দৰব-নন্দিতা ভাণ্ডাৰ কায়স্থ

চকীখনত বহি  দৰবৰ বটলটো দুয়োখন হাতেৰে জোৰকৈ ধৰি আছে বিভাই। চকুত খং, ক্ষোভৰ যেন একুৰা জুই হে জ্বলিছে। দৰবখিনিয়ে যেন আজি তাইৰ বাবে মুক্তিৰ পথ লৈ আহিছে। এই দৰব জীৱনদায়িনী নহয়, জীৱন নাশ কৰা হে। স্বামীৰ অকথ্য, অসহনীয় অত্যাচাৰৰ পৰা এই দৰবে তাইক পৰিত্ৰাণ দিব।

কথাবোৰ ভাবি বটলৰ সাফৰটো খুলি দিলে বিভাই। বটলটো‌ মুখলৈ নিব ধৰোঁতেই এবছৰীয়া ছোৱালীজনী বিছনাৰপৰা ধপকৈ পৰি পে পে কৈ কান্দিব ধৰিলে। ছোৱালীজনী পৰি যোৱাত বিভাই খোলা বটল তাতেই এৰি দৌৰ মাৰি আহি কণমানিজনীক কোলাত তুলি ল’লে। বেবী ক্ৰীম অকণ আলফুলকৈ লগাই দিলে দুখ পোৱা ঠাইত। বুকুৰ অমৃত পান কৰিবলৈ দি কণমানিজনীৰ মুখলৈ চাই থাকিল বিভাই।

নোৱাৰিলে, বিভাই নিজকে শেষ কৰি দিব। একেবাৰেই সহজ নহ’ল তাইৰ বাবে। মমতাৰ দৰবৰ ওচৰত  বিষাক্ত দৰব তেনেই নগণ্য হৈ পৰিল।

2 Comments

  • মানুহে নিজকে মাৰি হ’লেও সন্তানৰ চিন্তা কৰিবই লাগিব। এয়ে জীৱনৰ মায়া।

    ভাল লাগিল কাহিনীটো।

    Reply
  • বন্দিতা জৈন

    সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *