকৰ নিৰ্লিপ্ততাত শাহুৱেকৰ চকুত যেন ভমক কৰি একুৰা জুইহে জ্বলি উঠিল।
“কি তুমি এতিয়াও শুয়েই আছিলা ? ব্ৰেকফাষ্ট কেতিয়া কৰিম আমি?”
আৰু এটা দীঘল এঙামুৰি মাৰি বিস্মিতাই ক’লে…..
“কেলেই মা ! আপুনিয়েইতো কালি কৈছিল এইখন আপোনাৰ ঘৰ হেনো, আমাৰ নহয় ; গতিকে আপোনাৰ ঘৰ হ’লেতো এইবোৰ কেনেকৈ চম্ভালে সেয়া আপুনিয়েহে চিন্তা কৰিব লাগিব।ইমানদিনে আমাৰ নিজৰ ঘৰ বুলি ভাবিহে মই এইবোৰ কৰি আছিলোঁ।চাওক মা ! এইখন যদি আমাৰ ঘৰ নহয়, আপোনাৰহে, তেতিয়াহ’লে ৰন্ধা-বঢ়া এইবোৰ কাম মই কৰিলে বেলেগৰ ঘৰত কৰা নহ’ব জানো ? মই যদি বেলেগৰ ঘৰত এইবোৰ কাম কৰোঁ তেতিয়াহ’লে মোৰ আৰু চম্পা বাইৰ মাজত পাৰ্থক্য কি থাকিল ? নে কি কয় দেউতা ?”
আগৰেপৰা মাত নোহোৱা মানুহজনে কি ক’ব ! এবাৰ বোৱাৰীয়েকৰ ফালে এবাৰ পত্নীৰ ফালে কেৱল হেবাংটোৰ দৰে চাই ৰ’ল ৷বোৱাৰীয়েকৰ উত্তৰ শুনি শাহুৱেক শিল পৰা কপৌৰ দৰে নিথৰ হৈ থাকিল৷ সপোন নে বাস্তৱ একো তৎ ধৰিব নোৱাৰি নিজকে এবাৰ চিকুটি চালে ৷ ঘটনাৰ আকস্মিকতাত কি কৰিব একো ভাবিব নোৱাৰা হ’ল ৷ জীৱনৰ ইমানকেইটা বসন্ত পাৰ কৰিলে বতাহৰ উমঘাম নোহোৱাকৈ, সেয়ে এনেকৈ যে প্ৰবল ধুমুহা আহিব পাৰে আজিলৈকে তেওঁ অনুভৱেই কৰিব পৰা নাছিল। এয়া ভৰিৰ খোপনি থৰক-বৰক হোৱাৰ আগজাননী নেকি বাৰু? উষাৰ তেজোদ্দীপ্ত কিৰণৰ লগত মুনিচুনি বেলিৰ হেঙুলীয়া আভাৰ তুলনা নকৰাই ভাল বুলি শাহুৱেক তভক মাৰি বহি ৰ’ল।
বহুদিনীয়া সমস্যা এটাৰ সমাধানৰ পথ মুকলি হোৱাৰ উপক্ৰম দেখি শহুৰেকে এটা মিচিকিয়া হাঁহিৰে উচাহতে পুৱাৰ আহাৰ নিজে তৈয়াৰ কৰিবলৈ পাকঘৰত সোমাল। পিছে পিছে পুতেক, দেউতাকক সহায় কৰিবলৈ৷
1:45 PM
হাঃহাঃ। সুন্দৰ গল্প