মাধৱদেৱৰ গুৰু সেৱা-কুঞ্জ খাউণ্ড

গুৰু শিষ্যৰ কথা ক’লেই প্ৰথমে শংকৰদেৱ আৰু মাধৱদেৱৰ কথাই মনলৈ আহে। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱৰ গুৰুৰ প্ৰতি থকা অগাধ ভক্তিৰ কথা গুৰুভটিমা ভাগিৰপৰাই অনুমান কৰিব পাৰি।

মাধৱদেৱৰ গুৰুসেৱা আছিল নিভাঁজ। তেওঁ সদায় পুৱা শুই উঠি নিজৰ প্ৰাতঃকৰ্ম কৰি  লৰালৰিকৈ শংকৰদেৱৰ ঘৰলৈ আহি গুৰুজনৰ নিমিত্তে দাঁতোন, খৰিকা, তেল পীৰা আদি স্নানৰ বাবে যোগাৰ কৰি দিয়ে। সেইখিনিৰ পিছতে গুৰুজনে ঈশ্বৰৰ কথা চৰ্চা কৰিবৰ বাবে কঠ পাৰি দিয়ে। তাৰ পিছতে কীৰ্তন ঘৰত দুয়ো নাম প্ৰসঙ্গ কৰে। প্ৰসঙ্গৰ অন্তত গুৰু কীৰ্ত্তন ঘৰৰপৰা ওলোৱাৰ পিছত ভোজনৰ বাবে যোগাৰ কৰি দিয়ে, ভোজনৰ শেহত মুহুদি পৰ্যন্ত যোগাৰ দিয়ে।মাধৱদেৱে  সকলোখিনি গুৰুসেৱা কৰাৰ পিছত গুৰুৱে যেতিয়া বিশ্ৰাম ল’বলৈ যায় তেতিয়াহে মাধৱদেৱে ভোজনৰ বাবে ঘৰলৈ যায়। ভোজন কৰি আহি পুনৰ গুৰুজনক শয্যাতে পায়হি। 

এদিন মাধৱদেৱে আহি বহি আছে গুৰু শয্যাত; এনেতে শঙ্কৰদেৱৰ নুমলীয়া জী ৰুক্মিণীয়ে মাধৱক দেখা পাই পিতৃক এইবুলি ক’লেহি— 

“উঠিয়োক পিতা তৱ মাধৱ বান্ধৱ! আসি বসি আছে কৰিবাক লাগি সেৱ।” 

জীয়েকৰ মুখত মাধৱক ‘বান্ধৱ’ বুলি শুনি শঙ্কৰদেৱে বৰ সন্তুষ্টি লভিছিল আৰু কৈছিল— 

“আই তুমি মাধৱক মোৰ বান্ধৱ বুলি জানিলা, তুমি ধন্য— ধন্য ধন্য আই তুমি দুহিত্ৰী জন্মিলা, মাধৱক জানি তুমি সাৰ্থক লভিলা।”

শঙ্কৰদেৱ তীৰ্থলৈ যাওঁতেও পথত মাধৱদেৱে যিদৰে গুৰুসেৱা কৰিছিল সঁচাই বিস্ময় মানিবলগীয়া। যি স্থানত ৰাতি থাকিবলগীয়া হয় তাতেই ঠাই পৰিষ্কাৰ কৰি গুৰুৰ শয়নৰ ব্যৱস্থা কৰি দি ভোজনৰ দ্ৰব্য যোগাৰ কৰি দিয়ে।ভোজনৰ পিছত গুৰুক  শয়ন কৰাই ভৰিত তেল-খাৰণি ঘঁহি দিনটোৰ ভাগৰ গুচাইহে নিজে ভোজন কৰে।

এইদৰে তীৰ্থলৈ গৈ থাকোঁতে পথত এদিন নিশা শঙ্কৰদেৱৰ ঠাণ্ডা লগাত মাধৱদেৱক লগতে শয়ন কৰিবলৈ কোৱাত মাধৱদেৱে আচৰিত মানি— 

“মই অধম আপোনাৰ লগত শয়ন কৰাৰ যোগ্য নহও” বুলি কোৱাত  শঙ্কৰদেৱে হাঁহি কৈছিল—- 

“বঢ়াৰে পো তোমাৰ আমাৰ ভিন্ন ভাৱ নাই, একো সংশয়  কৰিব নালাগে”৷

এনেকৈ কোৱাৰ পিছত গুৰুৰ শয্যাতকৈ অলপ চাপৰ কৰি নিজৰ শয্যাত শয়ন কৰিছিল।

এইখিনিৰ উপৰিও মাধৱদেৱৰ উপস্থিত বুদ্ধি আৰু কাৰ্যকুশলতাও অতি বিচক্ষণ আছিল। উপস্থিত বুদ্ধিৰে তেওঁ গুৰু আৰু গুৰুপত্নীৰ ভিতৰত হোৱা জেঙাও সহজে ভাঙিব পাৰিছিল।উদাহৰণস্বৰূপে  মাত্ৰ দুটা ঘটনা উল্লেখ কৰোঁ।

