গলগ্ৰহ-গীতামণি দত্ত
জীৱনটো সুন্দৰভাৱে চলাই নিবলৈ কিমান টকা পইচাৰ প্ৰয়োজন হয়, হয়তো ইয়াৰ হিচাপ কোনেও উলিয়াব নোৱাৰে অথচ জীৱনত এই কথা কোনোদিন ভাবিও চোৱা নহয়।অসৎ উপায় অৱলম্বন কৰি হ’লেও টকা পইচা,সা-সম্পত্তি গোটাব লাগে—এয়াই এচাম মানুহৰ ধাৰণা।
চলিহাই আজি অকলশৰে ঘৰৰ বাৰান্দাত বহি তাকে ভাবি আছে।তেওঁ চাকৰিকালত কেৱল ধন ঘটাতে ব্যস্ত থাকিল।ন্যায় অন্যায় ভাবিবলৈ তেওঁৰ অলপো আজৰি নাছিল। সোঁৱে-বাঁৱে কেৱল ধন ঘটিব লাগে তাকেইহে জানিছিল।আজি তেওঁ মৰ্মে মৰ্মে উপলদ্ধি কৰিছে যে এই বিশাল অট্টলিকাটো তেওঁ কাৰ কাৰণে বনালে।ল’ৰা ছোৱালীৰ কাৰণে নে ,নাতি পুতিৰ কাৰণে নে তেওঁৰ পত্নীৰ কাৰণে।আনৰ কথা বাদেই তেওঁ নিজৰ কাৰণেও আজি এই অট্টলিকাৰটোৰ একো মূল্য নাই ।তেওঁৰ বাবে আজি এই বিশাল ঘৰটো জনশূণ্য এটা নিৰ্জন দ্বীপ,য’ত তেওঁ আৰু তেওঁক ঘৰুৱা কামত সহায় কৰি দিয়া দুজন লগুৱা।এসময়ত তেওঁৰ এই ঘৰটো লৈ দহজনে যেতিয়া প্ৰশংসা কৰিছিল তেতিয়া তেওঁৰ মনটো গৌৰৱেৰে ভৰি পৰিছিল।
চলিহাই চাকৰিৰপৰা অৱসৰ লোৱা আজি প্ৰায় দহ বছৰমানেই হ’ল ।তেওঁৰ তিনিওটা ল’ৰা -ছোৱালীয়ে সু খ্যাতিৰে পঢ়া শুনা শেষ কৰি বিদেশত চাকৰি কৰি আছে। ল’ৰা ছোৱালী কেইটাৰ পইচা-পাতি একোৰে অভাৱ নাই ।চলিহাই পৰ্বত সম চপোৱা সম্পত্তিৰ প্ৰতি সিহঁতৰ যেন একো মোহ নাই !পত্নীয়েও তেওঁক এৰি থৈ যোৱা দুবছৰ মানেই হ’ল।কৰ্কট ৰোগত আক্ৰান্ত হৈ মানুহ গৰাকীয়ে বৰ কষ্ট পাই মৃত্যু বৰণ কৰিবলগা হ’ল।টকা পইচা অজস্ৰ খৰচ কৰিও চলিহাই পত্নীক বচাব নোৱাৰিলে।কিন্তু তেওঁৰ পত্নীয়ে কোনোদিনেই তেওঁক এই অসৎ কামবোৰত সহায় সহযোগিতা আগবঢ়োৱা নাছিল বৰঞ্চ মানাহে কৰিছিল।
এসময়ত চলিহাৰ পত্নীয়ে খুব সাৱধানেৰে ল’ৰা-ছোৱালী তিনিওটাক ডাঙৰ -দীঘল কৰিছিল যাতে দেউতাকে কৰা কু -কৰ্মৰ প্ৰভাৱ সিহঁতৰ ওপৰত নপৰে।চলিহাই আজি ঘৈনীয়েকে দেখুৱাই যোৱা আৰ্দশ ল’ৰা ছোৱালী কেইটাৰ গাত দেখা পাইছে।সিহঁতক লৈ তেওঁ মনে মনে গৌৰৱ নকৰাও নহয়।তেওঁ আজি নিজৰ মনতেই সৰু হৈ পৰিছে।চাকৰিকালত চলিহাই কেতিয়াও আইনী মেৰপাকত পৰিবলগীয়া হোৱা নাছিল গতিকে তেওঁ কোনো ধৰণৰ শাস্তিও নাপালে।আইনৰ ওচৰত তেওঁ সাৰি গ’ল কিন্তু আজি নিজৰপৰা তেওঁ পলাই ফুৰিব লগা হৈছে।ক’তো তেওঁ শান্তি পোৱা নাই।ল’ৰা-ছোৱালীৰ লগত সম্পত্তিৰ বিষয়ে পাতিব খুজিলে সিহঁতে গা এৰা দি আতঁৰি থাকিব বিচাৰে।বেছিকৈ ক’লে সিহঁতে কয়,এইবোৰ যদি তেওঁৰ কাৰণে গলগ্ৰহ হৈছে,তেন্তে তাৰপৰা পৰিত্ৰাণ পোৱাৰ উপায় নিজে উলিয়াই লওক।সিহঁতৰ নিজৰ জোখাৰে যথেষ্ট আছে ,দেউতাকৰ সম্পতিৰ প্ৰতি সিহঁতৰ একেবাৰে মোহ নাই !নিজৰ জীৱনক লৈ সিহঁত সুখী।
চলিহাই নিজে এটা সিদ্ধান্ত ল’লে।অতি সোনকালে নিজৰ কাৰণে প্ৰয়োজনীয়খিনি ৰাখি গলগ্ৰহ বুলি ভবা সকলো স্থাৱৰ-অস্থাৱৰ সম্পত্তি অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমলৈ দান দি দিব।
কথাষাৰ মনলৈ অহাৰ লগে লগে কিয় জানো চলিহাৰ মনটো দেখোন নিজে নিজে মুকলি হৈ গ’ল।ইমান দিনে তেওঁ মনৰ মাজত যি যুদ্ধ চলি আছিল সেয়া যেন তৎক্ষনাত নোহোৱা হৈ গ’ল।
ঘৰৰ পৰা চোতালখনলৈ ওলাই আহি চলিহাই আজিহে আকাশখন মুকলিকৈ দেখা পালে।ৰান্ধনি বেলি মাৰ যোৱাৰ দৃশ্যটো যে ইমান সুন্দৰ! চলিহাই ইমান দিনে মনেই কৰা নাছিল।