সাক্ষাৎকাৰ
(‘শব্দচিত্ৰ ই আলোচনীৰ এই সংখ্যাৰ সাক্ষাৎকাৰ যুগুতাইছে কুমকুম দেৱী শৰ্মাবৰুৱাই)
বিশিষ্ট শিক্ষাবিদ,লেখক, সমাজ সংগঠক তথা ‘অসম সাহিত্য সভা’ৰ প্ৰাক্তন উপ -সভাপতি শ্ৰীযুত ভূপেন শইকীয়াদেৱৰ সাক্ষাৎকাৰ ল’বলৈ ‘শব্দচিত্ৰ’ৰ প্ৰশাসক মণ্ডলীয়ে মোক দায়িত্ব প্ৰদান কৰাত মনে মনে খুব আনন্দিত হৈছিলো।শইকীয়াদেৱৰ দৰে এগৰাকী বৰেণ্য,সুবিশাল ব্যক্তিত্বৰ অধিকাৰী অথচ সহজ-সৰল ব্যক্তিৰ সৈতে সাক্ষাৎকাৰৰ মুহূৰ্ত মোৰ জীৱনৰ বাবে চিৰস্মৰনীয় হৈ ৰ’ব।
আহকচোন,শ্ৰীযুত ভূপেন শইকীয়াদেৱৰ মনৰ সৈতে কিছু সময় একাত্ম হৈ পৰোঁ।
মই : নমস্কাৰ ছাৰ। মই ‘শব্দচিত্ৰ’ গোটৰ তৰফৰপৰা আপোনাৰ লগত সাহিত্যৰ বিষয়ে দুআষাৰ কথা পাতিব খুজিছোঁ। আশাৰাখোঁ আপুনি সহায় কৰিব।
শইকীয়াদেৱ: নিশ্চয় কৰিম। কোৱাচোন এতিয়া।
মই : ছাৰ আপোনাৰ জন্ম, জন্মৰ ঠাই আৰু শৈশৱকালৰ বিষয়ে দুআষাৰ কওকচোন প্ৰথমে।
শইকীয়াদেৱ : মোৰ জন্ম শিৱসাগৰ জিলাৰ ঐতিহ্যপূৰ্ণ দিখৌ নদীৰ পাৰৰ মঠিয়াছিগা নাওশলীয়া গাঁৱৰ নাওশলীয়া শইকীয়া পৰিয়ালত ১৯৫৫ চনৰ ২২ জানুৱাৰীত। মোৰ দেউতাৰ নাম স্বৰ্গীয় ৰত্নেশ্বৰ শইকীয়া আৰু বৌটি (মা)ৰ নাম মাধৱী শইকীয়া। শৈশৱ কালটো আমি দিখৌ নদীক কেন্দ্ৰ কৰিয়েই পাৰ কৰিলোঁ বুলি ক’ব পাৰি। দিখৌৰ পানী খাওঁ, সাঁতোৰোঁ , দিখৌ নদীৰ পাৰৰ বিভিন্ন জাতৰ আম পাৰি খাওঁ। বাৰিষা আহিলে দিখৌ ওফন্দি উঠে। বাঢ়নী পানীত খৰি ধৰোঁ। নগা পাহাৰৰপৰা নৈত উটি অহা শুকান খৰি হাকুটি , লঙ্গৰ মাৰি ধৰি ঘৰত চাং পাতি থওঁ। দিখৌ নদীত বৰশী বাই মাছ ধৰোঁ, নৈৰ বালিত মৃতকৰ সৎকাৰ কৰা কামত সহায় কৰি দিওঁ। সময় উলিয়াই ভৰ দুপৰীয়া হ’লেও টেঙা বল খেলোঁ। আলকতৰা গলাই লাড়ু কৰি ক্ৰিকেট বল বনাই খেলোঁ। মাৰ্বল গুটি, কোঁটকোৰা গছৰ হালধীয়া গুটিবোৰ আনি খুলি গুটি খেলোঁ। খেতিৰ দিনত পথাৰত জলপান, ভাত দিবলৈ যাওঁ। নাঙলৰ খুঁটিত ধৰিবপৰা হ’লত হাল বাবলৈ ল’লো। ক্লাচত বহি থাকোঁতে পথাৰৰ কথাও ওলায়। তেতিয়া আজিকালিৰ দৰে ম’বাইল ফোন নাছিল। বাৰীত শাক-পাচলিৰ খেতি কৰোঁ। তেতিয়া আমাৰ পাচলি বজাৰ কৰাৰ নিয়ম নাছিল। সকলো বস্তু বাৰীতেই হয়। নিমখ, হালধিহে কিনা হয়। সপ্তম শ্ৰেণীত পঢ়াৰ পাছৰপৰা সমাজৰ কাম কৰিবলৈ আৰম্ভ কৰোঁ। আমাৰ সৌকাজান গজলা সত্ৰলৈ যোৱা