এদিন শঙ্কৰদেৱৰ ঘৰত বনকৰা চন্দৰীয়ে ধান সিজাই চোতালত ৰ’দত মেলি দিছিল। সেই সময়তে শঙ্কৰদেৱৰ এটা ষাড়গৰু আহি ধানবোৰ খাবলৈ ধৰিলে আৰু গুৰু পত্নীয়ে দেখি ষাড়টো খেদাই খঙত ষাড়টোক গালি পাৰিলে চোৰৰ গৰু ধানবোৰ চুৰ কৰি খালিহি বুলি। শঙ্কৰদেৱ মাধৱদেৱ দুয়ো সেই ঠাইতে আছিল।কথাষাৰ শুনি শঙ্কৰদেৱেও পত্নীক খঙেৰে মোক চোৰ বুলিবলৈ ইমান সাহ ক’ত পোৱা বুলি উভতি ধৰিলে।মাধৱদেৱে কথা বিষম দেখি অনুনয় সুৰত ক’লে—- 

“বাপ আইৰনো কি দোষ হ’ল নুবুজিলো। আপুনি গোকুলৰ কথা পাহৰিলে নেকি? গোকুলৰজন আৰু আপোনাৰ মাজতনো কি পাৰ্থক্য আছে?”

মাধৱৰ মুখত এনে কথা শুনি শঙ্কৰদেৱৰ ক্ৰোধ ততালিকে মাৰ গ’ল, আৰু হাঁহি মাৰি ক’লে, 

“বঢ়াৰ পোক কথাৰে কোনেও নোৱাৰে।” 

মাধৱদেৱে গুৰুপত্নীক এনেকৈ বিপদৰপৰা বচাই দম্পতি কলহৰ পৰাও বচালে আৰু গুৰুক ক্ৰোধ অহাৰ বাবে স্নান কৰিবলৈ ক’লে। গুৰুয়েও নিজৰ দোষ বুজি পাই স্নান কৰিলেগৈ।

‘যোগধাৰী’ নামেৰে এখন বিলৰ পাৰত শঙ্কৰদেৱৰ আলধৰাই  এবাৰ সৰিয়হ খেতি কৰিছিল। সৰিয়হ পূৰঠ হ’লত শঙ্কৰদেৱক আলধৰাই জনালেহি যে সৰিয়হ তুলিবলৈ বহুত মানুহ লাগে কিন্তু মানুহ পোৱা নাই। অন্যহাতে দেৰি হ’লে সৰিয়হবোৰ নষ্ট হৈ যাব।কথাটো শুনি গুৰুজনাৰ চিন্তা লাগিল।পিছদিনা মাধৱদেৱ আহি গুৰুক কিছু চিন্তিত দেখি কাৰণ সোধাত গুৰুৱে মাধৱদেৱক সকলো কথা বিৱৰি ক’লে। গুৰুক নিশ্চিন্ত হ’বলৈ কৈ নিজেই উপায় চিন্তিলে।

মাধৱদেৱে কিছু মাহ প্ৰসাদৰ যোগাৰ কৰিলে আৰু লগতে কিছু গুৱা পাণ কাটি লৈ গৈ যোগধাৰী বিলৰ পাৰত বহি আলধৰাৰ হতুৱাই বৰ বৰ কাঠ অনাই তাতে ডাঙৰকৈ জুই ধৰিলে। ইফালে বিলখনত মাছ মাৰিবলৈ বহুত মানুহৰ সমাগম হৈছিল। পানীত মাছ মাৰি ঠাণ্ডাত কঁপনি উঠা ৰাইজে জুই দেখি ঢপলিয়াই আহি জুই পুৱাবলৈ লাগিল। মাধৱদেৱে তেওঁলোকক মাহ প্ৰসাদ আৰু গুৱাপাণ খাবলৈ দিলে। মাছমৰীয়াসকলে বৰ ভাল পাই কি উপকাৰ কৰিব পাৰোঁ বুলি কোৱাত মাধৱদেৱে ক’লে যে মোৰ একো সকাম নাই, মাত্ৰ গুৰুৰ এই সৰিয়হ ডৰা নষ্ট হ’বৰ হৈছে। তোমালোকে অলপ দয়া কৰিলে সহজে কাম সিজে। মাধৱদেৱৰ কথা শুনি  সকলোৱে একেলগে হৰি ধ্বনি দি সৰিয়হবোৰ তুলি দি মাধৱদেৱক ‘ধন্যন্য‘ বুলি শলাগি গুচি গ’ল।গুৰুজনাই বলেৰে কৰিব নোৱাৰা কাম বুদ্ধিৰে কৰি দেখুৱালে।আনহাতে শঙ্কৰদেৱো চিন্তা মুক্ত হ’ল।

এনেকুৱা আৰু বহু কাহিনী আছে, মই মাত্ৰ সামান্য প্ৰয়াসহে কৰিছোঁ। তীক্ষ্ণ বুদ্ধিৰ মাধৱদেৱে সদায় নিজৰ বিবেকক প্ৰাধান্য দিহে কামবোৰ কৰিছিল।

শঙ্কৰদেৱ আৰু মাধৱদেৱৰ এই ‘মণিকাঞ্চন সংযোগে’ অসমীয়া জাতিক সকলো দিশতে সমৃদ্ধ কৰি থৈ 

গৈছে।

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *