সুখৰ বন্যা-ৰাস্না বৰা
আজি অনিমা আৰু জিতেনৰ কন্যা গিতাশ্ৰীৰ বিয়া । সুন্দৰ পেণ্ডেল, মাছে-মঙহে এসাঁজ সুন্দৰ ভাত ,মিঠাই আদিৰে অতিথি আপ্যায়নত ব্যস্ত দুয়ো পিতৃ-মাতৃ। বেণ্ডপাৰ্টীৰ সুন্দৰ সুন্দৰ গীতৰ তালে তালে ছোৱালীহঁতে হেঁপাহ পলুৱাই নাচি-বাগি ফুৰ্তি কৰিছে।দৰাঘৰৰপৰা দিয়া পাতল বেঙুনীয়া পাটৰ সাজজোৰ, আ-অলংকাৰেৰে জীয়েকক আজি পৰীতকৈও ধুনীয়া দেখিছে অনিমাই।নিজৰ মাকৰেই যেন নজৰ লাগিব। সাউতকৈ অনিমাই মাজৰ আঙুলিত কাজল অকণ লৈ কোনেও নেদেখাকৈ জীয়েকৰ কাণৰ কাষত অকণমানকৈ ফোঁট এটা দিলে । আজি তাইৰ অতীতৰ বহুত কথাই মনৰ মাজত অগা-ডেৱা কৰিছে। ছোৱালীজনীৰ জন্মৰ পিছৰপৰাই প্ৰতি বছৰে তামোল বেচি, ঘৰৰ হাঁহ-কুকুৰা ,গৰু-ছাগলী আৰু গাখীৰকণ বিক্ৰী কৰি পোৱা টকা কেইটা সদায় আছুতীয়াকৈ ৰাখি গিৰীয়েকৰ হতুৱাই জমা কৰিছিল গাঁৱৰ পৰা পাঁচ কিলোমিটাৰ মান দূৰৰ বেংক টোত। এটাই আশা আতোলতোলকৈ ডাঙৰ কৰা একমাত্ৰ ছোৱালীজনীৰ তোলনি-বিয়াখন পাতি ৰাইজক এসাঁজ খুওৱা। পিছে তাইৰ আশাত চেঁচা পানী ঢালি গিৰীয়েকে ইয়াৰ বিৰোধিতা কৰিলে । মাক’আইতাকৰ কান্দোন-কাটোনেও কামত নিদিলে। বাপেকৰ কঢ়া কথা ,গাঁৱৰে গোপিনী কেইগৰাকীমান মাতি নিয়মটো কৰি জলপান এটা খুৱাই ছোৱালীজনীক আশীৰ্বাদ লোৱালেই হ’ব। কথা মতেই কাম । মনৰ আশা মনতে মাৰ নিয়াই মাক আইতাকে তাকেই কৰিলে। পিচে ওচৰ-পাঁজৰৰ মাইকী মানুহৰ খোঁচা বিন্ধা কথা শুনি তাই আনৰ বিয়া খাবলৈও এৰাৰ নিচিনাই হ’ল। গিৰীয়েকক পৃথিৱীৰ আটাইতকৈ কৃপন মানুহ যেন বোধ হ’ল।ছোৱালীজনীয়েও বৰ হেঁপাহ কৰিছিল কিন্তু বাপেকৰ ভয়ত মাত বন্ধ হ’ল।
লাহে লাহে ছোৱালী হাইস্কুলৰ এশ্ৰেণী দুশ্ৰেণীকৈ পাছ কৰি মেট্ৰিক পৰীক্ষা দিলে আৰু প্ৰথম বিভাগত পাছ কৰিলে। এইবাৰ আহিল চহৰৰ মহাবিদ্যালয়ত নাম ভৰ্তি কৰাৰ সময়। আইতাকৰ মতে আৰু পঢ়ুৱাই লাভ নাই । কাম বন শিকাই দুই এবছৰৰ ভিতৰতে বিয়া দিব লাগে। খেতিয়ক মানুহ, যেনেতেনে আকালো নোহোৱা ভঁৰালো নোহোৱাকৈ খাই বৈ চলি আছে। গতিকে মিছাকৈ খৰচ বঢ়োৱাৰ প্ৰয়োজন নাই। এইবাৰো দেউতাক দৃঢ় হৈ বেংকৰ সাঁচতীয়া ধন উলিয়াই তাইক কলেজত পঢ়ুৱালে আৰু আজি তাই হাইস্কুল টেট পাছ কৰি চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। আজি তাই নিজেই তাইৰ বিয়াৰ সমস্ত খৰচ দেউতাকৰ কান্ধৰ পৰা নিজে ল’ব পৰা হ’ল।
আজি অনিমাই গিৰীয়েকক সেই তোলনি-বিয়াৰ সময়ত লোৱা সিদ্ধান্তৰ বাবে কি বুলি কৃতজ্ঞতা জনাব ভাবিয়েই পোৱা নাই। মাথোঁ ভগৱানৰ ওচৰত প্রার্থনা কৰিছে দেউতাকৰ দৃঢ় হাতখন যেন ছোৱালীজনীৰ মূৰৰ ওপৰত সদায় থাকে।