ন-আলিটো লগৰ সমনীয়াৰ সৈতে হাবি কাটি চাফা কৰোঁ। সৌকাজান গজলা সত্ৰৰ পুথিভঁৰাল নিৰ্মাণত সহযোগ কৰোঁ। গৰম বন্ধত হাল বাই আহি পুথিভঁৰালৰ পৰা অনা কিতাপ পঢ়ো। নামঘৰৰ বিভিন্ন অনুষ্ঠান তথা গাঁৱৰ সকাম-নিকামলৈও যাওঁ। বছৰেকত দুখন ভাওনা হয়। ভাওনাত অংশগ্ৰহণ কৰোঁ। বহাগ বিহুত হুঁচৰি গাই তাৰ টকাৰে পুথিভঁৰালৰ কিতাপ কিনো।মাঘ বিহুত দিখৌ নদীৰ পাৰত মেজি সাজি ভোজ খাওঁ। কাতি বিহুত লগৰ সমনীয়াৰ লগত খেতি চাবলৈ যাওঁ। আঘোণ-পুহ মাহত লগৰ সমনীয়াৰ লগত পথাৰত গৰু চৰাওঁ। প্ৰত্যেকে জেপে জেপে লৈ যোৱা আলু, কণী, পিয়াঁজ, চাউল , দাইল গোটাই পথাৰতে ‘ ভাণ্ডনা’ খাওঁ। পথাৰত লেচেৰি বোটলোঁ। সেইবোৰ গোটাই ভৰিৰে মাৰি দোকানত বেচি প্ৰয়োজনীয় দুই-এটা বস্তু লওঁ। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ পাতি ভাওনা কৰোঁ। দুৰ্গা পূজা, সৰস্বতী পূজা, বিশ্বকৰ্মা পূজাত অংশগ্ৰহণ কৰোগৈ। নাজিৰা নাট্য মন্দিৰত অনুস্থিত হোৱা দূৰ্গা পূজাত ভাওনাও কৰিছিলোগৈ। বাল্যকালত ভালেখিনি ঘৰুৱা কাম কৰিবলগা হৈছিল। গোহালি, ছাগলী গঁড়াল চাফা কৰা, ছাগলীৰ বাবে কঠালপাত অনা , মুগাৰ বাবে কেচেৰু পাত অনা , খৰি অনা , ধান বঢ়োৱা, বৌটিয়ে তাঁত লগালে বিহা কঢ়িওৱাকে আদি কৰি সমস্ত কাম কৰি গধূলি কিতাপ পঢ়িবলগা হৈছিল।
মই : ধন্যবাদ ছাৰ। আপোনাৰ শৈশৱ বৈচিত্ৰপূৰ্ণ অভিজ্ঞতাৰে পুষ্ট। বৰ ভাললগা মুকলিমূৰীয়া শৈশৱ আছিল তেতিয়াৰ দিনত। এতিয়া আপোনাৰ শিক্ষা আৰু কৰ্ম সংস্থাপনৰ বিষয়ে অলপ জনাওকচোন ছাৰ। আপুনি এজন জনপ্ৰিয় আৰু কৃতী শিক্ষক বুলি আমি জানিব পাৰিছোঁ।
শইকীয়াদেৱ : ৭৯৬ নং মঠিয়াছিগা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি জোকতলী উচ্চ ইংৰাজী (এতিয়া উচ্চতৰ ) বিদ্যালয় আৰু নাজিৰা বৰতল উচ্চ ইংৰাজী (এতিয়া উচ্চতৰ) বিদ্যালয়ত মই পঢ়িছিলোঁ। প্ৰাক-বিশ্ববিদ্যালয় কলা শাখাত নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত পঢ়িছিলোঁ। পি.ইউ. পাছ কৰাৰ পিছত শিৱসাগৰ কলেজত অৰ্থনীতি বিষয়ত অনাৰ্চ লৈ পঢ়িছিলো যদিও কিছু ঘৰুৱা অসুবিধাৰ বাবে আঠ মাহমানৰ পিছত গড়গাঁও কলেজত বুৰঞ্জী বিষয়ত অনাৰ্চ লৈ পঢ়ি দ্বিতীয় বিভাগৰ একাদশ স্থান লৈ উত্তীৰ্ণ হ’লো। লগে লগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিলোঁ। দুমাহমান ক্লাচ কৰাৰ পিছত অসম আন্দোলন আহিল। ইউনিভাৰ্চিটিৰ হোষ্টেল বন্ধ কৰি দিলে। ঘৰলৈ গৈ মঠিয়াছিগাত জোকতলি মৌজা ভিত্তিত ‘ জোকতলি আঞ্চলিক ছাত্র সন্থা ‘ গঠন কৰা হ’ল আৰু মোকেই সভাপতিৰ দায়িত্ব দিলে। জোকতলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হৈ ছাত্র তথা যুৱসমাজক লৈ আন্দোলনত জঁপিয়াই পৰিলোঁ। তাৰ মাজতে ঘৰৰ খেতি-বাতিৰ কামত ব্যস্ত থাকিলোঁ। কিছুদিনৰ পাছত বিশ্ববিদ্যালয় খুলিলে।