সাহসৰ ছাঁ-নাজিয়া হাচান

প্ৰায়ে নিশা মাজভাগত, ৰিধিমা শুই থকা কণমানি বিচনাখনৰ একেবাৰে কাষত, লাখুটি লৈ বহি থকা বুঢ়া মানুহ এজনৰ ছাঁ এটা আঠুৱাখনৰ বাহিৰফালে তাই অস্পষ্টকৈ দেখা পায় আৰু ঠিক সেই সময়খিনিত ৰিধিমাৰ সৰ্বশৰীৰ শিলৰ দৰে যেন জঠৰ হৈ পৰে; ডিঙিটো শুকাই যোৱাৰ দৰে অনুভৱ কৰি তাই মানুহজনীয়ে চেষ্টা কৰিও শৰীৰৰ কোনো অংগ সক্ৰিয় কৰি ৰাখিব নোৱাৰে। মাথোন থৰ চকু হালেৰে বুঢ়া মানুহজনৰ ছাঁটো স্থিৰ হৈ লক্ষ্য কৰি থাকে।

আজিও হঠাৎ মাজ নিশা ছাঁটো সেইদৰে তাইৰ কাষত বহি থকা দেখি, সমস্ত শক্তিৰে হাত-ভৰি লৰাবলৈ তাই আপ্ৰাণ চেষ্টা কৰিলে। বহু সময়ৰ চেষ্ট্ৰ পিছত তাইৰ কণ্ঠত এটা বিকট চিঞৰে শব্দ কৰি উঠিল।  হাত-ভৰিবোৰত চেতনা আহিল। তাই বিছনাখনত একেকোবে উঠি বহিল। লগে লগে চকুৰ পলকতে ছাঁটো অদৃশ্য! কঁপি থকা কণ্ঠেৰে তাই চিঞৰিলে। নিৰ্জন অকণমানি ঘৰটোত তাইৰ চিঞৰৰ প্ৰতিধ্বনি হল।

‘কোন? কোন আপুনি? ক’ত আছে? ওলাই আহক বুলিছোঁ…!’―ভয় সংকটত তাই উচুপি চিঞৰি উঠিল।

লাহে লাহে কোঠাৰ দৰ্জাখন কেৰকেৰ শব্দ কৰি আপোনা-আপুনি খোল খাই যোৱা তাই দেখা পালে  আৰু  শুনিলে কোঠাটোত কোনোবা সোমাই অহাৰ নিশ্চিত শব্দও!

‘ভয় নকৰিবি মাজনী। মই তোৰ দেউতাৰহে!…’

―অফ হৈ থকা চিলিং ফেনখন ধীৰ গতিত ঘূৰিবলৈ লৈছে। প্ৰতিধ্বনিৰ দৰে হোৱা দেউতাকৰ অস্পষ্ট সেই কণ্ঠত অস্বাভাৱিকভাবে তাই শান্ত হৈ পৰিল। চকুহাল মুদি  নিৰ্ভয়ে সেই নিশাৰপৰাই ৰিধিমাই ছাঁটোলৈ ভয় নকৰি শুবলৈ ল’লে।

তাইক প্ৰতিটো খোজতে সাহস যোগোৱা পেছাত কৃষক দেউতাকে কোঠাটোৰ ফেনখনত ওলমি ফাঁচী লোৱা প্ৰায় পোন্ধৰ বছৰেই পাৰ হৈছিল!…..

2 Comments

  • বন্দনা হাজৰিকা

    বৰ ভাল লাগিল নাজিয়া

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *