চিন্তা বিভ্ৰাট-মৃণাল নাথ 

ঘটি থকা ঘটনাবোৰ কাৰোবাৰ কাৰণে হাস্যকৰ,  কাৰোবাৰ কাৰণে বেদনাদায়ক,  আন কাৰোবাৰ বাবে আকৌ খঙৰ কাৰক হৈ পৰে। বাতৰি কাকতকে ধৰি দূৰদৰ্শন , ফেচবুক সকলোতে বৰকৈ জনাজাত হৈ পৰিল গাওঁ এখন । মহানগৰৰ আওভাও নোপোৱা গাওঁ । সহজ সৰল গাওঁ । কিন্তু হঠাত এই তিনিটা দিনত এজনী এজনীকৈ পাঁচজনী বোৱাৰী দুই তিনিটা সন্তান এৰি দূৰণিৰ আন ডেকালৈ পলাই গৈছে। 

গাঁৱৰ পুৰুষবোৰৰ মনত ভয় সোমাই গৈছে, মহিলাৰ হাতে হাতে থকা মোবাইলবোৰ নিজৰ নিজৰ পুৰুষে জব্দ কৰি লৈছে। নহ’লে ক’বতো নোৱাৰি। কাৰ মগজুত কি খেলি আছে চঞ্চলা মন পখিলাই। মন কৰিলেই ছন।

এনেবোৰ কথাকেই চিন্তা কৰি কৰি মদনে জিৰাইছিল অকণমান।  ফোনটো বাজি উঠা যেন পাই উঠি আহিল মদন। কোনোবাই এনেই ফোন কৰিছে। হয়তো “মিচ্ কল” দিছে। ঘৈণীয়েক বাসন্তী তাঁতত । আনৰপৰা আধিকৈ ব’ব অনা কাপোৰ কেইসাজ সোনকালে দিব লাগে তাইৰ। ইয়াৰ পিছতে আকৌ বিহুৰ বাবে বিহুৱান যুৰিব লাগিব। বিয়াৰ পিছত প্ৰথমটো ব’হাগ পাব তাই স্বামীৰ ঘৰত। 

চকু দুটা মোহাৰি মদন বাহিৰলৈ ওলাই আহিল—-

পদূলিৰে ৰজনী মাষ্টৰৰ পুতেকে মোবাইল পিটিকি পিটিকি পাৰ হৈ গ’ল। মুখত হাঁহি লৈ মদনহঁতৰ ফালে চাই চাই গ’ল সি। কিন্তু তাঁতত বহি থকা বাসন্তীৰ ফালে চাই মদন খঙত টিঙৰি তুলা হৈ পৰিল। 

পদূলিৰে গৈ থকা ৰজনী মাষ্টৰৰ পুতেকলৈ চাই মুখলৈ মাকোটো আনি বাসন্তীয়ে যিটোহে চুমা খালে —মাকোত- — -! 

খঙত একো নাই হৈ এচাৰি এডাল হাতত লৈ মদন পিছে পিছে, মেখেলা কোঁচাই কান্দি কান্দি চিঞৰি বাসন্তী আগে আগে–।

         

                *      *       *       *

ৰাতি খালি পেটে বিচনাত মদন আৰু বাসন্তী।বেচেৰী কেকাই কেকাই বেৰৰ ফালে মুখ কৰি পৰি আছে। ফেঁকুৰি আছে তাই। লাহেকৈ মদনে ঘূৰি তাইৰ হাতখন চুলে। উচাট মাৰি তাই জোৰকৈ উচুপি উঠিল।  

মদনে বুজনিৰ সুৰত ক’বলৈ আৰম্ভ কৰিলে—

“এজনী এজনীকৈ লগৰ গোটেইকেইজনৰে ঘৈণীবোৰ আন ডেকালৈ পলাল। ৰজনী মাষ্টৰৰ পুতেকটো তোৰ লগত লম্ভিছে। মোবাইলটো বাজিছিল।সিয়েই মিচ্ কল দিছিলে ছাগে। সেই সময়ত সি আমাৰ পদূলিতেই আছিল। আৰু তইনো তাৰ ফালে চাই তাৰ হাঁহিত মোহ গৈ মাকোটোতে চুমা দিব লাগেনে ! মই  দেখিলো বুলিহে —- ।”

উচুপি উচুপি কেকাই থকা বাসন্তী একেকোবে উলটি ঘুৰিল। আৰু মদনৰ চকুলৈ ঘোপাকৈ চাই চাই ক’লে—-

“মই  মাকোটোত চুমা খোৱা নাছিলো জাননে ?  মহুৰাৰ পৰা সুতাৰ আঁত বাহিৰলৈ আনিবলৈ মাকোটোত মুখেৰে হোপা মাৰিব লাগে। ময়ো তাকেই কৰিছিলো। তইহে মোৰ চৰিত্ৰত দাগ সানি গোটেই গাওঁখনত দৌৰাই লৈ  ঘূৰাই ঘূৰাই কোবালি। মোক সেই পলৰীয়া কেইজনীৰ দৰে কিয় ভাবিলি। তোৰ বাহিৰেতো মোৰ কোনোৱেই নাই ন  —” 

বাসন্তী জোৰকৈ কান্দিব ধৰিলে। 

মদনৰ নিজৰ হাতখনৰ প্ৰতি ঘৃণা উপজিল। তাক ভাল পাই বাবেইতো ঘৰৰ সকলোৰে  অমতত তালৈ  বিয়া হৈ আহিছে তাই। তাইৰ ভৰিত ধৰি  ক্ষমা খুজিব মন গ’ল তাৰ। 

আবেগত , দুখত ফেঁকুৰি ফেঁকুৰি বাসন্তী মদনৰ বুকুৰ মাজত সোমাই গ’ল। 

বাহিৰত আকাশৰপৰা জোনাক সিচি থকা লাজকুৰীয়া জোনটোৱে ক’লা মেঘৰ আচ্ছাদন বিচাৰি অস্থিৰ হৈ পৰিল। 

             

Leave a Reply

Your email address will not be published. Required fields are marked *