১৯৮২ চনৰ জুলাই আৰু নৱেম্বৰ মাহত প্ৰিভিয়াচ আৰু ফাইনেল দুয়োটা পৰীক্ষাই হ’ল। ১৯৮৩ চনৰ মে’ মাহত ৰিজাল্ট ওলাল। দ্বিতীয় বিভাগৰ চতুৰ্থ স্থান লৈ উত্তীৰ্ণ হ’লো। উল্লেখযোগ্য যে , সেইবছৰ বুৰঞ্জী বিষয়ত প্ৰথম শ্ৰেণী নাছিল। সেই বছৰতে মই গোলাঘাটৰ কমাৰগাঁও কলেজত অধ্যাপক হিচাবে যোগদান কৰিছিলোঁ যদিও কেইদিনমানৰ পাছতে দুলীয়াজান কলেজৰপৰা টেলিগ্ৰাম পাই ১৯৮৩ চনৰ ২৬ নৱেম্বৰত দুলীয়াজান কলেজত অধ্যাপক হিচাবে যোগদান কৰি ২০১৫ চনৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিলোঁ।
সুদীৰ্ঘ দিন শিক্ষকতা কৰিলোঁ , কিন্তু মই কৃতী শিক্ষক আছিলোনে নাই নাজানো। ছাত্র-ছাত্ৰীসকলে মোক বেয়া পোৱা নাছিল। এবাৰ কলেজ সপ্তাহত আকস্মিক বক্তৃতাত এজন ছাত্ৰই বিষয়টো পাইছিল –‘ তোমাৰ প্ৰিয় শিক্ষকজন’। তেতিয়া সেই ছাত্ৰজনে মোৰ নাম কৈ মোৰ বিষয়ে এটি বক্তৃতা দিছিল।
মই : আপোনাৰ শৈক্ষিক উত্তৰণৰ কথা জানি ভাল লাগিল ছাৰ। আপুনি অসম সাহিত্য সভাৰ উপ-সভাপতিৰ পদ অলংকৃত কৰিছিল। এতিয়া আমি আপোনাৰ সাহিত্য চৰ্চা আৰু সাহিত্য সভাৰ বিষয়বাবৰ ওপৰত অলপ জানিবলৈ বিচাৰিলোঁ।
শইকীয়াদেৱ : সাহিত্য চৰ্চা প্ৰকৃতাৰ্থত মই দুলীয়াজান কলেজত সোমোৱাৰ পিছতহে আৰম্ভ হয় বুলি ক’ব পাৰি। অৱশ্যে প্ৰাক-বিশ্ববিদ্যালয়ৰ প্ৰথম বৰ্ষত পঢ়ি থাকোঁতে শিৱসাগৰ জিলাৰ মহাসতী জয়মতীৰ জন্মস্থান ‘ মাদুৰী ‘ নামৰ উৎপত্তিৰ বিষয়ে এটা লেখা লিখি তিনিদিনীয়া ‘অগ্ৰদূত’ কাকতলৈ পঠিয়াইছিলো , প্ৰকাশো হ’ল। কিছুদিনৰ পিছত মনিঅৰ্ডাৰ যোগে কাকতৰ সম্পাদকৰপৰা ৪০ টকা মাননি পাইছিলোঁ। ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে লগৰ সমনীয়াৰ লগত লিখা এখন সঙ্গীতালেখ্যত গীতখিনি লিখিছিলোঁ আৰু সেইখন ১৯৮১ চনত আকাশবাণী ডিব্রুগড় কেন্দ্ৰৰ যোগে যুৱবাণীত প্ৰচাৰ হৈছিল। দুই-এটা কবিতাও লিখিছিলোঁ। দুলীয়াজান কলেজত যোগদান কৰাৰ পিছত স্থানীয় বাতৰি কাকত ‘ দেশৰ প্ৰগতি ‘ আৰু’ আমাৰ অগ্নিবাণ’ কাকতত নিয়মীয়াকৈ লিখিবলৈ ল’লো। দুলীয়াজান সাহিত্য সভাৰ ‘মাহেকীয়া চ’ৰা ‘ জোনালী চ’ৰা’ তো লেখা পাঠ কৰোঁ। অগ্ৰদূত, আমাৰ বাতৰি, শঙ্খজ্যোতি, দৈনিক জনমভূমিতো লেখা প্ৰকাশ পাইছিল। বিভিন্ন স্মৃতিগ্ৰন্থ, শৈক্ষিক পত্ৰিকা, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ আলোচনী “মন্দাকিনী” ত অনেক প্ৰবন্ধ প্ৰকাশ পাইছিল। আৱাহন যুগৰ লেখক সাহিত্যপ্ৰাণ ভোলানাথ দত্তদেৱৰ বিষয়ত এখনি গ্ৰন্থ সম্পাদনা কৰি প্ৰকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰি সেইসময়ৰ অসম সাহিত্য সভাৰ মাননীয় সভাপতি লক্ষধৰ চৌধুৰীদেৱৰ পৰামৰ্শ বিচাৰি তেখেতৰ কাষ চপাত তেখেতে মোক বহুত উৎসাহিত কৰিলে। তেখেতৰ আশীৰ্বাদতে ‘ সাহিত্যপ্ৰাণ ভোলানাথ দত্ত’ পুথিখনৰ দুটা সংস্কৰণ প্ৰকাশ হ’ল। ইয়াৰ পাছত একুৰিৰো অধিক গ্ৰন্থ সম্পাদনা কৰিছিলোঁ। বহুকেইখন গ্ৰন্থৰ সম্পাদনা উপদেষ্টা হিচাবে থাকি প্ৰকাশ কৰিছিলোঁ। মোৰ নিজা গ্ৰন্থ ‘ শ্ৰী শ্ৰী গোপালদেৱ’ , ‘বৈষ্ণৱ সাহিত্যৰ এখিলা পাত’, ‘Sri Sri Gopaldeva and his Works ‘ (ইংৰাজীত লিখা গ্ৰন্থ), ‘ নিবিড় তিমিৰ ভেদি’ (গল্প সংকলন), ‘তুমি আহিবা বুলি’, (কবিতা পুথি), ‘ ইতিহাসৰ মাণিক মুকুতা’ (বুৰঞ্জীমূলক গ্ৰন্থ), ‘ জীৱনজ্যোতি’, ‘জীৱনী সৌৰভ’ (জীৱনীমূলক গ্ৰন্থ), ‘আমি পোহৰ বিচাৰি যাওঁ’, ‘ সন্ত্ৰস্ত’, (একাঙ্কিকা নাটক), ‘ সাহিত্য সভাৰ দুখৰীয়া স্মৃতি’ আৰু ‘ বিশ্বমহাবীৰ চিলাৰায়’।
অসম সাহিত্য সভালৈ একেবাৰে সৰুতে দেউতাৰ লগত নাজিৰা অধিৱেশনলৈ গৈছিলোঁ। দুলীয়াজান কলেজত যোগদান কৰাৰ পিছতহে অসম সাহিত্য সভাৰ লগত জড়িত হৈ পৰিলোঁ। ১৯৯০ চনত মই কঁঠালগুৰি শাখা সাহিত্য সভাৰ সভাপতি হৈ শাখাটো সক্ৰিয় কৰিলোঁ। ১৯৯৪ চনত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কলাখোৱা অধিৱেশনত জিলা সাহিত্য সভাৰ সম্পাদক হৈ তিনিটা কাৰ্যকাল চলালো। অৱশ্যে সেই সময়ত অসম সাহিত্য সভাৰ নিয়মাৱলী মতে কাৰ্যকাল এবছৰীয়া আছিল। ২০১৮ চনৰ পৰাহে সাহিত্য সভাৰ সংবিধান হ’ল। তাৰপিছত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হ’লো। ২০০৫-২০০৭ বৰ্ষত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি হৈ সভাৰ সাংগঠনিক আৰু গ্ৰন্থ প্ৰকাশত অধিক গুৰুত্ব দিছিলোঁ। পৰবৰ্তী সময়ত অসম সাহিত্য সভাৰ অসমীয়া ভাষা জ্ঞান সচিব হ’লো। অনাঅসমীয়া লোকক অসমীয়া ভাষা শিকোৱা এখন গুৰুত্বপূৰ্ণ আঁচনি অসম সাহিত্য সভাৰ আছিল। বিশেষকৈ কাছাৰ , হাইলাকান্দি, বদৰপুৰ, কৰিমগঞ্জত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল। ২০১১-২০১৩ বৰ্ষত অসম সাহিত্য সভাৰ উপ-সভাপতি হ’লোগৈ। সভাপতি পদ্মশ্ৰী ৰংবং তেৰাং আৰু প্ৰধান সম্পাদক আছিল ড০ পৰমানন্দ ৰাজবংশীদেৱ। আমাৰ কাৰ্যকালত সভাৰ সাধাৰণ কৰ্মসূচীৰ উপৰিও জনজাতীয় ঐক্য-শান্তি সম্প্ৰীতিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল।
মই: ধন্যবাদ ছাৰ। সাহিত্য সভাৰ ওপৰত ভালেখিনি কথা জানিব পাৰিলোঁ। এতিয়া ছাৰ আপোনাৰ পৰিয়ালৰ বিষয়ে অকণমান কওকচোন।
শইকীয়াদেৱ: মোৰ সহধৰ্মিনী পৰশমণিৰ ঘৰ নাজিৰাৰ ন-মাটিত। মোৰ ল’ৰা প্ৰসেনজিত, তেওঁ ব্যৱসায় কৰে। ছোৱালী প্ৰজ্বলিতা, শিক্ষকতা কৰে।
মই: সুখী পৰিয়াল আপোনাৰ ছাৰ। আপোনাৰপৰা আমি সামাজিক মাধ্যমৰ সাহিত্য চৰ্চাৰ ওপৰত অকণমান আশিস নিৰ্মালি তথা দিহা-পৰামৰ্শ বিচাৰিলোঁ।
শইকীয়াদেৱ: এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। সময়ৰ গতিত আমি আগবাঢ়ি যাবই লাগিব। আমাৰ ভাষা, সাহিত্য-সংস্কৃতি, স্থাপত্য, ভাস্কৰ্য, কলাক যিকোনো মাধ্যমেৰেই আগবঢ়াই নিব লাগিব। সুখৰ বিষয় যে , অসমীয়া ভাষাই গুগল অনুবাদত স্থান লাভ কৰিছে।সামাজিক মাধ্যমৰ যোগেদি আমাৰ অসমীয়া ভাষা সংস্কৃতিক আগবঢ়াই নিলেহে আমি আগবাঢ়ি যাব পাৰিম। গতিকে আমাৰ শুভেচ্ছা থাকিল।
মই : আমি আপোনাৰ সুস্বাস্থ্যৰে দীৰ্ঘায়ু জীৱন কামনা কৰাৰ লগতে সাহিত্য চৰ্চাত ব্ৰতী হৈ ভাষা জননীৰ সেৱা কৰি থাকিবলৈ ভগৱানে শক্তি
প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনালোঁ। আপোনাৰ বহুমূলীয়া সময় আমাৰ বাবে খৰচ কৰা বাবে আপোনালৈ অশেষ কৃতজ্ঞতা জনালোঁ।
শইকীয়াদেৱ: ধন্যবাদ।
7:32 PM
ভাল লাগিল।
7:49 PM
ড° শইকীয়াদেৱৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল। ইমান সুন্দৰ সাক্ষাৎকাৰটো যুগোতাই দিয়া বাবে কুমকুম বাইদেউলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।
9:57 PM
সুন্দৰ সাক্ষাৎকাৰ। ভাল লাগিল
10:27 PM
ছাৰ এজন সহজ সৰল জ্ঞানী লোক । ভগৱানে আপোনাক কুশলে ৰাখি অসমীয়া ভাষা-সাহিত্য চৰ্চাত সহায় কৰক।
10:41 PM
এজন মাটিৰ মানুহৰ জীয়া কাহিনী।শ্ৰদ্ধাৰ শইকীয়া ছাৰৰ প্ৰতিভাৰ বিশালতাক প্ৰণাম জনাইছোঁ।কথাখিনিৰপৰা বুজিব পাৰি যে ছাৰ বৰ সৰল প্ৰকৃতিৰ মানুহ।এনে ব্যক্তিত্ব অণুকৰণীয়।সুন্দৰ সাক্ষাৎকাৰটো যুগুতাই দিয়া বাবে কুমকুম দেৱী শৰ্মাবৰুৱা বাইদেউলৈ আন্তৰিক ধন্যবাদ।ছাৰৰ সুস্বাস্থ্য কামনা কৰিলো।